
আমাৰ সীমাবদ্ধতা আছে: জছোৱা লথ লিয়েবমেন



..মই ভাবোঁ যে ল’ৰাটোৱে শিকিব লাগিব, সকলো মানুহেই সত্যনিষ্ঠ নহয়। কিন্তু আপুনি তেওঁক পাৰিলে শিকাওক কিতাপৰ মহিমা— কিন্তু লগতে এখন সেউজীয়া পাহাৰীয়া ঠাইত ৰ’দে ফুলে উৰি ফুৰা, মৌ-মাখি-পখিলা, আকাশত উৰি ফুৰা চৰাই আদিৰ শাশ্বত ৰহস্যবোৰৰ বিষয়ে ভাবিবলৈ নীৰৱ সময় দিয়ক। স্কুলত তেওঁক শিকাব যে কাৰোবাক প্ৰৱঞ্চনা কৰাতকৈ হাৰ মনাটো বেছি সন্মানজনক। নিজৰ ধাৰণাৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক শিক্ষা দিয়ক, যদিও প্ৰত্যেক মানুহেই কয় তেওঁ ভুল। ভদ্ৰ মানুহৰ লগত নম্ৰ হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ হ’বলৈ তেওঁক শিকাব। যেতিয়া প্ৰত্যেক মানুহে ৰাজপথৰ সমদলত চামিল হয় তেতিয়া এনে মানুহৰ জুমক অনুসৰণ নকৰিবলৈ মোৰ ল’ৰাটোক শক্তি দিব। সকলো মানুহৰ কথা শুনিবলৈ তেওঁক শিকাব, কিন্তু সত্যৰ চালনীৰে চালি সৰকি অহা কেৱল ভালখিনিহে গ্ৰহণ কৰিবলৈ ক’ব। যদি পাৰে তেওঁক শিকাব যে চকুলোত কোনো লাজ নাই। অসৎসকলক বিদ্ৰূপ কৰিবলৈ শিকাব আৰু সাৱধান কৰি দিব অতি মিষ্টভাষীসকলৰ পৰা। তেওঁৰ শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ ওচৰতহে সঁপিবলৈ শিক্ষা দিব। কিন্তু মানুহৰ মন-প্ৰাণৰ লগত কোনো দৰ-দাম নকৰিবলৈ শিকাব। শিকাব যে এনেয়ে লাভ কৰা লাখ টকাতকৈ শ্ৰম কৰি পোৱা এটকাৰ মূল্য বেছি। যেতিয়া নিজকে সঠিক পথত থকা বুলি ভাবে তেতিয়া কোলাহলৰ মাজত কাণ বন্ধ কৰি অটল হৈ থাকি যুঁজি যাবলৈ ক’ব। তেওঁক কথাবোৰ নম্ৰতাৰে শিকাব, কিন্তু তেওঁক লাই নিদিব। কাৰণ উত্তম তীখাক একমাত্ৰ জুইত পুৰিহে পৰীক্ষা কৰি চাব পাৰি। ধৈৰ্যশীল হ’বলৈ তেওঁক সাহস দিব। নিজৰ ওপৰত সদায় মহান বিশ্বাস ৰাখিবলৈ ক’ব, কাৰণ তেতিয়াহে তেওঁৰ আস্থা থাকিব মানৱ জাতিৰ ওপৰত। এয়া এটা ডাঙৰ কাম। মোৰ পুত্ৰ এটা কণমানি ভাল ল’ৰা, আপুনি বাৰু চাওঁকচোন কি কৰিব পাৰি।
তিনি হাজাৰ বছৰৰ আগতে এজন মানুহে ভাবিছিল যে মানুহ উৰিব পাৰিব। মানুহে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁ দুখন ডেউকা সাজি উলিয়ালে। তেওঁৰ পুতেক ইকাৰাছে সেই ডেউকাৰ সহায়েৰে উৰিবলৈ গৈ সাগৰত পৰি মৰিল।
এদিন হঠাতেই ভৱেন বৰঠাকুৰে দীপালী বৰঠাকুৰৰ সৈতে আহিছিল নিৰ্মলপ্ৰভা বৰদলৈৰ ঘৰলৈ। উদ্দেশ্য: সুৰত এটি গীত লিখি দিব লাগে, দুয়োপক্ষৰ ওচৰতেই সময়ৰ কিছু অভাৱ।সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...