মানুহৰ জীৱনৰ সফলতা বা বিফলতাৰ সঠিক মাত্ৰা নিৰূপণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী বা হ্ৰস্বম্যাদী প্ৰচেষ্টাই একমাত্ৰ বা প্ৰধান কাৰণ বুলি চিহ্নিত নহ’বও পাৰে, যি পৰ্যন্ত সেই প্ৰচেষ্টাৰ সৈতে সময়ৰ সদ্ব্যৱহাৰৰ সময়োচিত সংযোজন ঘটোৱা নহয়। দীৰ্ঘদিন ধৰি প্ৰচেষ্টা কৰিও কোনো কোনো ব্যক্তিয়ে আশা কৰা মতে সফলতাৰ মুখ নেদেখিব পাৰে। অথচ কম সময়তে আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাৰ ফলত কোনো কোনো ব্যক্তিয়ে পূৰ্ণ সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। তেনে প্ৰচেষ্টা প্ৰধানকৈ নিৰ্ভৰশীল হয়—সু-বিবেচিত লক্ষ্যক লৈ অগ্ৰসৰ হোৱা ব্যক্তিয়ে তেওঁৰ হাতলৈ অহা বা নিৰ্দিষ্টকৈ ৰখা প্ৰতিটো মুহূৰ্তকে সময়মতে সদ্ব্যৱহাৰ কৰাৰ ওপৰত। বহুতো অল্পায়ু লোকেও কম দিনৰ ভিতৰতে পৰিকল্পিত চিন্তাধাৰাৰ সফল ৰূপায়ণৰ ফলত অসাধ্য সাধন কৰি ইতিহাস ৰচনা কৰি গৈছে। কিন্তু তাৰ বিপৰীতে দীৰ্ঘদিন ধৰি চেষ্টা কৰিও কোনো কোনোৱে আশা কৰা মতে সফলতাৰ মুখ দেখিবলৈ সক্ষম নোহোৱাকৈ থাকে।
বৰ দূৰলৈ নগৈ অসমৰ সাহিত্য-সংস্কৃতিৰ বিস্তৃত, বাৰেবৰণীয়া আৰু ঐতিহাসিক তথ্যৰে ভৰপূৰ পথাৰখনলৈ আনন্দৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° বাণীকান্ত কাকতি, আনন্দৰাম ঢেকিয়াল ফুকন আদি পুৰোধা ব্যক্তিসকলে কম সময়ৰ ভিতৰতে যাউতিযুগীয়া অৱদান আগবঢ়াই তাকেই প্ৰতিপন্ন কৰি থৈ গৈছে।
১৮৬০ চনৰ পৰা ১৯০৪ চনলৈকে মাত্ৰ ৪৪ বছৰ আয়ুস লাভ কৰা ৰাছিয়াৰ এজন প্ৰখ্যাত চিকিৎসক, গল্পকাৰ, বিশ্ববিখ্যাত নাট্যকাৰ এণ্টন পেভল’ভিচ্ চেক’ভৰ পঢ়া কাল বাদ দি মাত্ৰ ২২ বছৰ কালৰ ভিতৰতে, অবিশ্বাস্য হ’লেও বাস্তৱিক তথ্য মতে, ১৩খন বিভিন্ন ৰসৰ বিশ্ববিখ্যাত নাটক, ৫৩টাৰো অধিক শ্ৰেষ্ঠ গল্প, ১১খন উপন্যাস আৰু ৮খনৰো অধিক চিঠি-পত্ৰৰ সংকলন প্ৰকাশ কৰি ইতিহাস সৃষ্টি কৰি থৈ গৈছে। ঊনৈছ শতিকাৰ শেষৰ দুটা দশকত মঞ্চ তথা অভিনয়শৈলীলৈ অভিনৱত্ব, আধুনিকতা আৰু বৈপ্লৱিক পৰিৱৰ্তনৰ জোৱাৰ অনা বিশ্বৰ তিনিজন শ্ৰেষ্ঠ নাট্যকাৰৰ ভিতৰত এণ্টন চেক’ভ অন্যতম আছিল। আন দুজন যে হেনৰিক ইভচেন আৰু আগষ্ট ষ্ট্ৰণ্ডৱাৰ্গ আছিল, সেই কথা বহলাই নিলিখিলেও হ’ব।
যিকোনো এজন উমৈদাৰী কৰ্মকৰ্তাৰ দৰে চেক’ভেও প্ৰথম অৱস্থাত নাটক একোখন প্ৰস্তুত কৰা আৰু দৰ্শকমণ্ডলীৰ পৰা সমাদৰ লাভ কৰাৰ ক্ষেত্ৰত, আদৰ-অনাদৰ দুয়োবিধৰ ভিন্ন অভিজ্ঞতা ভোগ কৰিবলগীয়া হৈছিল। দ্বিতীয় প্ৰচেষ্টাত সফলতা লাভ কৰা তেওঁৰ ‘চিগাল’ নামৰ নাটকখনে তাকেই প্ৰমাণ কৰে। পিতৃ-মাতৃৰ আৰ্থিক দীনতাৰ বাবেই চেক’ভে বাল্যকালৰ পৰা নিজৰ পঢ়া-শুনাৰ দায়িত্বও নিজেই চম্ভালিবলগীয়া হোৱা বাস্তৱ অভিজ্ঞতাৰ পৰা জীৱনৰ অৰ্থৱহ উদ্দেশ্যৰ মূল্য সঠিকভাৱে উপলব্ধ, যাৰ হুবহু প্ৰতিফলন প্ৰকাশ পাইছিল তেওঁৰ লেখাসমূহত।
কলাসুলভ সাহিত্য সৃষ্টি কৰাৰ প্ৰাককালত তেওঁ সাহিত্যক সম্পূৰ্ণ এটা অৰ্থ উপাৰ্জনৰ পথ বুলি গণ্য কৰা তৰল ধাৰণাটোৰ পৰিৱৰ্তন ঘটিবলৈ অৱশ্যে বেছি দিন নালাগিল, যি মুহূৰ্তৰ পৰা সাহিত্যত, বিশেষভাৱে নাটক আৰু গল্পত তেওঁ কৌশলগত অভিনৱত্বৰ ৰস সঞ্চাৰ কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিলে। চেক’ভৰ সেই প্ৰয়াসত মোহাচ্ছন্ন হৈ তেওঁৰ পৰৱৰ্তী কালৰ গল্পকাৰ বা নাট্যকাৰসকল যে প্ৰভাৱান্বিত হোৱা নাছিল, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। অধ্যয়নশীল চেক’ভে স্কুলত পঢ়ি থকা অৱস্থাতেই চাৰ্ভেণ্টিছ, ট’ৰ্গেনিভ, গনছাৰভ আৰু ছপেনহাৱাৰৰ গ্ৰন্থৰাজি তন্ন-তন্নকৈ পঢ়িছিল। বিশ্বাস কৰিবলৈ টান হ’লেও সঁচা কথা যে ইউক্ৰেইনৰ ওচৰৰ গাঁৱলীয়া পৰিৱেশত গেলামালৰ দোকানী হিচাপে জীৱন-নিৰ্বাহ কৰি থকা চেক’ভৰ পিতাক এসময়ত দেউলীয়া হৈ নিজ বাসস্থান এৰি পৰিবাৰ আৰু দুই পুতেকক লৈ কস্কোত দুখ-কষ্টৰ মাজেদি দিন পাৰ কৰাৰ সময়ত চেক’ভে নিজ ঘৰত থাকি পঢ়া-শুনা কৰাৰ লগতে গৃহ শিক্ষকতা কৰি পোৱা উপাৰ্জনেৰে মাক-বাপেকক পোহপাল দিবলগীয়া হৈছিল। তাতেই ক্ষান্ত নাথাকি নিয়মীয়াভাৱে চিঠি-পত্ৰৰ আদান-প্ৰদান কৰি দুৰ্দশাগ্ৰস্ত মাক-বাপেকৰ মনোবল বৃদ্ধি কৰিছিল।
এনে ব্যস্ততাৰ মাজতো চেক’ভে কিন্তু তেওঁৰ সাহিত্য-চৰ্চাৰ প্ৰতি অৱহেলা কৰা নাছিল। চেক’ভৰ নীৰৱ যুগপৎ চেষ্টাক স্ব-চক্ষুৰে নিৰীক্ষা কৰি চাবৰ বাবে তেওঁতকৈ জ্যেষ্ঠ লিঅ’ টলষ্টয় আৰু মেক্সিম গৰ্কী তেওঁ থকা বাসস্থান পাইছিলগৈ।
চেক’ভে যদিও সাহিত্য-চৰ্চাত যথেষ্ট গুৰুত্ব দিছিল, চিকিৎসা বৃত্তিতো তেওঁ অকণমানো অৱহেলা কৰা নাছিল। সেয়েহে তেওঁ এবাৰ ৰগৰ কৰি কৈছিল— চিকিৎসা বৃত্তি হৈছে তেওঁৰ আইনসংগত পৰিবাৰ আৰু সাহিত্য হৈছে তেওঁৰ সহধৰ্মিণীৰ দৰে।
কোনো ব্যক্তিয়ে জীৱনত কোনো এটা বিষয়ত ব্যুৎপত্তি লাভ কৰাৰ মূলতে তেওঁৰ নিজৰ চেষ্টাৰ লগতে তেওঁৰ পূৰ্বপুৰুষৰ কোনোবা এজনৰ পৰা অহা বংশানুৰ প্ৰভাৱ বৈজ্ঞানিক বিশ্লেষণৰ মতেও গ্ৰহণীয়। চেক’ভো যে তেনে এক প্ৰভাৱৰ দ্বাৰা আশীৰ্বাদপুষ্ট হৈছিল, সেই কথা তেওঁৰ গল্পকাৰ মাকৰ ব্যৱহাৰিক আচৰণতে প্ৰকাশ পাইছিল। চেক’ভ এটা ধৰ্মীয় পৰিৱেশত ডাঙৰ-দীঘল হৈছিল আৰু সেই আদৰ্শতে শিক্ষা আহৰণ কৰিছিল যদিও এটা সময়ত তেওঁ নিৰীশ্বৰবাদী হৈছিল।

0 comments:
Post a Comment