জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Friday, July 22, 2016

আপোনাৰ সন্তানে কেইটা সাধু জানে? : স্মৃতিৰেখা সোণোৱাল

 3:59:00 PM     অভিজ্ঞতা     No comments   

আপুনি আপোনাৰ সন্তানটি ভৱিষ্যতে কেনে হোৱাটো বিচাৰে? বিদ্যালয়ৰ পাঠ্যপুথিৰ জ্ঞানত এশ শতাংশ পার্গতালি দেখুৱাই বার্ষিক পৰীক্ষাবিলাকত এশৰ ভিতৰত এশ, এশৰ ভিতৰত এশ পাঁচ (ভাল হাতৰ আখৰ আৰু চাফ-চিকুণতাৰ বাবে পাঁচ নম্বৰ) পোৱাটো নে এদিন ডাক্তৰ বা ইঞ্জিনীয়াৰ হৈ মাক-দেউতাকৰ বুকুখন এক ইঞ্চিমান ফুলাই দিয়াটো নে ওপৰৰ দুয়োটাই? বাঞ্ছা কৰাটো বেয়া নহয়; কিন্তু ইয়াৰ লগত সন্তানটোৰ নিজা শক্তি-সামর্থ্যৰ কথা জড়িত হৈ আছে, নিজা ৰুচি-অভিৰুচিৰ কথাও জড়িত হৈ আছে। বাকীবিলাক বাঞ্ছা কৰক বা নকৰক, দুটামান বস্তু বাঞ্ছা কৰাটো প্ৰয়োজনীয়। অন্যথা এইকেইটাৰ বিষয়ে আপুনি শিক্ষা নিদিয়াৰ বাবে এটা দিনত ই আপোনাকেই দহিব প্ৰথমে! এইটো কথা ধ্ৰুৱ সত্য যে অকল ডাক্তৰ, ইঞ্জিনীয়াৰ বা বিয়াগোম বিষয়াবোৰেই মানুহ নহয়; কিন্তু আজি সমাজৰ গৰিষ্ঠসংখ্যক অভিভাৱকেই নিজ সন্তানক এইকেইটাৰ পিছত দৌৰাব লাগিছে। নিজ হাতে জাৰৰপৰা পানী এগিলাচ লৈ খোৱাৰ শিক্ষা নিদিয়া তথা নোখোৱা সন্তানক ৰোগীৰ প্ৰাণ বচোৱাৰ দায়িত্ব ল’বলৈ আগবঢ়াই দিছে। পাৰে যদি সন্তানক কিছু আত্মনির্ভৰশীলতাৰ শিক্ষা দিব লাগে। অলপ দৰদী, অলপ সহানুভূতিশীল, দায়িত্বশীল, অলপ সমাজমুখী হ’বলৈ শিকাব লাগে। এশৰ ভিতৰত এশ পোৱাটোৱেই ডাঙৰ কথা নহয় যদিহে চৰিত্ৰত উজ্জ্বলতৰ দিশ এটা নাথাকে। নিজৰ কথা সকলোৱে ভাবে, অলপ আনৰ কথাও ভাবিবলৈ শিকালে ভাল। ব্যক্তিকেন্দ্ৰিক লোক এজনক সমাজে সময়ত পাহৰি যায়, কিন্তু নিঃস্ব হ’লেও সমাজকেন্দ্ৰিক লোক এজনক সবেই মনত ৰাখে। সমাজৰ বাবে কৰি যোৱা তেওঁৰ অৱদানবোৰক মৃত্যুৰ পিছতো সমাজে শ্ৰদ্ধাৰে সোঁৱৰে। অলপ মৰম, অলপ চেনেহ, অলপ সহানুভূতি প্ৰাণত নাথাকিলে মানুহ কেনেকৈ সমাজমুখী হ’ব পাৰে? সেয়ে ভৰাই দিয়ক শিশুটিৰ জোলোঙাটোত সহানুভূতিৰে জলমল এখন হিয়া, যি আনৰ দুখত দুখী, আনৰ সুখী। দুখবোধ, যন্ত্ৰনাবোধ, পৰিতাপ-অনুতাপৰ শিক্ষা দিবলৈয়ো নাপাহৰিব।
 

এই সমগ্ৰ গুণবিলাকক অতি কাষ চপাই আনে এটা মাত্ৰ কৌশল প্ৰয়োগে আৰু সেয়াই হ’ল—সাধু কথা কোৱা। সাধু শুনিলে ল’ৰা-ছোৱালীৰ মনবোৰ কোমল হয়। আপুনি যিটো ঠাঁচত সন্তানটিক গঢ় দিবলৈ বিচাৰিছে, সাধুৰ জৰিয়তে তাক সেইটো ঠাঁচত গঢ় দিবলৈ উজু হয়। সাধু দুই প্ৰকাৰৰ। এবিধৰ লক্ষ্য মুলতঃ নীতিশিক্ষা দিয়া। উদাহৰণস্বৰূপে পঞ্চতন্ত্ৰৰ সাধুবোৰ, হিতোপদেশ আৰু লা ফাণ্টেনৰ সাধুবোৰ। দ্বিতীয়বিধৰ উদ্দেশ্য মানুহৰ কল্পনাশক্তিক চেঁকুৰিবলৈ এৰি দি সকলো শ্ৰেণীৰ লোকৰ মনত আনন্দ তথা ৰসবোধ জন্মোৱা যদিও ঘাইকৈ শিশু, কিশোৰ-কিশোৰীৰ মনত। পাঁচ-ছয়বছৰ বয়সত শিশুৱে দুই-চাৰিটা মিছা কথা ক’বলৈ আৰম্ভ কৰে যদিওবা সকলো শিশুৱে নকয়। এই মিছা কথা কোৱাৰ গজালিটোক যদি কলিতেই উভালি নেপেলায়, পুলি হোৱালৈ বাট চাই থকা যায়, তেন্তে সময়ত কথা বিষম হ’ব। এটি শিশুৰ মিছা কথা কোৱাৰ বীজটো এই সাধুৰ জৰিয়তেই উভালি পেলাব পৰা যায়। আশ্ৰয় ল’ব পাৰে ‘এটা গৰখীয়া আৰু বাঘ’ৰ সাধুটোৰ। ককা, আইতা তথা সমাজৰ বয়োজ্যেষ্ঠ লোকৰ প্ৰতি আজিৰ অধিকাংশ ল’ৰা-ছোৱালীৰ বিৰাগভাৱ। ককা, আইতা তথা আন আন বয়োজ্যেষ্ঠ লোকৰ প্ৰতি সদয় হ’বলৈ, সহানুভূতিশীল হ’বলৈ ককা-আইতা থকা সাধুবোৰ শুনাব লাগে। ৰজা নাইকিয়া আমাৰ দেশখনত ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰীৰ বিষয়ে সম্যক জ্ঞান দিবলৈ ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰীৰ সাধুবোৰ শুনাব লাগে। মনোগ্ৰাহীকৈ শুনাব পাৰিলে সিহঁতে সাধুৰ মাজৰ ৰাজকুমাৰ বা ৰাজকুমাৰীজনীৰ মাজত নিজকে বিচাৰি পাব। অসৎ সংগতকৈ নিঃসংগতাই ভাল— এই শিক্ষা দিবলৈ তথা দুষ্ট বন্ধুৰপৰা হ’ব পৰা লটি-ঘটিৰ বিষয়েও সাধুৰ জৰিয়তে আভাস দিব পাৰি। বুদ্ধিত তীখৰ, উপস্থিত বুদ্ধিসম্পন্ন সাধুবোৰ শুনাব পাৰিলে সন্তানৰ ভাবধাৰা বিকাশত সহায়ক হয়। এনেদৰে শিশুক ভিন ভিন অভিপ্ৰায় আগত ৰাখি সাধুবোৰ শুনাব পাৰি। কোনোটো সাধুৱেই অনর্থক কথাৰ চেলবেলনি নহয়। কোনো সাধুৱে দি যায় জীৱনৰ বাবে নীতি শিক্ষা আৰু আন কোনোবাটোৱে দি যায় ৰসাল আনন্দ। মনৰ পাখি উৰি যায় কল্পনাৰ ৰাজ্যলৈ আৰু এনেকৈ এদিন যেতিয়া সন্তানটিয়ে শুবৰ পৰত সদায় সাধু শুনিবৰ বাবে আবদাৰ কৰিব, আপুনি গম পাই যাব আপোনাৰ সাধু কোৱাৰ শ্ৰম আৰু লক্ষ্য দুয়োটাই সার্থক হৈছে।

সৰু সৰু ল’ৰা-ছোৱালী থকা ঘৰ এখনত ‘বুঢ়ী আইৰ সাধু’ কিতাপখন থকাটো যুগুত। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ কিতাপখন ইয়াৰ শতবর্ষত সময়োপযোগী ৰূপত সমুদ্ৰ গুপ্ত কাশ্যপে বৰ সুন্দৰকৈ সম্পাদনা কৰি উলিয়াইছে। ইয়াৰ উপৰি সামর্থ্যৰ ভিতৰত পাৰিলে আন আন দুই-চাৰিখন সাধুৰ কিতাপ ৰখাটো ভাল। আজৰি পৰত শিশুটিক সাধু কোৱাটো এটা ভাল অভ্যাস। বজাৰত ওলোৱা ৰংচঙীয়া কিতাপবোৰে শিশুহঁতক বৰকৈ আকর্ষণ কৰে। আকর্ষণ প্ৰথম কথা, তাৰপিছত শিশুটিয়ে নিজেই সেইখন পঢ়াৰ প্ৰতি ইচ্ছুক হৈ পৰিব।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Thursday, March 10, 2016

ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ

 8:23:00 PM     অভিজ্ঞতা     No comments   

অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰা বিশিষ্ট কথা শিল্পী পণ্ডিত, গৱেষক, প্ৰৱন্ধকাৰ, মানৱতাবাদী লেখক, সু সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটাৰে সন্মানিত ড০ নগেন শইকীয়া ছাৰৰ সাহিত্য কৃতিৰ বিষয়ে থোৰতে কৈ অন্ত পেলাব নোৱাৰি। তেখেত এনে এক বটবৃক্ষ, যাৰ ছায়াত অসমীয়া ভাষা সাহিত্যই ঠন ধৰি উঠি ডালে পাতে জাতিষ্কাৰ হৈছে আৰু যেতিয়ালৈ পৃথিৱীত অসম আৰু অসমীয়া ভাষা বৰ্তি থাকিব তেতিয়ালৈ চিৰযুগমীয়া হৈ ৰ’ব তেখেতৰ এই অনন্য অৱদান।
তেখেতৰ অন্যতম এক সাহিত্য কৃতি ‘মিতভাষ’ৰ বাবে ছাৰৰ নাম অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত স্বৰ্ণ অক্ষৰেৰে জ্যোতিস্মান হৈ ৰ’ব। ‘মিতভাষ’ ভাৰতীয় সাহিত্যলৈ ছাৰৰ এক উল্লেখনীয় অৰিহণা। ‘মিতভাষ’ (১৯৯৫) আৰু ‘স্বপ্ন স্মৃতি বিষাদ’ (১৯৯৭) চনত প্ৰকাশ হৈ ওলোৱাৰ পিছত মিতভাষৰ প্ৰকৃতি আৰু বৈশিষ্ট্য সম্পৰ্কে সুধীসমাজত যথেষ্ট আলোচনা হৈছে তথা ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈ এইসমূহৰ অনুবাদো হৈছে। 
বৈষ্ণৱ সাহিত্যৰ অনুৰাগী গৱেষক পণ্ডিত ড০ শইকীয়াদেৱে এই প্ৰসংগত উল্লেখ কৰিছে এনেদৰে—‘‘ব্ৰহ্মাৰ নিৰ্বিকাৰ স্বৰূপৰ জ্ঞানে মানুহৰ মনত সন্ন্যাসী প্ৰৱণতাৰ জন্ম দিব পাৰে কিন্তু জন্ম-মৃত্যুৰ অন্ধকাৰ সীমাত বন্দী পাৰ্থিৱ জীৱনৰ মায়া, অক্ষমতা আৰু শূন্যতাৰ অন্ত পেলাব নোৱাৰে। স্বপ্নাতুৰ মানুহৰ স্বপ্নভংগৰ বেদনাৰ আৰ্তিৰে ভৰি আছে আকাশ। এই দুখ জীৱনৰ সকলো বাদ অপবাদৰ উৰ্ধত। এনে এক পটভূমিত বিভিন্ন সময়ত আহি আমনি কৰা অনুভৱসমূহ ধৰি ৰাখিবলৈ যত্ন কৰি দেখিলোঁ, এই অনুভূতিক প্ৰথাসিদ্ধ কোনোতো ধাৰাতে অন্তৰ্ভুক্ত কৰিব নোৱাৰি। সেয়ে এইসমূহৰ নাম মিতভাষ— ‘চমূ কথা’ৰে মোৰ অনুভৱৰ প্ৰকাশৰ বাট।’’
মিতভাষসমূহৰ নিজা কিছু বৈশিষ্ট্য আছে, যাৰ বাবে এইসমূহ কবিতাও নহয় বা কথা-কবিতাৰ আওতাতো সন্নিবিষ্ট কৰিব পৰা নাযায়। কবিতাৰ কাব্যিক সুষমা, নান্দনিক সৌন্দৰ্য তথা কথা-কবিতাৰ গদ্যসুলভ শৈলীও পৰিলক্ষিত হোৱা হেতু ‘মিতভাষ’ কবিতা আৰু কথাকবিতাৰ মধ্যৱৰ্তী এক শৈলী। 
সমালোচক আনন্দ বৰমুদৈ ছাৰৰ কথাৰে—‘‘ড০ নগেন শইকীয়াৰ মিতভাষ কোনবিধৰ সাহিত্য, সিবিলাক কবিতা হয়নে? নে এইসমূহে স্বয়ংসম্পূৰ্ণ এক ধাৰা বা শ্ৰেণীৰ সৃষ্টি কৰিছে... এই গদ্য দেখাত গদ্যৰ সাজ পিন্ধিও গদ্য হ’ব নোৱৰা গদ্য। উৎকৃষ্ট গদ্যৰ দৰে মিতভাষে কোনো যুক্তিনিৰ্ভৰ চিন্তা প্ৰকাশ নকৰে। গদ্যৰ সজ্জাৰে সজ্জিত হৈয়ো এইসমূহে কবিতাৰ দৰে শব্দৰ সাংগীতিক লয়, ব্যঞ্জনা, অনুৰণন, চিত্ৰকল্পৰ প্ৰতীকী ইংগিত, ব্যঞ্জনা আদিৰ সমাহাৰেৰে প্ৰকাশৰ বাট বিচাৰে।’’ মিতভাষসমূহ আত্ম একোক্তি বা স্বগতোক্তি। এইসমূহত কাৰো বা যিজনক উদ্দেশ্যি লিখা হয় সেই প্ৰত্যাশিতজনৰো কোনো উক্তি বা প্ৰতিক্ৰিয়াৰ প্ৰকাশ নহয়।

কিছু ব্যক্তিগত: যোৱা ১১ ফ্ৰেব্ৰুৱাৰী তাৰিখে ড০ নগেন শইকীয়া ছাৰৰ ৭৮তম ওপজাদিনৰ শুভকামনাৰে এটা ‘মিতভাষ’ লিখাৰ প্ৰয়াস কৰিছিলোঁ। যিটো ফেচবুকৰ মোৰ ব্যক্তিগত দেৱালত আৰু দুটামান গোটৰ দেৱাললৈ প্ৰেৰণ কৰিছিলোঁ। পিছত ছাৰৰ সৈতে এইসম্পৰ্কে কিছু কথা পতাৰ প্ৰয়োজনবোধ কৰিছিলো এইবাবেই যে এগৰাকী কবিয়ে মোক তেখেতৰ ব্যক্তিগত অভিমত জনাই কৈছিল যে ‘মিতভাষ’ শইকীয়া ছাৰৰ সৃষ্টি গতিকে ‘মিতভাষ’ বুলি ক’লে আমি কেৱল শইকীয়া ছাৰৰ নামহে মনলৈ আনো। মোৰ নিজৰো কিছু দ্বিধা আছিল, সেয়ে এই প্ৰসংগত ছাৰৰ মন্তব্য জানিব বিচৰাত ছাৰে জনালে, ‘‘নিশ্চয়, মোৰ অনুমতি আছে। সানন্দে সন্মতি জনাইছোঁ।’’ প্ৰসংগক্ৰমে তেখেতে জনালে যে অলপতে যোৰহাটৰ এগৰাকী প্ৰবক্তাই মিতভাষৰ এখন কিতাপ প্ৰকাশ কৰিছে যিখন ছাৰৰ দ্বাৰা উন্মোচন কৰোৱা হৈছিল। কিতাপখনৰ শিৰোনাম ‘মিতভাষৰ অনুস্বাৰ বিসৰ্গ’—ছাৰে কয় যে, পোনপটীয়াকৈ মিতভাষেই ৰাখিব লাগে..অনুস্বাৰ বিসৰ্গ কিয়? 
মোৰ সৌভাগ্য যে ছাৰক মই তেখেতৰ জন্মদিন উপলক্ষে লিখা মিতভাষটি পাঠ কৰি শুনোৱাত তেখেতে শলাগিছিল আৰু সোনকালেই দ্বিতীয়টি মিতভাষৰ আশা কৰিছোঁ বুলি মোক উৎসাহিত কৰিছিল। যথেষ্ট সুখী হৈছিলো এই বাৰ্তালাপৰ জৰিয়তে। আশা কৰোঁ মোৰ এই কথাখিনিৰে যিসকলে ‘মিতভাষ’ লিখাৰ ইচ্ছা কৰে তেখেতসকল উপকৃত হ’ব।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, November 20, 2015

বিৰক্তিৰে ভৰা এই জীৱনত: ড° তপতী বৰুৱা কাশ্যপ

 3:43:00 PM     অভিজ্ঞতা     No comments   


জীৱনৰ গতানুগতিকতাই আমাক কেতিয়াবা আমনি দিয়ে। জীয়াই থকাৰ প্ৰতি স্পৃহা কেতিয়াবা হেৰুৱাবলগীয়া অৱস্থাৰ সৃষ্টি কৰে। জীৱনত কোনো নতুনত্ব নাথাকে। পুৱা সুন্দৰকৈ আৰম্ভ কৰা দিনটোত সমস্ত কাম-বন কৰি উঠাৰ পিছত সন্ধিয়াপৰত আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰে! মনৰ মাজত হতাশভাৱৰ সূত্ৰপাত হয়। জীৱনৰ সকলোবোৰ কামতেই আমি যিমান ধৰণে মনোযোগ দিব লাগে, সিমান যেন মনোযোগ দিব নোৱাৰোঁ।

সেয়ে বিশাল জনসমুদ্ৰত থাকিও আমি প্ৰত্যেকজনেই যেন একো একোটা বিচ্ছিন্ন দ্বীপ হৈ পৰোঁ। আমাৰ মাজত থকা অকলশৰীয়া অৱস্থাটোক আমি আমাৰ সত্তাত অনবৰতেই যেন লৈ ফুৰিবলগীয়া হওঁ। সেয়ে কোলাহল আৰু ভিন ভিন মানৱ সম্বন্ধবোৰৰ মাজত থাকিও আমি যেন অত্যন্ত অকলশৰীয়া অনুভৱ কৰোঁ।

এই অৱস্থাৰ কথা ফঁহিয়াই চালে দেখা যায় যে আমি নিজৰ কামৰ প্ৰতি যিমানখিনি মনোযোগ দিয়াৰ আৱশ্যক, আমি যেন সেইখিনি আয়ত্ত কৰিব নোৱাৰো। আমাৰ ব্যক্তিগত জীৱনৰ ঘাত-প্ৰতিঘাত আৰু মানসিক অশান্তিয়ে আমাক আমাৰ নিজ কৰ্মৰ প্ৰতি একান্তচিত্তে মনোযোগ দিয়াত সহায় নকৰে। সেয়ে জীৱনৰ প্ৰতি ভালপোৱা ভাৱৰ জন্ম নঘটে। জীৱনটো যেন বিৰক্তিকৰ হৈ পৰে।

এই কথা অনস্বীকাৰ্য যে সকলো বয়সৰে সকলো ব্যক্তিৰেই দৈনন্দিন জীৱনৰ কোনো কোনো মুহূৰ্ততে আমনি লাগে। আমি প্ৰায়েই শুনিবলৈ পাওঁ যে ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলা, চাকৰিয়াল, গৃহিণী, অৱসৰপ্ৰাপ্তজন আদি সকলো ব্যক্তিৰেই মনত আমনি তথা বিৰক্তি জন্মে।

জীৱনত গতানুগতিক কৰ্মৰাজীয়ে মনত আনন্দ দিব নোৱাৰে। অৱশ্যে এই প্ৰসংগত উল্লেখ কৰিব পাৰি জেনিনা গমছ নামৰ লেখিকাগৰাকীৰ কথা। তেওঁ কৈছিল— ‘‘আমনিদায়ক পৰিস্থিতিয়ে মোৰ জীৱনটো কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেই ভাবৰ ঊৰ্দ্ধত সেয়ে মই চিন্তা কৰিবলৈ চেষ্টা কৰোঁ। মোৰ নিজৰ সত্তাৰ শক্তিখিনিৰ শ্ৰীবৃদ্ধিৰ বাবে অহৰহ চেষ্টা কৰোঁ। মোৰ যি যি দিশত জ্ঞানৰ নাটনি ঘটিছে, সেই দিশসমূহ উন্নত কৰিবলৈ চেষ্টা কৰোঁ। আৰু লগতে মোৰ সামাজিক জ্ঞান লাভৰ প্ৰচেষ্টাও অব্যাহত ৰাখোঁ। নিজ বৃত্তিৰ কৰ্মখিনি কৰি উঠি আজৰি সময়খিনিত সমাজৰ আন আন ব্যক্তিসকলৰ আৱেগ-অনুভূতিক বিচাৰ কৰি চাবলৈ প্ৰয়াস কৰোঁ। সেয়ে জীৱনৰ কোনো আমনিদায়ক অথবা বিৰক্তিময় পৰিস্থিতিয়ে মোক কেতিয়াও হেঁচা মাৰি ধৰিব নোৱাৰে।’’

সেয়ে সৰ্বসাধাৰণ সকলো ব্যক্তি জীৱনৰ আমনিদায়ক আৰু বিৰক্তিময় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ কেইবাটাও ভিন ভিন উপায়ৰ কথা উল্লেখ কৰিছে। জীৱনৰ প্ৰতি যেতিয়া সকলো ব্যক্তিয়েই অৰ্থপূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব পাৰে, তেতিয়াই কোনো ব্যক্তিয়েই কেতিয়াও হতাশ বা নিৰাশাত ভূগিবলগীয়া নহয়। আমাৰ সমাজত বহু ব্যক্তি আছে, যিসকলে তেওঁলোকৰ সৰু সৰু আৰু সাধাৰণ যেন লগা কামটোও ইমান উৎকণ্ঠা, মনোযোগ আৰু সন্তুষ্টিৰে কৰে যে তেওঁলোকৰ বাবে নিজ কামটোৱেই হৈ পৰে সুখ আৰু আনন্দৰ আকৰসদৃশ। জীৱনৰ সৰু-সুৰা ঘটনাৰ প্ৰতি ভালপোৱা বিকাশ কৰিলে জীয়াই থকাৰ প্ৰতি স্পৃহা বৃদ্ধি হয় আৰু সকলোৱেই যেন আনন্দ লাভ কৰিব পাৰিব। অৱশ্যে জীৱনৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ হ’লে নিজৰ অন্তৰ্নিহিত শক্তিক বিচাৰি চাবলৈ শিকিব লাগিব।

আমাৰ আমনিলগা সময়খিনিৰ বাবে বাহিৰৰ পৃথিৱীখনলৈ ঢাপলি মেলাতকৈ নিজৰ সত্তাৰ মাজৰ গভীৰতাক অনুভৱ কৰিবলৈ যত্ন কৰিলেই আমি উপলব্ধি কৰিব পাৰোঁ আমাৰ অন্তৰ্নিহিত শক্তি আৰু যি শক্তিৰ উপলব্ধিয়ে আমাক কেতিয়াও অকলশৰীয়া নকৰে আৰু তেতিয়া জীৱনৰ কোনো পৰিস্থিতিয়ে বিৰক্তিকৰ কৰি তুলিব নোৱাৰে। আমাৰ মনৰ মাজত লুকাই থকা শক্তি অশেষ। আমি সেই শক্তিক উপযোগী কৰি ব্যৱহাৰ কৰিলে জীৱনক লৈ কেতিয়াও নিৰাশাত ভুগিব নালাগে।

এই প্ৰসংগত উল্লেখ কৰিব পাৰি মীনা কুকৰেজা নামৰ চিকিৎসকগৰাকীৰ ‘লাইফ স্কিল’ নামৰ গ্ৰন্থখনৰ কথা। গ্ৰন্থখনত উল্লেখ কৰা মতে প্ৰতিজন মানুহৰে আত্মশক্তিৰ উৎসসমূহ হৈছে— নিজ চৰিত্ৰ, বিশ্বাস, আন্তৰিক প্ৰাৰ্থনা, ধৰ্ম আৰু নিজ বিশ্বাসৰ ভগৱান। আৰু তেওঁৰ মতে, এজন ব্যক্তিৰ বাবে শ্ৰেষ্ঠ বিশ্বাস হৈছে যেতিয়া তেওঁ সকলো বিশ্বাসকে সন্মান কৰে। আত্মশক্তিৰ প্ৰথম আৰু প্ৰধান উৎস হৈছে— আত্মনিয়ন্ত্ৰণ তথা নিজক শৃংখলভাৱে ৰখা। এই আত্মশৃংখলাই আমাৰ নিজস্ব পৰিসীমাৰ মাজত থকা শক্তি-সামৰ্থ্যখিনিক উত্তম প্ৰচেষ্টাৰে উপযোগী কৰি তুলিবলৈ আমাক সুবিধা দিয়ে আৰু তেতিয়া জীৱনক লৈ আমি কেতিয়াও নিশ্চয় হতাশাত ভুগিব নালাগে। সেই অৱস্থাত আমাৰ কামবোৰ সুনিৰ্দ্দিষ্ট গতিত আগবাঢ়িব পাৰে। আত্মনিয়ন্ত্ৰণৰ ফলত আমাৰ ব্যক্তিত্বৰ মাজত এনেবোৰ সজ অভ্যাস গঠন হয় যে তাৰ বাবে নেতিবাচক কোনো ভাবৰ সৈতে সংঘৰ্ষত লিপ্ত হ’বও নালাগে। অতি সহজ উপায়েৰে যেন আমি জীৱনত আগবাঢ়ি যাব পাৰোঁ। দৈনন্দিন জীৱনৰ কামবোৰ শৃংখলাবদ্ধভাৱে পালন কৰিবলৈ চেষ্টা কৰিলে আমি আমাৰ আত্মশক্তি উপলব্ধি কৰিব পাৰোঁ। সেয়ে আত্মশক্তিৰ উপলব্ধিয়ে এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সম্পূৰ্ণতা প্ৰদান কৰে। আৰু সেই অৱস্থাই কোনো ব্যক্তিৰ মনলৈ জীৱনৰ গতানুগতিক কামৰ প্ৰতি আমনি লগা পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে।

গ্ৰন্থখনত উল্লেখ কৰা মতে, আমাৰ আত্মশক্তিক বিচাৰ কৰাৰ আন এটা উপায় হৈছে— নিয়মিতভাৱে কৰা প্ৰাৰ্থনা। এই প্ৰাৰ্থনাই আমাক শক্তি আৰু সাহস দিয়ে। আমাৰ মনলৈ শান্তি আনে। জীৱনত সমস্যাসমূহ লাঘৱ কৰাৰ বাবে অদৃষ্ট শক্তিৰ আশিস লাভ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ অনন্ত প্ৰাৰ্থনাই অদৃশ্য শক্তিৰ লগত সংযোগ কৰাৰ লগতে আত্মশক্তিৰ উপলব্ধি কৰাত সহায় কৰে। আত্মশৃংখলাই এই ক্ষেত্ৰত আমাক অধিকভাৱে সহায় আগবঢ়ায়। আনহাতে, এই সংযোগৰ অবিহনে প্ৰত্যেকজন ব্যক্তিৰ জীৱনলৈ ভিন ভিন সমস্যা আহি পৰিব পাৰে। উদাহৰণস্বৰূপে জীৱনৰ কোনো কোনো ক্ষেত্ৰতেই কোনো ৰস উদঘাটন কৰিব নোৱাৰি। সেয়ে জীৱনক লৈ সকলোতেই যেন বিৰক্তিহে জন্মে।

বিৰক্তিৰে ভৰা জীৱনটো সুন্দৰকৈ গঢ়ি তোলাৰ দায়িত্ব সেয়ে এটা ব্যক্তিগত প্ৰচেষ্টা হোৱা উচিত। ভগৱানৰ শ্ৰেষ্ট আশিস এই মানৱ জীৱনটোক এজন ব্যক্তিৰ জীৱন প্ৰণালীয়েহে সুন্দৰ কৰে। সেইদৰে এটা সুন্দৰ জীৱন প্ৰণালীক নিয়ন্ত্ৰণ কৰে কেৱল এটা সুন্দৰ আৰু সবল মনে। আনহাতে, এই মনৰ শক্তিয়েই হৈছে সকলো সৃষ্টিমূলক কামৰ অন্যতম চালিকাশক্তি। সেয়ে ড০ এ পি জে আব্দুল কালামে তেওঁৰ ‘ইনডমিটেবল স্পিৰিট’ নামৰ গ্ৰন্থত কৈছে— ‘‘মনৰ সৃষ্টিকামী শক্তিয়ে জীৱনলৈ সুন্দৰতা কঢ়িয়াই আনে আৰু লগতে অসম্ভৱকো সম্ভৱ কৰিব পাৰে।’’ তেওঁ সেয়ে মহামানৱ মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ সফলতাৰ বিষয়ে উল্লেখ কৰি কৈছে যে— ‘‘এটা সুন্দৰ সৃষ্টিসুলভ মনৰ অধিকাৰী হোৱা বাবে গান্ধীজীয়ে নিজ আদৰ্শত সফলতা লাভ কৰিছিল।’’ সেয়ে আমি প্ৰত্যেকজন ব্যক্তিয়েই জীৱনত এনেদৰে কাম কৰিব লাগে যাতে আমাৰ কৰ্মই আন আন ব্যক্তিৰ অধিকাৰ পালনত হেঙাৰস্বৰূপ হ’ব নোৱাৰে। আনহাতে, আমি নিজৰ ব্যক্তিগত জীৱন-যাপনত সচেতন হৈ থাকিব লাগে।

এই কথা অনস্বীকাৰ্য যে এটি সুন্দৰ মনে আমাক জীৱনৰ সুন্দৰ দিশটোৰ প্ৰতি আগ্ৰহান্বিত কৰে। আমি জীৱনৰ ইতিবাচক দিশটোক অধিককৈ চোৱাৰ ফলত সৰু-সুৰা তথা সাধাৰণ কামসমূহৰ মাজতেই অসাধাৰণ আনন্দ লাভ কৰিব পাৰোঁ। সেয়ে হয়তো বহু গুণী-জ্ঞানী ব্যক্তিয়ে নিজ বৃত্তিগত কাম কৰাৰ উপৰি দৈনন্দিন জীৱনত নিজৰ ৰাপ অনুযায়ী সৰু-সুৰা, সাধাৰণ কাম কৰি জীৱনৰ আনন্দ উপভোগ কৰে। জীৱনৰ পৰা সুখ আৰু আনন্দ লাভ কৰে। তেওঁলোকে জীৱনৰ গভীৰ অৰ্থ বুজি পোৱাৰ আগতেই নিজ জীৱনটোক যেন ভালপাই পেলায়। তেতিয়া হয়তো নিজ জীৱনটো কেতিয়াও বিৰক্তিকৰ হৈ উঠিব নোৱাৰে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, September 18, 2015

বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা

 1:58:00 PM     অভিজ্ঞতা     No comments   


(এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি সেউজীয়া। বন্ধুত্ব হয়তো এনেকুৱাই— য’ত গঢ়ি উঠে এখন বুকুৰ পৰা আন এখন বুকুলৈ এক অদৃশ্য সাঁকো। যাৰ বাবেই হয়তো প্ৰতিটো মুহূৰ্ততে আমি ভগাই ল’ব পাৰো ইজনে-সিজনৰ মনৰ খবৰ। সেয়া লাগিলে সুখৰেই হওক অথবা দুখৰ।

(দুই) বন্ধুত্ব হৈছে পৃথিৱীৰ পৱিত্ৰতম সম্পৰ্ক। যাৰ উমাল পৰশত আপুনি, মই আৰু সকলোৱেই জী উঠো নতুনকৈ। বিচাৰি পাওঁ জীৱনৰ অপৰূপ সৌন্দৰ্য্য। বন্ধুত্বৰ নিঃস্বাৰ্থ ভালপোৱাত লুকাই থাকে অকৃত্ৰিম প্ৰেম আৰু এই প্ৰেমৰ ৰাগীত মতলীয়া হৈ উদযাপন কৰো জীৱন। যাৰ ইচ্ছাৰ আঙুলিত ধৰি হেঁপাহ পলুৱাই তিতিব পাৰো শাওণৰ এজাক বৰষুণত। প্ৰাণ ভৰাই গাব পাৰো জীৱনৰ এটা গান। হাতত হাত থৈ দৃঢ়তাৰে ক’ব পাৰো— আমি একেখন নাৱৰেই সহযাত্ৰী।

( তিনি) ‘‘True friends are like diamonds precious and rare. False friends are like leaves found everywhere.’’— জীৱনত আমি বহু বন্ধুৰ সঁহাৰি পাওঁ। তাৰে কিছুমান সময়ৰ সোঁতত হেৰাই যায় আৰু কিছুমান চিৰদিনলৈ ৰৈ যায় বুকুৰ নিভৃততম কোণত চিৰযুগমীয়া হৈ। এচাম বন্ধুৱে আপোনাক পদে পদে শিকাই যায় জীৱনৰ আদিপাঠ, দি যায় একোটা পোহৰৰ বাট। সেই বন্ধুৱেই আপোনাৰ, আমাৰ প্ৰকৃত তথা আদৰ্শ বন্ধু; যিজনক আমি কোনো পৰিস্থিতিতেই হেৰুৱাবলৈ নিবিচাৰো। কিন্তু আন এচাম বন্ধুৱে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বন্ধুত্বৰ দৰে সহজ-সৰল সম্পৰ্ক গঢ়ি তোলে আৰু নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ লগে লগেই সকলোৰে কাষৰ পৰা নিৰলে আঁতৰি যায়। এনেধৰণৰ বন্ধুৰ বাবেই বন্ধুত্বৰ দৰে পৱিত্ৰ সম্পৰ্কত ফাট মেলিব ধৰিছে। সেয়েহে বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। বৰ্তমান সময়ত গঢ় লৈ উঠা জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইটসমূহত বন্ধুত্বৰ নামত প্ৰায়েই ইজনে-সিজনক উদ্দেশ্য কৰি বিভিন্নধৰণৰ কটূ মন্তব্য সকলোৱে দেখাকৈ উপস্থাপন কৰে। এনেদৰেই প্ৰতিশোধমূলক মানসিকতাৰ সৃষ্টি হৈ সমাজত বিভিন্ন ধৰণৰ অনৈতিক ঘটনাও ঘটিব ধৰিছে।

(চাৰি) বন্ধুত্বৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই। ইয়াত কোনো বয়স, উচ্চ-নীচ, জাতি-ধৰ্ম আৰু ভেদা-ভেদৰ পাৰ্থক্য নাই। বন্ধুত্ব শব্দটো অন্তৰৰ পৰা গঢ় লৈ উঠা এক সম্পৰ্ক। এই সম্পৰ্কত থাকে স্বৰ্গীয় অনুভূতি। য’ত সকলোৱেই সমান, সকলোৱেই সুখী আৰু সকলোৰে মনবোৰ প্ৰফুল্লিত। বন্ধুত্বৰ অংশীদাৰ হ’ব পৰাসকলৰ বুকুৱে বুকুৱে বিয়পি থাকে খৰিকাজাইৰ সুগন্ধ।

Tags: Shiva Prasad Hazarika, Jibon Enedorei, Bondhutwa, Ek Siroxeuj Xomporko
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, April 22, 2015

আমি এনেকৈ আৰু কিমান দূৰলৈ যাম: লক্ষ্য প্ৰহৰ বৰদলৈ

 12:07:00 PM     অভিজ্ঞতা     No comments   

প্ৰথমেই কৈ থোৱাটো আৱশ্যকীয় হ’ব যে এই লেখক অল্পভাষী, গতিকে পাঠকে এই লেখাটো পঢ়ি যাওতে নিজেও ঠায়ে ঠায়ে কিছু পৰিমাণে ভাৱ-সাগৰত ডুব যাব লাগিব।

ব’হাগ বিহুৰ উৎপত্তিৰ ফালে চাবলৈ গ’লে আমি দেখা পাম যে ই মূলতঃ কৃষিভিত্তিক উৎসৱ। অসমৰ বিভিন্ন জাতি-ধর্ম-বর্ণ নির্বিশেষে এই উৎসৱ পালন কৰি আহিছে। কাৰণ এটা সময়ত অসমৰ সৰহসংখ্যক লোকেই কৃষিকার্যৰ লগত জড়িত আছিল। কিন্তু বর্তমান সময়ত অসমীয়া মানুহে কৃষিকার্যক অৱজ্ঞাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। অসমীয়া কৃষকসকল আজি হীনমন্যতাত ভোগে। ইয়াৰবাবে দায়ী হয়তো আমাৰ সমাজব্যৱস্থা আৰু লগে লগে আমাৰ মানসিকতা। ক্ৰমান্বয়ে বিহুৰ পৰম্পৰাগত বৈশিষ্ট্যবোৰো লুপ্ত হ’বলৈ ধৰিছে। এই সমূহ একা-বেঁকা পথ যদি জোৰা দি চোৱা যায় তেন্তে চকুত পৰিব যে এনেবোৰ কাৰণতেই হয়তো লাহে লাহে ‘বিহু’ এক ব্যৱসায়িক বিনোদন আৰু লাভালাভৰ সঁজুলি হোৱাৰ পথত অগ্ৰসৰ হৈছে।
বিহু আহিল বুলিয়েই আজি কেইটা অসমীয়া পৰিয়ালে পিঠা-পনা নিজ হাতে তৈয়াৰ কৰে? প্ৰকৃততে আজিৰ প্ৰায়ভাগ অসমীয়াই বিহুৰ পিঠা-পনা, দৈ-চিৰা যোগাৰহে কৰে! যোগাৰ কৰা এই প্ৰক্ৰিয়াটোত যে ঘৰৰ বয়োজ্যেষ্ঠ বা ওচৰ-চুবুৰীয়াৰ প্ৰতি অলপো আন্তৰিকতা থাকে তাত কিছু সন্দেহ আছে। যদিও কিছুসংখ্যক লোকৰ এই ক্ষেত্ৰত আন্তৰিকতা থাকে তেন্তে সেয়া লেখত ল’ব পৰা বিধৰ। আজি বিহু আহিলেই এইবোৰ সামগ্ৰী(!)ৰে বজাৰ ভৰপূৰ হৈ পৰে। কাৰণ বণিকগোষ্ঠীয়েও বুজি উঠিছে যে অসমীয়াৰ ধনৰ টোপোলাই বর্তমান সময়ত বিৰাট আকাৰ ধাৰণ কৰিছে। ‘‘পৰৰ পিঠাৰে বিহু পতা’’ বোলা যোজনাফাঁকি এতিয়া চাগে’ আমাৰ ক্ষেত্ৰত বৰ সুন্দৰভাৱে প্ৰযোজ্য হ’ব!
প্ৰায়ভাগ অসমীয়াই আজি ‘গাঁৱলীয়া’ শব্দটোকেই হীন দৃষ্টিৰে চোৱা হৈছে। তেওঁলোকে নগৰীয়া মানুহৰ আদৱ-কায়দা যিমান সোনকালে পাৰে, সিমান সোনকালে আয়ত্ব কৰিবলৈ যত্ন কৰিছে। আৰু অৱশেষত নগৰমূখী হৈছে তেওঁলোকৰ বাসস্থানো। ইয়াত দোষ কাৰ? সেই মানুহখিনিৰ নে আমাৰ সমাজব্যৱস্থাৰ? হয়তো দুয়োটা পক্ষৰেই!

এই লেখাৰ পাঠকে এবাৰ নিজেই ভাবক যে, আমাৰ আদৰৰ বিহুটো ক’ৰ পৰা আহি আজি কোনখিনি পালেহি! বিহু নৃত্যৰ কথাকে ধৰা যাওক…
এটা সময় আছিল, মুকলি বিহু পথাৰত অনুষ্ঠিত কৰা হৈছিল। চলি অহা লোকবিশ্বাসৰ ফলতেই তেতিয়াৰ হোজা খেতিয়ক ৰাইজে ভাবিছিল এই গীত আৰু নৃত্যই আমাৰ পথাৰ শস্যগর্ভা কৰি তুলিব। সেইদেখি ব’হাগৰ এই দিনকেইটা মানুহখিনিয়ে সম্পূর্ণ নিয়ম-নীতিৰে মন-প্ৰাণ ঢালি উদযাপন কৰিছিল। তাত আছিল এক অনামী স্পন্দন, জীৱনীশক্তি। আগৰ কালছোৱাত বিহুৱে কেৱল আনন্দই যে দিছিল তেনে নহয়, ইয়াৰ সৈতে জড়িত হৈ আছিল গভীৰ দর্শন আৰু বিজ্ঞান। বিহুৱে জনজীৱনক সৎ আৰু মহৎ উদ্দেশ্যৰে জীয়াই থাকিবলৈ বাৰে বাৰে সকিয়াই দিছিল। বিহুৱে মানুহক প্ৰেৰণা দিছিল প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ। কিয় আৰু কেনেকৈ; সেইখিনি পাঠকলৈ এৰিলোঁ। লাহে লাহে ব’হাগৰ বিহুটিয়ে গৃহস্থৰ চোতাল গচকি নগৰ পালেহি আৰু লগে লগে মঞ্চলৈ উত্তীর্ণ হ’ল, অৱশেষত সেইটি বিহুৱেই টি.ভি.ৰ পর্দাও পালেহি! এই সন্দর্ভত ড০ লক্ষ্মীনন্দন বৰাদেৱৰ এষাৰ কথা মনকৰিবলগীয়া- ‘‘গুৱাহাটীত ঢোলৰ মাত, পেঁপাৰ মাত আৰু বিহুগীত শুনো ইলেক্ট্ৰনিক মাধ্যমতহে। শুনাৰ কোনো সময়-অসময় নাই। প্ৰচণ্ড শীতকালতেই টি.ভি.ত বিহুগীত পৰিবেশন কৰা হয়। সেয়ে ইয়াৰ বিশেষত্ব হেৰাই যোৱাৰ পথত।’’
আগৰ দিনত বিহুগীত আৰু নৃত্যত নগ্ন যৌনতাৰ বেহা হোৱা নাছিল, এতিয়া যি সহজলভ্য। আচলতে এতিয়া ব’হাগ বিহু উদযাপন কৰা বিষয়টো অকল ব্যৱসায়ীক লাভালাভৰ ক্ষেত্ৰতেই সমাপ্ত হৈছে বুলি ক’ব পাৰি, য’ত নাই কোনোধৰণৰ আন্তৰিকতা, সমাজ আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা। সহজ সৰল আমাৰ আদৰৰ বিহুটিক বর্তমান সময়ত যেনেদৰে অতিৰঞ্জিত ৰূপত আত্মপ্ৰকাশ কৰোৱা হৈছে, সেইখিনি কৰাৰ প্ৰয়োজন নিশ্চয় নাছিল। (বিহুৰ প্ৰতি কিছুসংখ্যক অসমীয়াৰ আগৰ সেই উচ্ছাস নোহোৱাৰ ইয়ো এটা প্ৰধান কাৰণ বুলি ভাবোঁ।) সংস্কৃতি হ’ল মাটিৰ সম্পদ, তাক মাটিতেই থাকিবলৈ দিয়া ভাল। আজি আমাৰ সংস্কৃতিয়ে মাটিৰ সৈতে থকা আগৰ সেই সংস্পর্শ হেৰুৱাইছে বাবেই, ই স্বকীয় গুণবোৰো হেৰুৱাবলৈ ধৰিছে। এনে সৰু সৰু অথচ বিৰাট কাৰণৰ হেতু আজি অসমীয়াই নিজৰ মাটিতেই নিজৰ নিচান বিচাৰি ফুৰাৰ দৰে লজ্জাজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ধাৰণা কৰিব পাৰি!

আমাৰ সমাজখন আৰু আমাৰ মানসিকতাৰ বৰ খৰ গতিৰে পৰিবৰ্তন হৈছে। খৰ গতিৰে যোৱা গাড়ী এখন ধ্বংসও হয় নিমিষতে! যদিও সময়ৰ লগে লগে এখন সমাজৰ, এটা জাতিৰ সংস্কৃতিৰ পৰিবর্তন হোৱা কথাটো একো অস্বাভাৱিক কথা নহয়, তথাপি কিন্তু সেই পৰিবর্তন, এটা জাতিৰ জনজীৱনৰ নিয়ন্ত্ৰণাধীন হোৱাটো নিতান্তই আৱশ্যকীয় কথা। কাৰণ এটা জাতিৰ উন্নয়নত, সেই জাতিটোৰ সাহিত্য, সংস্কৃতি আৰু লোকবিশ্বাসে বাৰুকৈ প্ৰভাৱ পেলায়। পৰিবর্তনে যদি আমাৰ জাতিটোৰ সাংস্কৃতিক বৈশিষ্ট্যক বিনষ্ট কৰে, সেই পৰিবর্তনৰ ফলস্বৰূপে আমি যদি আমাৰ ঐতিহ্যৰ পৰাই বিচ্ছিন্ন হৈ পৰোঁ তেন্তে তেনে পৰিবর্তন আমাক লাগেই বা কিয়!
বর্তমান সময়ত অসমীয়া বুদ্ধিজীৱী সমাজে অকল বাতৰি চেনেলৰ অনুষ্ঠানত বহি আমাৰ সাংস্কৃতিক ‘ৰূপান্তৰ’ৰ বিষয়ে উক্তি-কটুক্তি প্ৰকাশ কৰিলেই আমাৰ কৃষ্টি-সংস্কৃতি এই ‘প্ৰদূষণ’ৰ কৱলৰ পৰা মুক্ত নহয়। আমাৰ কৃষ্টি-সংস্কৃতি এইখিনি পর্যায়লৈ কিয় আৰু কেনেকৈ আহি উপনীত হ’ল তাৰ কাৰণবোৰৰহে নির্মোহ বিশ্লেষণ হ’ব লাগিব আৰু সেইখিনি ধুই নিকা কৰিবলৈ এতিয়াও বাকী থকা অসমীয়া কেইজনে কেনেধৰণৰ পদক্ষেপ ল’ব লাগিব তাকে জনোৱাটোহে গুৰুত্বপূর্ণ কথা হ’ব। নহ’লে এনে এটা দিন অতি সোনকালেই আহিব, যিটো দিনত কুলি-কেতেকীহঁতেও লাজতে অসমলৈ কোনোদিনে ঘুৰি নাহোঁ বুলি উৰা মাৰিব!!


[এপ্ৰিল, ২০১৫ৰ সাহিত্য.অৰ্গত প্ৰকাশিত]
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Saturday, April 4, 2015

সুখ নে সুখৰ উৎস: লক্ষ্য প্ৰহৰ বৰদলৈ

 7:00:00 PM     অভিজ্ঞতা     No comments   

www.jibonenedorei.com
সপোনবোৰে কেতিয়াবা বুকুখন ভৰাই তোলে। আজি সপোনত ‘বহু পুৰণি সময়’ অলপ দেখিলো। জন্মৰ পিছত কিছু বছৰলৈকেহে মই মোৰ আইতা (মাৰ মাক)ক লগ পাইছিলোঁ। আজি সপোনত আকৌ কাষতে পালোঁ!

বছৰেকৰ মূৰত মই যেতিয়া আইতাৰ ওচৰলৈ যাওঁ, তেতিয়াৰ কথা! আইতাৰ সৈতে মোৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। মই সৰু-সুৰা দুষ্টামিবোৰ কৰিলে মায়ে যেতিয়া মোক মাৰে বা গালি পাৰে তেতিয়া মোৰ মায়ে তেওঁৰ মাকৰ পৰা দুগুণ গালি খায়, কেতিয়াবা মায়ে মাৰো খায়। আৰু লগে লগে আইতাই মোক ঘোঁৰা দেখুৱাবলৈ টানি লৈ যায়। তেতিয়া হয়তো মোৰ সমান সুখী মানুহ কোনো নাছিল পৃথিৱীত (এতিয়াও মই ঘোঁৰা দেখিলে খন্তেক তভক মাৰি ৰৈ দিওঁ)! ৰাজপথলৈ ওলাই গ’লেই ইমানযে ঘোঁৰা, ইমানযে ঘোঁৰাৰ গাড়ীবোৰ! ইখনৰ পিছত সিখন! লগে লগে পোৰা ৰুটিৰ গোন্ধ এটা লাগেহিয়েই নাকত। আইতাই সাঁচি ৰখা খুচুৰা পইচা (১ টকীয়া কাগজৰ নোট, ২৫ পইচা, ৫০ পইচা, ৫ টকীয়া কাগজৰ নোট, ১০ টকীয়া কাগজৰ নোট) কেইটা চাদৰৰ আগৰ বান্ধটোৰ পৰা উলিয়ায়। সেই পইচাকেইটা আইতাৰ একান্তই নিজৰ পইচা আছিল। আইতাই সেই পইচাকেইটাৰেই মই তাত থকাকেইদিন মোক ৰুটি খুৱাইছিল। দুখনমান ৰুটি কাগজত বান্ধিও আনিছিল। আৰু আমি ৰাজপথৰ কাষৰ পকীটোত বহি ৰুটি খাই খাই ঘোঁৰা চাইছিলোঁ। মই সেই কাগজখনৰ গোন্ধটো খুব ভাল পাইছিলোঁ। আজি সপোনত সেই গোন্ধটো মই আকৌ পালোঁ। আৰু সেইযে পকীটো; এতিয়াও আছে, কিছু অংশ ভাঙি গৈছে সময়ৰ দৌৰাত্মত!

সময়ে কিছুমান কথাক মগজু আৰু অন্তৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰে, কিন্তু সেই কথাবিলাকত ইমানেই জোৰ থাকে যে অকস্মাৎ আকৌ ঘূৰি আহে... বস্তুবাদী এই পৃথিৱীত আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি আমাৰ সোণালী অতীতক (সময়ক) এপলক সুঁৱৰিবলৈকে সময় নাপাওঁ। আমি অহৰহ সুঁৱৰি থাকো আমাৰ জীৱনৰ বিধ্বস্ত সময়বোৰকহে! অথচ আমিয়েই বিচাৰি ফুৰোঁ ‘সুখ’! কিন্তু এই কথাক উপলব্ধি কৰাটোহে উচিত হ’ব যে আমাৰ সুখৰ ‘উৎস’ কোনবোৰ?

আমাৰ দুঃচিন্তা আৰু দুৰ্ভাৱনাবোৰে মনত প্ৰায়েই ভীষণ বেমেজালিৰ সৃষ্টি কৰে। আৰু এই বেমেজালিবোৰেই আমাক জীৱনৰ সুদীৰ্ঘ পথচোৱাত সৱল খোজেৰে আগবঢ়াত বাধা দিয়ে। এই বাধা কিন্তু নিৰন্তৰ আৰু অপ্ৰতিৰোধ্য নহয়! আমি জীৱনটোত সুখ বিচাৰোঁ ঠিকেই, কিন্তু মনৰ এই বেমেজালিবোৰৰ বাবে আমি আচল বস্তুটোকেই বিচাৰি নাপাওঁ— আমাৰ সুখৰ উৎসবোৰ!

মই মোৰ আইতাৰ সৈতে কটোৱা সময়বোৰ মোৰ জীৱনৰ মধুৰ সময় আছিল। মই সেইবোৰ দিনত যথেষ্ট সুখী মানুহ আছিলো। অথচ সপোনটো দেখাৰ কিছু সময় আগলৈকে আইতাৰ কথা মোৰ মনলৈ এবাৰো নাহিল; যিখিনি কথা সুঁৱৰি মই অন্ততঃ কিছুসময়ৰ বাবে উভতি যাব পাৰিলোঁহেঁতেন মোৰ শৈশৱলৈ আৰু মই সুখীও হ’লোঁহেঁতেন। তথাপি মই কিন্তু ভাবি থাকিলো মোৰ দৈনন্দিন জীৱনৰ অন্তহীন (?) সমস্যাবোৰৰ কথা। তাৰ লগে লগে ভাবি থাকিলো ‘‘সুখীনো কেনেকৈ হ’ম!’’। এয়া বৰ হাঁহি উঠা কথা!

এজন মানুহ সুখী হওঁ হওঁ বুলি কোনোদিনে সুখী হ’ব নোৱাৰে, যদিহে সেই মানুহজনে সুখৰ উৎসবোৰ নিবিচাৰি মনত অহৰহ দুখকহে চেঁকুৰিবলৈ সুযোগ দি থাকে!
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, May 18, 2014

প্ৰশংসা আৰু তোষামোদ: লক্ষ্য প্রহৰ

 4:28:00 PM     অভিজ্ঞতা     No comments   

www.jibonenedorei.blogspot.in
বৰ্তমান সময়ত মানুহে মানুহক বৰকৈ তোষামোদ কৰে। তোষামোদ কৰি কৰিয়েই সেইবোৰ মানুহে আপোনাৰ অন্তৰৰ নিচেই কাষত অৱস্থান কৰিব পৰাৰ ক্ষমতাখিনি আদায় কৰি লয়। এইক্ষেত্ৰত ‘প্ৰশংসাপ্ৰিয় মানুহ’বোৰ খুব বেছিকৈয়ে আক্ৰান্ত হয়। তেওঁলোকে সঁচা প্ৰশংসা আৰু তোষামোদৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নোৱৰা হয়। তোষামোদকাৰী মানুহবোৰে এই প্ৰশংসাপ্ৰিয় মানুহবোৰক অন্ধ কৰি তোলে।

এইখিনিতে আপোনালোকক এটা কাহিনী কওঁ—
এসময়ত জেৰুজালেমত চল’মান নামেৰে এজন জ্ঞানী ৰজা আছিল। তেওঁৰ পৰিষদবৰ্গৰ মাজৰ ভালেকেইজনে সুবিধা পালেই ৰজাৰ গুণ-গৰিমা গাই ৰজাক তোষামোদ কৰিবলৈ চেষ্টা কৰিছিল আৰু ৰজাৰ প্ৰিয়পাত্ৰ হ’বলৈ চেষ্টা কৰিছিল। ৰজাই তেওঁলোকৰ সেই তোষামোদ ভাল নাপাইছিল আৰু তেওঁলোকক লাজ দিবলৈকে ৰজাই উপায় চিন্তা কৰি আছিল।

এদিন ৰজা সাগৰৰ পাৰলৈ ফুৰিবলৈ গ’ল, লগত আছিল তেওঁৰ পৰিষদবৰ্গ। জোৱাৰৰ পৰা সাগৰত ঢৌ আহিছিল। সেই ঢৌ সাগৰৰ পাৰৰ পিনে আহি আছিল। এইদৰে ৰজাই ঢৌ চাই থাকোতেই এজন পৰিষদে ৰজাৰ মন ভাল লগাবলৈ বুলি ক’লে, ‘‘মহাৰাজ, সাগৰৰ ঢৌ পাৰলৈ অহাত আপুনি আমনি পাইছে। আপুনি হুকুম দিলে সাগৰৰ ঢৌ ইয়াৰপৰা আঁতৰি যাব।’’ সেই কথাত আন তোষামোদকাৰী পৰিষদ কেইজনেও লগ দি ঢৌয়ে ৰজাৰ হুকুম মনাৰ কথাত জোৰ দিলে। জ্ঞানী ৰজাই তোষামোদকাৰী সকলক লাজ দিয়াৰ এটা সুবিধা পালে। ৰজাই হাত জোকাৰি ঢৌবোৰ আঁতৰি যাবলৈ হুকুম দিলে।
ঢৌবোৰ আঁতৰি নোযোৱাত তোষামোদকাৰী পৰিষদবোৰ লাজত পৰিল আৰু তেতিয়াৰ পৰা তেওঁলোক অলপ সাৱধান হ’ল। এয়া ইংলেণ্ডৰ এটা পুৰণি আখ্যান।

উইলিয়াম হেজলিট নামৰ বিখ্যাত ব্যক্তি গৰাকীয়ে কৈছে—
‘‘পৃথিৱীত লাখ লাখ মানুহক নিতৌ মানুহেই হত্যা কৰিব ধৰিছে। কিন্তু আমি জানো এই হতভগীয়া মানুহবোৰৰ কথা এবাৰলৈ চিন্তা কৰিছো? নাই কৰা। আমি চিন্তাত মৰিছো আমাৰ হাতৰ আঙুলিত পোৱা সামান্য আঘাতৰ যন্ত্ৰণাক লৈ।’’
মানুহবোৰ স্বাৰ্থপৰ হৈ পৰিছে ক্ৰমাৎ। মাত কথাত মিঠা যিমান বাঢ়িছে, অন্তৰৰ তিতাও সিমানেই বাঢ়িছে। মানুহক অন্ধভাৱে বিশ্বাস কৰাটো আজিৰ দিনত এটা মাৰাত্মক ভুল। সঁচা কথা, আপুনি চল-চাতুৰিৰে আপোনাৰ শুভাকাংক্ষীৰ পৰীক্ষা লওক। তাতেই গম পাব কোনে আপোনাক নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে আৰু কোনে আপোনাক নিঃস্বাৰ্থভাৱে ভালপায়।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Tuesday, May 6, 2014

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

 4:57:00 PM     অভিজ্ঞতা     No comments   

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল পাইছিলোঁ তেখেতৰ অমৰ সৃষ্টি 'বুঢ়ী আইৰ সাধু'ৰ বাবে। কিন্তু সেই ভালপোৱা যতীন্দ্ৰনাথ দুৱৰাদেৱতকৈ বেছি নাছিল যেন আজিও অনুভৱ হয়।
শিশুৰ দৰে সৰল, পবিত্ৰ তেখেতৰ কবিতাৰ ভাষাত সৰুৰেপৰাই মই জীৱনক বিচাৰি পাওঁ, বিচাৰি পাই মই যেন হেৰাই যাওঁ সেই ছন্দত...
যদিও তেখেতৰ প্ৰায়বোৰ সৃষ্টিতেই নিৰাশা প্ৰতিফলিত হয় তথাপি ক’ৰবাত জ্বলি থাকে ৰিণিৰিণি আশাৰ প্ৰদীপ। দুখৰ গৰল পান কৰিও তেওঁ যেন নিজৰ লগতে আনক সান্ত্বনা দিবলৈকে লিখিছিল:
‘‘সময়ৰ প্ৰতিশোধ
কোনে বাধা দিব,
জগতত অকলশৰীয়া,
যাওক উটি যেনিতেনি সোঁতৰ লগতে,
মেলি দিয়া নাওঁ নাৱৰীয়া।’’

১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত অসমীয়া ৰমন্যাসিক কাব্য আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ, দিখৌপাৰৰ নিঃসংগ দেৱদূত, চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ হেঁপাহৰ ‘যদু কবি’, মোৰ বুকুৰ নিজানত ফুলি থকা বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰা। জনামতে সৰুতে তেখেতৰ নাম আছিল ‘কেদাৰ’ আৰু ‘শিৱসুন্দৰ’, পিছলৈ সেই নাম সলাই ‘যতীন্দ্ৰ’ ৰাখিছিল। শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হৈ কিছুদিন কটন কলেজত পঢ়ি অৱশেষত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বি. এ. পাছ কৰাৰ পিছত এম. এ. আৰু আইন অধ্যয়ন কৰিছিল যদিও শিক্ষা সমাপ্ত নকৰি ১৯১৭ চনত জৰ্জ ইন্ষ্টিটিউছনত যোগদান কৰে। পুনৰ কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজত বুৰঞ্জীৰ শিক্ষকৰূপে সেৱা আগবঢ়ায়। ১৯৪৮ চনত কানৈ কলেজলৈ আহি তাৰ পৰাই ১৯৬০ চনত অৱসৰ গ্ৰহণ কৰে।

অনুবাদ কবিতা এটাৰেই সাহিত্যৰ বিশাল পথাৰখনত প্ৰথমটো খোজ পেলাইছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে। সেইটো আছিল Twinkle twinkle little star ৰ অনুবাদ:
‘‘চিকিমিকি চিকিমিকি সৰু তৰাটি
কেনেকৈ শোভা কৰে ওখ আকাশত
চিকিমিকি কৰি কৰি হীৰাৰ দৰে জ্বলি
লাহে লাহে পৃথিৱীক দিছেহি পোহৰ।’’

দুৱৰাদেৱৰ প্ৰকাশিত কাব্যগ্ৰন্থসমূহ হ'ল:
ওমৰ তীৰ্থ (১৯২৬), কথা কবিতা (১৯৩৩), আপোন সুৰ (১৯৩৮), বনফুল (১৯৫২), মিলনৰ সুৰ (১৯৫৮) আৰু মৰমৰ সুৰ (১৯৭৬)।
‘মৰমৰ সুৰ’ মৰণোত্তৰভাৱে প্ৰকাশিত ৮৮ টা কবিতাৰ সংকলন, লগতে ইয়াত দহটা গীতো সন্নিবিষ্ট আছে।

দুৱৰাদেৱৰ ওমৰ তীৰ্থখনি ফিটজেৰাল্ডে কৰা ইংৰাজী অনুবাদ (Rubayat of omar khayyam) ৰ আধাৰত ৰচিত ওমৰৰ কবিতাৰ অসমীয়া ৰূপান্তৰ। সত্যেন্দ্ৰনাথ শৰ্মাই এইবিষয়ত মন্তব্য কৰিছিল:
‘‘অনুবাদ হ’লেও এইখিনি আছিল মৌলিক কবিতাৰ দৰেই ৰসাল আৰু সহজ আবেদনশীল।’’

‘ওমৰতীৰ্থ’ৰ প্ৰতিটো পাততেই দুৱৰাদেৱৰ অনবদ্য কাব্য প্ৰতিভাৰ স্বাক্ষৰ পোৱা যায়।

দুৱৰাদেৱ আছিল অসমীয়া কথা কবিতাৰ জনক। ড০ বাণীকান্ত কাকতিয়ে দুৱৰাদেৱৰ কথা কবিতাৰ বিষয়ত মন্তব্য কৰিছিল:
‘‘দুৱৰাৰ কথা কবিতাসমূহ বেদনা গধুৰ জীৱনৰ ইতিকথাস্বৰূপ। কবিৰ জীৱন উপলব্ধিৰ সোপান।’’ বনফুলৰ প্ৰায় আঢ়ৈকুৰি কবিতাত জিলিকি উঠিছে দুৱৰাদেৱৰ কাব্যাদৰ্শ আৰু জীৱন দৰ্শন। এইখিনিতে উল্লেখ কৰিব পাৰি যে এইখন (বনফুল) কাব্যগ্ৰন্থখনৰ বাবেই তেখেতে ১৯৫২ চনত পোনপ্ৰথমে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল।

দুৱৰাদেৱৰ কাব্যসত্তা যে দেশ-বিদেশৰ বিভিন্ন কবিৰ কাব্য দৰ্শনেৰে পুষ্ট আছিল সেই কথাক দুৱৰাদেৱে নিজেও উল্লেখ কৰিছিল এনেদৰে:
“বাহিৰৰ জগতৰ চিন্তাক আমাৰ কবিতাত ঠাই দিয়াত আমাৰ কোনো আপত্তি নাই। কাৰণ সেইটো যদি পাপ হয়, সেই পাপত ময়ো বেছিকৈ পাপী হ'ব লাগিব। বনগীতৰ পৰা শ্যেলীলৈকে, ওমৰ খায়ামৰ পৰা জাৰ্মান কবি হাইনেলৈকে সকলোৰে ফুলনিত মই বিচৰণ কৰিছো। কিন্তু যদি ক’ৰবাৰ পৰা এটি তলসৰা ফুল আনিছো, তাক মোৰ প্ৰাণেৰে ৰহনাই তুলিবৰ যত্ন কৰিছো।”
সেই দেখিয়েই হেম বৰুৱাই মন্তব্য দিছিল যে:
“দুৱৰাৰ কাব্য-দেউল শ্যেলী, টেনিছন আৰু ওমৰ আদিৰ ভাঙি অনা মণি মুকুতাৰে উজ্জ্বল।”

যতীন্দ্ৰনাথ দুৱৰাদেৱ মুখ্যতঃ প্ৰেমৰ কবি আছিল। কিন্তু এই প্ৰেমৰ স্বকীয় বৈশিষ্ট্য আছে।
এইখিনিতে লক্ষ্মীনাথ তামুলীদেৱৰ, যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা সম্পৰ্কে কৰা মন্তব্য এটা দাঙি ধৰা হ'ল:
“আধুনিকতাবাদী মস্তিষ্ক নিৰ্ভৰ কৰি আৰু কাব্য সমালোচকে যিয়েই নকওক লাগিলে মই এই ভাটি বয়সতো দুৱৰাৰ উপমা সমৃদ্ধ কাব্যিক অভিব্যক্তিৰ শাশ্বত ৰূপটো অনুভৱ কৰোঁ।”

দুৱৰাদেৱৰ প্ৰায়বোৰ কবিতাতেই দুঃখ, নৈৰাশ্য, বিচ্ছেদ, লঞ্ছনা, অৱহেলা আৰু আত্মবিলুপ্তিৰ ধাৰণাৰ সমাৱেশ ঘটা বুলি সমালোচকসকলে প্ৰায়েই ক'ব খোজে। এইক্ষেত্ৰত কিন্তু কবিয়ে ওলোটা প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছিল:
‘‘মোক মানুহে দুখবাদী বা নিৰাশাবাদী কবি বুলি কয়, পিছে মই হ'লে নিৰাশাবাদীও নহওঁ, দুখবাদীও নহওঁ। কেলৈ হ'ম? উজনিত উলহ-মালহ থাকিবই, মোৰ নাওহে ভটিয়াই যায়।’’ দুৱৰাদেৱে আৰু কৈছিল: ‘‘বিদেশী সাহিত্যক অসমীয়া সাহিত্যৰ বৰঘৰলৈ সুমুৱাবলৈ হ'লে সেইবিলাকক যিমানদুৰ সম্ভৱ হাড়ে-হিমজুৱে অসমীয়া কৰিবলৈ চেষ্টা কৰা উচিত। জ্ঞানৰ জাত বিচাৰ নাই। ই সকলো ঠাইতে সমানে চলা-ফুৰা কৰিব পাৰে। দেশ অনুযায়ী সাজৰ অলপ সলনি হ'বই’’

পদ্মধৰ চলিহাদেৱৰ মতে: ‘‘দুৱৰাৰ কবিতা নিজৰাৰ নিৰ্মল সোঁতৰ দৰে। সুললিত ছন্দৰ অবাৰিত, লীলায়িত গতিত সি গৈ থাকে। ক'তো ঠেকা নাখায়।’’

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সৈতে এক মধুৰ সম্পৰ্ক আছিল দুৱৰাদেৱৰ। সেই সম্পৰ্ক বন্ধুসুলভ আছিল যদিও দুৱৰাদেৱে বেজবৰুৱাদেৱক সাহিত্যৰ ক্ষেত্ৰখনত গুৰু মানিছিল। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আকৌ দুৱৰাদেৱক ‘যদুকবি’ বুলিহে মাতিছিল। তেখেতসকলৰ চিঠিপত্ৰসমূহৰ সেইকথা বুজিব পাৰি যে তেওঁলোকৰ মাজত কেনে এক আত্মীক সম্পৰ্ক আছিল।

চিৰকুমাৰ এই কবিজনৰ জীৱনটো ৰহস্যৰে আবৃত। তেওঁ মুকলিকৈ ক’তো উল্লেখ কৰা নাছিল, চিৰকুমাৰ হৈ ৰোৱাৰ কাৰণ। তেওঁ সেইকথা কৈ নগ’ল ঠিকেই কিন্তু তেওঁৰ কবিতাই আজিও সেই ওৰণিৰ আঁৰত থকা প্ৰেমৰ কথা কয়। তথাপি কিন্তু সম্পূৰ্ণকৈ বুজা নাযায়।

দুৱৰাদেৱক ‘বনফুল’ৰ কবিতকৈ ‘নাৱৰীয়া’ কবি বুলিলেহে বেছিকৈ খাপ খাই পৰে। নাওঁখনকে জীৱনৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰি দুৱৰাদেৱে বহুকেইটা কবিতাই লিখিছিল, সেয়ে কোনো কোনোৱে তেখেতক ‘নাৱৰীয়া কবি’ বুলি ক’বলৈহে ইচ্ছা প্ৰকাশ কৰে।

‘বাঁহী’ৰ যুগত অসমৰ কাব্যক্ষেত্ৰক পোহৰ দি নিপোটল কৰা এইজন নমস্য ব্যক্তিৰ ১৯৬৪ চনৰ ৫ জুলাইত শিৱসাগৰৰ নিজা বাসভৱনতে মৃত্যু হয়। যাৰ কবিতাই আন এজন কবিক (ওমৰ খায়াম) অমৰ কৰি ৰাখিব পাৰিলে, তেনে এজন মহান কবি অসমীয়া কাব্য কাননত চিৰদিন অমৰ হৈ ৰোৱাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে।


[অনুৰাগ বৈদ্যুতিন আলোচনীত পূৰ্বে প্রকাশিত]
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, March 30, 2014

সঠিক শিক্ষাগুৰু: লক্ষ্য প্রহৰ বৰদলৈ

 3:00:00 PM     অভিজ্ঞতা     No comments   

www.jibonenedorei.blogspot.in
মোৰ ‘মা’ৰ মোমায়েক মানে মোৰ মামা ককা। তেখেত ঢুকোৱা আজি প্ৰায় এবছৰ হৈছে। মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ কথাত তেখেতৰ বৰঙণি আছিল অপৰিসীম। মই মেট্ৰিক দিবলৈ লোৱাৰ সময়তে তেখেত ১৫ দিনমান থকাকৈ আমাৰ ঘৰলৈ আহিছিল। সেইসময়ত মই মানুহজনক ভালেই পাইছিলো কিন্তু বৰকৈ পঢ়া-শুনা কথাবোৰ কৈ থাকে কাৰণেই হয়তো একধৰণৰ বিৰক্তিবোধ জাগি উঠিছিল আৰু এতিয়া তেখেতক কৃতজ্ঞতা জনাবলৈ হয়তো মোৰ শব্দৰ আকাল হ’ব। তেখেতেই মোক বাতৰি-কাকত পঢ়িবলৈ শিকাইছিল, সময়ৰ অপব্যয় কৰিবলৈ বাৰেপতি হাক দিছিল, বিদ্যালয়ৰ কিতাপবোৰ পঢ়াৰ মাজতেই অন্য কিতাপবোৰ পঢ়িবলৈ জোৰ দি কৈছিল। তেখেতৰ ভাষাত সেইবোৰ আছিল ‘বাহিৰা কিতাপ’। এই বাহিৰা কিতাপবোৰৰ মাজত তেখেতে কিন্তু গল্প, উপন্যাসক সাঙুৰি ল’বলৈ সমূলি বাধা দিছিল। তেখেতে মোলৈ গুৱাহাটীৰ পৰা অসংখ্য নহ’লেও গণিব পৰা কেইখনমান জ্ঞানগৰ্ভ কিতাপ আনি দিছিল। মই বাধ্য হৈছিলো সেইবোৰ পঢ়িবলৈ, অন্ততঃ তেখেত আমাৰ ঘৰত থকা দিনকেইটাত। প্ৰকৃতাৰ্থত তেখেত এগৰাকী জ্ঞানী ব্যক্তি আছিল যি সময়, জীৱন আৰু জ্ঞানৰ মূল বুজিছিল। অৱশ্যে মই সেইকথাক মেট্ৰিক পৰীক্ষা দি উঠিয়েই উপলব্ধি কৰিছিলো যদিও তাক কামত খটুৱাব পৰা নাছিলো আৰু আজি এবছৰমানৰ পৰা সেই কথাটোক লৈ মই মাজে-সময়ে নিজৰ ওচৰতে অনুতাপ কৰিবলগীয়া হৈ আহিছে। কিন্তু বৰ্তমানে মই তেখেতে দেখুৱাই যোৱা সেই পথটোৰেই খোজ দি আছো তাকে লৈ মোৰ আজি উলাহৰ সীমা নাই।

এটা সঁচা কথা, সময়তকৈ ভাল আৰু সঠিক শিক্ষাগুৰু মানুহৰ বাবে কোনো হ’ব নোৱাৰে। মামা ককাই মোক বাৰে বাৰে জীৱনৰ বাবে এটা সঠিক পথ দেখুৱাই দিওঁতেও যাক অৱহেলা কৰিছিলো সেই সুমতি মোক সময়ে দিলে। জ্ঞানতকৈ ডাঙৰ শক্তি আন একো হ’ব নোৱাৰে যি এন্ধাৰৰ পৰা পোহৰলৈ যোৱা জীৱনৰ কণ্টকময় পথটো ফুলৰ পাহিৰে ৰঙীণ কৰি তোলে। বাৰ্টাণ্ড ৰাচেলে কৈছিল, “ভয়েই হ'ল অন্ধবিশ্বাসৰ প্ৰধান উৎস আৰু ভয়েই নৃশংসতাৰো কাৰণ। জ্ঞানেহে ভয়, জগতত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস দূৰ কৰিব পাৰিব।”

আজি ময়ো মামা ককাৰ দৰে ক’ব খোজো যে আপোনালোকেও কিতাপ পঢ়ক, বিভিন্ন বাতৰি-কাকত পঢ়ক আৰু আনকো পঢ়াৰ প্ৰতি উৎসাহিত কৰক। এই জীৱনকাল সীমিত, কিন্তু জ্ঞান সীমাহীন।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, March 24, 2014

বাগিচা এখনক জন্ম দিয়া মালিনী: লক্ষ্য প্রহৰ বৰদলৈ

 12:08:00 AM     অভিজ্ঞতা     No comments   

আজি ‘বাগৱান’ (Baghban) চালোঁ। এখন সুন্দৰ হিন্দী পুৰ্ণাংগ চিনেমা বুলি ভাবিছোঁ। মই কোনো সমালোচনা কৰিব যোৱা নাই, চিনেমাখন চাই অনুভৱ কৰা কথাখিনিৰ কিছু অংশহে প্রকাশ কৰিব বিচাৰিছোঁ। সৰুৰেপৰা চিনেমা কমকৈ চাওঁ, সেয়ে চিনেমাৰ বিষয়ে বেছিকৈ নাজানো।

এই চিনেমাখনে আজি কন্দুৱালে মোক।
ৰাজ মালহোট্রা (অমিতাভ বচ্চন) আৰু পূজা মালহোট্রা (হেমা মালিনী), এইহাল আদৰ্শ পতি-পত্নী এখন অনাথ আশ্রমৰ পৰা ওলাই আহোঁতেই আশ্রমখনৰ সন্মুখতে এটা সৰু অনাথ শিশুক দেখে। সি ৰাজ মালহোট্রাক তাৰ ওচৰত জোতা চাফা কৰাবলৈ অনুৰোধ জনায়। তাৰ কোলাত এখন কিতাপ থাকে। ৰাজ মালহোট্রা তাৰ ওচৰলৈ যাওঁতে, সি কয়, ‘‘জোতা চাফা কৰি পোৱা টকাৰে সি খুব পঢ়িবলৈ ইচ্ছা কৰে।’’ সকলোৱে তাক ‘চটু’ বুলি মাতে। সি কিন্তু ভাল নাপায় নামটো। সি তাৰ নামটো ‘আলোক’ হোৱাটোহে কামনা কৰে। তেতিয়া ৰাজ মালহোট্রাই তাৰ (চটু) হাতৰ পৰা ব্রাছডাল পেলাই দিয়ে আৰু পঢ়া-শুনাৰ সকলো খৰছ বহন কৰাৰ প্রতিশ্রুতি দিয়ে তাক। (এইখিনি সময়ত মোৰ দুচকুৰে কেনেকৈ চকুপানী বৈ আহিল নিজেই নাজানিলোঁ)। পৰৱৰ্তী সময়ত আলোকে (চলমান খান) চৰিত্রৱান আৰু ফোৰ্ড কোম্পানিৰ এজন সফল চাকৰিয়াল ৰূপে আত্মপ্রকাশ কৰে। আলোকে ৰাজ মালহোট্রা আৰু পূজা মালহোট্রাক ভগৱান ভাবি পূজা কৰে গোটেই জীৱন। নিজৰ পুতেক-বোৱাৰীয়েকে যিখিনি নিদিলে, সেইখিনি আলোকে দিলে তেওঁলোকক।

গোটেই চিনেমাখনৰ বহুঠাইত মোৰ চকু চলচলীয়া হৈ পৰিল। কিন্তু ওপৰত বৰ্ণনা কৰা দৃশ্যটোহে বুকুত বৰকৈ লাগিল। আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, এবাৰ হ’লেও এই চিনেমাখন চাব। চিনেমাখনৰ প্রতিটো দৃশ্যই আপোনাক বহু কথা শিকাই যাব। সম্পৰ্ক কি, সেইকথাক চিনেমাখনে বাৰুকৈয়ে অনুভৱ কৰোঁৱাব পাৰে।

শেষত, চিনেমাখনৰ এটি সুন্দৰ গীতৰ কিছু অংশক অসমীয়ালৈ ভাবান্তৰ কৰিলো:
‘‘বাগিচা এখনক জন্ম দিয়া মালিনী,
পৰিয়াল এটাক জন্ম দিয়া এজন পিতৃ,
দুয়ো নিজৰ দেহৰ ঘাম মাটিত পেলাই
নিজৰ নিজৰ বীজবোৰ সিঁচে।
অকল গছজোপাকে নহয়,
তাৰ ছায়াকো ভালপাবলৈ শিকে।
কিয়নো তেওঁলোকে জানে,
কোনো এটা দিনত যেতিয়া জীৱনে তেওঁলোকৰ দেহা পুৰিব,
এই ছায়াৰ তলতহে আশ্রয় পাব।’’
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Tuesday, August 27, 2013

মোক কোনোবাই আৱেগিক বুলি ক'লেও বেয়া নালাগেঃপ্রাঞ্জল বৰা

 7:47:00 PM     অভিজ্ঞতা     No comments   

কিছুমানে মোক খুউব আৱেগিক বুলি কয়। হয়তো কথাটো সিমান মিছা নহয়। কালি এটি শিশুৰ পৰাই শিকিলো জীৱনৰ পাঠ।
এটি ভোকাতুৰ অঘৰী শিশুৱে পৰম আকুলতাৰে মোৰ পৰা সহায় বিচাৰিছিল। তাৰ সেই কাঁতৰ চাৱনিক উপেক্ষা কৰিব নোৱাৰি আগবঢ়াই দিছিলো দুটুকুৰা কেক আৰু এটি লাডু। কিন্তু তাক পইচাহে লাগে। খঙো উঠিছিল। কিন্তু উপায়হীন হৈ তাক ২০ টকা দিলো (খুচুৰা নথকাত)। পইচা লৈয়ে সি দৌৰ মাৰিছিল।
পিছে পিছে গৈ দেখোঁ, দোকানৰ পৰা এপেকেট গাখীৰ কিনি ৰাস্তাৰ সিটো পাৰলৈ ঢপলিয়াইছে। তাৰপিছ লৈ গৈ দেখোঁ প্ৰায় ৮ মহীয়া এটি কেঁচুৱাক সি গাখীৰ খুৱাইছে। জানিবলৈ বিচৰাত সি ক'লে কেঁচুৱাটো তাৰ ভায়েক।
হাতত লৈ যোৱা বস্তুখিনি যাচোঁতে সি ক'লেঃ ''চাৰ, তই মোক পইচা দিলি; পিঠাবোৰ নালাগে। তই বহুত ভাল।''

এটি ৯/১০ বছৰীয়া অবুজ শিশুৱে কেনেকৈ বুজে ইমান কথা! কেনেকৈ বুজিলে পৰিয়ালৰ অৰ্থ! নিজকে নিঃকিন লাগিছিল তেতিয়া। পৰিমাপহীন আৱেগত ডুবি ঘৰলৈ উভটিছিলো। হাতত ঘূৰি আহিছিল খোৱাবস্তুৰ টোপোলাটো আৰু দুচকুত দুটোপাল পানী; তলমল!
মোক কোনোবাই আৱেগিক বুলি ক'লেও বেয়া নালাগে এতিয়া।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog