জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Saturday, October 31, 2015

জীৱন আৰু দৃষ্টিভঙ্গী: জোনা নায়ক

 11:57:00 AM     জীৱনৰ বাটে-ঘাটে     No comments   


জীৱনৰ প্ৰতি লোৱা ঋণাত্মক দৃষ্টিভঙ্গীৰ পৰিণাম গুৰুতৰ আৰু ধ্বংসাত্মক হ’ব পাৰে। আপুনি লোৱা দৃষ্টিভঙ্গীয়ে নিৰ্ণয় কৰিব পাৰে আপোনাৰ জীৱনটো কিহেৰে ভৰি পৰিব— সুখ আৰু সফলতা নে দুখ আৰু অন্তহীন সংঘাত। জীৱনত ঘটা ভালখিনিতকৈ বেয়াখিনি আমি সহজে মনত ৰাখো। কাৰণ আমাৰ মনটোৱেই তেনেকুৱা; কোনটো শুদ্ধ তাক বিচৰাতকৈ কোনটো ভুল সেইটো বিচৰাত ই অতি পাকৈত। ৰাতিপুৱা খবৰ কাগজখন মেলিব, দেখিব ডাঙৰ ডাঙৰ হৰফৰ হতাশাপূৰ্ণ বাতৰিৰে ভৰি আছে গোটেই প্ৰথম পৃষ্ঠা। বিষয় লাগিলে যিয়েই নহওক— সংঘাত, বাদ-প্ৰতিবাদ, যুদ্ধ-বিগ্ৰহ, দৰিদ্ৰতা ইত্যাদি ইত্যাদি। এনে কথাবোৰ সকলো সময়তে দেখি থাকিলে আমি আৰু ঋণাত্মক হৈ পৰো। যাৰ ফলশ্ৰুতিত আৰু বেছি খং, ঘৃণা, অনিশ্চয়তা, হিংসা, নিসংগতা আদি ঋণাত্মক ভাৱবোৰে আমাক আগুৰি ধৰে। আৰু এই ঋণাত্মক অনুভৱবোৰ সকলো সময়তে মগজুত কঢ়িয়াই লৈ ফুৰিলে জীৱনটোক উপভোগ কৰাটো অতি কঠিন হৈ পৰে। 
তাৰ পৰা হাত সাৰিবলৈ আমি কি কৰা উচিত? তাৰেই কিছু আলোচনা তলত আগবঢ়ালোঁ—

১) সকলো ঋণাত্মক ঘটনাৰ এখন তালিকা প্ৰস্তুত কৰক: 
এনে হ’ব পাৰে যে আপোনাৰ সেই তালিকাত অন্তৰ্ভুক্ত হ’ব পৰা বহুতো ঘটনাৰ বিষয়ে লিখিবলৈ হয়তো আপুনি মান্তি নহ’বও পাৰে বা নিজকে সৈমান কৰিব নোৱাৰিবও পাৰে! কোনো কথা নাই, আপুনি এই মুহূৰ্তত অকল পৰাখিনিহে কৰক। পিচত এটা দুটাকৈ যোগ কৰি গৈ থাকিব। তালিকাখন আৰম্ভ কৰাটোহে প্ৰথম কথা। 

তালিকাখন প্ৰস্তুত কৰাৰ পাছত এটা এটাকৈ চকু ফুৰাই চাওক— তাৰ ভিতৰৰ কোনকেইটা আপুনি এতিয়াও সলনি কৰিব পাৰে আৰু কোনবোৰ অপৰিবৰ্তনীয়। অপৰিবৰ্তনীয় ঘটনাবোৰৰ এখন তালিকা প্ৰস্তুত কৰক আৰু সেইখন পুৰি পেলাওক। যিহেতু আপুনি সেইবোৰ সলাব নোৱাৰে গতিকে সেয়া এৰি দিয়াই আপোনাৰ বাবে মঙ্গল। 

এতিয়া যিখিনিৰ পৰিবৰ্তন কৰিব পাৰি সেইখিনি কেনেকৈ পৰিবৰ্তন কৰিব তাৰ এটা পৰিকল্পনা তৈয়াৰ কৰক কিয়নো ঋণাত্মক মনোভাৱক ধনাত্মক দৃষ্টিভঙ্গীলৈ পৰিবৰ্তন কৰিবলৈ ভালখিনিৰ ওপৰত গুৰুত্ব দিয়াটো অতি জৰুৰী। 

২) কৃতজ্ঞতা প্ৰকাশে এটা ধনাত্মক মনোভাৱ গঢ় দিয়াত সহায় কৰে:
এতিয়া আপুনি এনে এখন তালিকা প্ৰস্তুত কৰক য’ত আপুনি সন্নিৱিষ্ট কৰিব আপোনাৰ জীৱনত ইতিমধ্যে ঘটি যোৱা বা বৰ্তমানে ঘটি থকা ধনাত্মক কথা বা ঘটনাবোৰ তাৰ পিছত আপুনি লিখিব, আৰু কি কি পৰিবৰ্তন আপোনাৰ জীৱনত হোৱাটো আপুনি বিচাৰে। এতিয়া তালিকাখনত চকু ফুৰাই আপুনি উপলব্ধি কৰিব যে আৰু কিছু কথা হয়তো ৰৈ গৈছে যাৰ বাবে আপুনি কৃতজ্ঞ। আৰু সেই কথাবোৰ হয়তো আপুনি এৰি দিয়া বেয়াখিনিতকৈ বেছি বিশাল। সেইবোৰো এটা এটাকৈ তালিকাত অন্তৰ্ভুক্ত কৰক। ইয়াৰদ্বাৰা আপুনি এষাৰ দৰকাৰী কথা উপলদ্ধি কৰিব যে, জীৱনত যিয়েই নঘটক কিয় জীৱন অনুপম আৰু আশাবোৰেই জীৱনটো সুন্দৰ কৰি তোলে। 

৩) সকলো ভাল ঘটনা উল্লেখ কৰাৰ পিছত এতিয়া আপুনি আপোনাৰ সকলো মনোযোগ ভালখিনিত লগাওক:
অনভ্যাসৰ বাবে প্ৰথমতে সেয়া অলপ কঠিন হ’ব কিন্তু নিয়মীয়া অনুশীলনৰ সহায়ত লাহে লাহে কামটো সহজ হৈ পৰিব। 

৪) প্ৰতিবাৰেই যেতিয়া কোনো বাহিৰা উপঘটনাই আপোনাৰ একাগ্ৰতাক উদ্দেশ্যৰ পৰা আঁতৰাই নিব তেতিয়াই আপুনি মনৰ শান্তি ঘুৰাই আনিবলৈ চেষ্টা কৰিব:
আপোনাৰ ভাল নলগাখিনি এৰি দি আগুৱাই গৈ থাকিব। মনত সদায় ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশৰ মাজত অহৰহ যুদ্ধ চলি থাকিব। আপুনি মাথোঁ ধনাত্মক দিশটোক গুৰুত্ব দি যাব লাগিব। সদায় মনত ৰাখিব লাগিব যাতে কোনো অন্যমনস্কতাই মনটোক নিজৰ উদ্দেশ্যৰ পৰা দীঘলীয়াকৈ আঁতৰাই আনিব নোৱাৰে। যেতিয়াই আপুনি অন্যমনস্ক হ’ব, তেতিয়াই আপুনি মনটোক আন সকলো কথাৰ পৰা আনি এটা কথাত লগাওক। প্ৰয়োজন হ’লে অলপ সময়ৰ বাবে হ’লেও নীৰৱে নিজৰ সৈতে কথা পাতক। মনৰ শান্তি থাকিলেহে সকলো কথাৰে ধনাত্মক দিশটো চকুত পৰিব। আৰু নিজৰ সৈতে কথা পতা কামটোৱে সেই শান্তি ঘূৰাই আনিব।

মনত ৰাখিব, এই পৃথিৱীত নিখুঁত বুলি একো নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি নিজে এবাৰ জীৱনটো উদযাপন কৰিব বুলি সিদ্ধান্ত ল’লে অন্য একো কাৰকে আপোনাক তাৰ পৰা বিৰত কৰি ৰাখিব নোৱাৰে। এবাৰ চেষ্টা কৰি চাওক, দেখিব সকলো কথাৰে ঋণাত্মক দিশটো নাচাই ধনাত্মক দিশটো চোৱাৰ অভ্যাস কৰিলেই আপোনাৰ এই বহুমূলীয়া জীৱনটো সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰি পৰিব। 

মূল লেখক আৰু উৎস:
Rhodri Jones
http://www.thestrokefoundation.com/index.php/attitude/110-simple-ways-to-convert-a-negative-attitude-to-positive-attitude
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Thursday, October 29, 2015

কন্যাৰ বয়ঃসন্ধি আৰু মানসিক পৰিৱৰ্তনসমূহ: ডাঃ দীনেশ শৰ্মা

 1:13:00 PM     জীৱনৰ বাটে-ঘাটে     No comments   

আগৰেপৰা হাঁহি-স্ফূৰ্তি কৰি থকা শৈশৱ, কৈশোৰ সামৰি যৌৱনৰ নঙলা গচকি যিদিনাখনৰ পৰাই কন্যা পুষ্পিতা হয় সেইদিনাখনৰ পৰাই শাৰীৰিক পৰিৱৰ্তনৰ লগে লগে কিছুমান মানসিক পৰিৱৰ্তনো ঘটে। মুকলি মনেৰে খেলা-ধূলা কৰা ছোৱালীজনী হঠাৎ ভাবুক আৰু আত্মসচেতন হৈ পৰে, কল্পনাবিলাসী হৈ পৰে। বয়স বাঢ়ি অহাৰ লগে লগে ঘৰখনত বেছি স্বাধীনতা বিচৰা মনোভাবৰ হয়। নিজৰ গোপনীয় কথা-বতৰা মাকৰ পৰিৱৰ্তে সমনীয়া ছোৱালী বা ওচৰ-চুবুৰীয়াৰ ডাঙৰ ছোৱালীক ক’বলৈ সংগী কৰি লোৱাৰ এক বাসনা জাগে। পুষ্পিতা হোৱাৰ পিছত আকৌ এচাম যুৱতী খিংখিঙীয়া স্বভাৱৰ হৈ পৰে। এনে হোৱাৰ মূল কাৰণটো হ’ল যে পুষ্পিতা হোৱাৰ পিছত যুৱতীগৰাকীৰ জীৱনত হঠাতে কিছুমান প্ৰতিবন্ধকতা আহি পৰে। যেনে: শ্ৰেণীকোঠাৰ ভিতৰত, খেলপথাৰত, সাজ-সজ্জা, চাল-চলন আৰু ব্যক্তিগত পৰিচ্ছন্নতাৰ বিষয়ত অত্যন্ত সাৱধান হ’বলগীয়া হয়। আনকি হেঁপাহেৰে সদায় কৰি থকা নৃত্য, অভিনয়, সাঁতোৰ, অশ্বাৰোহণ আদি চখত অলপ হ’লেও অস্বস্তি বা বাধাৰ সন্মুখীন হ’বলগীয়া হয়। ফলস্বৰূপে যুৱতীগৰাকী হৈ পৰে কৌতূহলী আৰু উৎকণ্ঠিত। গাভৰুৰ সমুখত মাত্ৰ এটাই প্ৰশ্ন— এইবোৰ কিয় হয়? এই সময়ছোৱাত গাভৰু জীয়েকৰ প্ৰতি মাক-বায়েকসকল খুব সচেতন হ’ব লাগে। গুৰুত্বসহকাৰে আশ্বাসৰ বাণী শুনাব লাগে আৰু ভৰসাৰে বুজাব লাগে— ই কোনো দৈহিক ৰোগ বা পীড়া নহয়, বৰঞ্চ সুন্দৰ ভৱনত দেৱীৰূপী জননী দেহত বয়সৰ লগে লগে ঘটিবলগীয়া প্ৰাকৃতিক আৰু স্বাভাৱিক জীৱনৰ তিনিটা স্তৰৰ মহামূল্যৱান, পৱিত্ৰ মিলনস্তৰ। যি যুৱতীয়ে এই কথাখিনি সাহস আৰু সংযমেৰে আত্মিক মনোবৃত্তিৰে গ্ৰহণ নকৰে, তেৱেঁই খিংখিঙীয়া স্বভাৱৰ হয়।

পুষ্পিতা হোৱা কন্যাৰ লগত মাতৃগৰাকীও সমানেই উৎকণ্ঠিত হৈ পৰা দেখা যায় আৰু এই উৎকণ্ঠাৰ চাপত মাতৃগৰাকীৰ মনত ভাল-বেয়া বহু প্ৰশ্নই ঠাই পায়। বিভিন্ন প্ৰশ্নই মাতৃৰ মনত শংকাভাৱ জগাই তোলে। শংকাবোৰ এনেধৰণৰ— মোৰ ছোৱালীয়ে ভৱিষ্যতে মাতৃত্ব লাভ কৰাত আহুকাল হ’ব নেকি? তাই শকত হৈ যাব নেকি? ৰক্তহীনতাত ভুগিব নেকি? ক’ৰবাত কেনেবাকৈ লোকৰ অসৎ কামনাৰ বলি হ’ব নেকি? অসামাজিক বা অনৈতিক কামত লিপ্ত হ’ব পাৰে নেকি? ইত্যাদি ইত্যাদি।

কন্যা সন্তানৰ এই বয়সটো অত্যধিক জটিল আৰু স্পৰ্শকাতৰ (Sensitive)। অভিভাৱক বা পিতৃ-মাতৃয়ে হস্তক্ষেপ কৰিবলৈ গ’লে থাওকতে বিপদ। সেয়ে কন্যা সন্তানৰ ব্যক্তিগত জীৱনৰ লগত এনেভাৱে সাঙোৰ খাই পৰিব লাগে যেন তেওঁলোক পিতৃ-মাতৃ নহয় বৰঞ্চ একেলগৰ বন্ধু আৰু বান্ধৱী। সংযমী হ’ব পৰাকৈ কন্যাক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পাৰিব লাগে। এইক্ষেত্ৰত যৌগিক কচৰৎ আৰু আধ্যাত্মিক চৰ্চাৰ প্ৰতি ৰাপ, খেলা-ধূলাৰ প্ৰতি আগ্ৰহ, শিল্প, চাৰুকলা, সংগীত-নৃত্য, সাহিত্য-সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মোৱাটো পিতৃ-মাতৃৰ কৰ্তব্য। কিন্তু অধ্যয়নৰ উপৰি এই বাহ্যিক চৰ্চাবোৰত সকলো সময়খিনিতে সতৰ্কতাৰ দৃষ্টি ৰখাটো প্ৰয়োজনীয়। যুগ সলনি হৈছে, সমাজ সলনি হৈছে, ককা-আইতাৰ দিনৰ বা কালৰ কথা আওৰাই থাকিলে নহ’ব। আকৌ বৰ্তমান যুগত পুত্ৰই হওক বা কন্যাই হওক এই কৈশোৰৰ কালছোৱাত লাভ কৰা অত্যধিক স্বাধীনতাই জীৱনলৈ অশান্তিহে বিয়পাই আনে, লগতে ঘৰখনলৈ আনে অশান্তি। কৈশোৰ বয়সত অপৰাধ প্ৰৱণতাই কেউপিনে গা কৰি উঠাৰ কালত সন্তানক আৰু বিশেষকৈ কন্যা সন্তানক অকলে টিউচনলৈ পঠিওৱা, খেলৰ প্ৰেকটিছলৈ পঠিওৱা, চিনেমা-থিয়েটাৰ চাবলৈ পঠিওৱা, দূৰণিৰ ৰেলভ্ৰমণলৈ অকলে যাবলৈ দিয়া কাৰ্যবোৰত যথেষ্ট সজাগ নহৈ পাৰি জানো? অকল নিজ সন্তানৰ ওপৰত থকা অটল বিশ্বাসৰ কথা ভাবি থাকিলেই নহ’ব, বাহ্যিক উৎপীড়নবোৰৰ প্ৰভাৱ আপুনি কেতিয়াও নুই কৰি চলিব নোৱাৰে। পিতৃ-মাতৃৰ কৰ্তব্য হ’ল আদৰ-স্নেহ আৰু অনুশাসনৰ মধ্যম স্থানত অৱতীৰ্ণ হৈ লক্ষ্য কৰি থাকিব, আপোনাৰ কন্যা ক’লৈ গৈছে? কাৰ লগত গৈছে? কিয় গৈছে, কিমান সময়ৰ বাবে গৈছে, কেতিয়া ঘূৰি আহিছে, অৱসৰৰ সময়ত কি কৰে, কি কিতাপ পঢ়ে ইত্যাদি কথাত। ক’ৰবাত কেণা লগা দেখিলেই বুজাবলৈ চেষ্টা কৰিব। এইবোৰ বিষয়ত অৰ্থাৎ অনুশাসনৰ দিশত বুজাবলৈ বা ক’বলৈ যাওঁতে আপোনাৰ কন্যাই যদি উগ্ৰমূৰ্তি ধাৰণ কৰে তেনেহ’লে তেওঁৰ লগত একেলগে পঢ়া বান্ধৱী দুই-তিনিগৰাকীক আৰু তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনিব। মাথোন আগতীয়াকৈ আশ্বস্ত হৈ ল’ব যাতে সেইসকল বান্ধৱী সমাজত সজ বুলি পৰিচিত, নৈতিক দিশত পুষ্ট আৰু একো-একোটা আদৰ্শ পৰিয়ালৰ কন্যা হয়। এইদৰে এখন ঘৰুৱা মেলৰ জৰিয়তে আলোচনা-বিলোচনা কৰিলেই আপুনি সুফল পাব।

আপোনাৰ কোমল বয়সীয়া ছোৱালীজনী এই জটিল বয়সৰ সন্ধিক্ষণৰ সময়তে নৈতিক পথৰপৰা যদি সংযমৰ অভাৱত এবাৰো পিছলি যায় আৰু যদিহে তাৰ ফল মাৰাত্মক ধৰণৰ হয় তেনেহ’লে সেই মানসিক ক্লেশত আপুনি ওৰে জীৱনটো ভুগিব লাগিব।

যুৱক-যুৱতীৰ বিপথে গমন প্ৰতিৰোধৰ ক্ষেত্ৰত অভিভাৱকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। সকলো ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃৰ সন্তানপ্ৰীতি থকাটো স্বাভাৱিক। এই প্ৰীতি প্ৰকাশ যদি কিছুমান অপ্ৰাসংগিক সামগ্ৰীৰ যোগানৰ দ্বাৰা কৰা হয় তেন্তে তাৰ ভয়ানক প্ৰতিফলন ভোগ কৰিবলৈ পিতৃ-মাতৃ বা অভিভাৱক সাজু হৈ থাকিব লাগিব। এহাতে যেনেকৈ ইণ্টাৰনেটে তথ্য আহৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আনহাতে সমাজত নিষিদ্ধ হৈ থকা জগতখনতো প্ৰৱেশৰ সুযোগ দিয়া হৈছে। সমাজত সবাতোকৈ প্ৰভাৱ বিস্তাৰ কৰা বৈদ্যুতিন মাধ্যমৰ যোগেদি অপৰাধ, যৌনতা আৰু বিবাহ-বিচ্ছেদৰ কাহিনীপুষ্ট ধাৰাবাহিকসমূহক কোনখন আইনে ৰোধ কৰিব পাৰিব!
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, October 28, 2015

জীৱনত সুখ আৰু সফলতা লাভৰ সংকেত: যতীন্দ্ৰ কুমাৰ পাৰৈ

 4:55:00 PM     জীৱনৰ বাটে-ঘাটে     No comments   


এটা সুখী আৰু সফল জীৱনৰ কামনা পৃথিৱীত সকলো মানুহেই কৰে। তাৰে কিছুমান সুখী আৰু সফল হয়, আন কিছুমানে আকৌ সুখ আৰু সফলতা বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। অৱশ্যে সুখ-দুখ, সফলতা-বিফলতাৰ ধাৰণাটো আপেক্ষিক। কোনোবাই অলপ পায়ো সুখী হ’ব পাৰে, কোনোবাই আকৌ এগালমান পালেও সন্তুষ্টি লাভ কৰিব নোৱাৰে। সেইদৰে শিক্ষা, ব্যৱসায়, ৰাজনীতি, ক্ৰীড়া, সাহিত্য আদি ক্ষেত্ৰত কেনেকুৱা পৰ্যায়ত উপনীত হ’লে এজন মানুহে নিজকে সফল বুলি ভাবিব পাৰে, তাৰো কোনো মাপকাঠী নাই। তথাপি মানুহে সুখ আৰু সফলতা বিচাৰে— লাগিলে সেয়া কাৰোবাৰ তুলনাত কম অথবা বেছি যিয়েই নহওক কিয়, জীৱনত সুখী হ’বলৈ কিম্বা সফলতা লভিবলৈ আমি আপাতদৃষ্টিত সাধাৰণ যেন লগা অথচ ব্যৱহাৰিক দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ কিছুমান কথালৈ চকু দিয়াটো প্ৰয়োজনীয়। এই সৰু অথচ যুক্তিপূৰ্ণ কথাবোৰেই আমাৰ বাবে খুলি দিব পাৰে অনাবিল সুখ আৰু ঈৰ্ষণীয় সফলতাৰ দুৱাৰ।

প্ৰতিজন সফল ব্যক্তিৰ সফলতাৰ আঁৰত থাকে কিছুমান সপোন আৰু সেইবোৰ বাস্তৱায়িত কৰাৰ কিছুমান কৌশল। এজন সফল ব্যক্তিৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ আমি হয় পৰিস্থিতিসাপেক্ষে আমাৰ সপোনবোৰ সালসলনি কৰি থাকিব লাগিব, নহয় কৌশলবোৰ প্ৰয়োজনসাপেক্ষে সালসলনি কৰি থাকিব লাগিব। লগতে সফলতাখিনি বৰ্তাই ৰাখিবলৈ আমি দুয়োটাকে নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে কিছু উচ্চ স্তৰলৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব।

প্ৰতিষ্ঠা বিকাশৰ আটাইতকৈ উৎকৃষ্ট পন্থা হ’ল প্ৰতিযোগিতা। অৱশ্যে আমি যদি আনৰ সৈতে ধাৰাবাহিকভাৱে প্ৰতিযোগিতা চলাই যাওঁ, আমাৰ প্ৰতিভাৰ বিকাশ ঘটিব ঠিকেই কিন্তু সেই বিকাশে আমাক সফলতাৰ শেষ বিন্দুত উপনীত কৰাব নোৱাৰে। কিন্তু আমি যদি নিজকে নিজৰ প্ৰতিদ্বন্দ্বী বুলি ধৰি লৈ প্ৰতিযোগিতাত নামো, তেতিয়া আমাৰ প্ৰতিভা অধিক বিকশিত হ’ব আৰু আমি বিচৰা ধৰণে সফলকাম হ’বলৈ সক্ষম হ’ম।

এটা সুখী জীৱনৰ অধিকাৰী হ’বলৈ দুটা কথা সদায় মানি চলিবলৈ যত্ন কৰিব লাগিব। প্ৰথমটো হ’ল মনৰ আৱেগ-অনুভূতি প্ৰকাশ কৰিবলৈ কেতিয়াও চকুলোৰ আশ্ৰয় নোলোৱা আৰু দ্বিতীয়টো হ’ল ক্ৰোধৰ বহিঃপ্ৰকাশ ঘটাবলৈ কেতিয়াও বাক্‌প্ৰয়োগ নকৰা। এক নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিলে দেখা যাব সকলো দুখ প্ৰশমিত হৈছে।

সফলতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল উৎকৃষ্টতা বা Excellence। জয়ী হোৱাৰ বাবে প্ৰবল হেঁপাহ, সফলতা লাভৰ বাবে উদগ্ৰ কামনা, নিজৰ মাজত লুকাই থকা সম্ভাৱনাখিনিৰ পূৰ্ণ বিকাশ ঘটাবৰ বাবে থকা আগ্ৰাসী মনোভাবেহে আমাৰ ব্যক্তিগত উৎকৃষ্টতাখিনি বন্দী হৈ থকা কোঠাটোৰ ৰুদ্ধ দুৱাৰখন মুকলি কৰি আমাক সফলতাৰ দিশে আগুৱাই যোৱাত সহায় কৰিব পাৰে।

আধুনিক যুগৰ নৰ-নাৰীৰ বহুতো দুৰ্বলতাৰ মাজৰে এটা বিশেষ দুৰ্বলতা হ’ল প্ৰয়োজনীয়তা (Need) আৰু লালসা (Greed)ৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱৰাটো। যি মুহূৰ্তত আমি এই পাৰ্থক্য বিচাৰি পাম, সেই মুহূৰ্তৰপৰাই আমি সুখৰ সন্ধান পাবলৈ সক্ষম হ’ম। সফলতা লাভৰ বাবে প্ৰয়োজনীয় আন দুটা গুৰুত্বপূৰ্ণ কথা হ’ল বিচক্ষণতা বা পৰিপক্কতা (Perfection) আৰু আত্মপ্ৰত্যয় (Self-confidence)। বিচক্ষণতাৰ অৰ্থ হ’ল কোনো এটা কাম সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষমতা আৰু আত্মবিশ্বাস মানে হ’ল প্ৰতিকূল পৰিস্থিতিক কেনেকৈ চম্ভালিব পাৰি সেয়া জনাটো।

কৰ্পদকশূন্য অৱস্থাতো নিজকে কেনেকৈ চম্ভালিব পাৰি আৰু সুখ-সুবিধাৰে পৰিপূৰ্ণ জীৱনৰ গৰাকী হৈও কেনে আচৰণ কৰিব লাগে, এই দুটা কথাৰ ওপৰতে নিৰ্ভৰ কৰে জীৱনৰ সুখ আৰু সফলতা। এই প্ৰসংগতে এষাৰ কথা উদ্ধৃত কৰোঁ— ‘‘If success makes you arrogant, you have not really succeeded. If failure makes you determined, you have not really failed.’’ নিঃস্ব অথবা স্বচ্ছল— এই দুই পৰিস্থিতিত মানসিক স্থিতি কেনে হ’ব, তাৰ ওপৰতে নিৰ্ভৰ কৰিব সুখী আৰু সফল জীৱনৰ বুনিয়াদ। অভাৱত বিতত আৰু স্বচ্ছলতাত অহংকাৰী হ’লেই জীৱনৰ পৰা হেৰাই যাব পাৰে সকলো সুখ-শান্তি, ভাগি পৰিব পাৰে সফলতাৰ গগনচুম্বী সৌধ।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, April 7, 2014

জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন

 1:24:00 PM     জীৱনৰ বাটে-ঘাটে     No comments   

www.jibonenedorei.blogspot.com
(১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জীৱনৰ অভিন্ন অংগ! ক’ত, কেতিয়া, কেনেকৈ দুখে আপোনাৰ দুৱাৰত টোকৰ মাৰিবহি সেয়া কোনে জানে? মুঠৰ ওপৰত দুখযে আপোনাৰ জীৱনত থাকিবই, সেইটো খাটাং।
কোনোবাই অতীতৰ কথা ভাবি দুখ কৰে আৰু আন কোনোবাই ভৱিষ্যতৰ! কিন্তু আপোনাৰ বৰ্তমান? আপুনি জানো দুখৰ কথা ভাবিয়েই বৰ্তমানৰ সময়বোৰ নষ্ট কৰিব? দুখক আপোনাৰ মনৰ পৰা আঁতৰ কৰি ৰখাৰ উপায় কিন্তু আপোনাৰ হাততেই আছে!

(২) এটা সৰু কথা কওঁ—
মই এগৰাকী ছোৱালীক চিনি পাওঁ, মাজে মাজে টেলিফোনত কথাও হওঁ। আজিকালি খুবেই ব্যস্ত তাই; বিশ্ববিদ্যালয়ৰ পঢ়াৰ বোজাৰ লগতে নিজৰ ভৱিষ্যতৰ অলেখ চিন্তাই তাইৰ মন-মগজুক কেতিয়াবা জুমুৰি ধৰেহি। ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই দিনটোলৈ তাইৰ আহৰি নাই। কাম কিন্তু সেই একেখিনিয়েই! একেখিনি কামকে কৰি কৰি তাই একঘেঁয়েমী আৰু উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ ফলাফল তাইৰ স্বাস্থ্যৰ ওপৰতো পৰিছে। টোপনিহীনতাৰ বাবে তাইৰ চকুৰ গুৰিও ক’লা পৰিছে। তাইৰ উজ্জল মুখখন এখন নিস্তেজ শেঁতা পৰা মুখলৈ ৰূপান্তৰ হৈছে। কামৰ মাজে মাজে অন্যমনস্ক হৈ তাই কামত খেলিমেলিও কৰিবলৈ আৰম্ভ কৰিছে। এনে ব্যস্ততাই আপোনাকো ধৰাশায়ী কৰিছে নেকি? আপুনিও দেখোন লাহে লাহে বেছি যান্ত্ৰিক হৈ পৰিছে। চাবি দিয়া পুতলাৰ দৰে অনৰ্গল একেটা কামকে কৰি নাথাকিব। একঘেঁয়েমী কামে জীৱনটো নিৰস কৰি পেলায়। অনুগ্ৰহ কৰি জীৱনটো ৰসহীন হ’বলৈ নিদিব! অলপ সময় বিৰতি লওক। দৈনন্দিন কৰ্মব্যস্ততাক বিদায় জনাই মনে সন্তুষ্টি লাভ কৰা প্ৰিয়জনৰ সৈতে কথা পাতক, ফুৰিবলৈ যাওক, মন-পছন্দৰ এখন ভাল কিতাপ পঢ়ক। মুঠতে যিয়ে আপোনাৰ মনটোক সন্তুষ্টি প্ৰদান কৰে তাকেই কৰক। আপুনি কিছুদেৰি ৰৈ দিলেও পৃথিৱীখন ইফাল-সিফাল হৈ নাযায় বৰঞ্চ এই বিৰতিয়ে আপোনাক কামবোৰ সুচাৰুৰূপে কৰাত ইন্ধনহে যোগাব। একঘেঁয়েমী জীৱন কোনেও ভাল নাপায়। অকল মানুহেই নহয়, প্ৰত্যেক জীৱই নতুনত্ব বিচাৰে। মনত ৰাখিব, সেই নতুনত্বইহে আপোনাক মানসিকভাৱে সন্তুষ্ট আৰু সবল কৰি তুলিব পাৰিব।

(৩) হাঁহিবৰ বাবে বিৰাট কিবা-কিবি বিচাৰি নুফুৰিব। সৰু-সৰু বিষয় কিছুমানতে সুখ বিচাৰি লওক, প্ৰাণ খুলি হাঁহক! পৃথিৱীত এনে কোন মানুহ আছে যাৰ জীৱনত এখুদমান হ’লেও দুখ নাই! পৃথিৱীৰ প্ৰতিখন বুকুতেই উমি উমি জ্বলি থাকে দুখৰ একুৰা জুই! সেইবুলি আপুনি জানো নহঁহাকৈ থাকিব? ফুলি থকা গোলাপ পাহলৈকে চাওকচোন, কাঁইটৰ মাজত থাকিও মিচিকিয়াই থকা যেন নালাগেনে! দুখৰ কথা ভাবিয়েই যদি আপুনি সময়বোৰ কটায় তেন্তে সেয়া এদিন আপোনাৰ অভ্যাসত পৰিণত হ’ব। সেয়ে কৈছোঁ, দুখক আপোনাৰ মনত খোপনি পুতি ল’বলৈ সুবিধা নিদিব। হাঁহিবলৈ অভ্যাস কৰক, এদিন দেখিব দুখবোৰৰ বাবে আপুনি মৰীচিকা হৈ পৰিছে!

(৪) কোনোবা এজনে এবাৰ কৈছিল— ‘যদি তুমি দুটা মুদ্ৰা হেৰাই পোৱা; এটাৰে এখন ৰুটি কিনিবা আৰু আনটোৰে এপাহ ফুল, কিয়নো জীয়াই থাকিবলৈ খাদ্যৰ লগতে সৌন্দৰ্য্যবোধৰো বৰ প্ৰয়োজন..’। কথাষাৰে ইয়াকেই প্ৰমাণ কৰে যে, জীৱনটো এটা উপভোগৰ বস্তু। এই সৌন্দৰ্য্যবোধে মানুহৰ মানসিকতাত বাৰুকৈয়ে প্ৰভাৱ পেলায়। মানুহক একঘেঁয়েমী হোৱাত বাধা দিয়ে এই সৌন্দৰ্য্যবোধে। মহাকবি কালিদাসেও লিখিছিল—
‘আজিৰ দিনটোলৈ চোৱা, আজিৰ দিনটোত সকলো আছে, ইয়াতেই আছে জীৱনৰ পৰিপূৰ্ণতা। জীৱনৰ সকলো বিচিত্ৰতা আৰু সভ্যতা লুকাই আছে; পূৰ্ণতাপ্ৰাপ্তি, গৰ্ব আৰু সৌন্দৰ্য্যময়তা।’
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog