জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Wednesday, August 23, 2017

জোনাকী মনৰ ছোৱালীজনী : কস্তুৰী বৰঠাকুৰ

 1:18:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   

যিকোনো ধুনীয়া বস্তুৰ প্ৰতি মানুহৰ চিৰন্তন হাবিয়াস। মানুহ স্বভাৱগতভাৱে সৌন্দৰ্যৰ উপাসক। ধুনীয়া ফুল এপাহ, ধুনীয়া এটি শিশু, ধুনীয়া চৰাই, ধুনীয়া মানুহ দেখিলে আমাৰ দুচকু জুৰ পৰে। সৌন্দৰ্যপিয়াসী মানুহৰ মন সৌন্দৰ্যসুধা পান কৰি তৃপ্ত হয়।

চাৰিওদিশে ৰূপৰ জয়গান ব্যাপ্ত হৈ থাকিলেও গুণৰ প্ৰভাৱহে যে সবাতোকৈ শক্তিশালী, সেই কথা সময়ে সময়ে প্ৰতীয়মান হৈ আহিছে। এখন ধুনীয়া মুখতকৈ এখন ধুনীয়া হৃদয়েহে মানুহৰ অন্তৰত সাঁচ বহুৱায়। এটা সুন্দৰ মনে প্ৰভাৱিত কৰিব পাৰে আন হেজাৰজনৰ মন। পৃথিৱীৰ আটাইতকৈ কুৎচিত নাৰী হিচাপে অভিহিত হোৱা লিজ্জী ভেলাস্কুৱাজ নামৰ যুৱতীগৰাকীয়ে মানুহৰ মনৰ আন্ধাৰ কোঠাত সিঁচি দিছে মুঠি মুঠি পোহৰ। জীৱন-যাত্ৰাত দুৰ্বল হৈ পৰা মানুহক তেওঁ দেখুৱাইছে সবল আৰু আত্মপ্ৰত্যয়ী হৈ আগবাঢ়ি যোৱাৰ বাট। দেখাত অসুন্দৰ যুৱতীগৰাকীৰ শক্তিশালী আৰু সুন্দৰ মনৰ প্ৰচ্ছায়াত মানুহে শিকিছে জীৱন উদযাপনৰ মন্ত্ৰ।

১৯৮৯ চনৰ ১৩ মাৰ্চত আমেৰিকাৰ অষ্টিনত জন্মগ্ৰহণ কৰা লিজ্জী ভেলাস্কুৱাজ জন্মগতভাৱেই ‘Neonatal progeroid syndrome’ নামৰ জিনৰ এক বিশেষ জটিল আৰু বিৰল ৰোগত আক্ৰান্ত। আন মানুহৰ দৰে নহয় ছোৱালীজনীৰ শৰীৰ, কাৰণ ৰোগটোৱে লিজ্জীৰ শৰীৰত কেতিয়াও চৰ্বি সঞ্চয় হ’বলৈ নিদিয়ে। যাৰ ফলত লিজ্জীৰ শৰীৰত চৰ্বিৰ পৰিমাণ শূন্য আৰু ইয়াৰ ফলত তেওঁৰ শৰীৰৰ ওজন কেতিয়াও বৃদ্ধি নহয়। লিজ্জী ভেলাস্কুৱাজৰ দেহৰ ওজন ২৯ কিল’গ্ৰামতকৈ কেতিয়াও বৃদ্ধি নাপায়। জীয়াই থাকিবৰ বাবে তেওঁ প্ৰতি ১৫ মিনিটৰ অন্তৰে অন্তৰে খাদ্য গ্ৰহণ কৰি থাকিবলগীয়া হয়। তেওঁৰ সোঁ চকুটোত দৃষ্টিশক্তিও একেবাৰে নাই। সময়তকৈ এমাহ আগতে জন্মলাভ কৰা লিজ্জীৰ জন্মৰ সময়তে চিকি
ৎসকে তেওঁৰ পিতৃ-মাতৃক কৈছিল, কণমানিজনীয়ে কেতিয়াও কথা ক’ব নোৱাৰিব। কেতিয়াও খোজ কাঢ়িব নোৱাৰিব। ভগৱানৰ আশিসস্বৰূপে যেনিবা লিজ্জীয়ে সেই অভিশাপ মূৰ পাতি ল’বলগীয়া নহ’ল। লাহে লাহে তাই স্কুললৈ যাব পৰা হ’ল। কিন্তু আন শিশুবোৰে তাইক দেখিলে দূৰতে পলায়। কোনেও তাইৰ কাষ চাপিবলৈ নিবিচাৰে। ঘৰলৈ আহি আইনাত নিজকে চাই কণমানি লিজ্জী উচুপি উঠে। মোক ইমান কুৰূপা কৰি কিয় স্ৰজিলা প্ৰভু? এই প্ৰশ্নটোকেই তাই যেন বাৰে বাৰে কৰে ভগৱানক। গোটেই শৰীৰৰ ছাল কোঁচ খোৱা লিজ্জীৰ। কিন্তু তাইৰ মনোবল অটুট ৰাখিবলৈ অনবৰতে শক্তিশালী মূৰ্তিৰূপে থিয় দিয়ে লিজ্জীৰ মাক-দেউতাক। তেওঁলোকে কয়, ‘‘আমাৰ সোণজনী, তুমি এজনী ধুনীয়া ছোৱালী। তুমি পৰী আমাৰ বাবে। তোমাৰ দেহত এটি বেমাৰ আছে। সেইবাবেহে তোমাক দেখাত আনতকৈ সৰু যেন লাগে। তোমাৰ ভিতৰত এটি ধুনীয়া মন শুই আছে। সেইটোক জগাই তোলা। দেখিবা তুমি সকলোৰে চকুত ধুনীয়া হৈ পৰিছা।’’ মাক-দেউতাকৰ এনে মৰমৰ বাণীত লিজ্জীয়ে শিকিছিল জীৱনটোক অভ্যন্তৰীণ সৌন্দৰ্যৰে চাবলৈ। লিজ্জীৰ ১৭ বছৰ বয়সত ইউটিউবত এটা ভিডিঅ’ প্ৰচাৰ হৈছিল। যিটোৱে লিজ্জী ভেলাস্কুৱাজৰ জীৱনৰ দিশেই সলনি কৰি দিলে। সেইদিনা গান শুনাৰ মনেৰে ইউটিউব জগতত প্ৰৱেশ কৰি লিজ্জীৰ দুচকু হঠাৎ এটা ভিডিঅ’ৰ শিৰোনামত নিবদ্ধ হ’ল। ‘The ugliest woman of the world’। কৌতূহলী মনেৰে ভিডিঅ’টো ক্লিক কৰি তাই বহাতে থৰ লাগিল। সেয়া যে আন কোনো নহয়। খুদ তাই।

লক্ষাধিক মানুহে দৰ্শন কৰা ভিডিঅ’টোত মানুহে কৰা মন্তব্যবোৰ আছিল এনেধৰণৰ—লিজ্জী তুমি এজনী ভূতুনী, তুমি মানুহ হ’বই নোৱাৰা। তুমি দানৱী, তোমাক জন্মতেই মা-দেউতাই মাৰি নেপেলালে কিয়? এই ৰূপেৰে জীয়াই থাকি তুমি কৰিবা কি? তুমি এই পৃথিৱীত জীয়াই থকাৰ যোগ্য নহয়, বন্দুক এটা লোৱা আৰু নিজৰ মূৰত গুলী ফুটাই মৰি যোৱা ইত্যাদি ধৰণৰ নানা নঞৰ্থক মন্তব্যৰে নিকৃষ্ট মনৰ পৰিচয় দি মানুহবোৰে ভিডিঅ’টো মন্তব্যৰে ভৰাই পেলাইছিল। প্ৰত্যেকটো মন্তব্য পঢ়ি লিজ্জীৰ বুকু কঁপি উঠিছিল। সাহস হোৱা নাছিল যদিও এটা এটাকৈ সকলো মন্তব্য পঢ়িছিল তাই। কিজানিবা কোনোবা এজনে তাইৰ পক্ষে মাতেই- ‘‘ছোৱালীজনীক নাহাঁহিবা’’!

নাই সেইদিনা কোনোৱেই তাইৰ হৈ মাত মতা নাছিল। ইতিকিং, তাচ্ছিল্য, ভৰ্ৎসনাৰে থকা-সৰকা কৰিছিল ছোৱালীজনীক সকলোৱে। লিজ্জীৰ দুখ লগাটো স্বাভাৱিক। কিন্তু ত
ৎমুহূৰ্ততে নিজকে কৈছিল তাই, আজি যিখিনি মানুহে মোক লৈ হাঁহিছে, সেইখিনি মানুহেই এদিন মোক লৈ গৌৰৱ কৰিব লাগিব। মানুহৰ বাহ্যিক সৌন্দৰ্যয়েই যে সকলোখিনি নহয় তাৰ প্ৰমাণ মই জীৱিত কালত দি যাবই লাগিব। অভ্যন্তৰীণ সৌন্দৰ্যৰে উজলি উঠিবলৈ বদ্ধপৰিকৰ হোৱা লিজ্জী ভেলাস্কুৱাজে নিজকে গঢ় দিলে এগৰাকী প্ৰেৰণাদায়ক বক্তা হিচাপে। তেওঁৰ প্ৰেৰণাদায়ক বক্তৃতাসমূহে লাহে লাহে মানুহৰ অন্তৰ জয় কৰিবলৈ ধৰিলে। এসময়ত চিকিৎসকে কথা ক’ব নোৱাৰিব বুলি কোৱা ছোৱালীজনীয়ে ঘণ্টা ঘণ্টা ধৰি কথা কৈ মানুহক মোহাচ্ছান্ন কৰি ৰাখিব পৰা হ’ল। খোজ কাঢ়িব নোৱাৰিব বুলি কোৱা ছোৱালীজনীয়ে নিজ গুণৰ বলত অৰ্থাৎ এগৰাকী প্ৰেৰণাদায়ক বক্তা হিচাপে দেশ-বিদেশ ঘূৰিব পৰা হ’ল। প্ৰতিদিনে বাঢ়িবলৈ ধৰিলে লিজ্জী ভেলাস্কুৱাজৰ অনুৰাগীৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ তেওঁ লিখি উলিয়ালে তিনিখনকৈ কিতাপ— Lizzie Beautiful:The Lizzie Velasquez Story, Be Beautiful Be You আৰু Choosing Happiness, এই তিনিওখন কিতাপেই যথেষ্ট জনসমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থকেইখনৰ ফলত লেখিকাৰ সন্মানেৰেও বিভূষিত হ’ল লিজ্জী ভেলাস্কুৱাজৰ জীৱন। বৰ্তমান লিজ্জী এগৰাকী সফল প্ৰেৰণাদায়ক বক্তা আৰু সফল লেখিকা। তেওঁৰ জীৱনভিত্তিক এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে ‘Brave Heart:The Lizzie Velasquez Story’ নামেৰে। এসময়ত মানুহে হঁহা সেইগৰাকী নাৰীয়েই আজি মানুহৰ বাবে আত্মবিশ্বাস, সাহস আৰু প্ৰেৰণাৰ অমল উৎস হৈ জিলিকি উঠিছে।


[আগন্তুক সময়ত ওপৰত উল্লেখিত তিনিওখন কিতাপৰ PDF এই ব্লগতেই উপলব্ধ কৰিবলৈ প্ৰয়াস কৰিম।]
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Tuesday, March 1, 2016

এণ্টন পেভল’ভিচ্ চেক’ভৰ জীৱন দৰ্শন: হৰিপ্ৰসাদ চলিহা

 9:03:00 AM     ভাগৰি নাভাগৰা জীৱন     No comments   

মানুহৰ জীৱনৰ সফলতা বা বিফলতাৰ সঠিক মাত্ৰা নিৰূপণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বা হ্ৰস্বম্যাদী প্ৰচেষ্টাই একমাত্ৰ বা প্ৰধান কাৰণ বুলি চিহ্নিত নহ’বও পাৰে, যি পৰ্যন্ত সেই প্ৰচেষ্টাৰ সৈতে সময়ৰ সদ্ব্যৱহাৰৰ সময়োচিত সংযোজন ঘটোৱা নহয়। দীৰ্ঘদিন ধৰি প্ৰচেষ্টা কৰিও কোনো কোনো ব্যক্তিয়ে আশা কৰা মতে সফলতাৰ মুখ নেদেখিব পাৰে। অথচ কম সময়তে আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাৰ ফলত কোনো কোনো ব্যক্তিয়ে পূৰ্ণ সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। তেনে প্ৰচেষ্টা প্ৰধানকৈ নিৰ্ভৰশীল হয়—সু-বিবেচিত লক্ষ্যক লৈ অগ্ৰসৰ হোৱা ব্যক্তিয়ে তেওঁৰ হাতলৈ অহা বা নিৰ্দিষ্টকৈ ৰখা প্ৰতিটো মুহূৰ্তকে সময়মতে সদ্ব্যৱহাৰ কৰাৰ ওপৰত। বহুতো অল্পায়ু লোকেও কম দিনৰ ভিতৰতে পৰিকল্পিত চিন্তাধাৰাৰ সফল ৰূপায়ণৰ ফলত অসাধ্য সাধন কৰি ইতিহাস ৰচনা কৰি গৈছে। কিন্তু তাৰ বিপৰীতে দীৰ্ঘদিন ধৰি চেষ্টা কৰিও কোনো কোনোৱে আশা কৰা মতে সফলতাৰ মুখ দেখিবলৈ সক্ষম নোহোৱাকৈ থাকে।
বৰ দূৰলৈ নগৈ অসমৰ সাহিত্য-সংস্কৃতিৰ বিস্তৃত, বাৰেবৰণীয়া আৰু ঐতিহাসিক তথ্যৰে ভৰপূৰ পথাৰখনলৈ আনন্দৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° বাণীকান্ত কাকতি, আনন্দৰাম ঢেকিয়াল ফুকন আদি পুৰোধা ব্যক্তিসকলে কম সময়ৰ ভিতৰতে যাউতিযুগীয়া অৱদান আগবঢ়াই তাকেই প্ৰতিপন্ন কৰি থৈ গৈছে।

১৮৬০ চনৰ পৰা ১৯০৪ চনলৈকে মাত্ৰ ৪৪ বছৰ আয়ুস লাভ কৰা ৰাছিয়াৰ এজন প্ৰখ্যাত চিকিৎসক, গল্পকাৰ, বিশ্ববিখ্যাত নাট্যকাৰ এণ্টন পেভল’ভিচ্ চেক’ভৰ পঢ়া কাল বাদ দি মাত্ৰ ২২ বছৰ কালৰ ভিতৰতে, অবিশ্বাস্য হ’লেও বাস্তৱিক তথ্য মতে, ১৩খন বিভিন্ন ৰসৰ বিশ্ববিখ্যাত নাটক, ৫৩টাৰো অধিক শ্ৰেষ্ঠ গল্প, ১১খন উপন্যাস আৰু ৮খনৰো অধিক চিঠি-পত্ৰৰ সংকলন প্ৰকাশ কৰি ইতিহাস সৃষ্টি কৰি থৈ গৈছে। ঊনৈছ শতিকাৰ শেষৰ দুটা দশকত মঞ্চ তথা অভিনয়শৈলীলৈ অভিনৱত্ব, আধুনিকতা আৰু বৈপ্লৱিক পৰিৱৰ্তনৰ জোৱাৰ অনা বিশ্বৰ তিনিজন শ্ৰেষ্ঠ নাট্যকাৰৰ ভিতৰত এণ্টন চেক’ভ অন্যতম আছিল। আন দুজন যে হেনৰিক ইভচেন আৰু আগষ্ট ষ্ট্ৰণ্ডৱাৰ্গ আছিল, সেই কথা বহলাই নিলিখিলেও হ’ব।

যিকোনো এজন উমৈদাৰী কৰ্মকৰ্তাৰ দৰে চেক’ভেও প্ৰথম অৱস্থাত নাটক একোখন প্ৰস্তুত কৰা আৰু দৰ্শকমণ্ডলীৰ পৰা সমাদৰ লাভ কৰাৰ ক্ষেত্ৰত, আদৰ-অনাদৰ দুয়োবিধৰ ভিন্ন অভিজ্ঞতা ভোগ কৰিবলগীয়া হৈছিল। দ্বিতীয় প্ৰচেষ্টাত সফলতা লাভ কৰা তেওঁৰ ‘চিগাল’ নামৰ নাটকখনে তাকেই প্ৰমাণ কৰে। পিতৃ-মাতৃৰ আৰ্থিক দীনতাৰ বাবেই চেক’ভে বাল্যকালৰ পৰা নিজৰ পঢ়া-শুনাৰ দায়িত্বও নিজেই চম্ভালিবলগীয়া হোৱা বাস্তৱ অভিজ্ঞতাৰ পৰা জীৱনৰ অৰ্থৱহ উদ্দেশ্যৰ মূল্য সঠিকভাৱে উপলব্ধ, যাৰ হুবহু প্ৰতিফলন প্ৰকাশ পাইছিল তেওঁৰ লেখাসমূহত।

কলাসুলভ সাহিত্য সৃষ্টি কৰাৰ প্ৰাককালত তেওঁ সাহিত্যক সম্পূৰ্ণ এটা অৰ্থ উপাৰ্জনৰ পথ বুলি গণ্য কৰা তৰল ধাৰণাটোৰ পৰিৱৰ্তন ঘটিবলৈ অৱশ্যে বেছি দিন নালাগিল, যি মুহূৰ্তৰ পৰা সাহিত্যত, বিশেষভাৱে নাটক আৰু গল্পত তেওঁ কৌশলগত অভিনৱত্বৰ ৰস সঞ্চাৰ কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিলে। চেক’ভৰ সেই প্ৰয়াসত মোহাচ্ছন্ন হৈ তেওঁৰ পৰৱৰ্তী কালৰ গল্পকাৰ বা নাট্যকাৰসকল যে প্ৰভাৱান্বিত হোৱা নাছিল, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। অধ্যয়নশীল চেক’ভে স্কুলত পঢ়ি থকা অৱস্থাতেই চাৰ্ভেণ্টিছ, ট’ৰ্গেনিভ, গনছাৰভ আৰু ছপেনহাৱাৰৰ গ্ৰন্থৰাজি তন্ন-তন্নকৈ পঢ়িছিল। বিশ্বাস কৰিবলৈ টান হ’লেও সঁচা কথা যে ইউক্ৰেইনৰ ওচৰৰ গাঁৱলীয়া পৰিৱেশত গেলামালৰ দোকানী হিচাপে জীৱন-নিৰ্বাহ কৰি থকা চেক’ভৰ পিতাক এসময়ত দেউলীয়া হৈ নিজ বাসস্থান এৰি পৰিবাৰ আৰু দুই পুতেকক লৈ কস্কোত দুখ-কষ্টৰ মাজেদি দিন পাৰ কৰাৰ সময়ত চেক’ভে নিজ ঘৰত থাকি পঢ়া-শুনা কৰাৰ লগতে গৃহ শিক্ষকতা কৰি পোৱা উপাৰ্জনেৰে মাক-বাপেকক পোহপাল দিবলগীয়া হৈছিল। তাতেই ক্ষান্ত নাথাকি নিয়মীয়াভাৱে চিঠি-পত্ৰৰ আদান-প্ৰদান কৰি দুৰ্দশাগ্ৰস্ত মাক-বাপেকৰ মনোবল বৃদ্ধি কৰিছিল।

এনে ব্যস্ততাৰ মাজতো চেক’ভে কিন্তু তেওঁৰ সাহিত্য-চৰ্চাৰ প্ৰতি অৱহেলা কৰা নাছিল। চেক’ভৰ নীৰৱ যুগপৎ চেষ্টাক স্ব-চক্ষুৰে নিৰীক্ষা কৰি চাবৰ বাবে তেওঁতকৈ জ্যেষ্ঠ লিঅ’ টলষ্টয় আৰু মেক্সিম গৰ্কী তেওঁ থকা বাসস্থান পাইছিলগৈ।

চেক’ভে যদিও সাহিত্য-চৰ্চাত যথেষ্ট গুৰুত্ব দিছিল, চিকিৎসা বৃত্তিতো তেওঁ অকণমানো অৱহেলা কৰা নাছিল। সেয়েহে তেওঁ এবাৰ ৰগৰ কৰি কৈছিল— চিকিৎসা বৃত্তি হৈছে তেওঁৰ আইনসংগত পৰিবাৰ আৰু সাহিত্য হৈছে তেওঁৰ সহধৰ্মিণীৰ দৰে।

কোনো ব্যক্তিয়ে জীৱনত কোনো এটা বিষয়ত ব্যুৎপত্তি লাভ কৰাৰ মূলতে তেওঁৰ নিজৰ চেষ্টাৰ লগতে তেওঁৰ পূৰ্বপুৰুষৰ কোনোবা এজনৰ পৰা অহা বংশানুৰ প্ৰভাৱ বৈজ্ঞানিক বিশ্লেষণৰ মতেও গ্ৰহণীয়। চেক’ভো যে তেনে এক প্ৰভাৱৰ দ্বাৰা আশীৰ্বাদপুষ্ট হৈছিল, সেই কথা তেওঁৰ গল্পকাৰ মাকৰ ব্যৱহাৰিক আচৰণতে প্ৰকাশ পাইছিল। চেক’ভ এটা ধৰ্মীয় পৰিৱেশত ডাঙৰ-দীঘল হৈছিল আৰু সেই আদৰ্শতে শিক্ষা আহৰণ কৰিছিল যদিও এটা সময়ত তেওঁ নিৰীশ্বৰবাদী হৈছিল।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

পাকুড়ু ৰাল্লুঃ ৰাৱুৰি: নীলিম আকাশ কাশ্যপ

 9:00:00 AM     ভাগৰি নাভাগৰা জীৱন     No comments   

তেলেগু সাহিত্যৰ অন্যতম জনপ্ৰিয় সাহিত্যিকসকলৰ ভিতৰত অন্যতম ড০ ৰাৱুৰি ভৰদ্বাজ আৰু নাই! দূৰন্ত তৰুণ হৈ জীৱনৰ শেষ সময়ছোৱালৈকে সাহিত্যচৰ্চাত ব্ৰতী থকা ভৰদ্বাজে অৱশেষত শাৰীৰিক অসুস্থতাৰ ওচৰত হাৰ মানিলে। হায়দৰাবাদৰ এখন আগশাৰীৰ চিকিত্‍সালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁ যোৱা ২০১৩ চনৰ ১৮ অক্টোবৰৰ দিনা। ড০ ৰাৱুৰি ভৰদ্বাজ— তেলেগু সাহিত্যৰ প্ৰাতঃস্মৰণীয় নাম এয়া। নিজৰ কৃচ্ছ্ৰ সাধনাৰ বলত কলমৰ অমোঘ শক্তিৰে ‘বলীয়ান’ সাহিত্যিকগৰাকীয়ে সদ্যঘোষিত জ্ঞানপীঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় তেওঁৰ জনপ্ৰিয় উপন্যাস ‘পাকুড়ু ৰাল্লু’ৰ বাবে।

ড০ ৰাৱুৰি ভৰদ্বাজ আজি আমাৰ মাজত নাই। এয়া বাস্তৱ সত্য। ভৰদ্বাজৰ মৃত্যুৱে আমাকো ব্যক্তিগতভাৱে ব্যথিত কৰিছে। কিয়নো সৌ সিদিনা, তেওঁ জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ ঠিক কেইদিনমান পিছতেই তামিলনাডুৰ সাংবাদিক বন্ধু পি.ভি. ৰঘুকৃষ্ণণৰ সহযোগত আমি সাক্ষাত্‍ গ্ৰহণ কৰিছিলোঁ তেলেগু সাহিত্যিকগৰাকীৰ। ‘আমি’ মানে মই আৰু তৰুণ লেখক-বন্ধু অনুৰণন আদিত্যই। সেই স্মৃতিয়ে আজি বৰকৈ আমনি কৰিছে। উল্লেখ্য যে ড০ ৰাৱুৰি ভৰদ্বাজৰ জীৱনকালৰ শেষ সাক্ষ্যাত্‍কাৰটো লৈছিলোঁ আমি, যিটো নেকি বিশ্ববিখ্যাত সাহিত্যিকগৰাকীয়ে অসমীয়া সংবাদ মাধ্যমৰ বাবে দিয়া প্ৰথম তথা একমাত্ৰ সাক্ষাত্‍কাৰ আছিল।

যাৰ সাহিত্যত নিৰন্ন-নিৰ্বস্ত্ৰৰ স্থান শীৰ্ষত, যাৰ সাহিত্যই সমাজৰ ধনীক শ্ৰেণীৰ বিলাস-বৰ্ণনাৰ পৰিৱৰ্তে মাথোঁ দৰিদ্ৰ-নিম্নবিত্ত-মধ্যবিত্তৰ মুক্তিৰ সপোন দেখে, সাধাৰণ লোকে আঁকোৱালি ল’বৰ বাবেই যাৰ সাহিত্যই দেশৰ অলিয়ে-গলিয়ে বিচাৰি ফুৰে সাধাৰণ লোকৰ দুখ-দুৰ্দশা অথবা আৱেগ-অনুভূতি, সাধাৰণ লোকে ৰসগ্ৰহণ কৰিব পৰাকৈ যাৰ সাহিত্যত অনুপস্থিত ভাষাৰ নিৰৰ্থক বিলাসিতা আৰু জটিল শব্দ অথবা বাক্য, তেওঁ ড০ ৰাৱুৰি ভৰদ্বাজ। ৰাৱুৰি ভৰদ্বাজৰ সাহিত্য সম্পূৰ্ণৰূপে সমাজৰ সাধাৰণ শ্ৰেণীটোৰ বাবেই উত্‍সৰ্গিত। তেওঁ নিজেও এজন দাৰিদ্ৰ্যপীড়িত জনতাৰ প্ৰতিনিধি। নিজৰ জীৱনৰেই শৈশৱ-কৈশোৰৰ সীমাহীন দাৰিদ্ৰ্যৰ বাবে তেওঁ চিনি পায় ভোগ আৰু ভোকৰ পাৰ্থক্য, তেওঁ বুজি পায় ভোকাতুৰ জনতাৰ আৱেগ-অনুভূতি, দুখ-কষ্ট। সীমাহীন দাৰিদ্ৰ্যৰ বাবে ৰাৱুৰি ভৰদ্বাজে অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই প্ৰবল অনিচ্ছাৰে বিদায় দিবলগীয়া হৈছিল বিদ্যালয়খনকো। তেওঁ এই সমাজখনক হাড়ে-হিমজুৱে জানে। তেওঁৰ সকলো ৰচনাই সেইবোৰ কথাকেই প্ৰতিফলিত কৰে। তেওঁলোকৰ বাবেই ভৰদ্বাজে নিৰন্তৰে সাহিত্য ৰচনা কৰি যায়। আৰু সম্প্ৰতি তেওঁৰ সাহিত্যই ভাৰতৰ শ্ৰেষ্ঠতম সাহিত্যৰ মাজত অন্যতম বুলি বিবেচিত হৈছে। ২০১২ চনৰ জ্ঞানপীঠ বঁটাপ্ৰাপকৰূপে ঘোষণা কৰা হয় এইজনা সাহিত্যিকক। উপন্যাসিক, গল্পকাৰ, কবি তথা সমালোচকজনক জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে তেলেগু সাহিত্যলৈ আগবঢ়োৱা অনস্বীকাৰ্য অৱদানৰ বাবে।

তেলেগু সাহিত্যত এতিয়ালৈ তিনিজন সাহিত্যিকেহে ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা ‘জ্ঞানপীঠ’ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰেই তৃতীয়জন বঁটাপ্ৰাপক হ’ল ড০ ৰাৱুৰি ভৰদ্বাজ। কিন্তু অনাহাৰে-অৰ্ধাহাৰে জীৱন পাৰ কৰা হাজাৰ হাজাৰ লোকৰ জীৱনৰ বিষয়ে লিখি তেওঁ নিজৰ সাহিত্যক জনকণ্ঠলৈ ৰূপান্তৰিত কৰাৰ বাবেই এই খবৰটোৱে জনতাক অধিক আহ্লাদিত কৰিছিল। তেওঁৰ উপন্যাস ‘পাকুড়ু ৰাল্লু’ৱে চলচ্চিত্ৰ উদ্যোগৰ ভিতৰৰ কিছুমান কাহিনীৰ মৰ্মস্পৰ্শী বৰ্ণনাৰে এক নতুন ধাৰাৰ সৃষ্টি নকৰা নহয়। কিয়নো তেওঁৰ কাহিনীৰ বিষয়বস্তু সাধাৰণ জনতা। তেওঁৰ পাঠক সাধাৰণ জনতা। তেওঁৰ জ্ঞানপীঠ বিজয়তো স্বাভাৱিকভাৱেই আহ্লাদিত হৈছিল সাধাৰণ জনতা। মৃত্যুত ব্যথিত হৈছিল সৰ্বসাধাৰণ।

দাৰিদ্ৰ্যপীড়িত পৰিয়ালৰ সন্তান হিচাপে প্ৰতিটো মুহূৰ্ততে তেওঁ জীয়াই থকাৰ যুঁজ চলাই যাবলগীয়া হৈছিল। এটা সময়ত তেওঁ নিজৰ গাঁও ম’গুলুৰুৰপৰা ওলাই আহিছিল পাৰিতালা জাগিৰলৈ। ইয়াতেই এটা সময়ত কৰ্মৰ সন্ধান কৰিছিল তেওঁ। ফেক্টৰিৰ বনুৱা হিচাপে, অনাথালয়ৰ কৰ্মী হিচাপে অথবা ছপাশালৰ কৰ্মচাৰী হিচাপেও তেওঁ কাম কৰিছিল। এইবোৰ কামেই তেওঁক উপলব্ধি কৰোৱাইছিল, জীয়াই থকাৰ কি দূৰন্ত হেঁপাহ পুহি ৰাখে সাধাৰণ মানুহে। এইবোৰ কামত নিয়োজিত হৈ থকাৰ সময়তে ৰাৱুৰি ভৰদ্বাজ কেইবাজনো বিশিষ্ট সাহিত্যিকৰ সংস্পৰ্শলৈ আহে। তেওঁলোকৰ ভিতৰত ত্ৰিপুৰানেনি গোপীচান্দ, চালম, আলুৰি ভূজংগ ৰাও আদি বহুতো খ্যাতনামা সাহিত্যিকৰ কথা উল্লেখ কৰিব পাৰি।

কামৰ মাজতে সাহিত্য-সাধনাত ব্ৰতী আছিল এইগৰাকী সাহিত্যিক। প্ৰথিতযশা সাহিত্যিক চালমে ৰাৱুৰি ভৰদ্বাজক অনুপ্ৰাণিত কৰিছিল নতুন বিষয়ক, নতুন আংগিকেৰে উপস্থাপন কৰিবলৈ। এইখিনি সময়তে (১৯৪৬ চনত) তেওঁ খোজ পেলায় সংবাদিকতাৰ জগতখনত। ‘জামিন ৰায়তু’ৰ সম্পাদকমণ্ডলীত যোগদানেৰে সাংবাদিকতাৰ জগতত অভিষেক ঘটালে ভৰদ্বাজে। পৰৱৰ্তী সময়ত জ্যোতি, ৰেনানি, চিত্ৰছীমা সমীক্ষা, য়ুৱা আদি আলোচনীৰ সৈতেও জড়িত হৈ পৰে ৰাৱুৰি ভৰদ্বাজ। ১৯৫৯ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। ত্ৰিপুৰানেনি গোপীচান্দৰ তত্ত্বাৱধানত কাম আৰম্ভ কৰি পৰৱৰ্তী সময়ত কেইবাখনো ৰেডিঅ’ৰ নাটক ৰচনা আৰু পৰিচালনা কৰে। ১৯৮৭ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰা অৱসৰ গ্ৰহণ কৰে।

কেৱল অষ্টম শ্ৰেণীলৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ৰাৱুৰি ভৰদ্বাজক তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অন্ধ্ৰ, নাগাৰ্জুন আৰু জৱাহৰলাল নেহৰু টেকন’লজিকেল ইউনিভাৰ্চিটিয়ে সন্মানজনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। তেওঁ ৰচনা কৰা গ্ৰন্থ, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত। ইয়াৰ উপৰি তেওঁৰ সাহিত্য সম্পৰ্কে গৱেষণা কৰি বহুতেই লাভ কৰিছে পি এইচ ডি ডিগ্ৰী। ১৯৬৮ আৰু ১৯৮৩ চনত তেওঁ দুবাৰকৈ লাভ কৰিছে ৰাজ্যিক সাহিত্য একাডেমী বঁটা। আনহাতে ১৯৮৩ চনত কেন্দ্ৰীয় সাহিত্য একাডেমী বঁটাও তেওঁ লাভ কৰিছে। ১৯৬৮ চনত আৰম্ভ কৰা গোপীচান্দ সাহিত্য বঁটাৰো প্ৰথম প্ৰাপক আছিল ড০ ৰাৱুৰি ভৰদ্বাজ। ১৯৮৭ চনত তেওঁ লাভ কৰে সন্মানীয় ৰজালক্ষ্মী বঁটা। ২০০৯ চনত তেওঁক নিৰ্বাচন কৰা হয় ফাউণ্ডেচনৰ সাহিত্য বঁটাৰ বাবে। আৰু অৱশেষত ২০১২ চনত তেওঁ লাভ কৰিলে জ্ঞানপীঠ বঁটা।

ড০ ৰাৱুৰি ভৰদ্বাজৰ গ্ৰন্থৰ তালিকাখনো যথেষ্ট দীঘলীয়া। ৮৬ বছৰ বয়সীয়া এইগৰাকী লেখকে লিখি উলিয়াইছে বহু গল্প, উপন্যাস, শিশু উপন্যাসিকা, নাটক আদি। তেওঁৰ প্ৰকাশিত গল্প সংকলনৰ সংখ্যা ৩৭খন। ১৭খন উপন্যাস, ৬ খন শিশু উপন্যাসিকা আৰু ৮খন নাটকো আছে তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ তালিকাত। আটাইবোৰ গ্ৰন্থৰে বৈশিষ্ট্য হ’ল— সৰল আৰু প্ৰাঞ্জল ভাষা, প্লট আৰু চৰিত্ৰ নিৰ্বাচন তথা মনস্তাত্ত্বিক বিশ্লেষণ।

‘‘যেতিয়া এটা ল’ৰাই এগৰাকী ছোৱালীৰ প্ৰেমত পৰে, তেতিয়া তেওঁ সপোন দেখে। কিন্তু বঁটাৰ প্ৰতি মোৰ কোনো প্ৰেম নাই, কোনো স্বপ্ন নাই।’’— আজিও আমাৰ মনত বাজে এই কথাষাৰ। জ্ঞানপীঠ বঁটা বিজয়ৰ পিছৰ অনুভূতি জানিব বিচৰাত ড০ ৰাৱুৰি ভৰদ্বাজে এনেদৰে কৈছিল আমাক। একেদৰে, আমাৰ বুকুত যেন আজিও এটা গান হৈ বাজি আছে তেওঁৰ সেই বক্তব্য, যিটো লেখা-মেলাৰ অনুপ্ৰেৰণাৰ উত্‍স কোন জানিব বিচৰাত তেলেগু সাহিত্যিক গৰাকীয়ে উত্তৰত জনাইছিল। তেওঁ কি কৈছিল জানেনে? ভৰদ্বাজে কৈছিল— ‘‘ভোক আৰু দাৰিদ্ৰ্য সম্পৰ্কে মোৰ অনুভূতি। মই সাধাৰণতে সাধাৰণ জনতাৰ অতি ওচৰত অৱস্থান গ্ৰহণ কৰোঁ আৰু তেওঁলোকৰ দুখ-দুৰ্দশাবোৰ অতি গভীৰভাৱে বুজিবলৈ চেষ্টা কৰোঁ। এইবোৰেই মোক লেখা-মেলাৰ প্ৰতি আগবঢ়াই নিয়ে।’’

এজন সাংবাদিক হিচাপে তেওঁ চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ সাক্ষাত্‍কাৰ গ্ৰহণ কৰিছিল। চলচ্চিত্ৰ উদ্যোগৰ চিনাকি নায়ক-নায়িকাসকলৰ লগতে উদ্যোগটোৰ সৈতে জড়িত অন্যান্য লোকসকলৰো সাক্ষাত্‍ গ্ৰহণ কৰিছিল ভৰদ্বাজে। সেই সময়ত তেওঁ তেওঁলোকৰ আচৰণ প্ৰত্যক্ষ কৰি চলচ্চিত্ৰ উদ্যোগৰ ৰঙীন পৰ্দাখনৰ আঁৰত লুকাই থকা অন্য এখন পৃথিৱীৰ বহু ৰোমাঞ্চকৰ কাহিনী নিজৰ নখদৰ্পণলৈ আনি ৰচনা কৰিছিল সেই বিশ্ববিখ্যাত উপন্যাস— ‘পাকুড়ু ৰাল্লু’। ক’ব পাৰি, ‘পাকুড়ু ৰাল্লু’ চেলুলয়ডৰ নেপথ্যৰ চৰিত্ৰৰ অমল সমাহাৰ। ভৰদ্বাজৰ প্ৰিয় লেখকসকলৰ ভিতৰত আছে পিংগলী সুৰানা, চালম, গোপীচান্দ, পাটাবী, প্ৰেমচান্দ, কোড়াৱতীগান্তী আদি।

পুনৰ দোহাৰিছো, মাথোঁ অষ্টম শ্ৰেণীলৈকে পঢ়িছিল ড০ ৰাৱুৰি ভৰদ্বাজে। জীৱনৰ খলা-বমা, গোলাপ বিচৰাৰ নামত কাঁইটৰ আঁচোৰ খোৱা আদিতো অভ্যস্ত তেলেগু সাহিত্যিক গৰাকী। কথা প্ৰসংগত তাৰেই উমান দি আমাক ড০ ৰাৱুৰি ভৰদ্বাজে জনাইছিল— ‘‘মই অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিলোঁ। তাৰ পিছত মই বিদ্যালয় এৰিবলগীয়া হৈছিল। এই লৈ শ্লেষ-বিদ্ৰূপৰো সীমা-সংখ্যা নাছিল। কিছুমানে মোক কৈছিল যে এটা সময়ত মই কামত নহা মানুহত পৰিণত হ’ম। তেওঁলোকৰ মতে আনকি ভিক্ষাৰীও হ’ব পাৰোঁ। কিন্তু হাস্যস্পদ কথা এইটোৱেই যে যিসকলে মোৰ বিৰুদ্ধে শ্লেষপূৰ্ণ মন্তব্য আগবঢ়াইছিল আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে, তেওঁলোকেই পৰৱৰ্তী সময়ত মোৰ ৰচনাক লৈ সময়ত পঢ়া-শুনা তথা গৱেষণা কৰিছে।’’

লেখক এজনৰ কি গুণ থকাৰ প্ৰয়োজন? কেনে লেখকে নিজৰ লেখাৰে পাঠকৰ মন জয় কৰিব পাৰে? কি লেখা ৰৈ যাব পাৰে পাঠকৰ হৃদয়ৰ কোঁহে কোঁহে? ভৰদ্বাজৰ মতে, এজন লেখকৰ সামাজিক সচেতনতা অৱশ্যেই থাকিব লাগিব। লগতে লেখক জনতাৰ সৈতে মিলিব পাৰিব লাগিব। লেখকে পাঠকৰ মন জয় কৰিবলৈ হ’লে নিজৰ লেখাৰে পাঠকক মাত্ৰ সঁচাটোহে ক’ব লাগিব। আমি ড০ ৰাৱুৰি ভৰদ্বাজক সুধিছিলোঁ— পঢ়ুৱৈয়ে কেনে লেখা পচন্দ কৰে? উত্তৰত তেওঁ স্পষ্টভাৱে জনাইছিল— ‘কঠিন লেখাৰ কিবা প্ৰভাৱ আছে জানো? সেইবোৰ কোনে বুজিব? যদি তেওঁলোকে বুজিয়েই নাপায়, তেন্তে ইয়াৰ সৈতে নিজকে জড়িত বুলি কিয় অনুভৱ কৰিব? ’৬০ আৰু ’৭০ ৰ দশকত মই যেতিয়া বহুত লেখা-মেলা কৰিছিলোঁ, তেতিয়া কোনো গ্ৰাহকেই নাছিল। মুষ্টিমেয় লোকেহে কিতাপ-আলোচনী পঢ়িছিল। যদি তেওঁলোকে বুজিয়েই নাপায়, তেন্তে লিখাৰ কোনো অৰ্থই নাই। বৰ্তমান প্ৰকাশন আৰু বিক্ৰী সহজ হৈ পৰিছে। মই এতিয়াও ভাবোঁ সৰল বৰ্ণনা অধিক প্ৰভাৱপূৰ্ণ। যদি আপুনি সাধাৰণ মানুহৰ ভাষাত এটা কাহিনী বৰ্ণনা কৰে, তেন্তে এই কাহিনী তেওঁলোকৰ ওচৰ পাব আৰু তেওঁলোককো অফুৰন্ত চিন্তাৰ খোৰাক যোগাব। বোধকৰোঁ মই উচ্চ শিক্ষিত নোহোৱা বাবেই কঠিন ভাষা পৰিহাৰ কৰি চলোঁ, উচ্চ সাহিত্য মোৰ আয়ত্তৰ বাহিৰত।’’

অসমীয়া সাহিত্যৰ বিষয়েও যথেষ্ট জ্ঞান আছিল তেওঁৰ। যদিওবা জ্ঞানপীঠ বঁটা বিজয়ী বিশ্ববিশ্ৰুত সাহিত্যিকগৰাকীয়ে তেওঁৰ জীৱনত মাথোঁ কেইখনমানহে অসমীয়া গ্ৰন্থ অধ্যয়ন কৰিছিল, তথাপি আমাৰ সৈতে হোৱা আছুতীয়া আলাপৰ পৰত তেওঁ সঘনাই উচ্চাৰণ কৰিছিল ভবেন্দ্ৰ নাথ শইকীয়া, ড০ লক্ষ্মীনন্দন বৰা, অনুৰাধা শৰ্মা পূজাৰী, সৌৰভ কুমাৰ চলিহা, মামণি ৰয়ছম গোস্বামী আদিৰ নাম।

ড০ ৰাৱুৰি ভৰদ্বাজ আজি আমাৰ মাজত নাই। কিন্তু অনন্য সৃষ্টিৰে তেওঁ যিদৰে অজস্ৰ পঢ়ুৱৈৰ মাজত অমৰ হৈ থাকিব, একেদৰে ব্যক্তিগতভাৱে আমাৰ মানসপটতো সদায়েই অবিস্মৰণীয় স্মৃতি হৈ ৰ’ব ‘পাকুড়ু ৰাল্লু’ৰ স্ৰষ্টাগৰাকী।

(অনুৰণন আদিত্যৰ সহযোগত। পি. ভি. ৰঘুকৃষ্ণণ আৰু সৌৰভ কুমাৰ দত্তলৈ কৃতজ্ঞতা— নীলিম আকাশ কাশ্যপ)
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, January 11, 2016

হাঁহিৰ আঁৰৰ কৰুণ কাহিনী: কনক চন্দ্ৰ বৰদলৈ

 5:54:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   


কমেডী বা হাস্য-ব্যংগ অভিনয় প্ৰতিভাৰ অপ্ৰতিদ্বন্দ্বী শিল্পী, বিশ্ববিখ্যাত অদ্বিতীয় কমেডিয়ান চাৰ্লি চেপলিনৰ বহুমুখী সাংস্কৃতিক অৱদান একবিংশ শতিকাৰ কম্পিউটাৰৰ যুগতো, য’ত মানুহ খুবেই ব্যস্ত, এক অনবদ্য হেঁপাহৰ থল বুলি নিঃসন্দেহে ক’ব পাৰি। চাৰ্লি চেপলিনৰ সম্পূৰ্ণ নাম চাৰ্লচ স্পেন্সাৰ চেপলিন। বগা পায়জামা, বহল চাহাবী টুপি, ওঁঠৰ ওপৰৰ সোঁ মাজত সামান্য গোঁফ আৰু এডাল লাঠী অনবৰতে হাতত লাগি থকা এক সৰ্বপৰিচিত চুটি-চাপৰ চেহেৰাৰ অধিকাৰী এই হাস্য-ব্যংগ অভিনয়ৰ মহান নায়কজন পৃথিৱীৰ বোধহয় সকলো জাতি, ভাষা-ভাষী লোকৰে এক জনপ্ৰিয় ব্যক্তি।

মানুহক হাঁহিৰ অদ্ভুত যাদুৰে বিমোহিত কৰা চেপলিনৰ হাস্যৰসিক চৰিত্ৰৰ আঁৰত কিন্তু লুকাই আছে দৈন্য আৰু সংঘাতে জৰ্জৰিত কৰা এখন কৰুণ ছবি, এক বেদনাকাতৰ ব্যক্তিত্ব— যাক কোনেও বুজিব নোৱৰাকৈ গোপনে লুকুৱাই আজীৱন অভিনয় কৰি গ’ল মানুহক মুকলিকৈ হঁহাৰ খোৰাক যোগাই। নিজে কেতিয়াও নহঁহাকৈ গহীন ব্যক্তিত্বৰ সাঁচেৰে আনক হঁহুওৱা চাৰ্লিৰ পিতৃ আছিল এজন সংগীত পৰিচালক আৰু মাতৃ আছি গায়িকা-অভিনেত্ৰী। লণ্ডনত কেনিংটন নামৰ এক বস্তি এলেকাত ১৮৮৯ চনৰ ১৬ এপ্ৰিলত জন্ম লাভ কৰা চাৰ্লিয়ে তিনিবছৰ বয়সতে মদপী দেউতাকক চিৰজীৱনলৈ হেৰুৱায়। ডাঙৰ ককায়েক চিদনি চেপলিন আৰু মাকৰ সৈতে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি সেই বস্তিৰ পৰিৱেশতে চাৰ্লিয়ে শৈশৱৰ দিনবোৰ কটায়।

ৰোজগাৰৰ তাড়নাত অভিনয় অনুৰাগী চাৰ্লিয়ে পাঁচবছৰ বয়সতে থিয়েটাৰত শিশু চৰিত্ৰত অভিনয় আৰম্ভ কৰে মাত্ৰ দুই পাউণ্ড বাৰ শ্বিলিং ধনৰ বিনিময়ত। ‘জিম’ নামৰ এই শিশু চৰিত্ৰত অভিনয় কৰি জীৱিকাৰ পথ সুগম কৰা চাৰ্লিয়ে ষোল্ল বছৰ বয়সলৈ কেৱল সংগ্ৰামেই কৰিবলগীয়া হয় কাৰণ, শিশু অভিনয় সেই সময়ত বিশেষ গুৰুত্বপূৰ্ণ নাছিল। ষোল্ল বছৰ বয়সত উইলিয়াম জিলেটৰ সৈতে জনপ্ৰিয় চাৰ্লক হোমছত ‘বিলি’ নামৰ এটি চৰিত্ৰ ৰূপায়ণ কৰি চাৰ্লি দৰ্শক ৰাইজৰ মাজত প্ৰতিভাসম্পন্ন অভিনেতা হিচাপে জনপ্ৰিয় হয়। ইয়াৰ পিছতেই তেওঁ ফ্ৰেড কৰ্নোৰ সংগীত নাট গোষ্ঠীত এজন শিল্পী হিচাপে যোগদান কৰে। ভ্ৰাম্যমাণ এই গোষ্ঠীত দক্ষতাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা চাৰ্লিৰ জীৱনলৈ সৌভাগ্যৰ দিন নামি আহে ১৯১০ চনত আমেৰিকাত চলি থকা ফ্ৰেড কাৰ্নোৰ নাট কোম্পানীয়ে পৰিৱেশন কৰা নাটকত তেওঁৰ অভিনয়ৰ যোগেদি। ইয়াৰ পৰাই চাৰ্লিক মেক চিনেথৰ ‘কেষ্ট’ন কমেডী ফিল্ম   কোম্পানী’ৰ দ্বাৰা প্ৰস্তুত হ’বলগীয়া বোলছবিত কমেডী চৰিত্ৰ ৰূপায়ণৰ বাবে সপ্তাহত এশ পঞ্চাশ ডলাৰ ধনৰ বিনিময়ত চুক্তিবদ্ধ কৰোৱা হয়। অতি কম সময়তে চালি চেপলিন যথেষ্ট জনপ্ৰিয় হ’বলৈ ধৰে এজন কৌতুক অভিনেতা হিচাপে।

চাৰ্লি চেপলিনৰ প্ৰথম অভিনয় আৰম্ভ হয় ‘টিলিজ পাংচাৰ্ড ৰোমান্স’ নামৰ বোলছবিত। ইয়াৰ পিছৰ প্ৰায় পাঁচটা বছৰত অৰ্ধ্ব শতাধিক বোলছবিত তেওঁ অভিনয় কৰে। ‘ইজি ষ্ট্ৰীট’, ‘দ্য ক্যুৰ’, ‘দ্য বেংক’ চাৰ্লিৰ কেইখনমান সফল বোলছবি। টুথ ব্ৰাছ গোঁফ, খাপ নোখোৱা টুপি, ক’লা টান কোট, ঢিলা-বহল লংপেণ্ট, ডাঙৰ জোতা আৰু গুৰিতে ভাঁজ খোৱা এডাল লাঠীৰে এক ‘টাইপ’ চৰিত্ৰত অভিনয় কৰা চাৰ্লিক বহুতে ‘দ্য লিটল ট্ৰেম্প’ বুলিয়েই অভিহিত কৰে। ১৯১৭ চনত বিখ্যাত ‘ম্যিউচুয়েল ফিল্ম ক'ৰ্পৰেছন’ত এক নিযুত ডলাৰ বছৰি বেতনৰ চুক্তিত চাৰ্লিয়ে চহী কৰি আমেৰিকাৰ বোলছবি জগতত স্বকীয় প্ৰতিভাৰ এক নিগাজি স্থান নিশ্চিত কৰে। এই উপাৰ্জিত ধনেৰে তেওঁ হলীউডত নিজা এটা ষ্টুডিঅ’ খুলি নিজে মুখ্য চৰিত্ৰ গ্ৰহণ কৰি, পৰিচালক, প্ৰযোজক, দৃশ্য প্ৰকল্প আদি সকলো দায়িত্ব দক্ষতাৰে সম্পাদন কৰে।

‘দ্য কীড্’, ‘দ্য পিলগ্ৰিম’ আৰু ‘দ্য গ’ল্ড ৰাছ’ তেওঁৰ অমৰ কীৰ্তি। অনাহাৰত অতীতৰ দিন কটোৱা চাৰ্লিয়ে বাস্তৱৰ সেই কৰুণ কাহিনীক ‘দ্য গল্ড ৰাছ’ নামৰ বোলছবিত স্থান দিয়া দেখা যায় সোণ অভিলাসী, ভোকাতুৰ ‘ট্ৰেম্প’জনে নিজৰ পুৰণি জোতাযোৰকে আহাৰ হিচাপে খোৱা কৰুণ সেই হৃদয়বিদাৰক দৃশ্যৰ জৰিয়তে। ধনতান্ত্ৰিক সমাজ ব্যৱস্থাক তোষামোদ কৰি দৰিদ্ৰতাৰ দৰে কঠিন সত্য আৰু বাস্তৱক নিভাঁজ, নিখুতভাৱে কাহিনীৰ মাজেৰে উপস্থাপন কৰা চাৰ্লিৰ এই প্ৰচেষ্টাই পুঁজিবাদক যেন ইতিকিং কৰিবলৈ প্ৰয়াস কৰিছে, তেনে অনুমান হয়। ১৯৩১ চনত কৰা ‘চিটি লাইটছ’ নামৰ বোলছবিয়ে চাৰ্লিক অভূতপূৰ্ব সাফল্য প্ৰদান কৰে। ইয়াৰ পিছৰ নিৰ্বাক ছবি ‘এডভেন্সাৰাৰ’, ‘কীড অ’টো ৰেছেছ এট ভেনিছ’ (১৯৩৩) আদিয়ে চাৰ্লিক ‘লিটল ফেলো’ নামে এক সুকীয়া মৰ্যাদা আৰু স্বীকৃতি প্ৰদান কৰে। ১৯৫০ চনত ‘চিটি লাইটছ’ পুনৰ জনপ্ৰিয় হৈ উঠে আৰু নিউইয়ৰ্ক চহৰত সৰ্বাধিক হিট হিচাপে খিতাপ লাভ কৰে। ইয়াত পুঁজিবাদীৰ দ্বাৰা ক্ষীপ্ৰ উদ্যোগীকৰণৰ ফলত শ্ৰমিক বা বনুৱাসকলে সন্মুখীন হোৱা নিৰাপত্তাহীনতা আৰু আন সমস্যাক সংঘাতৰ মাজেৰে প্ৰতিবিম্বিত কৰা হৈছে। ১৯৩৬ চনত ‘মডাৰ্ন টাইমছ’ নামে প্ৰথম সবাক ছবিখন প্ৰদৰ্শিত কৰি তাৰ সামগ্ৰিক আবেদনৰ বাবে আকাংক্ষিত ‘অস্কাৰ’ বঁটা লাভ কৰে। ১৯৪০ চনত ‘দ্য গ্ৰেইট ডিক্টেটৰ’ ছবিত চাৰ্লিৰ মাত কথা প্ৰথম শুনা যায়। জাৰ্মানীৰ হিটলাৰৰ অনুকৰণত তৈয়াৰী এই ছবিখনত হিটলাৰক কেৰিকেচাৰ কৰা বাবে জাৰ্মানীৰ লগতে জাৰ্মানশাসিত সকলো ঠাইতে ছবিখন নিষিদ্ধ কৰা হয়। এই বোলছবিখনত চাৰ্লিয়ে পোনপ্ৰথমবাৰ ‘ট্ৰেম্প’ৰ পৰিৱৰ্তে বেলেগ চৰিত্ৰত অভিনয় কৰে।

পুঁজিবাদৰ বিৰুদ্ধে আৰু সাম্যবাদৰ সপক্ষে নিজৰ চিন্তা আৰু কৰ্ম অটুট ৰখা হেতু আমেৰিকা প্ৰশাসনে চাৰ্লিক অভিযুক্ত কৰে আৰু সেয়ে তেওঁ মধ্য ইউৰোপৰ ছুইজাৰলেণ্ডত থাকিবলৈ লয়। ১৯৫২ চনত তেওঁ ‘লাইম লাইট’ নামেৰে এখন বোলছবি মুক্তি দিয়ে যিখনৰ কাহিনী, প্ৰযোজনা আৰু পৰিচালনা সম্পূৰ্ণ তেওঁৰ নিজা আৰু অভিনয়ো নিজে কৰে। এই বোলছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে আৰু আৰ্থিকভাৱেও তেওঁ যথেষ্ট লাভান্বিত হয়। ১৯৭২ চনত হলীউডলৈ এক বিশেষ অস্কাৰ বঁটাৰ বাবে চাৰ্লি আমন্ত্ৰিত হয় আৰু তেওঁ এই বঁটা গ্ৰহণ কৰে।

পাৰিবাৰিক জীৱনত ক’বলৈ গ’লে চাৰ্লি সুখী আছিল যদিও চাৰিগৰাকী পত্নীৰে তেওঁৰ এক বিশাল সংসাৰ আছিল। দাম্পত্য জীৱনত ঘটা অশান্তিৰ তেনে কোনো উল্লেখ পোৱা নাযায়। তেওঁৰ চতুৰ্থ পত্নী উনা আটাইতকৈ কম বয়সীয়া। চাৰ্লিৰ ৫৪ বছৰ বয়সত উনাৰ বয়স আছিল মাত্ৰ ১৭ বছৰ, যেতিয়া নেকি দুয়োৰে বিবাহ হয়। ২৭ টা কোঠাৰে সুসজ্জিত অতিকৈ মনোমোহা বিশাল অট্টালিকাত সপৰিয়ালে ছুইজাৰলেণ্ডৰ প্ৰাকৃতিক স্বপ্নীল পৰিৱেশত চাৰ্লিয়ে জীৱনৰ বাকী সময়ছোৱা অতিবাহিত কৰে। ঘৰুৱা জীৱনত চাৰ্লি যিমান মৰমীয়াল বা ৰসিক আছিল, সিমানেই গহীন, কঢ়া পিতৃ বা স্বামীও আছিল। কেতিয়াবা জীয়েক জ’ছীয়ে পিয়ানো বজাই গীত গালে চাৰ্লিয়ে অদ্ভুত ভংগীমাৰে নৃত্য কৰিছিল। কেতিয়াবা আকৌ কিবা কাৰণত খং উঠিলে ল’ৰা-ছোৱালীক কোঠাত বন্ধ কৰি ৰাখি শাসনো কৰিছিল।

চীনা মাটিৰ বিলাস সামগ্ৰী, ৰূপ আৰু আয়নাৰে সজোৱা সামগ্ৰী আদি সংগ্ৰহ কৰা এক খৰচী চখ আছিল চাৰ্লিৰ। ছুইজাৰলেণ্ডৰ জেনেভা লেকৰ ওপৰত আটোম-টোকাৰিকৈ সজোৱা তেওঁৰ ঘৰৰ প্ৰায় তিনি-চাৰিটা কোঠাত এই সামগ্ৰীসমূহ সুন্দৰকৈ সজাই থোৱা হৈছিল। ১৯৭৭ চনৰ ২৫ ডিচেম্বৰত চাৰ্লি চেপলিন নামৰ এই অসাধাৰণ প্ৰতিভাসম্পন্ন, সমগ্ৰ বিশ্বক হঁহুৱাই আমোদ দিয়া বৰেণ্য শিল্পীজনে সকলোকে কন্দুৱাই চিৰদিনলৈ বিদায় লয় এই পৃথিৱীৰ পৰা। চাৰ্লি কেৱল অভিনেতায়েই নাছিল, তেওঁ আছিল এজন কবি, ভদ্ৰলোক আৰু এজন সফল ব্যৱসায়ীও।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, October 9, 2015

পংগু নাৰীগৰাকীৰ কথাৰে: লক্ষ্য প্ৰহৰ বৰদলৈ

 5:09:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   

আমি জীৱনটোত এনে কিছুমান ব্যক্তিৰ জীৱনী পঢ়িবলৈ পাওঁ যিয়ে জীৱনটোক নতুনকৈ এবাৰ জুমি চাবলৈ আমাক বাধ্য কৰে। জীৱনৰ প্ৰত্যেকটো ক্ষণতে প্ৰবুদ্ধ এইসকল ব্যক্তিৰ জীৱনীয়ে আমাৰ দৰে দুৰ্বল মানসিক অথবা শাৰীৰিক অৱস্থাৰ মানুহৰ মনতো প্ৰত্যয় জন্মায় যে আমিও আমাৰ আকাংক্ষিত কামখিনি কৰিব পাৰিম! শেষ ফলাফল পাবলৈ অৱশ্যে অধ্যৱসায়ৰ নিতান্তই প্ৰয়োজন।

মই প্ৰায়েই আচৰিত হওঁ, কেনেকৈ কিছুসংখ্যক লোকে শাৰীৰিক বাধাগ্ৰস্ততাক নেওচা দি নিজৰ আকাংক্ষিত ফল লাভ কৰিব পাৰে! কেনেকৈ তেওঁলোকে হাজাৰ যন্ত্ৰনাক একাষৰীয়া কৰি থৈ পৃথিৱীক অসাধাৰণ কিবা এটা কৰি দেখুওৱাৰ সাধনাত ব্ৰতি হ’ব পাৰে!

এই লেখাৰ জৰিয়তে তেনে এগৰাকী নাৰীৰ কথাকে ক’ব বিচাৰিছোঁ—
উইল্মা ৰুডল্ফ। এইগৰাকী নাৰীৰ জন্ম হৈছিল টেনেচিৰ এটা বৰ দুখীয়া পৰিয়ালত। অপত্য অৱস্থাতেই জন্মগ্ৰহণ কৰা উইল্মাৰ জন্মৰ সময়ত ওজন আছিল ২ কি.গ্ৰা.। চাৰিবছৰ বয়সত পলিঅ’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ তেওঁ পেঙৰ সহায়ত ইফাল-সিফাল কৰিবলৈ ল’লে। চিকিৎসকে কোৱামতে তাই কোনোদিনেই মাটিত ভৰি থৈ থিয় হ’ব নোৱাৰিব। এইখিনিতে ক’বই লাগিব যে তাইৰ মাক উইল্মাৰ বাবে প্ৰেৰণাৰ এগচি বন্তি আছিল। মাকে উইল্মাক প্ৰতিটো ক্ষেত্ৰতেই উৎসাহ যোগাই থাকিল। তেওঁ উইল্মাক কৈছিল যে, ‘‘ঈশ্বৰে তোমাক শাৰীৰিকভাৱে অক্ষম কৰি এই পৃথিৱীলৈ প্ৰেৰণ কৰিছে ঠিকেই কিন্তু অধ্যৱসায় আৰু আত্মবিশ্বাস গভীৰ হ’লে তুমি যি ইচ্ছা তাকেই কৰিব পাৰিবা।’’ উইল্মাই তেতিয়া কয়, ‘‘মই পৃথিৱীৰ শ্ৰেষ্ঠতম দৌৰ বীৰাঙ্গনা হ’ব বিচাৰোঁ।’’ তাই ন বছৰ বয়সত, মাকৰ অনুপ্ৰেৰণাতেই চিকিৎসকৰ সকলো বাধা নেওচি, পেঙকেইডাল আঁতৰত পেলাই চিকিৎসকৰ মতে কেতিয়াও সম্ভৱ নোহোৱা কামটো কৰি দেখুৱালে। কাৰো সহায় নোলোৱাকৈ তাই জীৱনৰ প্ৰথম খোজটো দিলে। তাকে দেখি তাইৰ চিকিৎসকজনে আশ্চৰ্য্য প্ৰকাশ কৰি সেইদিনা তাইক বৰ উচ্ছাসেৰে ক’লে, ‘‘তুমি পাৰিবা...ঈশ্বৰ তোমাৰ সাৰথি হ'’ব...’’। তাৰপিছত চিকিৎসকে তাইক বাস্কেটবল খেলিবলৈ পৰামৰ্শ দিলে। তেৰ বছৰ বয়সত তাই জীৱনৰ প্ৰথমটো দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আৰু প্ৰতিযোগীসকলৰ মাজত একেবাৰে শেষৰ ফালৰ পৰা প্ৰথম হ’ল। এনেদৰে তাই ইটোৰ পিছত সিটোকৈ দৌৰ প্ৰতিযোগিতাত অৱত্তীৰ্ণ হৈ থাকিল।
শৈশৱত উইল্মা

১৫ বছৰ বয়সত তাই টেনেচি ষ্টেট বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। এদিনাখন তাতেই তাই লগ পায় এড টেম্পল নামৰ এগৰাকী প্ৰশিক্ষকক। প্ৰশিক্ষকগৰাকীক তাইৰ জীৱনৰ আকাংক্ষাৰ বিষয়ে বিৱৰি কোৱাত টেম্পলে তাইক প্ৰশিক্ষণ দিবলৈ আগ্ৰহ প্ৰকাশ কৰি কয় যে, ‘‘তোমাৰ যি উদ্যম, তাক কোনেও বাধা দিব নোৱাৰে...মই তোমাক সহায় কৰিম..’’। এনেদৰেই উইল্মাই সকলো বাধাক নেওচি এদিন অলিম্পিকত যোগদান কৰিলে য’ত তাই বিশ্বৰ সৰ্ব্বশ্ৰেষ্ঠ দৌৰ বীৰাঙ্গনাসকলৰ বিৰুদ্ধে দৌৰিবলগীয়া হ’ল।

তাইৰ অলিম্পিকৰ প্ৰথম দৌৰটো আছিল ১০০ মিটাৰৰ। উইল্মাই যুটা হেইন নামৰ সহঃ প্ৰতিযোগীগৰাকীক পৰাজিত কৰি জীৱনৰ প্ৰথমটো স্বৰ্ণপদক অৰ্জন কৰিলে সেইদিনা। তাৰপাছত ২০০ মিটাৰৰ দৌৰ। তাতো পুনৰাবৃত্তি ঘটিল। উইল্মাই দ্বিতীয়টো স্বৰ্ণপদক অৰ্জন কৰিলে। অৱশেষত ৪০০ মিটাৰৰ ৰীলে’ দৌৰতো উইল্মাই তৃতীয়টো স্বৰ্ণ পদক লাভ কৰি বিশ্ব ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হ’ল। এইগৰাকী নাৰীয়ে নিজৰ পঙ্গুত্বক বুঢ়া আঙুলি দেখুৱাই ১৯৬০ চনৰ অলিম্পিকত বিশ্বৰ শ্ৰেষ্ঠ দৌৰ বীৰাঙ্গনা হ’বলৈ সক্ষম হয়।

পৃথিৱীত এনে বহু লোকৰ জন্ম হৈছে যি শাৰীৰিকভাৱে অক্ষম। কিন্তু তেওঁলোকে নিজৰ ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু অধ্যৱসায়ৰ বলত সেই অক্ষমতাক এক বৃহৎ সক্ষমতালৈ ৰূপান্তৰ ঘটাবলৈ সমর্থৱান হৈছে। নিজৰ জীৱনত ঘটা দুৰ্যোগক এটা এটা সুযোগলৈ ৰূপান্তৰ ঘটোৱা এগৰাকী নাৰীৰ সঁচা কাহিনী এয়া। কোনে জানে, আপুনিও এদিন কাৰোবাৰ বাবে হ’ব পাৰে এনে কাহিনীৰ এটা প্ৰধান স্ৰোত!

Tags: ভাগৰি নাভাগৰা জীৱন
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, March 30, 2014

বিৰুবালা ৰাভা

 2:31:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   

বিৰুবালা ৰাভা এগৰাকী সাধাৰণ মহিলা! অসমত ডাইনী বুলি সন্দেহ কৰি নিৰপৰাধী লোকক হত্যা কৰা, মহিলাৰ ওপৰত হোৱা নির্যাতনৰ প্রতিবাদ, অন্ধবিশ্বাস আদিৰ প্রতিবাদ কৰি এইগৰাকী মহিলাই সূদীর্ঘদিন ধৰি প্রচেষ্টা চলাই আহিছে। গোৱালপাৰা জিলাৰ সীমান্তবর্তী অঞ্চলৰ ঠাকুৰবিলা গাঁৱত এইগৰাকী মহিয়সীৰ জন্ম। মাথোঁ প্রাথমিক শিক্ষাৰে শিক্ষিত বিৰুবালাই অতি সাহসেৰে সামাজিক অন্যায়, কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজি সমাজত শান্তি স্থাপনৰ হেতু অবিৰাম চেষ্টা কৰি আহিছে। আমি বহুতেই নাজানো ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে এইগৰাকী মহিলাই মনোনয়ন লাভ কৰিছিল। অৱশ্যে শ্রেষ্ঠৰূপে বিবেচিত নহ’লেও বিশ্বৰ এহেজাৰ গৰাকী ব্যক্তিৰ তালিকাত অশান্তিজর্জৰ অসমৰ বিৰুবালা ৰাভাৰ নামটো অন্তর্ভুক্ত হোৱাটোও কম গুৰুত্বপূর্ণ কথা নহয়।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, March 24, 2014

জাৰ্মান সুৰকাৰ বিথোভেন

 12:05:00 AM     ভাগৰি নাভাগৰা জীৱন     No comments   

জাৰ্মান সুৰকাৰ বিথোভেনক আপুনি নিশ্চয় চিনি পায়! তেওঁৰ ব্যক্তিগত জীৱনটো দুখ-যাতনাৰে ভৰপূৰ আছিল। অপৰিচ্ছন্ন বেশভূষাৰে ঘূৰি ফুৰা অৱস্থাত তেওঁক এবাৰ পুলিচে গ্রেপ্তাৰো কৰিছিল। ঘৰ-দুৱাৰ থাকিও এওঁ অপৰিচ্ছন্ন আছিল। লাহে লাহে শ্রৱনশক্তিও হেৰুৱাই পেলোৱা, সুৰেৰে খেলি ভালপোৱা বিথোভেন অধৈৰ্য আৰু বদমেজাজী হৈ পৰিছিল। আত্মীয়, বন্ধুসকলৰ সৈতেও প্রায় মতানৈক্য হ’বলৈ আৰম্ভ কৰিছিল। ভৃত্যও তেওঁৰ লগত চলাটো সহজ নাছিল। হাতত থকা বস্তুৰে ভৃত্যক আক্রমণ কৰিছিল। প্রায়েই ভৃত্যৰ বিৰুদ্ধে তেখেতে চুৰিৰ অভিযোগ আনিছিল। লিখোঁতে বানান আদিতো ভুল কৰিছিলেই, সাধাৰণ গণিত এটাও কৰিব নোৱাৰিছিল। উচ্চ কণ্ঠত অস্বাভাৱিকভাবে হাঁহি উঠাটো তেওঁৰ অভ্যাস যেন আছিল। তেখেতৰ ১৪০ খন ‘কনভাৰ্চেচন বুক’ আছিল, য’ত তেখেতে পেন্সিলেৰে লিখি লিখি আনৰ সৈতে বাৰ্তালাপ কৰিছিল। তেখেতে নিজকে ‘শব্দৰ কবি’ বুলি মাতিবলৈ বৰ ভাল পাইছিল।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, July 1, 2013

কোনো দুৰণিৰ স্মৃতিয়ে মোক...: গুলজাৰ

 1:31:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   

আপুনি জানিবলৈ পাই আচৰিত হ’ব যে তেখেত বিখ্যাত সাহিত্যিক হোৱাৰ আগতে মুম্বাই মহানগৰীৰ এটা সাধাৰণ গেৰেজৰ গাড়ীৰ মেকানিক আছিল। বিশিষ্ট কবি, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক গুলজাৰলৈ আগবঢ়োৱা হৈছে ২০১৩ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা। ১৯৩৬ চনৰ ১৮ আগষ্টত জন্মগ্ৰহণ কৰা গুলজাৰৰ প্ৰকৃত নাম— সম্পূৰণ সিং কালৰা। ‘আশীৰ্বাদ’, ‘আনন্দ’, ‘খামোছী’ আদি ছবিৰ চিত্ৰনাট্য আৰু সংলাপ লিখাৰ পাছত গুলজাৰে ১৯৭১ চনত পৰিচালনা কৰিছিল প্ৰথমখন ছবি— মেৰে আপনে। সেইখন আছিল তপন সিংহৰ বঙালী ছবি ‘আপনাজন’ (১৯৬৯)ৰ ৰিমেক। তাৰপিছত গুলজাৰে পৰিচালনা কৰে ‘পৰিচয়’ আৰু ‘কোচিচ’। কমলেশ্বৰৰ হিন্দী উপন্যাস ‘কালী আন্ধী’ৰ আধাৰত নিৰ্মাণ কৰা ‘আন্ধী’ হৈছে গুলজাৰৰ এখন বিখ্যাত ছবি। ‘তেৰে বিনা জিন্দগী চে কোয়ী’, ‘মেৰা কুচ চামান’, ‘মুছাফিৰ হু য়াৰো’— আদি হৈছে তেওঁৰ কেইটামান জনপ্ৰিয় গীত। ২০০৪ চনত পদ্মভূষণ সন্মান লাভ কৰা গুলজাৰলৈ ২০০২ চনত আগবঢ়োৱা হৈছিল সাহিত্য একাডেমী বঁটা। শ্ৰেষ্ট গীতিকাৰৰ সৰ্বাধিক ১১টা বঁটা লাভৰ অভিলেখো আছে তেওঁৰ নামত। ২০১২ চনত ৰাষ্ট্ৰীয় একতাৰ ক্ষেত্ৰত গুলজাৰলৈ ইন্দিৰা গান্ধী বঁটা আগবঢ়োৱা হৈছিল।
আজি তেখেতৰেই এটি কবিতাৰ অনুবাদ আপোনালোকলৈ আগবঢ়ালো...
 

‘‘কোনো দুৰণিৰ স্মৃতিয়ে মোক আগভেটা দি কয়
ইমান তপত পথেৰে
তুমি ক’লৈ খোজ দিয়া?
আহা.,
পাৰ হৈ যোৱা
দিনবোৰৰ ছায়াত
জিৰণি লওঁ,
সেই লহমাবোৰৰ কথা পাতোঁ
য’ত এদিন মাধৈমালতি ফুলিছিল...
সেই লহমাবোৰৰ
কথা পাতোঁ
য’ত এদিন শব্দৰ নূপুৰ বাজিছিল,
আৰু সেই লহমাবোৰৰ
কথা পাতোঁ
য’ত এদিন কাৰোবাৰ
চাৱনিত মুকুতা সৰিছিল...
কোনো দুৰণিৰ
স্মৃতিয়ে মোক আগভেটা দি কয়
ইমান তপত পথেৰে
তুমি ক’লৈ খোজ দিয়া?’’
আমাৰ পৃষ্ঠা 
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog