আমাৰ বিষয়ে
বৰ্তমান সময়ত, ইণ্টাৰনেটত অসমীয়া ভাষাটোক গজগজীয়াকৈ প্ৰতিষ্ঠা কৰিবলৈ কিছুসংখ্যক অসমীয়া লোকে যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টালৈ সঁহাৰি জনাই আৰম্ভ হৈছিল এই বৈদ্যুতিন আলোচনীখনৰ। ২০১২ চনত ইণ্টাৰনেটত ভূমুকি মৰা ‘জীৱন এনেদৰেই’ নামৰ এই আলোচনীখনে এতিয়াও এটা নোদোকা অৱস্থা পোৱাগৈ নাই, সেই চেষ্টা এতিয়াও গতিশীল অৱস্থাতে আছে। সেই অৱস্থা পাবলৈ হ’লে ‘জীৱন এনেদৰেই’ক লাগিব পঢ়ুৱৈসমাজৰ সহযোগিতা আৰু আদৰ।
ইয়াৰোপৰি অসমীয়া ভাষাত লিখা অনুপ্ৰেৰণামূলক গ্ৰন্থৰ সংখ্যা তেনেই তাকৰ। যিকেইখন লিখা হৈছে সেয়াও লেখকসকলৰ মৌলিক সৃষ্টি নহয় অৰ্থাৎ সেয়া অনুবাদ কৰা, নহ’লে সহায় লৈ লিখা। ইয়াৰ এটা কাৰণ এইটোও হ’ব পাৰে যে অসমীয়া মানুহে অভিজ্ঞতা সঞ্চয় কৰি ৰাখিব নাজানে বা অভিজ্ঞতাৰ পৰা কোনো শিক্ষা নলয় বা যিকেইজনে সেই শিক্ষা আদায় কৰেও তেখেতসকলে মনৰ কথাবোৰ লিখিত ৰূপত প্ৰকাশ কৰিব নোৱাৰে। কথাটো অলপ মন কৰিবলগীয়া; অসমীয়া সাহিত্যত কবিতা, গল্প, উপন্যাস, অন্যান্য বিষয়ৰ প্ৰবন্ধৰ তুলনাত অনুপ্ৰেৰণাদায়ক প্ৰবন্ধ আদিৰ সংখ্যা অত্যন্ত কম। এই আলোচনীখনৰ জন্মৰ আঁৰত এইসমূহ কাৰকে আমাক বৰকৈ ক্ৰিয়া কৰিছিল। আলোচনীখন প্ৰকাশৰ আন এটা উদ্দেশ্য এয়ে আছিল যে এনে কিছু অনুপ্ৰৰণাদায়ক লেখনিক একে ঠাইতে সাঁচি ৰখা। কিন্তু বৰ্তমান সময়ত ‘জীৱন এনেদৰেই’ নামৰ এই বৈদ্যুতিন আলোচনীখনে বহুকেইটা বিষয় সামৰি লৈছে।
ব্যক্তিগত চিন্তাৰ ফচল এই ‘জীৱন এনেদৰেই’ক এতিয়া প্ৰয়োজন পঢ়ুৱৈ সমাজৰ মৰম আৰু আদৰ, হয়তো তেতিয়াহে ই এদিন এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত হ’ব।
—ধন্যবাদেৰে
সম্পাদক
০৭.০৮.২০১২