জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Friday, November 27, 2015

আমাৰ সীমাবদ্ধতা আছে: জছোৱা লথ লিয়েবমেন

 4:44:00 PM     মহীৰূহ     No comments   


প্ৰতিজন মানুহৰেই কিবা নহয় কিবা এটা সীমাবদ্ধতা থাকেই। তাৰপৰা কোনো ব্যক্তিয়েই মুক্ত হ’ব নোৱাৰে। কোনো কোনো মানুহৰ হাতৰ কাম কৰাৰ দক্ষতা থাকে। আন কিছুমান মানুহৰ সংগীতৰ ক্ষেত্ৰত প্ৰতিভা থাকে। আন কিছুমান মানুহ হয়তো দাৰ্শনিক বা বিমূৰ্ত চিন্তা কৰাৰ প্ৰতিভা লৈ ওপজে। কোনো মানুহেই গোটেইবোৰ ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাব নোৱাৰে। আমি সকলো মানুহেই সীমাবদ্ধ আৰু আমি নিজৰ এই সীমাবদ্ধতাক গ্ৰহণ কৰিব পাৰিব লাগিব। আমি এই কথা স্বীকাৰ কৰি ল’ব লাগিব যে এনে বহু কাম আমি কৰিব পাৰোঁ যিবোৰ কাম আন মানুহে মুঠেও কৰিব নোৱাৰে, সমাজৰ কোনো কোনো ক্ষেত্ৰলৈ আমি এনেকুৱা বৰঙণি আগবঢ়াব পাৰোঁ, যিবোৰ বৰঙণি আন মানুহে আগবঢ়াব নোৱাৰে।

নিজৰ সীমাবদ্ধতাক মানি লৈ আমি এই কথাও উপলব্ধি কৰোঁ যে ন ন ৰূপ দিব পৰাকৈ জীৱনটো নমনীয়, আৰু তাক পৰিবৰ্ত্তন কৰি গৈ থাকিব পাৰি। জীৱনৰ বিষয়ে যিটো কথা অতি গুৰুত্বপূৰ্ণ সেইটো হ’ল এয়ে যে মৃত্যুৱে আমাক গ্ৰাস কৰি নেপেলোৱালৈকে আমি ক্ৰমান্বয়ে বিকশিত হৈ থাকিব পাৰোঁ। আমি যদি নিজকে স্থানু আৰু মৃতপ্ৰায় কৰি নেপেলাওঁ, তেন্তে আমি নমৰা পৰ্যন্ত নতুন নতুন দক্ষতা আয়ত্ত কৰিব পাৰোঁ; নতুন নতুন কামত নিজকে নিয়োজিত কৰিব পাৰোঁ, নতুন নতুন মানুহৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰোঁ।

তেন্তে নিজকে কেনেকৈ গ্ৰহণ কৰিব লাগে, সেই কথা শিকিবলৈ আমি চেষ্টা কৰোঁ আহক। আমি প্ৰথমেই এই সত্যটো মানি লোৱাটো যুগুত হ’ব যে কোনো কোনো বিশেষ ক্ষেত্ৰত কাম কৰিবলৈ আমাৰ যোগ্যতা আছে, আৰু বহুতো ক্ষেত্ৰত আছে আমাৰ সীমাবদ্ধতা। প্ৰতিভা বিৰল; খুব কম মানুহেহে প্ৰকৃত প্ৰতিভা লৈ ওপজে। আমি বেছিভাগ মানুহেই মজলীয়া বুদ্ধি-বৃত্তিৰ। কিন্তু আমি প্ৰত্যেকেই আমাৰ নিজৰ নিজৰ দক্ষতাৰ ভঁৰালৰ পৰা সমূহীয়া জীৱনক সমৃদ্ধ কৰিবলৈ কিবা নহয় কিবা এটা বৰঙণি আগবঢ়াব পাৰোঁ। আমাৰ প্ৰত্যেকৰে বিভিন্ন প্ৰকাৰৰ মানসিক আৰু আৱেগিক দুৰ্বলতা আছে। প্ৰত্যেক মানুহৰ মনৰ গহন অন্ধকাৰত নানাধৰণৰ মানসিক বিকাৰ লুকাই থাকে। জীৱনৰ এইবোৰ সত্য আমি মানি ল’ব লাগিব। স্বাভাৱিক সুস্থ মানুহ সেইজনেই- যিজনে নিজৰ জীৱনৰ সীমাবদ্ধতাক গ্ৰহণ কৰি জীৱনে আগবঢ়োৱা প্ৰতিটো সুযোগকেই আনন্দচিত্তে আৰু সাহসেৰে গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Thursday, June 18, 2015

বিষ্টুদাৰ নৱজন্ম: ড° ভূপেন হাজৰিকা

 10:54:00 AM     মহীৰূহ     No comments   





১৯৬৯-৭০ চনত মিনি আলোচনীসমূহৰ জনপ্ৰিয়তা বাঢ়িছিল। ইয়াক মিনি আলোচনী বুলি এইকাৰণেই কোৱা হৈছে যে এই আলোচনীসমূহ অন্যান্য আলোচনীসমূহৰ আকাৰতকৈ চাৰি ভাগৰ এভাগহে আছিল। সেইদেখি ড° ভূপেন হাজৰিকায়ো এনে এখন আলোচনী সম্পাদনা কৰিবলৈ আগবাঢ়িছিল। নাম থৈছিল ‘বিন্দু’। ইয়াৰ আকাৰ আছিল ৬ চে.মি.×৭ চে.মি.। এইখন মাক্ৰমিনি অসমীয়া আলোচনীৰ পৃষ্ঠাসংখ্যা আছিল ৬৪। এই আলোচনীখনত সেইসময়ৰ আগশাৰীৰ লেখক-লেখিকাৰ কবিতা, গল্প আৰু প্ৰবন্ধ ইত্যাদি প্ৰকাশ পাইছিল। লগতে আছিল ড° ভূপেন হাজৰিকাৰ সম্পাদকীয়। তাৰেই এটি সম্পাদকীয় সময়োপযোগী বুলি আজি আগবঢ়ালোঁ।

মেক্সি সম্পাদকীয়, জুন ১৯৭০

তেজপুৰ। মৰা ভৰলী আৰু লুইতৰ সংগমস্থলত। আজিৰ পৰা প্ৰায় এবছৰ আগতে বিষ্টুদাৰ দেহাটোক পুৰি আমি ছাই কৰি পেলালো। ৰাভাৰ শৰীৰ নোহোৱা হ’ল। মৰণৰ পিছৰ ৰাভা-ইমেইজ এতিয়া আৰু ওখ ডাঙৰ হ’ল। আৰু গগণচুম্বী কল’চাচ হ'ল। অসম উপত্যকাৰ দুয়োকাষে ৰঙা মাটিৰ ভেটি থকা পৰ্বতমালা। এতিয়াৰ বিষ্টুদাই এখন ভৰি উত্তৰ পৰ্বতমালাত দিছে, আন এখন ভৰি দক্ষিণৰ পৰ্বতমালাত দিছে। উচ্চশিৰে থিয় হৈ বৰ (বতাহ) দৈ (পানী) কঢ়িওৱা চিখলাৰ (গোসাঁনী) স’তে কিবা সাহসী কথা পাতিছে। তেওঁৰ সুবিশাল কপাল শুৱাই থকা জপৰা চুলি শস্যৰ দৰে সেউজীয়া হৈছে। শিৰত মৌচুমী মেঘে চুমা দিছে। তেওঁৰ দুয়োখন ভৰিৰ তলেৰে নানা উপনদীৰ লক্ষ্য বিশাল লুইত, ফেনে-ফোটোকাৰে বৈছে। এতিয়া বিষ্টুদাৰ কণ্ঠ পল ৰবচনতকৈও উদাত্ত। প্ৰায় মেঘৰ গাজনিৰ দৰেই কৈছে— ‘‘ভৈয়ামৰ জনজাতীয়সকলহে আচল অসমীয়া ঐ। মিলিজুলি থাক। নহ’লে মৰিবি ঐ’’। মৰণৰ পিছৰ ৰাভা-ইমেইজ এয়া। আমাৰ অন্তৰৰ ইমেইজ। যিমানে দিন গৈছে এই ইমেইজ অতি উচ্চ শালস্তম্ভৰূপী হৈছে। কোনো আধুনিক ভাস্কৰৰ সাধ্য নাই বিষ্টুদাৰ ইমান বৃহত্‍ প্ৰতিমূৰ্তি সাজে—
A poet is one
who flings
a handful of words
against time and wins..
ডাব্লিন টাইমচৰ এই ফাঁকি কবিতা বিষ্ণু ৰাভাৰ জীৱন বৰ্ণনাত খাটে। গতানুগতিকতাৰ বিপৰিতে সময়ৰ আকাশলৈ বুলি এমুঠি অৰ্থপূৰ্ণ শব্দ দলিয়াই দি চিৰদিনৰ বাবে জয়ী হৈ গ’ল। সেই শব্দসমূহ লাগি ৰ’ল পাহাৰত, কাৰখানাত, চাহ বাগিচাত, এৰাঘাটত, ৰাজপথত, নাটঘৰত, পটত, আঁৰ কাপোৰত। গালে, ক’লে—বেছি লিখি যোৱাৰ সময় পালে কম। তেওঁ চিৰজাগ্ৰত কিম্বদন্তী। তেজ-মঙহৰ শৰীৰ নথকা বিষ্টুদাৰ নৱজন্মৰ এয়া প্ৰথম জুন মহীয়া জয়ন্তী। সোঁৱৰাই দিয়াটো ক্ষুদ্ৰ বিন্দুৰো পৱিত্ৰ কৰ্তব্য। আন কোনোবাই পাহৰিলে ইমেইজৰ কেশাগ্ৰও নলৰে।
-ভূপেন হাজৰিকা
সম্পাদক, বিন্দু

 Tags: Jibon Enedorei, Mohiruh, Bishnu Prasad Rabha, Bhupen Hazarika
Assamese Bindu Magazine 
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Tuesday, May 6, 2014

আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে পুত্ৰৰ শিক্ষকলৈ লিখা: এখন মূল্যৱান চিঠি

 4:23:00 PM     মহীৰূহ     No comments   

..মই ভাবোঁ যে ল’ৰাটোৱে শিকিব লাগিব, সকলো মানুহেই সত্যনিষ্ঠ নহয়। কিন্তু আপুনি তেওঁক পাৰিলে শিকাওক কিতাপৰ মহিমা— কিন্তু লগতে এখন সেউজীয়া পাহাৰীয়া ঠাইত ৰ’দে ফুলে উৰি ফুৰা, মৌ-মাখি-পখিলা, আকাশত উৰি ফুৰা চৰাই আদিৰ শাশ্বত ৰহস্যবোৰৰ বিষয়ে ভাবিবলৈ নীৰৱ সময় দিয়ক। স্কুলত তেওঁক শিকাব যে কাৰোবাক প্ৰৱঞ্চনা কৰাতকৈ হাৰ মনাটো বেছি সন্মানজনক। নিজৰ ধাৰণাৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক শিক্ষা দিয়ক, যদিও প্ৰত্যেক মানুহেই কয় তেওঁ ভুল। ভদ্ৰ মানুহৰ লগত নম্ৰ হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ হ’বলৈ তেওঁক শিকাব। যেতিয়া প্ৰত্যেক মানুহে ৰাজপথৰ সমদলত চামিল হয় তেতিয়া এনে মানুহৰ জুমক অনুসৰণ নকৰিবলৈ মোৰ ল’ৰাটোক শক্তি দিব। সকলো মানুহৰ কথা শুনিবলৈ তেওঁক শিকাব, কিন্তু সত্যৰ চালনীৰে চালি সৰকি অহা কেৱল ভালখিনিহে গ্ৰহণ কৰিবলৈ ক’ব। যদি পাৰে তেওঁক শিকাব যে চকুলোত কোনো লাজ নাই। অসৎসকলক বিদ্ৰূপ কৰিবলৈ শিকাব আৰু সাৱধান কৰি দিব অতি মিষ্টভাষীসকলৰ পৰা। তেওঁৰ শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ ওচৰতহে সঁপিবলৈ শিক্ষা দিব। কিন্তু মানুহৰ মন-প্ৰাণৰ লগত কোনো দৰ-দাম নকৰিবলৈ শিকাব। শিকাব যে এনেয়ে লাভ কৰা লাখ টকাতকৈ শ্ৰম কৰি পোৱা এটকাৰ মূল্য বেছি। যেতিয়া নিজকে সঠিক পথত থকা বুলি ভাবে তেতিয়া কোলাহলৰ মাজত কাণ বন্ধ কৰি অটল হৈ থাকি যুঁজি যাবলৈ ক’ব। তেওঁক কথাবোৰ নম্ৰতাৰে শিকাব, কিন্তু তেওঁক লাই নিদিব। কাৰণ উত্তম তীখাক একমাত্ৰ জুইত পুৰিহে পৰীক্ষা কৰি চাব পাৰি। ধৈৰ্যশীল হ’বলৈ তেওঁক সাহস দিব। নিজৰ ওপৰত সদায় মহান বিশ্বাস ৰাখিবলৈ ক’ব, কাৰণ তেতিয়াহে তেওঁৰ আস্থা থাকিব মানৱ জাতিৰ ওপৰত। এয়া এটা ডাঙৰ কাম। মোৰ পুত্ৰ এটা কণমানি ভাল ল’ৰা, আপুনি বাৰু চাওঁকচোন কি কৰিব পাৰি।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Saturday, May 3, 2014

আমাৰ ভাষাৰ শব্দেৰে প্ৰকাশ কৰিব নোৱাৰিলে: লক্ষ্মীনাথ বেজবৰুৱা

 7:53:00 PM     মহীৰূহ     No comments   

কোনোটো ভাব, কোনোটো চিন্তা আমাৰ ভাষাৰ শব্দেৰে প্ৰকাশ কৰিব নোৱাৰিলে, সহজে বুজা বিদেশী ভাষাৰ শব্দ ধাৰকৈ আনি সেই কাৰ্যৰ নিমিত্তে তাৰ সহায় ল’লে ভাষাৰ মংগলৰ বাহিৰে অমংগল নহয়, আৰু ভাষাৰ জাতো নাযায়। আজিকালি পৃথিৱীৰ ভিতৰত সকলো ভাষাতকৈ উন্নত ভাষা ইংৰাজী ভাষাত কত দেশৰ শব্দ সোমাই তাক চহকী কৰিছে, অন্ত নাই। কিন্তু সেইবোৰ অনাৱশ্যকত বা অদৰ্কাৰত ধাৰে লোৱা হোৱা নাই, নাইবা ইংৰাজী ভাষাৰ অনিষ্ট সাধন কৰিবৰ মনেৰে গাৰ বলেৰে সেইবোৰ তাত প্ৰৱেশ কৰা নাই দেখি অনধিকাৰ প্ৰৱেশ দোষত সেইবোৰ জগৰীয়া নহয়। সেই শব্দবোৰ ডমিচাইল অৰ্থাৎ ঘৰুৱা হৈহে ইংৰাজী ভাষাত সোমাইছে। সিহঁতে থাকিবলৈ ইংৰাজী ভাষাৰ দেশত গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণৰ বস্তি মাটি একো চমকা পাইছে, স্পেলিং অৰ্থাৎ বৰ্ণ-বিন্যাসৰ কাপোৰ একোডোখৰ পাইছে, আৰু সকলো বিষয়তে সেইবোৰ ইংৰাজী ভাষাৰ প্ৰজাস্বত্ব দখল কৰিবলৈ পাইছে। ফলত সিহঁতৰদ্বাৰাই ইংৰাজী ভাষাৰ সম্পদ বাঢ়িছে, টুটা নাই।
(‘বাঁহী’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত ‘অসমীয়া ভাষা সম্পৰ্কে আষাৰ-চেৰেক কথা’ত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল।)
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, May 2, 2014

সাহিত্যত অৱশ্যে পৰিৱৰ্তন লাগে: লক্ষ্মীনাথ বেজবৰুৱা

 7:50:00 PM     মহীৰূহ     No comments   

সাহিত্যত অৱশ্যে পৰিৱৰ্তন লাগে। নালাগে বুলিলেও পৰিৱৰ্তন আহিবই আহিব। সেই বুলি দেখা দৰ্কাৰ যে সেই পৰিৱৰ্তনত ভাষাৰ আৰু সাহিত্যৰ প্ৰাণটো নেযায়।...জীয়া ভাষাটো জীয়া পদাৰ্থ, মৰা শ বা জকা নহয়। জীয়া বস্তুৱেই পৰিৱৰ্তনশীল হয়। ভাষাক অপৰিৱৰ্তন কৰিলে সি মৰা জকা হ’ব। পৃথিৱীত যিবোৰ জীয়া ভাষা আছে, সেইবোৰৰ সৰহ নালাগে ডেৰ কুৰি বছৰ কালৰ ভিতৰতে হোৱা পৰিৱৰ্তন দেখিলে আচৰিত মানিব লাগে।...অভিধান ব্যাকৰণে অৱশ্যে কিছুদিনলৈ ভাষাক নিয়মিত কৰি স্থায়িত্ব দিয়ে। বৰ খৰ পৰিৱৰ্তন একোলৈকে ভাল নহয়, ভাষালৈকো নহয়। সেই দেখি ৰক্ষণশীল অভিধান-ব্যাকৰণৰ চাপ আৱশ্যক।
(বাঁহী, আহিন, ১৮৩২ শক)
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, April 6, 2014

জনা আৰু নজনা কথাৰ মালিতা: হোমেন বৰগোহাঞি

 5:26:00 AM     মহীৰূহ     No comments   

ফৰাচী কবি ফ্ৰাঁচোৱা ভিয়োঁৰ 'Ballad of things known and unknown' কবিতাটোৰ অসমীয়া অনুবাদ 'জনা আৰু নজনা কথাৰ মালিতা'। কবিতাটি অনুবাদ কৰিছিল হোমেন বৰগোহাঞিয়ে।

 



গাখীৰত পৰা মাখিবোৰ মই খুব ভালকৈ চিনি পাওঁ;
সাজপাৰ দেখিয়েই মই মানুহ চিনি পাওঁ,
বাহিৰৰ খোলাটো দেখিয়েই মই বাদাম চিনি পাওঁ,
ফৰকাল আকাশৰ লগত ডাৱৰীয়া আকাশৰ পাৰ্থক্য মই জানো,
গুটি দেখিয়েই মই গছ চিনি পাওঁ,
ধোদৰ পচলা আৰু কামিলা মানুহৰ পাৰ্থক্য মই জানো,
কোনবোৰ ঘেঁহু পোকে খোৱা,
কোনবোৰ ভাল সেইকথা মই জানো;
মই এই সকলোবোৰ কথা জানো,
নাজানো কেৱল নিজকে।

দীঘল চোলা দেখিয়েই মই পাদুৰীক চিনি পাওঁ,
প্ৰভু-ভৃত্যৰ পাৰ্থক্য মই ভালকৈয়ে জানো;
চুলি ঢাকি ৰখা ওৰণি দেখিয়েই মই সন্ন্যাসিনীক চিনি পাওঁ,
ভাল মদ আৰু বেয়া মদৰ পাৰ্থক্যও মই জানো।
মই এই সকলোবোৰ কথা জানো,
নাজানো কেৱল নিজকে।

ঘোঁৰা আৰু গাধৰ পাৰ্থক্য মই জানো,
কোনে কিমান বোজা বব পাৰে সেই কথা মই জানো,
বিয়েট্ৰিছ আৰু বেল দুয়োকে মই জানো,
পিটাৰৰ সিংহাসনৰ ক্ষমতা মই জানো,
এই সকলো কথা মই জানো,
নাজানো কেৱল নিজকে।

প্ৰভু, মই সকলো কথা জানো,
শকত আৰু চেৰেলা,
শেতা আৰু তেজগোৰা এই সকলো কথা জানো,
জানো; আমাৰ সকলো যাতনাৰ ওৰ পেলোৱা মৰণৰ কথাও মই জানো;
এই সকলোবোৰ কথা মই জানো,
নাজানো কেৱল নিজকে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, March 30, 2014

জীৱন নিৰাশ নহ’ল: উইল ডুৰাণ্ট

 2:35:00 PM     মহীৰূহ     No comments   

www.jibonenedorei.blogspot.inতিনি হাজাৰ বছৰৰ আগতে এজন মানুহে ভাবিছিল যে মানুহ উৰিব পাৰিব। মানুহে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁ দুখন ডেউকা সাজি উলিয়ালে। তেওঁৰ পুতেক ইকাৰাছে সেই ডেউকাৰ সহায়েৰে উৰিবলৈ গৈ সাগৰত পৰি মৰিল।
কিন্তু সেই বুলি জীৱন নিৰাশ নহ’ল। মানুহে এদিন চৰাইৰ দৰে আকাশত উৰিব পাৰিবই— এই স্বপ্ন সি তাৰ বুকুৰ মাজত বহন কৰি লৈ ফুৰিল।

ত্ৰিশ পুৰুষৰ পিছত লিওনাৰ্ডো দ্য ভিঞ্চিয়ে এটা উৰিব পৰা যন্ত্ৰৰ কেতবোৰ ছবি আঁকি উলিয়ালে। ছবিবোৰ ইমান সুন্দৰ আছিল যে সেইবোৰত চকু পৰিলেই বুকুৰ মাজত এটা যন্ত্ৰণা অনুভৱ হয়। ছবিবোৰ আঁকি শেষ কৰি তেওঁ নিজৰ টোকা বহীত এটা সৰু বাক্য লিখিলে: “মই মানুহৰ কাৰণে ডেউকা সাজিম।” কিন্তু লিওনাৰ্ডোৰ সপোন নফলিয়ালে।
মানুহে উৰি ফুৰা দেখিবলৈ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হ’ল।
কিন্তু জীৱনে তাৰ স্বপ্ন বুকুৰ মাজত বহন কৰি লৈ ফুৰিল। আৰু কেইবাপুৰুষ পাৰ হৈ গ’ল। মানুহে ভাবিবলৈ ধৰিলে যে মানুহৰ পক্ষে উৰা সম্ভৱ নহয়, কাৰণ সেইটো ঈশ্বৰৰ ইচ্ছা নহয়। কিন্তু মানুহে এদিন সঁচাকৈয়ে আকাশলৈ উৰা মাৰিলে।

জীৱন তাকেই বোলে— যি এবাৰৰ কাৰণেও হতাশ বা ভগ্নোদ্যম নহৈ তিনি হাজাৰ বছৰ ধৰি একেটা উদ্দেশ্যত লাগি থাকিব পাৰে। ব্যক্তি বিশেষ ব্যৰ্থ হ’ব পাৰে, কিন্তু জীৱন সদায় জয়ী হয়। ব্যক্তিৰ মৃত্যু হয়; কিন্তু জীৱন, অক্লান্ত আৰু অপৰাজেয়। জীৱন চিৰকাল নিজৰ বাটত আগুৱাই গৈ থাকে বিস্মিত হৈ, সোণৰ সোলেং বিচাৰি, ভাঙি, পাতি, চেষ্টা কৰি, পৰীক্ষা-নিৰীক্ষা কৰি, এবাৰ উঠি এবাৰ নামি, সিদ্ধি লাভ কৰি, আশা কৰি, সপোন দেখি...
জীৱন নিজৰ বাটত আগুৱাই গৈ থাকে চিৰকাল।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, December 4, 2013

মহীৰূহ: লক্ষ্মীনাথ বেজবৰুৱাদেৱে কমলাকান্ত ভট্টাচার্য্যদেৱলৈ সম্বলপুৰৰপৰা লিখা এখন চিঠি

 11:44:00 AM     মহীৰূহ     No comments   

সম্বলপুৰ
২০।৩।৩২
মৰমৰ হৰিভকত ভট্টাচাৰ্য্য ডাঙৰীয়া,
জ্ঞান বোপাৰ পোষ্ট কাৰ্ডৰ পোন্ধত আঁৰি দিয়া আপোনাৰ লেখা কেইষাৰি পাই আনন্দ পালোঁ।
আপোনাৰ মন আজিকালি বিষাদপূৰ্ণ হোৱাৰ কাৰণো জানিলোঁ। ধন, জ্ঞান আৰু কিবা এটা আপোনাৰ নাই। সেয়ে কাৰণ বুলি আপুনি কৈছে। ধন আগেয়ে আপোনাৰ আছিল, এতিয়া দুৰ্বল আৰু অকামিলা, তাৰ মানে নথকাৰ নিচিনা। আপোনাৰ ধন থাকোঁতে সি আপোনাৰ মনত “মাৰো পানী,মাৰো পানী”কে কেনেকৈ আপোনাক উতলাই লৈ ফুৰিছিল, সেই কথাটো আপোনাৰ “চিন্তাৰ ঢৌ”ত পেলাই দি তলি পাবলৈ এৰি দিলেই গম পাব, তেনেকুৱা দুৰ্দান্ত ধন যদি গ'ল, আপুনি ৰক্ষা পালে বুলি ভাবক। আৰু সেই ধনে সদায় আপোনাক সহায় কৰি লৈ ফুৰাব বুলি ভবাটোও ভুল। তাৰ দিনত সি তাৰ কাম দিলে। তাক চিৰকাল টানি-আঁজুৰি তাৰ পৰা কাম ল'বলৈ আশা কৰা বৃথা। এই দেখিয়েই “অৰ্থমনৰ্থং” বুলিছে। আপুনি অনৰ্থৰ হাত সাৰিল দেখি মোৰ congratulation ল'ব। জ্ঞান আপোনাৰ হাতৰ কাষতে। জ্ঞানে মোক তোল, মোক তোল বুলি ফুৰাটো যদি আপুনি সামৰি নলয় তেন্তে সেইটো কাৰ দোষ? দেশৰ “কৰ্ম” আপুনি আগেয়ে অনেক কৰিলে। এতিয়া কৰিব নোৱাৰা হ'ল যদি তাত দুখ নকৰিব।
“চিৰদিন সমানে নেযায়।” এতিয়া আপোনাৰ পক্ষে মানসিক কৰ্মই শ্ৰেয়ঃ। তাতো সুখ আছে।

আপোনাৰ প্ৰৱন্ধৰে আজিকালি আপুনি এটাইকেইখন অসমীয়া কাকত বুৰাই আছে; তথাপি আপোনাৰ খক নাই যোৱা। মানুহ যিমান বুঢ়া হৈ আহে, খকো তিমান বাঢ়ি আহেনেকি? আপুনি নিজৰ ছপাখানা নাই বুলি বেজাৰ কৰিছে। মই কওঁ, আগেয়ে আছিল- যেনে তেজপুৰত সেই ছপাখানা। তাত আপুনি প্ৰাণপণে চেপিছিল; আৰু কাৰ্যৰ ফলো হ'ল; কাৰণ আপোনাৰ গাত বল-শকতি আছিল। আজি কোনো ছপাখানাই আপোনাৰ চেপত একাণপতিয়াকৈ পৰিবলৈ ৰাজী নহয়। “বুঢ়াটো” বুলি আপোনাক অৱজ্ঞা কৰিব। এতেকে “তে হি নো দিৱসা গতাঃ” বুলি মনলৈ শান্তি আনক।
ভালে আছোঁ, মৰম পঠিয়ালোঁ।
শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, December 1, 2013

কবিক প্রজাপতি ব্রহ্মাৰ সৈতে তুলনা কৰা হৈছিল: হীৰেণ ভট্টাচার্য

 8:13:00 PM     মহীৰূহ     No comments   

আমাৰ প্ৰাচীন সাহিত্যত কবিক প্ৰজাপতি ব্ৰহ্মাৰ সৈতে তুলনা কৰা হৈছিল। অৰ্থাৎ কবি সাধাৰণ মানুহ নহয়। আলৌকিক তেওঁলোকৰ সৃষ্টি। ৰোমান্তিক যুগতো কবিক কোৱা হৈছিল দ্ৰষ্টা-শিক্ষক। কবিতা আছিল কবিৰ বাণী।
সময় সলনি হোৱাৰ সৈতে কবি সম্পৰ্কে অভীধাও সলনি হৈছে। কবিও আন দহজনৰ দৰে দোষে-গুণে মানুহ। আৱেগ অনুভূতি একমাত্ৰ কবিৰেই আছে এইকথা ন-দি ক'ব পাৰি?
কবিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে নিজৰ সৃজনশীল, মননশীল বিচিত্ৰ ভাৱনাৰ বাহন স্বৰূপে শব্দ ব্যৱহাৰ কৰাৰ ক্ষমতা। এই প্ৰখৰ শব্দবোধেই কবিক আন মানুহৰ পৰা পৃথক কৰিছে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী

 8:10:00 PM     মহীৰূহ     No comments   

‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্ৰিয় বাতৰিকাকত ‘দৈনিক অসম’ৰ বিশেষ সংখ্যাত এই উপন্যাস প্ৰকাশ পাইছিল। এই উপন্যাসৰ মাজত সেই সময়ৰ প্ৰাইভেট কোম্পানীবোৰত কাম কৰা শ্ৰমিকসকলৰ জীৱন-ধাৰাৰ এক চিত্ৰ দিয়া হৈছে। বৰ কম বয়সত এই উপন্যাসখন লিখা হৈছিল। কিন্তু কাশ্মীৰৰ চন্দ্ৰভাগা নদীৰ (চেনাব) ওপৰত দলং বন্ধা শ্ৰমিকসকলৰ নিজ চকুৰে দেখা এক অৱস্থাৰ হুবহু ছবি ইয়াত অঁকা হৈছে। মই নিজে মোৰ স্বামী মাধৱেন ৰয়ছমৰ লগত শ্ৰমিকসকলৰ কেম্পত সেই সময়ত প্ৰায় এবছৰ বাস কৰিছিলোঁ। ইয়াতেই এক দুৰ্ঘটনাত মাধৱেন ৰয়ছমৰ মৃত্যু ঘটিছিল।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Saturday, November 16, 2013

মহীৰূহঃলক্ষ্মীনাথ বেজবৰুৱাই যতীন্দ্রনাথ দুৱৰালৈ সম্বলপুৰৰপৰা লিখা এখন চিঠিৰ কিয়দংশ

 12:05:00 PM     মহীৰূহ     No comments   

তোমাৰ ২৩/১০/১৭ তাৰিখৰ চিঠিৰপৰা বুজিলো যে চিঠি-পত্র লেখা-লেখি হৈ থাকিলেহে মানুহে মানুহক নাপাহৰে, কোনো কাৰণত চিঠি লেখা বন্ধ হ'লে অথবা পলম হ'লেই পাহৰণিৰ পকনি আৰম্ভ হয়। মোৰ সাংসাৰিক জীৱনৰ প্রথমতে এটি সন্তান হৈছিল। সন্তানটি ছোৱালী। ছোৱালীটি ধুনীয়া আছিল বুলি ক'লেও সম্পূর্ণকৈ কোৱা নহয়; কাৰণ সেই কালৰ সমসাময়িক 'কবিসকল'ৰ যি ছোৱালীটি দেখিছিল আৰু তাইৰ সৈতে কথা-বার্তা পাতিছিল, তেওঁলোকে কৈছিল-
'সৈইটি ফুলৰ সৌৰভ, জোনৰ পোহৰ, মৃদু বতাহৰ গতি, শিৱসাগৰৰ বৰ পুখুৰীত ৰাতি জোনৰ পোহৰ পৰি চিকমিক কৰা সৰু সৰু ঢৌৰ মালাৰ চাকি।'
পাঁচ বছৰৰ মূৰত এদিন ক'ৰবালৈ গুছি গ'ল। আজিলৈকে এখনি চিঠি তাই আমালৈ লেখা নাই। আমিও তাইৰ ঠিকনা জানিব নোৱাৰি এখনিও চিঠি লেখিব পৰা নাই; কিন্তু তাইক পাহৰণিৰ আৰম্ভ আমাৰ মনত হোৱাটোৰ গম আজিলৈকে হ'লে পোৱা নাই। পিছত কি হয় ক'ব নোৱাৰো।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

মহীৰূহঃএজন শিৱসাগৰীয়াৰ চিঠিৰ উত্তৰত লেখা লক্ষ্মীনাথ বেজবৰুৱাৰ কথাখিনি

 12:01:00 PM     মহীৰূহ     No comments   

http://jibonenedorei.blogspot.in
(এজন শিৱসাগৰীয়াৰ চিঠিৰ উত্তৰত লেখা লক্ষ্মীনাথ বেজবৰুৱাৰ এই কথাখিনি 'বাঁহী'ৰ অষ্টাদশ বছৰ চতুর্থ সংখ্যাত (১৮৫১ শক, শাওণ) প্রকাশিত।)

'চিঠিৰ লেখকৰ নাম নাপাই, বাঁহীলৈকে উত্তৰ লেখি দিলো। চিঠিত উল্লেখ কৰা গীতটিৰ (অ' মোৰ আপোনাৰ দেশ) মই একো সলনি কৰা নাই, আৰু কেতিয়াও নকৰোও। মোৰ এটা ধাৰণা আছে, যি শুধেই হওক বা অশুধেই হওক কিন্তু আছে। গছৰ পকা ফল সৰি পৰিলে, গছৰ সৈতে তাৰ আৰু সম্পর্ক নাথাকে। সি তলত পৰি গজে, নাইবা জীৱ-জন্তুৰ পেটলৈ যায়, নাইবা বতাহে তাক উৰাই নি দূৰ-দূৰান্তৰত পেলায়। গছ আলৈ-আথানি বা আদৰ-সাদৰৰ পৰা আঁতৰত। অৱশ্যে তাৰ আদৰ দেখিবলৈ পালে গছৰ যে সন্তোষ অথবা আলৈ-আথানি চকুত পৰিলে যে গছ অলপ নহয় অলপ ব্যথিত নহ'ব, এনে নহয়। তথাপি গছ তাৰ বিষয়ে নির্লিপ্ত। শ্রীমন্ত শংকৰদেৱৰ প্রথম পুথি হৰিচন্দ্র উপাখ্যান এদিন তেওঁ পাটবাউসীত থাকোতে, এটা মগনিয়াৰে হৰিচন্দ্র পুথিৰ পদ মাতি, মাগি ফুৰা দেখি তেওঁ দুখ কৰি কৈছিল, 'মোৰ প্রথম মানস-সন্তান ভিক্ষাৰী হ'ল।' মোৰ ৰচিত এই গীতটি ভিক্ষাৰী হোৱা দূৰত থাওক, National Anthem অর্থাৎ জাতীয় সংগীতৰূপে ৰাজ-ৰাজেশ্বৰ হোৱা দেখি অৱশ্যে মোৰ আনন্দ কুলায়-পাচিয়ে নধৰা হৈছে হ'ব।'
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, November 13, 2013

মহীৰূহঃলক্ষ্মীনাথ বেজবৰুৱাৰ 'বাঁহী'ৰ দ্বিতীয় বছৰ একাদশ সংখ্যাত প্রকাশিত পুথি সমালোচনা

 1:48:00 PM     মহীৰূহ     No comments   

লক্ষ্মীনাথ বেজবৰুৱা
'বাঁহী'ৰ দ্বিতীয় বছৰ একাদশ সংখ্যাত (আহিন, ১৮৩৩ শক) প্রকাশিত পুথি সমালোচনা

প্রতিমাঃ শ্রীযুত চন্দ্রকুমাৰ আগৰৱালাৰ দ্বাৰাই ৰচিত। বেচ আঠ অনা। প্রতিমাৰ কেইবাটাও কবিতা বাঁহীত ওলাইছিল; সেই দেখি তাৰ বিষয়ে আমি কোনো কথা কোৱাটো উচিত নহয়। কিন্তু উচিত-অনুচিত যি হওক, এইটো আমি নকৈ নোৱাৰোঁ যে ভালেমান দিনৰ মূৰত এখন প্রকৃত কবিতাৰ কিতাপ পাই আজিকালিৰ অসমীয়া পদ্য-সাহিত্যৰ ভৱিষ্যৎ যে সমূলি এন্ধাৰ নহয় এই কথা বুজিব পাৰিছোঁ। আজিকালি 'অসমীয়া কবি'ৰ ভাৰে ভাৰে পদ্য পঢ়ি আমি বানপ্রস্থী হ'বৰ কথা একপ্রকাৰ ভাবিছিলোঁৱেই; এনে সময়ত আগৰৱালা ডাঙৰীয়াই তেওঁৰ 'হৃদয়ৰ মন্দিৰত লুকুৱা প্রতিমা' বাহিৰলৈ উলিয়াই যে আমাৰ কি মহোপকাৰ কৰিলে তাক কি ক'ম।
'প্রতিমা'ৰ খনিকৰজন 'বাঁহী'ৰ সম্পাদকৰ পৰম বন্ধু। কিন্তু সেই বুলিয়েই যে সম্পাদকে সংকোচ কৰি কর্তব্যৰ অনুৰোধ নাৰাখি সঁচা কথাষাৰ নক'ব এনে নহয়। সেই আষাৰ হৈছে- 'প্রতিমা' ৰচোঁতা কবিৰ আসন আজিকালিৰ গোটেইবোৰ অসমীয়া কবিৰ আগত।
'প্রতিমা'খন সৰু কিন্তু সি নিভাঁজ সোণৰ।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

মহীৰূহঃলক্ষ্মীনাথ বেজবৰুৱাৰ 'বাঁহী'ৰ ত্রয়োদশ বছৰ তৃতীয় সংখ্যাত প্রকাশিত কিছু কথা

 1:42:00 PM     মহীৰূহ     No comments   

লক্ষ্মীনাথ বেজবৰুৱা
'বাঁহী'ৰ ত্রয়োদশ বছৰ তৃতীয় সংখ্যা (আহাৰ, ১৮৪৫ শক)ত প্রকাশিত

মানুহে যদি যুদ্ধ নেৰে তেন্তে মানুহ নামৰ প্রাণী পৃথিৱীত লোপ হ'ব। যুদ্ধৰ ফলত সভ্যতাৰ চিন-মোকাম পর্যন্ত নাথাকে, লোভেই যুদ্ধৰ ঘাই কাৰণ। নিজৰ ৰাজ্য আৰু প্রভাৱ অক্ষুণ্ণ ৰাখি লোকৰ ৰাজ্য আৰু প্রভাৱ খর্ব কৰিব বিচাৰিলেও যুদ্ধত পৰা যায়। পৰৰ ৰাজ্যৰ প্রতি লোভৰেই আজিকালি সভ্য নাম হৈছে 'ইম্পিৰিয়েলিজম'। ইয়াৰ ফলত গোটেই আফ্রিকা মহাদেশ, এছিয়াৰ দক্ষিণ-পূবডোখৰ আৰু আমেৰিকাৰ এডোখৰ ইউৰোপীয় জাতি গোটাচেৰেকৰ অধিকৃত। ইয়াৰ ফলত পৃথিৱীৰ লক্ষ লক্ষ নির্দোষ মানুহৰ তেজেৰে ৰাঙলী হৈছে, আত্মৰক্ষা আৰু পৰস্বাপহৰণ এই দুটা প্রয়োজনৰ নিমিত্তে সকলো ৰাজ্যত যুদ্ধৰ আহিলা-পাতি সংগ্রহ। আমেৰিকাৰ বিখ্যাত বিজ্ঞানী টমাচ এডিচনে কয় যে বিষাক্ত গেছেৰে লণ্ডন চহৰৰ সত্তৰ লাখ মানুহৰ প্রাণ বধ কৰিবলৈ মাথোন তিনি ঘণ্টা লাগিব।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Thursday, August 15, 2013

মহীৰূহঃবিষ্ণু প্ৰসাদ ৰাভা

 6:25:00 PM     মহীৰূহ     No comments   

বৌদ্ধ যুগতো ভাৰতীয় নাট্যকলাই যথেষ্ট সমাদৰ পাইছিল আৰু বিশিষ্টভাৱে ইয়াৰ উত্‍কর্ষ সাধনো কৰা হৈছিল। 'ললিত বিস্তৰ'ৰ মতে, বুদ্ধদেৱে নিজেই নাট্যকলাৰ বিষয়ে উত্‍সাহ প্ৰদান কৰিছিল। ৰাজগৃহত তেওঁ বাস কৰোঁতে তেওঁৰ শিষ্য মোদগল্যায়ন আৰু উপতিষ্যই 'দিগম্বৰ' নাটকৰ অভিনয়ৰ ব্যৱস্থা কৰিছিল। ৰাজগৃহত কলা-পটীয়সী অভিনেত্ৰী কুবলয়াই তেওঁৰ মোহিনী শক্তিৰে কিছুমান বৌদ্ধভিক্ষুৰো হৃদয় বিচলিত কৰিছিল। গৌতম বুদ্ধৰ অভিশাপত সেই সুন্দৰী অভিনেত্ৰী কুৰূপা বিকটদর্শনা বৃদ্ধাত পৰিণত হয়। বহু কাকূতি-মিনতি আৰু পৰিতাপ অনুতাপৰ ফলত বুদ্ধদেৱে তেওঁক ক্ষমা কৰে। নাগৰাজসকলৰ সন্মানৰ কাৰণে মগধৰাজ বিম্বিসাৰে অভিনয় প্ৰদর্শন কৰিছিল। কুষান-ৰাজ কনিষ্কৰ সভাকবি অশ্বঘোষে লিখা এখন নাটক-
'সাৰিপুত্ৰ প্ৰকৰণ' মধ্য এছিয়াত পোৱা গৈছে। খ্ৰীষ্টীয় তৃতীয় শতাব্দীত লিখা বৌদ্ধ জাতকৰ নাট আৰু নাটকৰ বহু দৃষ্টান্ত আৰু আচৰিত আচৰিত আখ্যান পোৱা যায়।

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

মহীৰূহঃজ্যোতিপ্রসাদ আগৰৱালা

 6:22:00 PM     মহীৰূহ     No comments   

বর্তমান পৃথিৱীত এই বৈজ্ঞানিক যুগত একেবাৰে আছুতীয়াকৈ কোনো দেশৰ, প্রদেশৰ মহাজাতিৰ, জাতিৰ বা উপজাতিৰ সংস্কৃতি হ'ব নোৱাৰে। এতিয়া এক সমন্বয় সংস্কৃতি সভ্যতালৈ মহাজাতি, জাতি উপজাতিবোৰ যাবলৈ ধৰিব। পৃথিৱীৰ বুৰঞ্জীত এনে সমন্বয় কেতিয়াবাৰ পৰাই আৰম্ভ হৈছে। সমন্বয় প্রণালীতো, এটা জাতিৰ, উপজাতি সমন্বয়ৰ কৰাৰ ধৰণৰ মৌলিকতা ফুটি উঠিব। লাগিব কিয় -

সেই মৌলিকতা উদ্বুদ্ধ কৰি সমন্বয়ত সেই মৌলিকতা প্রকাশ কৰিব লাগিব। আৰু এই জাতিৰ জাতীয়, উপজাতীয় মৌলিকতাইহে পৃথিৱীৰ সমন্বয় হোৱা সমষ্টিত সভ্যতাবোৰত বৈচিত্র ফুটাই তুলিব। এই বৈচিত্র আমাক লাগিবই-আমি ৰক্ষা কৰিবই লাগিব।

এই সমন্বয়ৰ বৈচিত্র ৰক্ষা কৰাৰ নীতিকে আজি জগতৰ জাতি-উপজাতিয়ে মানি চলিলেই প্রায়েই আমি সংঘর্ষৰ পৰা হাত সাৰিব পাৰিম। অৱশ্যে এটা জাতিৰ বা উপজাতিৰ সকলো মানুহে যে এই সাংস্কৃতিক নীতি মানি ল'ব তাক ক'ব নোৱাৰি। ইমানদিন পৃথিৱীত চলি অহা, নিজৰ আত্মপ্রসাৰৰে আনক গিলি খাই নিজৰ অভিমান অহংকাৰক সন্তুষ্ট কৰা প্রবৃত্তিবোৰৰ আজিও পৃথিৱীত সু-সভ্য সংস্কৃতি সম্পন্ন জাতি বুলিও মানৱ ধর্ম বুলি মানি চলাত আমি এই সংস্কৃতি-বিৰোধী দুষ্কৃতিৰপৰা প্রতিক্রিয়ামূলক প্রতিৰোধ পাম। নিশ্চয়েই সেই ক্ষেত্রত সেই মনোবৃত্তিৰ মানুহৰ স'তে ব্যক্তিৰ বা সমষ্টিৰ স'তে আমি সংঘর্ষত আহিবই লাগিব। শাস্ত্রৰে আমাৰ নতুন সাংস্কৃতিক সংগঠন আৰু অস্ত্রৰে আমি দুষ্কৃতিক দমন কৰিবলৈ থিয় হ'বই লাগিব। পাত্রাপত্র চাই আমি সত্যগ্রহৰ অস্ত্রাগাৰৰ পৰা অস্ত্র আনিব লাগিব আৰু আৱশ্যক হ'লে আমি খাৰ-বাৰুদৰ কুঠুৰিলৈকে যাব লাগিব। অহিংসাই যে মানৱ সংস্কৃতিৰ চৰম পৰিণতি তাক অৱশ্যে মনত ৰাখিয়েই। এইখিনিতে আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে সংস্কৃতিয়ে সংস্কৃতিয়ে কেতিয়াও সংঘর্ষ নহয়, সংঘর্ষ হয় দুষ্কৃতিৰ স'তে। সংস্কৃতিয়ে সংস্কৃতিয়ে মাথোন সমন্বয়হে হয়। সাধুৱে সাধুৱে সংঘর্ষ নহয়। সাধু আৰু আসাধুৰ সংঘর্ষ অৱশ্যে হয়েই।

আমাৰ জীৱনৰ সকলো স্তৰতে সংস্কৃতিৰ পোহৰ পৰিব লাগিব। দৈনন্দিন কার্যবোৰৰ পৰাও আনন্দ পাবৰ কাৰণে তাতো সৌন্দর্যৰ সমাবেশ হ'ব। সেই কাৰণে আজি বিজ্ঞানৰ সহায়েৰে উন্নত সংস্কৃতিৰ মানুহে ৰান্ধনী ঘৰটোও এটা সৌন্দর্যৰ বস্তু কৰি তুলিছে। আজি আমাৰ এটা সুৱদি গীত বা সুৰ শুনি মনলৈ যেনে আনন্দ আহে, ঠিক সেইদৰেই আমি এটা আধুনিক ৰান্ধনী ঘৰত সোমালে আনন্দ পাব লাগিব।

মুঠতে সংস্কৃতিয়ে আমাৰ ৰাজনীতিৰ পৰা ৰান্ধনী ঘৰলৈকে প্রভাৱ বিস্তাৰ কৰিব লাগিব। তেতিয়াই আমি মানুহ জীৱনৰ পূর্ণ আনন্দ লাভ কৰিব পাৰিম। সংস্কৃতিয়েই জীৱন ধুনীয়া কৰে। আৰু এই সংস্কৃতিৰ যেতিয়াই বিভ্রাট উপস্থিত হয়, তেতিয়াই মানুহৰ সমাজত বেমেজালি আৰু কদর্যতাই দেখা দিয়ে।

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

মহীৰূহঃছেমুৱেল স্মাইলছ

 6:21:00 PM     মহীৰূহ     No comments   

সৰু সৰু ল'ৰা-ছোৱালীক কিছুমান শিক্ষক আৰু মাক বাপেকে অবর্ণনীয় অত্যাচাৰ কৰে। ল'ৰা-ছোৱালীবোৰৰ মানসিক শক্তি ডাঙৰৰ স'তে সমান আৰু সিহঁতৰ হাব-ভাববোৰো ডাঙৰৰ সমান বুলি ভুলকৈ ভাবি লোৱা হয়। খৰকৈ পাঠ আয়ত্ত কৰিব নোৱাৰা ল'ৰাক বেতোৱা হয়, অন্য প্রকাৰেও তাক শাস্তি আৰু লঘু লাঞ্ছনা বিহা হয়।

এনে কার্যৰ ফলত সৰুৰ মনে কিমান কষ্ট ভোগ কৰে তাক ডাঙৰে উপলব্ধি কৰিব নোৱাৰে। শিশু এটিৰ জগতখন ইমান ক্ষুদ্র পৰিসৰৰ যে সি নিজৰ দুখ যন্ত্রনাৰ পৰা ৰক্ষা পোৱাৰ উপায়ো বিচাৰি নাপায়। তাৰ মনৰ দুখ বেদনা তাৰ মনতে মাৰ যায়। কিন্তু ইয়াৰ পৰিণতি প্রায়েই দুঃখজনক হয়। সেইবাবে কোমলমতি ল'ৰাবোৰক শাৰীৰিক মানসিক কোনো প্রকাৰ উৎপীড়ন কৰিব নালাগে আৰু সিহঁতক গৰু গাধ তোৰ দ্বাৰা একো নহ'ব ইত্যাদি কথা কৈ কোনো প্রকাৰে নিৰুৎসাহ কৰিবও নাপায়। মনত গোট মাৰি থকা পুঞ্জীভূত বেদনা আৰু ক্ষোভে এসময়ত মানসিক অস্থিৰতা, অবাধ্যতা আদিত আত্মপ্রকাশ কৰে।

সিহঁতৰ প্রতি কৰা নিষ্ঠুৰ ব্যৱহাৰ বাবে বাপেকক সিহঁতে মনে মনে শত্রু বুলি গণ্য কৰিবলৈ ধৰে।

ফলত সংঘাতৰ সৃষ্টি হয়। সেইবাবে কম বয়সীয়া ল'ৰা ছোৱালীহঁতৰ লগত মাক বাপেকৰ আচৰণ সহনশীল, স্নেহশীল আৰু খোলা মনৰ হ'ব লাগে।

কম বয়সীয়া হ'লেও ল'ৰা এটিৰ মনত মাক বাপেকৰ প্রতি বিৰূপ মনোভাব বা তিক্ততাৰ সৃষ্টি হ'বলৈ কেতিয়াও দিব নালাগে। তেনেহ'লে সি বহুতো সময়ত মনৰ ভাববোৰ কাৰো আগত ফুটাই নকৈ, ভিতৰি ভিতৰি খং আৰু বিদ্বেষত জ্বলি থাকে। এনে এটা অৱস্থা তাৰ বয়সৰ ল'ৰা এটাৰ বাবে নিতান্তই ক্ষতিকাৰক হয়। তাৰ প্রতি অন্যায় কৰা হৈছে বুলি তাৰ মনত সন্দেহে বাহ লয়।

উঠি অহা গজলীয়া ডেকা ল'ৰা এটা কিবাকৈ মৃত্যুৰ মুখত পৰিলে মাক বাপেকৰ অন্তৰৰ বেদনা কিমান তীব্র হয় সেই কথা আমি আটায়ে বুজো। কিন্তু তেনে মৃত্যুৰ অন্তৰালত যদি কিবা ভুল বুজাবুজিৰ হাত থাকে তেন্তে অৱস্থাটো জীয়াই থকাবোৰৰ বাবে অধিক দুঃসহ হয়। পুতেকক অত্যন্ত কঠোৰ শাসন কৰা এজন পিতাকে পুতেকৰ মৃত্যুৰ পাছত নিজৰ বন্ধু এজনৰ আগত এইবুলি কৈছিল,

'মোৰ ল'ৰাটোৱে মোক তাৰ প্রতি বৰ নিষ্ঠুৰ বুলি ভাবিছিল, সি তেনেদৰে ভবাৰ কাৰণো অৱশ্যে নোহোৱা নহয়। কিন্তু মই অন্তৰৰ গভীৰতাত তাক কিমানকৈ ভাল পাইছিলো সেই কথা সি নাজানিছিল।

কিন্তু এতিয়া বহুত পলম হৈ গ'ল।'

পিতাকৰ প্রতি থকা এই সন্দেহ আৰু অবিশ্বাসেই শেহত গৈ কাল হ'ল। এনে সন্দেহ আৰু অবিশ্বাসবোৰ কলিতেই মুচৰি পেলাব লাগে, বাঢ়ি যাবলৈ দিলে সিহঁতে আপোন মানুহৰ ভিতৰতে মানসিক ব্যৱধানৰ সৃষ্টি কৰে।

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

মহীৰূহঃবিষ্ণু প্ৰসাদ ৰাভা

 6:18:00 PM     মহীৰূহ     No comments   

অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট।
সৰু সৰু জুৰি, নিজৰা, উপনৈ সমন্বিত শক্তিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা লাভ কৰিছে ঠিক তেনেকৈয়ে অসমৰ বহু জাতি, উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যই অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্যৰে সমন্বিত ৰূপত বিশালতা লাভ কৰিছে।

যদি কোনোবাই ভেটা দিয়ে, হেঙাৰ দিয়ে তেন্তে ব্ৰহ্মপুত্ৰই যেনেকৈ সেই হেঙাৰ ভাঙি মহাসাগৰৰ ফালে ঢাল খাবই, ঠিক তেনেকৈয়ে সকলো চক্ৰান্ত মষিমূৰ কৰি অসমীয়া কৃষ্টি সংস্কৃতিৰ বৈশিষ্ট্য ঐক্যৰ প্ৰবল সমন্বিত ৰূপত মহামানৱতাৰ ফালে ঢাল খাবই।


Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, July 10, 2013

নির্মলপ্রভা বৰদলৈৰ সৃষ্টি: লক্ষ্য প্রহৰ

 5:46:00 PM     মহীৰূহ   

এদিন হঠাতেই ভৱেন বৰঠাকুৰে দীপালী বৰঠাকুৰৰ সৈতে আহিছিল নিৰ্মলপ্ৰভা বৰদলৈৰ ঘৰলৈ। উদ্দেশ্য: সুৰত এটি গীত লিখি দিব লাগে, দুয়োপক্ষৰ ওচৰতেই সময়ৰ কিছু অভাৱ।
উপায়হীন হৈ শেষত বৰদলৈয়ে কৈছিল—
‘‘মোৰ হাৰ্মণিয়ামটো আনি ড্ৰেছিং টেবুলখনতে তুলি লৈ সুৰটো বজাই থাকা,
মই গা ধুম আৰু গীতৰ কথাও দি যাম।’’
কথামতেই কাম ভৱেন বৰঠাকুৰে হাৰ্মণিয়াম বজালে আৰু নিৰ্মলপ্ৰভা বৰদলৈয়ে বাথৰূমৰ পৰাই সুৰত, কথাৰ মৌ ঢালিলে।

আচৰিতভাৱে এটা গীত তেনেদৰেই সম্পূৰ্ণ হৈছিল। গীতটি কি আছিল জানেনে আপোনালোকে? ‘সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই চেনেহ জৰী তই দিয়া মোক হাততে শুৱায়’ আচলতে সৃষ্টি এনেকুৱাই, আচৰিত কৰি তোলে সকলোকে...
যেতিয়া তেখেত গুৱাহাটীলৈ আহি তাত নিগাজিকৈ থাকিবলৈ ল'লে তেতিয়াৰ পৰাই যেন আৰম্ভ হৈছিল তেখেতৰ জীৱনৰ আন এক যাত্ৰা।
১৯৬০ চনৰ পৰাই তেখেতে বোলছবিৰ বাবে গীত ৰচনা কৰাত মনোনিৱেশ কৰিছিল।
শতাধিক গীতৰ ৰচক বৰদলৈৰ গীতৰ কথা অসমৰ প্ৰায়সংখ্যক শিল্পীৰ কন্ঠতেই বাণীবদ্ধ হৈছিল আৰু সেইমতে জনপ্ৰিয়ও হৈছিল।
জয়ন্ত হাজৰিকাৰ সুৰ আৰু কন্ঠৰে নিৰ্মলপ্ৰভা বৰদলৈৰ বহুকেইটা গীতেই চিৰযুগমীয়া হৈ ৰ'ব। সেই সুৰত যেন সঠিক মৰ্যাদা পাইছিল এইগৰাকী গীতিকাৰৰ কথাই...
তেখেতৰ প্ৰত্যেকটো গীততেই আমি নিজক বিচাৰি পাওঁ, চহৰীয়া জীৱন, জীৱনৰ কিছু হৰ্ষ-বিষাদ, প্ৰকৃতিৰ ভিন্ন ৰূপ ইত্যাদি। ‘শামুক অ’ শামুক খাবা নেকি জালুক, জালুক যদি নোখোৱা ওলাবহি ভালুক...’
তেওঁৰ জীৱনটো শিশুৰ বাবে আছিল বুলি ক’লেও বঢ়াই কোৱা নহ’ব যেন! ‘নীলা বাইদেউ’ নামেৰে শিশুৰ মনত নিগাজীকৈ বাস কৰিবপৰা এইগৰাকী স্বনামধন্য সাহিত্যিকক আমিনো কি সতে পাহৰিব পাৰিম, যি প্ৰতিটো সুৰে সুৰে প্ৰতিপলে জী আছে আমাৰ মনত।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog