
তাৰ পৰা হাত সাৰিবলৈ আমি কি কৰা উচিত? তাৰেই কিছু আলোচনা তলত আগবঢ়ালোঁ—
১) সকলো ঋণাত্মক ঘটনাৰ এখন তালিকা প্ৰস্তুত কৰক:
এনে হ’ব পাৰে যে আপোনাৰ সেই তালিকাত অন্তৰ্ভুক্ত হ’ব পৰা বহুতো ঘটনাৰ বিষয়ে লিখিবলৈ হয়তো আপুনি মান্তি নহ’বও পাৰে বা নিজকে সৈমান কৰিব নোৱাৰিবও পাৰে! কোনো কথা নাই, আপুনি এই মুহূৰ্তত অকল পৰাখিনিহে কৰক। পিচত এটা দুটাকৈ যোগ কৰি গৈ থাকিব। তালিকাখন আৰম্ভ কৰাটোহে প্ৰথম কথা।
তালিকাখন প্ৰস্তুত কৰাৰ পাছত এটা এটাকৈ চকু ফুৰাই চাওক— তাৰ ভিতৰৰ কোনকেইটা আপুনি এতিয়াও সলনি কৰিব পাৰে আৰু কোনবোৰ অপৰিবৰ্তনীয়। অপৰিবৰ্তনীয় ঘটনাবোৰৰ এখন তালিকা প্ৰস্তুত কৰক আৰু সেইখন পুৰি পেলাওক। যিহেতু আপুনি সেইবোৰ সলাব নোৱাৰে গতিকে সেয়া এৰি দিয়াই আপোনাৰ বাবে মঙ্গল।
এতিয়া যিখিনিৰ পৰিবৰ্তন কৰিব পাৰি সেইখিনি কেনেকৈ পৰিবৰ্তন কৰিব তাৰ এটা পৰিকল্পনা তৈয়াৰ কৰক কিয়নো ঋণাত্মক মনোভাৱক ধনাত্মক দৃষ্টিভঙ্গীলৈ পৰিবৰ্তন কৰিবলৈ ভালখিনিৰ ওপৰত গুৰুত্ব দিয়াটো অতি জৰুৰী।
২) কৃতজ্ঞতা প্ৰকাশে এটা ধনাত্মক মনোভাৱ গঢ় দিয়াত সহায় কৰে:
এতিয়া আপুনি এনে এখন তালিকা প্ৰস্তুত কৰক য’ত আপুনি সন্নিৱিষ্ট কৰিব আপোনাৰ জীৱনত ইতিমধ্যে ঘটি যোৱা বা বৰ্তমানে ঘটি থকা ধনাত্মক কথা বা ঘটনাবোৰ তাৰ পিছত আপুনি লিখিব, আৰু কি কি পৰিবৰ্তন আপোনাৰ জীৱনত হোৱাটো আপুনি বিচাৰে। এতিয়া তালিকাখনত চকু ফুৰাই আপুনি উপলব্ধি কৰিব যে আৰু কিছু কথা হয়তো ৰৈ গৈছে যাৰ বাবে আপুনি কৃতজ্ঞ। আৰু সেই কথাবোৰ হয়তো আপুনি এৰি দিয়া বেয়াখিনিতকৈ বেছি বিশাল। সেইবোৰো এটা এটাকৈ তালিকাত অন্তৰ্ভুক্ত কৰক। ইয়াৰদ্বাৰা আপুনি এষাৰ দৰকাৰী কথা উপলদ্ধি কৰিব যে, জীৱনত যিয়েই নঘটক কিয় জীৱন অনুপম আৰু আশাবোৰেই জীৱনটো সুন্দৰ কৰি তোলে।
৩) সকলো ভাল ঘটনা উল্লেখ কৰাৰ পিছত এতিয়া আপুনি আপোনাৰ সকলো মনোযোগ ভালখিনিত লগাওক:
অনভ্যাসৰ বাবে প্ৰথমতে সেয়া অলপ কঠিন হ’ব কিন্তু নিয়মীয়া অনুশীলনৰ সহায়ত লাহে লাহে কামটো সহজ হৈ পৰিব।
৪) প্ৰতিবাৰেই যেতিয়া কোনো বাহিৰা উপঘটনাই আপোনাৰ একাগ্ৰতাক উদ্দেশ্যৰ পৰা আঁতৰাই নিব তেতিয়াই আপুনি মনৰ শান্তি ঘুৰাই আনিবলৈ চেষ্টা কৰিব:
আপোনাৰ ভাল নলগাখিনি এৰি দি আগুৱাই গৈ থাকিব। মনত সদায় ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশৰ মাজত অহৰহ যুদ্ধ চলি থাকিব। আপুনি মাথোঁ ধনাত্মক দিশটোক গুৰুত্ব দি যাব লাগিব। সদায় মনত ৰাখিব লাগিব যাতে কোনো অন্যমনস্কতাই মনটোক নিজৰ উদ্দেশ্যৰ পৰা দীঘলীয়াকৈ আঁতৰাই আনিব নোৱাৰে। যেতিয়াই আপুনি অন্যমনস্ক হ’ব, তেতিয়াই আপুনি মনটোক আন সকলো কথাৰ পৰা আনি এটা কথাত লগাওক। প্ৰয়োজন হ’লে অলপ সময়ৰ বাবে হ’লেও নীৰৱে নিজৰ সৈতে কথা পাতক। মনৰ শান্তি থাকিলেহে সকলো কথাৰে ধনাত্মক দিশটো চকুত পৰিব। আৰু নিজৰ সৈতে কথা পতা কামটোৱে সেই শান্তি ঘূৰাই আনিব।
মনত ৰাখিব, এই পৃথিৱীত নিখুঁত বুলি একো নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি নিজে এবাৰ জীৱনটো উদযাপন কৰিব বুলি সিদ্ধান্ত ল’লে অন্য একো কাৰকে আপোনাক তাৰ পৰা বিৰত কৰি ৰাখিব নোৱাৰে। এবাৰ চেষ্টা কৰি চাওক, দেখিব সকলো কথাৰে ঋণাত্মক দিশটো নাচাই ধনাত্মক দিশটো চোৱাৰ অভ্যাস কৰিলেই আপোনাৰ এই বহুমূলীয়া জীৱনটো সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰি পৰিব।
মূল লেখক আৰু উৎস:
Rhodri Jones
http://www.thestrokefoundation.com/index.php/attitude/110-simple-ways-to-convert-a-negative-attitude-to-positive-attitude


