সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল পাইছিলোঁ তেখেতৰ অমৰ সৃষ্টি 'বুঢ়ী আইৰ সাধু'ৰ বাবে। কিন্তু সেই ভালপোৱা যতীন্দ্ৰনাথ দুৱৰাদেৱতকৈ বেছি নাছিল যেন আজিও অনুভৱ হয়।
শিশুৰ দৰে সৰল, পবিত্ৰ তেখেতৰ কবিতাৰ ভাষাত সৰুৰেপৰাই মই জীৱনক বিচাৰি পাওঁ, বিচাৰি পাই মই যেন হেৰাই যাওঁ সেই ছন্দত...
যদিও তেখেতৰ প্ৰায়বোৰ সৃষ্টিতেই নিৰাশা প্ৰতিফলিত হয় তথাপি ক’ৰবাত জ্বলি থাকে ৰিণিৰিণি আশাৰ প্ৰদীপ। দুখৰ গৰল পান কৰিও তেওঁ যেন নিজৰ লগতে আনক সান্ত্বনা দিবলৈকে লিখিছিল:
‘‘সময়ৰ প্ৰতিশোধ
কোনে বাধা দিব,
জগতত অকলশৰীয়া,
যাওক উটি যেনিতেনি সোঁতৰ লগতে,
মেলি দিয়া নাওঁ নাৱৰীয়া।’’
১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত অসমীয়া ৰমন্যাসিক কাব্য আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ, দিখৌপাৰৰ নিঃসংগ দেৱদূত, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ হেঁপাহৰ ‘যদু কবি’, মোৰ বুকুৰ নিজানত ফুলি থকা বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰা। জনামতে সৰুতে তেখেতৰ নাম আছিল ‘কেদাৰ’ আৰু ‘শিৱসুন্দৰ’, পিছলৈ সেই নাম সলাই ‘যতীন্দ্ৰ’ ৰাখিছিল। শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হৈ কিছুদিন কটন কলেজত পঢ়ি অৱশেষত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বি. এ. পাছ কৰাৰ পিছত এম. এ. আৰু আইন অধ্যয়ন কৰিছিল যদিও শিক্ষা সমাপ্ত নকৰি ১৯১৭ চনত জৰ্জ ইন্ষ্টিটিউছনত যোগদান কৰে। পুনৰ কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজত বুৰঞ্জীৰ শিক্ষকৰূপে সেৱা আগবঢ়ায়। ১৯৪৮ চনত কানৈ কলেজলৈ আহি তাৰ পৰাই ১৯৬০ চনত অৱসৰ গ্ৰহণ কৰে।
অনুবাদ কবিতা এটাৰেই সাহিত্যৰ বিশাল পথাৰখনত প্ৰথমটো খোজ পেলাইছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে। সেইটো আছিল Twinkle twinkle little star ৰ অনুবাদ:
‘‘চিকিমিকি চিকিমিকি সৰু তৰাটি
কেনেকৈ শোভা কৰে ওখ আকাশত
চিকিমিকি কৰি কৰি হীৰাৰ দৰে জ্বলি
লাহে লাহে পৃথিৱীক দিছেহি পোহৰ।’’
দুৱৰাদেৱৰ প্ৰকাশিত কাব্যগ্ৰন্থসমূহ হ'ল:
ওমৰ তীৰ্থ (১৯২৬), কথা কবিতা (১৯৩৩), আপোন সুৰ (১৯৩৮), বনফুল (১৯৫২), মিলনৰ সুৰ (১৯৫৮) আৰু মৰমৰ সুৰ (১৯৭৬)।
‘মৰমৰ সুৰ’ মৰণোত্তৰভাৱে প্ৰকাশিত ৮৮ টা কবিতাৰ সংকলন, লগতে ইয়াত দহটা গীতো সন্নিবিষ্ট আছে।
দুৱৰাদেৱৰ ওমৰ তীৰ্থখনি ফিটজেৰাল্ডে কৰা ইংৰাজী অনুবাদ (Rubayat of omar khayyam) ৰ আধাৰত ৰচিত ওমৰৰ কবিতাৰ অসমীয়া ৰূপান্তৰ। সত্যেন্দ্ৰনাথ শৰ্মাই এইবিষয়ত মন্তব্য কৰিছিল:
‘‘অনুবাদ হ’লেও এইখিনি আছিল মৌলিক কবিতাৰ দৰেই ৰসাল আৰু সহজ আবেদনশীল।’’
‘ওমৰতীৰ্থ’ৰ প্ৰতিটো পাততেই দুৱৰাদেৱৰ অনবদ্য কাব্য প্ৰতিভাৰ স্বাক্ষৰ পোৱা যায়।
দুৱৰাদেৱ আছিল অসমীয়া কথা কবিতাৰ জনক। ড০ বাণীকান্ত কাকতিয়ে দুৱৰাদেৱৰ কথা কবিতাৰ বিষয়ত মন্তব্য কৰিছিল:
‘‘দুৱৰাৰ কথা কবিতাসমূহ বেদনা গধুৰ জীৱনৰ ইতিকথাস্বৰূপ। কবিৰ জীৱন উপলব্ধিৰ সোপান।’’ বনফুলৰ প্ৰায় আঢ়ৈকুৰি কবিতাত জিলিকি উঠিছে দুৱৰাদেৱৰ কাব্যাদৰ্শ আৰু জীৱন দৰ্শন। এইখিনিতে উল্লেখ কৰিব পাৰি যে এইখন (বনফুল) কাব্যগ্ৰন্থখনৰ বাবেই তেখেতে ১৯৫২ চনত পোনপ্ৰথমে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল।
দুৱৰাদেৱৰ কাব্যসত্তা যে দেশ-বিদেশৰ বিভিন্ন কবিৰ কাব্য দৰ্শনেৰে পুষ্ট আছিল সেই কথাক দুৱৰাদেৱে নিজেও উল্লেখ কৰিছিল এনেদৰে:
“বাহিৰৰ জগতৰ চিন্তাক আমাৰ কবিতাত ঠাই দিয়াত আমাৰ কোনো আপত্তি নাই। কাৰণ সেইটো যদি পাপ হয়, সেই পাপত ময়ো বেছিকৈ পাপী হ'ব লাগিব। বনগীতৰ পৰা শ্যেলীলৈকে, ওমৰ খায়ামৰ পৰা জাৰ্মান কবি হাইনেলৈকে সকলোৰে ফুলনিত মই বিচৰণ কৰিছো। কিন্তু যদি ক’ৰবাৰ পৰা এটি তলসৰা ফুল আনিছো, তাক মোৰ প্ৰাণেৰে ৰহনাই তুলিবৰ যত্ন কৰিছো।”
সেই দেখিয়েই হেম বৰুৱাই মন্তব্য দিছিল যে:
“দুৱৰাৰ কাব্য-দেউল শ্যেলী, টেনিছন আৰু ওমৰ আদিৰ ভাঙি অনা মণি মুকুতাৰে উজ্জ্বল।”
যতীন্দ্ৰনাথ দুৱৰাদেৱ মুখ্যতঃ প্ৰেমৰ কবি আছিল। কিন্তু এই প্ৰেমৰ স্বকীয় বৈশিষ্ট্য আছে।
এইখিনিতে লক্ষ্মীনাথ তামুলীদেৱৰ, যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা সম্পৰ্কে কৰা মন্তব্য এটা দাঙি ধৰা হ'ল:
“আধুনিকতাবাদী মস্তিষ্ক নিৰ্ভৰ কৰি আৰু কাব্য সমালোচকে যিয়েই নকওক লাগিলে মই এই ভাটি বয়সতো দুৱৰাৰ উপমা সমৃদ্ধ কাব্যিক অভিব্যক্তিৰ শাশ্বত ৰূপটো অনুভৱ কৰোঁ।”
দুৱৰাদেৱৰ প্ৰায়বোৰ কবিতাতেই দুঃখ, নৈৰাশ্য, বিচ্ছেদ, লঞ্ছনা, অৱহেলা আৰু আত্মবিলুপ্তিৰ ধাৰণাৰ সমাৱেশ ঘটা বুলি সমালোচকসকলে প্ৰায়েই ক'ব খোজে। এইক্ষেত্ৰত কিন্তু কবিয়ে ওলোটা প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছিল:
‘‘মোক মানুহে দুখবাদী বা নিৰাশাবাদী কবি বুলি কয়, পিছে মই হ'লে নিৰাশাবাদীও নহওঁ, দুখবাদীও নহওঁ। কেলৈ হ'ম? উজনিত উলহ-মালহ থাকিবই, মোৰ নাওহে ভটিয়াই যায়।’’ দুৱৰাদেৱে আৰু কৈছিল: ‘‘বিদেশী সাহিত্যক অসমীয়া সাহিত্যৰ বৰঘৰলৈ সুমুৱাবলৈ হ'লে সেইবিলাকক যিমানদুৰ সম্ভৱ হাড়ে-হিমজুৱে অসমীয়া কৰিবলৈ চেষ্টা কৰা উচিত। জ্ঞানৰ জাত বিচাৰ নাই। ই সকলো ঠাইতে সমানে চলা-ফুৰা কৰিব পাৰে। দেশ অনুযায়ী সাজৰ অলপ সলনি হ'বই’’
পদ্মধৰ চলিহাদেৱৰ মতে: ‘‘দুৱৰাৰ কবিতা নিজৰাৰ নিৰ্মল সোঁতৰ দৰে। সুললিত ছন্দৰ অবাৰিত, লীলায়িত গতিত সি গৈ থাকে। ক'তো ঠেকা নাখায়।’’
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সৈতে এক মধুৰ সম্পৰ্ক আছিল দুৱৰাদেৱৰ। সেই সম্পৰ্ক বন্ধুসুলভ আছিল যদিও দুৱৰাদেৱে বেজবৰুৱাদেৱক সাহিত্যৰ ক্ষেত্ৰখনত গুৰু মানিছিল। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আকৌ দুৱৰাদেৱক ‘যদুকবি’ বুলিহে মাতিছিল। তেখেতসকলৰ চিঠিপত্ৰসমূহৰ সেইকথা বুজিব পাৰি যে তেওঁলোকৰ মাজত কেনে এক আত্মীক সম্পৰ্ক আছিল।
চিৰকুমাৰ এই কবিজনৰ জীৱনটো ৰহস্যৰে আবৃত। তেওঁ মুকলিকৈ ক’তো উল্লেখ কৰা নাছিল, চিৰকুমাৰ হৈ ৰোৱাৰ কাৰণ। তেওঁ সেইকথা কৈ নগ’ল ঠিকেই কিন্তু তেওঁৰ কবিতাই আজিও সেই ওৰণিৰ আঁৰত থকা প্ৰেমৰ কথা কয়। তথাপি কিন্তু সম্পূৰ্ণকৈ বুজা নাযায়।
দুৱৰাদেৱক ‘বনফুল’ৰ কবিতকৈ ‘নাৱৰীয়া’ কবি বুলিলেহে বেছিকৈ খাপ খাই পৰে। নাওঁখনকে জীৱনৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰি দুৱৰাদেৱে বহুকেইটা কবিতাই লিখিছিল, সেয়ে কোনো কোনোৱে তেখেতক ‘নাৱৰীয়া কবি’ বুলি ক’বলৈহে ইচ্ছা প্ৰকাশ কৰে।
‘বাঁহী’ৰ যুগত অসমৰ কাব্যক্ষেত্ৰক পোহৰ দি নিপোটল কৰা এইজন নমস্য ব্যক্তিৰ ১৯৬৪ চনৰ ৫ জুলাইত শিৱসাগৰৰ নিজা বাসভৱনতে মৃত্যু হয়। যাৰ কবিতাই আন এজন কবিক (ওমৰ খায়াম) অমৰ কৰি ৰাখিব পাৰিলে, তেনে এজন মহান কবি অসমীয়া কাব্য কাননত চিৰদিন অমৰ হৈ ৰোৱাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে।
[অনুৰাগ বৈদ্যুতিন আলোচনীত পূৰ্বে প্রকাশিত]

0 comments:
Post a Comment