জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Saturday, March 28, 2015

জ্ঞানৰ কথা : বিভিন্ন

 1:19:00 PM     সুবচন     No comments   

www.jibonenedorei.blogspot.in
আমাৰ শৰীৰৰ পৰা টিউমাৰ বা পূঁজ বাহিৰ কৰি দিয়াতকৈ, মনৰ পৰা বদচিন্তা আঁতৰাই পঠিওৱাটো বেছি প্ৰয়োজনীয়।
— এপিক্‌টেটাছ

জীৱন হ'ল এটা বিদেশী ভাষা। কোনো মানুহেই তাৰ শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে। কিন্তু মই ক'ব বিচাৰো যে প্ৰচেষ্ঠা চলাই গ'লে এদিন নহয় এদিন শুদ্ধ উচ্চাৰণৰ নিশ্চয় কাষ চাপিব পাৰি।

— খ্ৰীষ্টোফাৰ মার্লি

সবাটোকৈ ভাল কাম যিটো কৰা সম্ভৱ, তাকেই সম্পন্ন কৰক আৰু আপোনাৰ আত্মবিশ্বাস আৰু হাঁহি নামৰ সুদৃঢ় ছাতিৰ তলত আশ্ৰয় লৈ সমালোচনাৰ ধুমুহা-বৰষুণৰ পৰা আত্মৰক্ষা কৰক।
— অজ্ঞাত

সাধাৰণতে দুটা প্ৰধান উপকৰণে কোনো কামক আকর্ষণীয় কৰি তোলে— ইয়াৰে প্ৰথমটো হৈছে নিপুণতাৰ প্ৰয়োগ আৰু দ্বিতীয়টো হৈছে নিপুণতাৰে সৈতে কামটোক এটা নির্দ্দিষ্ট ৰূপত গঢ় দিব পৰাটো। প্ৰতিটো কামেই কৌশলেৰে আৰু নিপুণতাৰে কৰি গ'লে সেই কামত বিৰক্তি পোৱাৰ সম্ভাৱনা নাথাকে।
— অজ্ঞাত

জীৱনৰ সামান্য কম্পনক লৈ উদ্বিগ্ন হোৱাটো উচিত নহয়। কিয়নো জীৱনটো হ'ল এটা ৰাস্তা আৰু সমস্যাবোৰ হৈছে একো একোটা স্পীড ব্ৰেকাৰ, এইবোৰে আমাক ডাঙৰ দুর্ঘটনাৰ পৰা সততে ৰক্ষা কৰে।

— অজ্ঞাত
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, May 14, 2014

জ্ঞানৰ কথা: চাণক্য

 10:52:00 AM     সুবচন     No comments   

•কোনো এটা কাম কৰাৰ আগতে আমি নিজকে তিনিটা প্ৰশ্ন কৰা উচিত। কিয় কামটো কৰিবলৈ লৈছোঁ; কামটোৰ ফল কি হ’ব; আৰু কামটোত সফলতা লাভ কৰিব পৰা যাবনে? যদিহে এই প্ৰশ্নকেইটাৰ সন্তোষজনক উত্তৰ বিচাৰি পাওঁ, তেতিয়াহে কামটোত আগবঢ়াটো শ্ৰেয়।

•আমাৰ দৈনন্দিন জীৱন বহুত বিচিত্ৰময় হয়। এনেকুৱা লাগে যেন আমি প্ৰকাশৰ মাজত থাকিও আন্ধাৰত একো নাপাই ঘূৰি ফুৰিছোঁ।ইয়াৰ মূল কাৰণ হ’ল— আমাৰ অজ্ঞানতা। জ্ঞানেই হ’ল জীৱনৰ পথ প্ৰদৰ্শক। জ্ঞানেই হ’ল প্ৰকাশ। জ্ঞানৰ পৰাই মানুহৰ মুক্তিৰ পথ সুলভ হয়।

•বেয়া সময়ৰ বাবে ধন বছোৱাটো বৰ দৰকাৰী। নাভাবিবা যে বেয়া সময় নাহে। অন্ধকাৰো পোহৰত সলনি হয়, এনেকৈয়ে সময়ো।

•যিখন ঠাইত আদৰ নাই, জীৱন অতিবাহিত কৰিবৰ জোখাৰে সুবিধা নাই, বিদ্যা অৰ্জনৰ কোনো স্থান নাই, তাত থাকি একো লাভ নাই। কাৰণ তেনে ঠাইত থাকি কোনেও উন্নতি কৰিব নোৱাৰে।

•পত্নী যেনেকুৱাই হওক, ধন যিমানেই হওক, ভোজন যেনেকুৱাই হওক; এইবোৰ যদি সময়মতে পায় তেন্তে বহুত ভাল। এইবোৰ পোৱাৰ পাছত এটা কথা কিন্তু পাহৰিব নালাগে যে— আমাৰ কৰ্তব্য আছে। সেয়া হ’ল বিদ্যা গ্ৰহণ কৰা, জ্ঞানেই হ’ল শক্তিৰ মূল ভেটি।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog