জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Wednesday, May 13, 2020

এটা কাঠৰ পাত্ৰ : ডিম্পী কলিতা

 5:35:00 PM     শিশু শিতান     No comments   



ৰতনপুৰ নামে এখন সৰু গাঁৱত এজন বৃদ্ধলোকে তেওঁৰ পত্নী, পুত্ৰ, বোৱাৰী আৰু নাতিসহ বাস কৰিছিল৷ এই বৃদ্ধজনক গাঁৱৰ প্ৰায়ভাগ মানুহে মূৰুলী ককা বুলিয়েই মাতিছিল আৰু নামাতিবনো কিয়! ককা আছিলেই ইমান মৰমিয়াল৷ কিন্তু পত্নীৰ বিয়োগৰ পিছতেই ককাৰ মন আৰু শৰীৰ একেবাৰেই ভালে নথকা হ’ল৷ হাজাৰ হ’লেও নিজৰ লগৰীজনীক হেৰুওৱাৰ দুখ সদায় লগতেই থাকে৷ ককাৰ আগৰ সেই ধেমেলীয়া স্বভাৱ, গাঁৱৰ চেমনীয়াসকলক দিয়া সেই উপদেশবোৰ আৰু ককাৰ লগত কটোৱা সেই দিনবোৰ গাঁৱৰ প্ৰায়ভাগ ল’ৰা-ছোৱালীৰ বৰকৈ মনত পৰে৷ আজিকালি আৰু ককা বাহিৰলৈ নোলায়৷ ঘৰৰ চোতালতেই চকী এখনত বহি থকাই দেখা যায়৷

এদিনাখনৰ কথা, ঘৰৰ সকলোৱে ৰাতিৰ ভাতসাঁজৰ বাবে একেলগে টেবুলত বহিছিল৷ আটায়ে একেলগে খাদ্য গ্ৰহণ কৰিবলৈ ধৰিছিল৷ সকলোৱে বৰ তৃপ্তিৰে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছিল৷ কিন্তু ককাইহে খাদ্য গ্ৰহণ কৰিব পৰা নাছিল৷ বয়স বাঢ়ি যোৱাৰ লগে লগে ককাৰ দৃষ্টিশক্তিও একেবাৰে দুৰ্বল হৈ আহিছিল৷ ভাত খাবলৈ লওঁতেই তেখেতৰ হাতখন কঁপিবলৈ আৰম্ভ কৰিছিল৷ যেতিয়া তেখেতে গাখীৰৰ গিলাচটো হাতেৰে তুলি লৈছিল, অকস্মাতে গিলাচটো তেওঁৰ হাতৰ পৰা সৰি পৰিছিল আৰু গোটেই টেবুলখন গাখীৰখিনি পৰি লেতেৰা হৈ গ’ল৷

তাকে দেখি পুতেক আৰু বোৱাৰীৰ অলপ খং উঠিল৷ পুতেকে ক’লে যে আমি দেউতাৰ বাবে খোৱাৰ ব্যৱস্থাটো অলপ বেলেগ কৰিব লাগিব৷ কাৰণ দেউতাৰ খোৱাৰ ধৰণটো একেবাৰেই বেয়া৷ সেয়ে আমি তেওঁৰ বাবে পাকঘৰৰ এটা চুকত এখন সৰু টেবুল বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ পুতেকে ভবামতেই কাম কৰিলে৷ এতিয়া আৰু ককাই অকলেই সেই টেবুলখনত আমন-জিমনকৈ আহাৰখিনি খাই, যেতিয়া তেওঁৰ পুতেক, বোৱাৰীয়েক আৰু চাৰি বছৰীয়া নাতিয়েকক একেলগে আহাৰ খোৱা দেখে তেওঁৰ বৰ দুখ লাগে৷ ককাৰ হাত কঁপনিৰ বাবে দুই এটা বাচনো ভাঙিছে, সেইবাবে বোৱাৰীয়েকে তেওঁক দুই-এটা কথাও শুনাইছে আৰু বাচন-বৰ্তন যাতে নাভাঙে তাৰ বাবে ককাক আজিকালি কাঠৰ বাচনতহে আহাৰ দিয়ে৷ এই সকলোবোৰ ঘটনা সেই আঠ বছৰীয়া ল’ৰাটোৱে লক্ষ্য কৰি আছিল৷

এদিনাখন, সৰু ল’ৰাটোৱে কিছুমান কাঠৰ টুকুৰা গোটাই আছিল৷ তেতিয়া দেউতাকে অতি মৰমেৰে সুধিলে, ‘‘বাবা, তুমি এয়া কি কৰিছা?’’ তেতিয়া ল’ৰাটোৱে ক’লে যে, ‘‘দেউতা, মই এই কাঠৰ টুকুৰাবোৰ জমা কৰিছোঁ৷ মই যেতিয়া ডাঙৰ হ’ম; তেতিয়া তোমাক আৰু মাক ইয়াতেই খাদ্য দিব লাগিব নহয়!’’ এনেদৰে কৈয়েই সৰু ল’ৰাজন তাৰপৰা আঁতৰি গ’ল৷ কিন্তু এই সাধাৰণ কথাটোৱেই দেউতাকৰ মনত বৰ গভীৰ সাঁচ বহুৱালে৷

সেইদিনাখন দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ককা সৰু টেবুলখনতেই বহি আছিল৷ তেতিয়া ককাৰ পুতেক আৰু বোৱাৰীয়েকে অতি আদৰেৰে তেওঁক আকৌ আগৰ দৰেই তেওঁলোকৰ লগতে আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰিলে৷ সেই দেখি ককাৰ মনত সেইদিনা কিমান যে আনন্দ, তেওঁৰ চকুৰ পৰা ওলোৱা পানীয়েই তাৰ প্ৰমাণ৷ এতিয়া ককাক পুতেক আৰু বোৱাৰীয়েকে অতি আদৰেৰে আহাৰ খুৱাই দিয়ে আৰু বৰ ভালকৈ চোৱা-চিতা কৰিবলৈ ল’লে৷

নীতিশিক্ষা: যেনে কৰ্ম তেনে ফল৷ অৰ্থাৎ নিজৰ মাক-দেউতাকৰ লগত যেনে ব্যৱহাৰ কৰিবা, এদিন সেই ব্যৱহাৰ তুমিও ভোগ কৰিব লাগিব৷ যেতিয়া তেওঁলোক এই পৃথিৱীৰ পৰা গুচি যায়, তেতিয়াহে তেওঁলোকৰ মহত্ত্ব বুজা যায়৷ সেয়ে তেওঁলোক জীয়াই থাকোঁতেই, তেওঁলোকক যথোচিত সন্মান আৰু শুশ্ৰুষা কৰাটো প্ৰতিজন সন্তানৰেই মূল কৰ্তব্য৷
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, December 7, 2015

পুনৰ্মুচিকো ভৱ: ভানুমতী বৰা

 5:32:00 PM     শিশু শিতান     No comments   

আমাৰ গুৱাহাটীৰ ভিতৰতেই বশিষ্ঠাশ্ৰম নামেৰে এখন আশ্ৰম আছে। পুৰণি কালত বশিষ্ঠ মুনিয়ে তাতেই বহি তপস্যা কৰিছিল। বশিষ্ঠাশ্ৰমৰ ওচৰতে সন্ধ্যা, ললিতা আৰু কান্তা— এই তিনিওটা নিজৰা মিলি এটা হৈ বৈ গৈছিল।

এদিন আশ্ৰমত মহামুনি বশিষ্ঠ ঋষিয়ে তপস্যা কৰি আছিল। এনে সময়তে গছৰ খোৰোঙৰ পৰা নিগনি এটা আহি ঋষিৰ মূৰতে পৰিল। ঋষিয়ে চকু মেলি চালে। তেওঁ দেখিলে— এটা নিগনি মেকুৰীৰ খেদাত তত্ নাপাই লৰি পলাব খোজোতে, গছৰ ডাল এটাৰ পৰা তেওঁৰ মূৰত পুনৰ জঁপিয়াই পৰিছে।

ঋষিয়ে নিগনিটো হাতত লৈ মৰমেৰে তাৰ গাত হাত বুলাই দি ভাবিলে— বেচেৰা নিগনি এটা নিমাখিত প্ৰাণী। মেকুৰীয়ে আজি নহ’লেও কাইলৈ ইয়াক খাই পেলাব। গতিকে তাক ৰক্ষা কৰিবলৈ হ’লে মেকুৰীলৈ পৰিৱৰ্তন কৰাটোৱেই উচিত হ’ব। ইয়াকে ভাবি তেওঁ কমণ্ডলুৰ পানী গাত ছটিয়াই দি নিগনিটোক মেকুৰীত পৰিণত কৰিলে।

কিছুদিনৰ পিছত ঋষিয়ে দেখে— মেকুৰীটো আশ্ৰমৰ দাঁতিৰ কুকুৰ এটাৰ ভয়ত পলাই ফুৰে। ইয়াকে দেখি তেওঁৰ মৰমৰ মেকুৰীটোলৈ পুনৰ পুতৌ জন্মিল। তেওঁ এইবাৰ মেকুৰীটোক এটা ধুনীয়া কুকুৰলৈ পৰিৱৰ্তন কৰিলে।

দিন যাবলৈ ধৰিলে। এদিন দুপৰীয়া ঋষিয়ে গছৰ শীতল ছাঁত বহি বিশ্ৰাম লৈ থাকোঁতে দেখিবলৈ পালে যে তেওঁৰ মৰমৰ কুকুৰটোক এটা নাহৰফুটুকী বাঘে খাবলৈ খেদি লৈ ফুৰিছে। প্ৰাণৰ ত্ৰাসত কুকুৰটো লৰি আহি ঋষিৰ কোলাতে উঠিলহি! বাঘে ঋষিক দেখি উভতি হাবিলৈ গুচি গ’ল। ঋষিয়ে তেতিয়া ভৱিষ্যতলৈ আৰু নিশ্চন্ত হ’বৰ কাৰণে কুকুৰটোক এইবাৰ এটা নাহৰফুটুকী বাঘত পৰিণত কৰি আশ্ৰমতে ৰাখিলে।

আশ্ৰমত নাহৰফুটুকী বাঘটো এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিল। সি কাকো গণ্য নকৰা হ’ল। প্ৰায়েই সি আশ্ৰমত জীৱ-জন্তুবোৰে কোৱা শুনে যে সি হেনো ঋষিয়ে সজা বাঘহে! সেই কথাটো শুনিলে তাৰ বৰ লাজ লাগে। সেয়ে সি এদিন ভাবিলে— এই বুঢ়া ঋষিটো জীয়াই থাকে মানে তাৰ সেই লজ্জাজনক জন্ম-কাহিনীটো সকলোৱে সদায় কৈ থাকি তাক ইতিকিং কৰিয়েই থাকিব। গতিকে সি তাৰ কণ-কঠীয়া মাৰি থোৱাটোহে উচিত হ’ব।

এনেকৈ গুণা-গঁঠা কৰি সি এদিন ছেগ বুজি খাওঁ বুলি ঋষিৰ ওপৰতে জঁপিয়াই পৰিল। ঋষিয়ে তপস্যাৰ বলত তৎক্ষণাত সকলো কথা বুজিব পাৰি ‘পুনৰ্মুচিকো ভৱ’ বুলি কৈ বাঘটোক চকুৰ পচাৰতে পুনৰ এটি ক্ষুদ্ৰ নিগনিত পৰিণত কৰিলে। নীচ লোকৰো উন্নতি এনেকুৱাই। সেইদিন ধৰি ঋষিৰ সেই ‘পুনৰ্মুচিকো ভৱ’ বাক্যটো এটি প্ৰবচন হৈ ৰ’ল।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Tuesday, December 1, 2015

সামান্য পৰিৱৰ্তনেই যথেষ্ট: প্ৰীতিশ্ৰী বৰদলৈ

 1:52:00 PM     শিশু শিতান     No comments   


জীৱনত এনে বহু মুহূৰ্ত আহে যেতিয়া আমি কিছুমান বেয়া অৱস্থাৰ সন্মুখীন হ’বলগীয়া হয় আৰু চিন্তনীয় বিষয় হৈ পৰে যে কি কৰিব পৰা যায় নাইবা কি কৰাটো উচিত! কাৰণ ইমান সোনকালে সকলো সলনি কৰাটো সম্ভৱ নহয়। আপোনাক কওঁ, সকলো বস্তু নাইবা কামৰ আৰম্ভণি সাধাৰণভাৱেই হয়। কেতিয়াবা আকৌ এনে হয় যে সফলতা আমাৰ পৰা অলপহে দূৰত থাকে আৰু তেতিয়াই আমি পৰাজয় বৰণ কৰোঁ। নিজৰ ক্ষমতাত বিশ্বাস ৰাখি কৰা কোনো পৰিৱৰ্তনেই সৰু নহয় আৰু ই জীৱনত কেতিয়াবা মাইলৰ খুঁটিস্বৰূপো হৈ পৰিব পাৰে! আহকচোন, আজি এনে এটা কাহিনীৰ দ্বাৰাই বুজি লওঁ, সাধাৰণ পৰিৱৰ্তনেই আমাৰ জীৱনৰ বাবে কিমান মহত্বপূৰ্ণ হ’ব পাৰে!

এজন ল’ৰাই সদায় ৰাতিপুৱা ৰাতিপুৱা দৌৰিব গৈছিল। আঁহোতে-যাওঁতে সি প্ৰতিদিনেই এগৰাকী বুঢ়ী মানুহক দেখিবলৈ পাইছিল। সেই বুঢ়ী মানুহগৰাকীয়ে পুখুৰীৰ পাৰত থকা সৰু সৰু কাছৰ পিঠিবোৰ চাফা কৰি দিয়া সি দেখিবলৈ পাইছিল। তাকেই দেখি ল’ৰাজন কিছু আচৰিত হয়! সি ইয়াৰ আঁৰৰ ৰহস্য জানিবলৈ ব্যাকুল হৈ পৰে।

এদিনাখন সেই ল’ৰাজন মানুহগৰাকীৰ ওচৰলৈ গ’ল আৰু তেওঁক সম্ভাষণ জনাই ক’লে, ‘‘নমস্কাৰ খুৰী! মই সদায় এইফালে খোজকাঢ়িবলৈ আহিলে, আপোনাক কাছৰ পিঠিবোৰ চাফা কৰি থকা দেখিবলৈ পাওঁ। আপুনি কি কাৰণত এনেকুৱা কৰে বাৰু?"’’
তেতিয়া বুঢ়ী মানুহগৰাকীয়ে ল’ৰাজনৰ ফালে চালে আৰু উত্তৰ দিলে, ‘‘মই সদায় ইয়ালৈ আহোঁ আৰু এই সৰু সৰু কাছবোৰৰ পিঠিবোৰ চাফা কৰি দি সুখ অনুভৱ কৰোঁ। কাৰণ ইহঁতৰ পিঠিত যি চলং আছে তাত লেতেৰা মলি জমা হোৱাৰ কাৰণে ইহঁতৰ উষ্ণতা উত্‍পন্ন কৰিব পৰা ক্ষমতা ক্ৰমান্বয়ে কমি যাবলৈ ধৰে, সাঁতুৰিবলৈ ইহঁতৰ অসুবিধা হয়। বহুদিন ধৰি যদি ইহঁতৰ চলঙখন এনেকৈয়ে লেতেৰা হৈ থাকে তেন্তে ইহঁত লাহে লাহে দুৰ্বল হৈ পৰে। সেয়ে মই ইহঁতৰ চলঙখন চিকুণাই থাকোঁ।
কথাখিনি শুনি ল’ৰাজন কিছু আচৰিত হ’ল। সি পুনৰ সুধিলে, ‘‘নিঃসন্দেহে আপুনি এটা মহৎ কামেই কৰিছে, কিন্তু খুৰী, এটা কথা ভাবকচোন যে এই কাছকেইটাৰ বাহিৰে আৰু কিমান যে কাছ ইয়াতকৈয়ো সংকটজনক অৱস্থাত আছে! যিহেতু আপুনি সকলো কাছকেই চিকুণাই ৰখাটো সম্ভৱপৰ নহয় সেয়ে আপুনি অকলে ইয়াক সলনি কৰিব বিচাৰিলে একো ডাঙৰ পৰিৱৰ্তন নহয়!’’ 
তেতিয়া বুঢ়ী মানুহগৰাকীয়ে অতি চমু কিন্তু হৃদয়স্পৰ্শী উত্তৰ দিলে যে, ‘‘মোৰ এই কৰ্মৰ কাৰণে পৃথিৱীত একো ডাঙৰ পৰিৱৰ্তন নহয় সঁচা, কিন্তু ভাবাচোন মোৰ এই কৰ্মৰ ফলত এই এটা কাছৰ জীৱনলৈ পৰিৱৰ্তন নাহিবনে? তেন্তে এই সৰু পৰিৱৰ্তনৰ পৰাই আৰম্ভ কৰাত ভুল কি! এটা সাধাৰণ পৰিৱৰ্তনেই সলাব পাৰে সকলো, যদিহে আন্তৰিকতা থাকে।’’
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, August 24, 2015

নাইপিয়াৰ ভয়

 4:09:00 PM     শিশু শিতান     No comments   

এসময়ত ঈশ্বৰৰ তেওঁৰ সৃষ্টি মানুহৰ শৰীৰৰ য’তে ত’তে আঘাতৰ দাগবোৰ দেখি দুখ লাগিল। তেওঁ এইবোৰ নাইকিয়া কৰিবলৈ কেতবোৰ নতুন ছালৰ টোপোলা এটা সাজু কৰি নাইপিয়াক মাতি আনিলে আৰু টোপোলাটো পৃথিৱীৰ মানুহক দিবলৈ নির্দেশ দিলে। নাইপিয়াই টোপোলাটো লৈ পৃথিৱীলৈ যাত্ৰা কৰিলে। সেই দিনটো আছিল বৰ গৰমৰ দিন, নাইপিয়াৰ পিয়াহ লগাত পানী খাবলৈ বুলি সি বাটতে ৰ’ল। বাটত সি লগ পালে তাৰে সম্বন্ধীয় সাপক। সাপে মানুহক ভাল নাপায় আৰু নাইপিয়াই ক’লৈ গৈ আছে সেয়া জানিব পাৰি সি টোপোলাটো চুৰ কৰিবলৈ মন মেলিলে। সেই অনুসৰি সাপে নাইপিয়াক ঘৰলৈ মাতি নি সুন্দৰকৈ খুৱালে। খাই-বৈ উঠি সি ভাগৰতে টোপনি যোৱাত সাপে টোপোলাটো চুৰ কৰি খুলি চালে। টোপোলাটোত ধুনীয়া ধুনীয়া ছালবোৰ দেখি সাপৰ মনত দুষ্ট বুদ্ধি খেলালে আৰু সাপে মনতে ভাবিলে যে মানুহে যাতে এইবোৰ কেতিয়াও নাপায়। ইফালে, নাইপিয়াই সাৰ পাই উঠি সাপৰ ওচৰত টোপোলাটো দেখি ঘূৰাই দিবলৈ অস্বীকাৰ কৰাত নাইপিয়াৰ ভয় লাগিল। কিয়নো সেই ছালবোৰ মানুহৰ হাতত নপৰিলে ঈশ্বৰে যে তাক সুদাই নেৰে সি সেইকথা ভালদৰে জানে। সেয়ে ভয়তে সি গছৰ ডাল-পাতৰ তলত লুকাই থাকিল। সেই তেতিয়াৰ পৰাই নাইপিয়া এতিয়াও গছৰ খোৰোঙত লুকাই থাকে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

উৰণীয়া হাতী

 4:08:00 PM     শিশু শিতান     No comments   

এসময়ত হাতীবিলাকৰ চাৰিখন বৃহত্‍ ডেউকা আছিল আৰু সিহঁতে উৰি ফুৰিব পাৰিছিল। ঈশ্বৰেও এনে এটা হাতীৰ পিঠিতে উঠি ফুৰিছিল। পৃথিৱীখন সৃষ্টি নোহোৱালৈ আৰু পৃথিৱীত মানুহে কাম কৰিব নোলোৱালৈকে এনেদৰে চলিছিল আৰু সকলো ঠিকেই আছিল। হাতীবোৰে ইফালে-সিফালে উৰি ফুৰোঁতে খুব হাই-ঊৰুমি কৰিছিল আৰু সেয়ে আন সকলোৱে ঈশ্বৰৰ ওচৰত ইয়াকে লৈ আপত্তি কৰিবলৈ ধৰিলে। অৱশেষত ঈশ্বৰে এই সমস্যা সমাধানৰ বাবে চিন্তা কৰিলে। এদিন ঈশ্বৰে হাতীবোৰক ভোজ-ভাতলৈ নিমন্ত্ৰণ জনালে। হাতীবোৰে ডিঙিলৈকে পেট পূৰাই খালে আৰু ভাগৰত টোপনি গ’ল। এই সুযোগতে ঈশ্বৰে হাতীবোৰৰ ডেউকাকেইখন কাটি পেলালে। সেই সময়ত ময়ূৰৰ ডেউকা নাছিল, গতিকে দুখন ডেউকা ময়ূৰক দি দিলে। আনহাতে, সেইকালত কলগছৰ পাত নাছিল। গতিকে আন দুখন ডেউকা কলগছক দিলে। সেয়ে কলগছৰ পাতবোৰ ইমান ডাঙৰ।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, April 13, 2014

শামুকৰ খোলাটো ক’ৰপৰা আহিল?

 3:17:00 AM     শিশু শিতান     No comments   

www.jibonenedorei.blogspot.in
সেয়া বহু দিনৰ আগৰ কথা, ফিজি দ্বীপত কেঁকোৰা, শামুক আৰু কেইটামান প্ৰজাতিৰ চৰাইৰ বাদে অন্য কোনো জীৱ-জন্তু নাছিল। প্ৰথম অৱস্থাত কেঁকোৰা আৰু শামুকৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। তেওঁলোকে তাত মহা সুখে-সন্তোষে জীৱন-যাপন কৰিছিল। কেঁকোৰাই বৰ খৰ খোজেৰে ঘূৰি ফুৰিব পাৰিছিল আনহাতে সেই সময়ত শামুকৰ গাত খোলাটো নাছিল। সেয়ে শামুকে নিজৰ শৰীৰটো ৰক্ষা কৰাৰ স্বাৰ্থত মন্থৰ গতিৰেই চলাফুৰা কৰিছিল। প্ৰতিদিনে কেঁকোৰাই সাগৰত মাছ ধৰি খায় আৰু শামুকটোৱে দ্বীপটোৰ বাদে ক’লৈকো খাদ্য বিচাৰি নাযায়! শামুকটো কিন্তু এলেহুৱা নাছিল, দ্বীপটোৰ বাদে সি অন্য ঠাইলৈ খাদ্য বিচাৰি নোযোৱাৰ এটা বিৰাট কাৰণ আছিল।

শামুকটো বৰ সহজ-সৰল আছিল। সি যিয়েই বিচাৰি পায় কেঁকোৰাৰ সৈতে সমানে ভগাই খায়, কিন্তু কেঁকোৰা আছিল শামুকৰ সম্পূৰ্ণ বিপৰীত। কেঁকোৰাই ধৰা মাছৰ অধিকাংশই কেঁকোৰাটোৱে অকলেই খাই পেলাইছিল, শামুকলৈ সামান্য অংশহে এৰিছিল। এদিন স্থলভূমিৰ সকলো খাদ্য শেষ হৈ যোৱাত শামুকটোৱে খাদ্য বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থা হ’ল! ইয়াকে দেখি কেঁকোৰাই মনে মনে খুউব হাঁহে। ইফালে শামুকটো দিনক দিনে শুকাই-ক্ষীণাই যাবলৈ ধৰিলে। কেঁকোৰাই সদায় সাগৰত মাছ ধৰে আৰু অকলে অকলে খাই শেষ কৰি পেলায়। শামুকৰ কেতিয়া মৃত্যু হয় সি তাকে ভাবিবলৈ ধৰিলে। কেঁকোৰাই এটা কথা ভালকৈ জানে যে শামুকৰ মৃত্যু হ’লে দ্বীপটোৰ সি একছত্ৰী ৰজা হ’ব! শামুকটো দিনে দিনে বেছি দুৰ্বল হ’বলৈ ধৰিলে আৰু তাৰ ইফাল-সিফাল কৰিব নোৱৰা অৱস্থা হ’ল। এটা শিলৰ তলত জুপুকা মাৰি বহি সি তাৰ ভাগ্যকে ধিয়াই থকা হ’ল। এদিনাখন বুদ্ধিমান কাছ বন্ধুৰ কথা তাৰ মনলৈ আহিল। পানী আৰু দ্বীপৰ বিষয়ে কাছৰ বহুত জ্ঞান আছে। সেয়ে শামুকে অতি কষ্টেৰে লাহে লাহে পূবলৈ যাত্ৰা আৰম্ভ কৰিলে।

অৱশেষত, বহু কষ্টৰ মূৰত শামুকে কাছ বন্ধুক লগ পালে। শামুকৰ অৱস্থা দেখি কাছই বৰ বেজাৰ পালে। শামুকে তাৰ দুখৰ কাহিনী কাছৰ সমূখত ক’লে। কাহিনী শুনি কাছই শামুকক ক’লে— তুমি সাগৰৰ পৰা খাদ্যবস্তু সংগ্ৰহ নকৰা কেলৈ?
তেতিয়া শামুকে ক’লে— মোৰ বৰ ভয় লাগে সখা, সাগৰৰ মাছবোৰে যদি মোৰ কোমল শৰীৰটো খুটিয়াই খুটিয়াই খাই পেলায়!
হহম..ঠিকেই!— কাছই ক’লে।
সাগৰত মই বহুত খোলা দেখা পাইছোঁ। সেইবোৰ তোমাৰ শৰীৰত বৰ সুন্দৰকৈ খাপ খাব। মই তাৰপৰাই এটা খোলা তোমালৈ লৈ আনিম সখা, তুমি চিন্তাই নকৰিবা।

কাছই সাগৰৰ তলিৰ পৰা এটা খোলা আনি শামুকক পিন্ধাই দিলে আৰু কিবা কিবি খাবলৈও দিলে। শামুকে কাছক কৃতজ্ঞতা জনাই ওভতনি যাত্ৰা আৰম্ভ কৰিলে। বিদায় পৰত কাছই শামুকক ক’লে— সদায় ভদ্ৰ হ’বা, নম্ৰ হ’বা, তেতিয়া সকলোৱে তোমাক ভালপাব, শ্ৰদ্ধা কৰিব আৰু তোমাৰ আপোনপেটীয়া বন্ধুক বেয়া পাব।

শামুকটো নিজৰ ঘৰৰ ওচৰ পোৱাৰ সময়ত কেঁকোৰাই তাক দেখা পাই হতচকিত হৈ পৰিল। বহু সময় ধৰি সি শামুকটোৰ ফালেই চাই থাকিল। বন্ধুৰ প্ৰতি সি কেনে আচৰণ কৰিছিল সেইকথা উপলব্ধি কৰি কেঁকোৰাটো বৰ লজ্জিত হ’ল আৰু সেইদিনাৰ পৰাই কেঁকোৰা বালিৰ মাজত গাঁত খান্দি লুকাই থাকিবলৈ ল’লে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, March 30, 2014

প্রকৃত সাধু: শৰৎ চন্দ্র ডেকা

 1:13:00 AM     শিশু শিতান     No comments   

বহু দিনৰ আগৰ কথা। বাৰানসীৰ এটা মন্দিৰৰ আগ চোতালত এদিন শূন্যৰ পৰা হঠাতেই এখন সোণৰ থাল পৰিল। মন্দিৰৰ পুৰোহিতে আগবাঢ়ি গৈ আথে-বেথে থালখন তুলি ল’লে। এনেতে শূন্যৰ পৰাই কোনোবাই কোৱা শুনিবলৈ পালে—‘‘ৰাজ্যৰ যিজন লোকেই আটাইতকৈ সাধু, দয়ালু আৰু পৰোপকাৰী তেওঁকেই এই থালখন দিবা।’’

দৈৱবাণীমতে সেই ৰাজ্যৰ আটাইতকৈ সাধু আৰু পৰোপকাৰী বুলি খ্যাতি থকা লোকজন এদিন মন্দিৰলৈ অহাত পুৰোহিতে তেওঁক থালখন দান কৰিলে। মানুহজনে দেখিবলৈ পালে যে সেইখন দেখোন সোণৰ নহয় এখন লোৰ থালহে। তেওঁ লগে লগে ঘূৰাই দিলেহি। কিন্তু কি আচৰিত, পুৰোহিতৰ হাতত পৰাৰ লগে লগে থালখন আকৌ সোণৰ হৈ পৰিল।

ইয়াৰ পাছত পুৰোহিতে ৰাজ্যৰ অনেক গণ্য-মান্য লোকক থালখন দান কৰিলে। সকলোৰে ক্ষেত্ৰত কিন্তু একেই হ’ল। সকলোৱে লোৰ থালখন আনি পুৰোহিতক ঘূৰাই দিব ধৰিলে। ইয়াৰ পাছত পুৰোহিতৰ বুজিবলৈ বাকী নাথাকিল যে আগপাতত খোৱা সকলো দেখোন গভাইত চোৰেই। পুৰোহিতজন তথাপি হতাশ নহ’ল। তেওঁ প্রকৃত সাধু আৰু পৰোপকাৰী লোকৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিলে।

এনেতে আলি মন্দিৰটোত প্রতিবছৰে পালন কৰা সেই পৰ্বৰ দিনটো আহি পালেহি। সেই পৱিত্র দিনত ৰাজ্যৰ অনেক প্রজাই মন্দিৰত গোট খায়হি। এইবাৰো অসংখ্য মানুহৰ সমাগম হৈছে। বিভিন্ন মানুহৰ মাজতে ওলালহি মাটিত বাগৰি বাগৰি অহা এগৰাকী কুষ্ঠৰোগী। প্রখৰ ৰ’দত মাটিত বাগৰি অহা ৰোগীজনে পিয়াহত আকুল হৈ ‘পানী’, ‘পানী’ বুলি অতি কাতৰভাবে দৰ্শনাৰ্থী ভক্তসকলক এটুপি পানী বিচাৰিলে। কিন্তু কোনেও তেওঁৰ ফালে ঘূৰিকে নাচালে। বৰং লেই লেই চেই চেই কৰি তাক তাৰপৰা খেদিবলৈহে ধৰিলে। এনেতে এজন মানুহে মাটিৰ পাত্র এটাত পানী ভৰাই আনি ৰোগীজনক বৰ যতনেৰে খুৱাই দিলে।

কোনো ভয়, কোনো সংকোচ নকৰাকৈ তেওঁৰ পিনে আচৰিত হৈ চাব ধৰিলে। ফটাচিটা কাপোৰ পিন্ধা এজন তেনেই সাধাৰণ লোক। কিন্তু মুখ মণ্ডলত উজলি উঠিছিল দয়া-কৰুণাৰ কোমল আভা। এই লোকজনৰ কাম আৰু আচৰণে পুৰোহিতৰ দৃষ্টি আকৰ্ষণ কৰিলে। তেওঁ হৰ্ষচিত্তে সোণৰ থালখন লোকজনৰ হাতত তুলি দিলে আৰু তাৰ প্রতিক্রিয়ালৈ অপেক্ষা কৰিলে। এইবাৰ কিন্তু থালখনৰ একো বিকাৰ নঘটিল। দীৰ্ঘদিনৰ মূৰত প্রকৃত সাধু এজনৰ সন্ধান পাই পুৰোহিতজনে পৰম শান্তি লভিলে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, March 24, 2014

এটা শিঙৰা মাছৰ কথা: ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

 12:03:00 AM     শিশু শিতান     No comments   

এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধৰোঁতে শিঙৰাই মাত লগালে― “ককাই, মই শিঙৰাৰ ৰজা; তই মোক নাখাবি। মই তোৰ গৰুটো সদায় ৰখি দিম।” মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই পিছদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চ’ৰাবলৈ পঠিয়াই দিলে। শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুঁচি খুঁচি তাক পথাৰলৈ লৈ গৈ চ’ৰাবলৈ ধৰিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’লে― “হেৰ’ ৰাক্ষস ৰ, ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ, তেহে মোৰ গৰু চুবি নহ’লে তোৰ ফালে আধ্যা।” ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মটমটনি দেখি হাঁহি, তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত বিহ কাঁইটেৰে বিন্ধি দিলে। তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি, ভকভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি― “তোক যিহকে লাগে তাকে মই দিম, তেওঁ মোক তই এৰি দে ঔ।” এইবুলি কোৱাত শিঙৰাই ক’লে― “যদি তোক এৰি দিব লাগে তেনেহ’লে মোক কি দিবি আগেয়েই দে।” ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি উলিয়াই দি ক’লে― “এই আঙঠিটো কলপাত এখনত থৈ ভালমতে সেৱা-শুশ্ৰূষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ-দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰূপেৰে ঠাহ খাব।” শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি। ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙঠিটো দি, সকলো কথা ভাঙি-পাতি ক’লত গিৰিহঁত ৰং মনেৰে, শিঙৰাই কোৱামতে আঙঠিটো কলপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ-বাৰী সকলোবোৰ সোণৰ হৈ পৰিল আৰু সোণ-ৰূপেৰে ঘৰ উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল কাটি বিয়া দিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থূলন্তৰ পুৰুষ হৈ পৰিল। তেতিয়া সকলোৱে মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে।
“চালত পৰিল ফেঁচা।
মোৰ সাধুকথা মিছা।
তামোলে মেলিলে ডাবি।
কোন ক’লৈ যাবি।”


[সাধু পঢ়াৰ বয়স নাই জানিও সিদিনা বেজবৰুৱাদেৱৰ এই সাধুটো পঢ়িলোঁ। সৰুতে পঢ়াৰ দৰেই দেখোন এতিয়াও সেই একেই আমেজ পালোঁ। এই সাধুবোৰে বহু কথা শিকাই যায়।]
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog