‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্ৰিয় বাতৰিকাকত ‘দৈনিক অসম’ৰ বিশেষ সংখ্যাত এই উপন্যাস প্ৰকাশ পাইছিল। এই উপন্যাসৰ মাজত সেই সময়ৰ প্ৰাইভেট কোম্পানীবোৰত কাম কৰা শ্ৰমিকসকলৰ জীৱন-ধাৰাৰ এক চিত্ৰ দিয়া হৈছে। বৰ কম বয়সত এই উপন্যাসখন লিখা হৈছিল। কিন্তু কাশ্মীৰৰ চন্দ্ৰভাগা নদীৰ (চেনাব) ওপৰত দলং বন্ধা শ্ৰমিকসকলৰ নিজ চকুৰে দেখা এক অৱস্থাৰ হুবহু ছবি ইয়াত অঁকা হৈছে। মই নিজে মোৰ স্বামী মাধৱেন ৰয়ছমৰ লগত শ্ৰমিকসকলৰ কেম্পত সেই সময়ত প্ৰায় এবছৰ বাস কৰিছিলোঁ। ইয়াতেই এক দুৰ্ঘটনাত মাধৱেন ৰয়ছমৰ মৃত্যু ঘটিছিল।
0 comments:
Post a Comment