পুষ্পিতা হোৱা কন্যাৰ লগত মাতৃগৰাকীও সমানেই উৎকণ্ঠিত হৈ পৰা দেখা যায় আৰু এই উৎকণ্ঠাৰ চাপত মাতৃগৰাকীৰ মনত ভাল-বেয়া বহু প্ৰশ্নই ঠাই পায়। বিভিন্ন প্ৰশ্নই মাতৃৰ মনত শংকাভাৱ জগাই তোলে। শংকাবোৰ এনেধৰণৰ— মোৰ ছোৱালীয়ে ভৱিষ্যতে মাতৃত্ব লাভ কৰাত আহুকাল হ’ব নেকি? তাই শকত হৈ যাব নেকি? ৰক্তহীনতাত ভুগিব নেকি? ক’ৰবাত কেনেবাকৈ লোকৰ অসৎ কামনাৰ বলি হ’ব নেকি? অসামাজিক বা অনৈতিক কামত লিপ্ত হ’ব পাৰে নেকি? ইত্যাদি ইত্যাদি।
কন্যা সন্তানৰ এই বয়সটো অত্যধিক জটিল আৰু স্পৰ্শকাতৰ (Sensitive)। অভিভাৱক বা পিতৃ-মাতৃয়ে হস্তক্ষেপ কৰিবলৈ গ’লে থাওকতে বিপদ। সেয়ে কন্যা সন্তানৰ ব্যক্তিগত জীৱনৰ লগত এনেভাৱে সাঙোৰ খাই পৰিব লাগে যেন তেওঁলোক পিতৃ-মাতৃ নহয় বৰঞ্চ একেলগৰ বন্ধু আৰু বান্ধৱী। সংযমী হ’ব পৰাকৈ কন্যাক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পাৰিব লাগে। এইক্ষেত্ৰত যৌগিক কচৰৎ আৰু আধ্যাত্মিক চৰ্চাৰ প্ৰতি ৰাপ, খেলা-ধূলাৰ প্ৰতি আগ্ৰহ, শিল্প, চাৰুকলা, সংগীত-নৃত্য, সাহিত্য-সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মোৱাটো পিতৃ-মাতৃৰ কৰ্তব্য। কিন্তু অধ্যয়নৰ উপৰি এই বাহ্যিক চৰ্চাবোৰত সকলো সময়খিনিতে সতৰ্কতাৰ দৃষ্টি ৰখাটো প্ৰয়োজনীয়। যুগ সলনি হৈছে, সমাজ সলনি হৈছে, ককা-আইতাৰ দিনৰ বা কালৰ কথা আওৰাই থাকিলে নহ’ব। আকৌ বৰ্তমান যুগত পুত্ৰই হওক বা কন্যাই হওক এই কৈশোৰৰ কালছোৱাত লাভ কৰা অত্যধিক স্বাধীনতাই জীৱনলৈ অশান্তিহে বিয়পাই আনে, লগতে ঘৰখনলৈ আনে অশান্তি। কৈশোৰ বয়সত অপৰাধ প্ৰৱণতাই কেউপিনে গা কৰি উঠাৰ কালত সন্তানক আৰু বিশেষকৈ কন্যা সন্তানক অকলে টিউচনলৈ পঠিওৱা, খেলৰ প্ৰেকটিছলৈ পঠিওৱা, চিনেমা-থিয়েটাৰ চাবলৈ পঠিওৱা, দূৰণিৰ ৰেলভ্ৰমণলৈ অকলে যাবলৈ দিয়া কাৰ্যবোৰত যথেষ্ট সজাগ নহৈ পাৰি জানো? অকল নিজ সন্তানৰ ওপৰত থকা অটল বিশ্বাসৰ কথা ভাবি থাকিলেই নহ’ব, বাহ্যিক উৎপীড়নবোৰৰ প্ৰভাৱ আপুনি কেতিয়াও নুই কৰি চলিব নোৱাৰে। পিতৃ-মাতৃৰ কৰ্তব্য হ’ল আদৰ-স্নেহ আৰু অনুশাসনৰ মধ্যম স্থানত অৱতীৰ্ণ হৈ লক্ষ্য কৰি থাকিব, আপোনাৰ কন্যা ক’লৈ গৈছে? কাৰ লগত গৈছে? কিয় গৈছে, কিমান সময়ৰ বাবে গৈছে, কেতিয়া ঘূৰি আহিছে, অৱসৰৰ সময়ত কি কৰে, কি কিতাপ পঢ়ে ইত্যাদি কথাত। ক’ৰবাত কেণা লগা দেখিলেই বুজাবলৈ চেষ্টা কৰিব। এইবোৰ বিষয়ত অৰ্থাৎ অনুশাসনৰ দিশত বুজাবলৈ বা ক’বলৈ যাওঁতে আপোনাৰ কন্যাই যদি উগ্ৰমূৰ্তি ধাৰণ কৰে তেনেহ’লে তেওঁৰ লগত একেলগে পঢ়া বান্ধৱী দুই-তিনিগৰাকীক আৰু তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনিব। মাথোন আগতীয়াকৈ আশ্বস্ত হৈ ল’ব যাতে সেইসকল বান্ধৱী সমাজত সজ বুলি পৰিচিত, নৈতিক দিশত পুষ্ট আৰু একো-একোটা আদৰ্শ পৰিয়ালৰ কন্যা হয়। এইদৰে এখন ঘৰুৱা মেলৰ জৰিয়তে আলোচনা-বিলোচনা কৰিলেই আপুনি সুফল পাব।
আপোনাৰ কোমল বয়সীয়া ছোৱালীজনী এই জটিল বয়সৰ সন্ধিক্ষণৰ সময়তে নৈতিক পথৰপৰা যদি সংযমৰ অভাৱত এবাৰো পিছলি যায় আৰু যদিহে তাৰ ফল মাৰাত্মক ধৰণৰ হয় তেনেহ’লে সেই মানসিক ক্লেশত আপুনি ওৰে জীৱনটো ভুগিব লাগিব।
যুৱক-যুৱতীৰ বিপথে গমন প্ৰতিৰোধৰ ক্ষেত্ৰত অভিভাৱকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। সকলো ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃৰ সন্তানপ্ৰীতি থকাটো স্বাভাৱিক। এই প্ৰীতি প্ৰকাশ যদি কিছুমান অপ্ৰাসংগিক সামগ্ৰীৰ যোগানৰ দ্বাৰা কৰা হয় তেন্তে তাৰ ভয়ানক প্ৰতিফলন ভোগ কৰিবলৈ পিতৃ-মাতৃ বা অভিভাৱক সাজু হৈ থাকিব লাগিব। এহাতে যেনেকৈ ইণ্টাৰনেটে তথ্য আহৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আনহাতে সমাজত নিষিদ্ধ হৈ থকা জগতখনতো প্ৰৱেশৰ সুযোগ দিয়া হৈছে। সমাজত সবাতোকৈ প্ৰভাৱ বিস্তাৰ কৰা বৈদ্যুতিন মাধ্যমৰ যোগেদি অপৰাধ, যৌনতা আৰু বিবাহ-বিচ্ছেদৰ কাহিনীপুষ্ট ধাৰাবাহিকসমূহক কোনখন আইনে ৰোধ কৰিব পাৰিব!
0 comments:
Post a Comment