তোমাৰ ২৩/১০/১৭ তাৰিখৰ চিঠিৰপৰা বুজিলো যে চিঠি-পত্র লেখা-লেখি হৈ থাকিলেহে মানুহে মানুহক নাপাহৰে, কোনো কাৰণত চিঠি লেখা বন্ধ হ'লে অথবা পলম হ'লেই পাহৰণিৰ পকনি আৰম্ভ হয়। মোৰ সাংসাৰিক জীৱনৰ প্রথমতে এটি সন্তান হৈছিল। সন্তানটি ছোৱালী। ছোৱালীটি ধুনীয়া আছিল বুলি ক'লেও সম্পূর্ণকৈ কোৱা নহয়; কাৰণ সেই কালৰ সমসাময়িক 'কবিসকল'ৰ যি ছোৱালীটি দেখিছিল আৰু তাইৰ সৈতে কথা-বার্তা পাতিছিল, তেওঁলোকে কৈছিল-
'সৈইটি ফুলৰ সৌৰভ, জোনৰ পোহৰ, মৃদু বতাহৰ গতি, শিৱসাগৰৰ বৰ পুখুৰীত ৰাতি জোনৰ পোহৰ পৰি চিকমিক কৰা সৰু সৰু ঢৌৰ মালাৰ চাকি।'
পাঁচ বছৰৰ মূৰত এদিন ক'ৰবালৈ গুছি গ'ল। আজিলৈকে এখনি চিঠি তাই আমালৈ লেখা নাই। আমিও তাইৰ ঠিকনা জানিব নোৱাৰি এখনিও চিঠি লেখিব পৰা নাই; কিন্তু তাইক পাহৰণিৰ আৰম্ভ আমাৰ মনত হোৱাটোৰ গম আজিলৈকে হ'লে পোৱা নাই। পিছত কি হয় ক'ব নোৱাৰো।

0 comments:
Post a Comment