আমাৰ গুৱাহাটীৰ ভিতৰতেই বশিষ্ঠাশ্ৰম নামেৰে এখন আশ্ৰম আছে। পুৰণি কালত বশিষ্ঠ মুনিয়ে তাতেই বহি তপস্যা কৰিছিল। বশিষ্ঠাশ্ৰমৰ ওচৰতে সন্ধ্যা, ললিতা আৰু কান্তা— এই তিনিওটা নিজৰা মিলি এটা হৈ বৈ গৈছিল।
এদিন আশ্ৰমত মহামুনি বশিষ্ঠ ঋষিয়ে তপস্যা কৰি আছিল। এনে সময়তে গছৰ খোৰোঙৰ পৰা নিগনি এটা আহি ঋষিৰ মূৰতে পৰিল। ঋষিয়ে চকু মেলি চালে। তেওঁ দেখিলে— এটা নিগনি মেকুৰীৰ খেদাত তত্ নাপাই লৰি পলাব খোজোতে, গছৰ ডাল এটাৰ পৰা তেওঁৰ মূৰত পুনৰ জঁপিয়াই পৰিছে।
ঋষিয়ে নিগনিটো হাতত লৈ মৰমেৰে তাৰ গাত হাত বুলাই দি ভাবিলে— বেচেৰা নিগনি এটা নিমাখিত প্ৰাণী। মেকুৰীয়ে আজি নহ’লেও কাইলৈ ইয়াক খাই পেলাব। গতিকে তাক ৰক্ষা কৰিবলৈ হ’লে মেকুৰীলৈ পৰিৱৰ্তন কৰাটোৱেই উচিত হ’ব। ইয়াকে ভাবি তেওঁ কমণ্ডলুৰ পানী গাত ছটিয়াই দি নিগনিটোক মেকুৰীত পৰিণত কৰিলে।
কিছুদিনৰ পিছত ঋষিয়ে দেখে— মেকুৰীটো আশ্ৰমৰ দাঁতিৰ কুকুৰ এটাৰ ভয়ত পলাই ফুৰে। ইয়াকে দেখি তেওঁৰ মৰমৰ মেকুৰীটোলৈ পুনৰ পুতৌ জন্মিল। তেওঁ এইবাৰ মেকুৰীটোক এটা ধুনীয়া কুকুৰলৈ পৰিৱৰ্তন কৰিলে।
দিন যাবলৈ ধৰিলে। এদিন দুপৰীয়া ঋষিয়ে গছৰ শীতল ছাঁত বহি বিশ্ৰাম লৈ থাকোঁতে দেখিবলৈ পালে যে তেওঁৰ মৰমৰ কুকুৰটোক এটা নাহৰফুটুকী বাঘে খাবলৈ খেদি লৈ ফুৰিছে। প্ৰাণৰ ত্ৰাসত কুকুৰটো লৰি আহি ঋষিৰ কোলাতে উঠিলহি! বাঘে ঋষিক দেখি উভতি হাবিলৈ গুচি গ’ল। ঋষিয়ে তেতিয়া ভৱিষ্যতলৈ আৰু নিশ্চন্ত হ’বৰ কাৰণে কুকুৰটোক এইবাৰ এটা নাহৰফুটুকী বাঘত পৰিণত কৰি আশ্ৰমতে ৰাখিলে।
আশ্ৰমত নাহৰফুটুকী বাঘটো এতিয়া উঠি ৰজা-বহি ৰজা হৈ পৰিল। সি কাকো গণ্য নকৰা হ’ল। প্ৰায়েই সি আশ্ৰমত জীৱ-জন্তুবোৰে কোৱা শুনে যে সি হেনো ঋষিয়ে সজা বাঘহে! সেই কথাটো শুনিলে তাৰ বৰ লাজ লাগে। সেয়ে সি এদিন ভাবিলে— এই বুঢ়া ঋষিটো জীয়াই থাকে মানে তাৰ সেই লজ্জাজনক জন্ম-কাহিনীটো সকলোৱে সদায় কৈ থাকি তাক ইতিকিং কৰিয়েই থাকিব। গতিকে সি তাৰ কণ-কঠীয়া মাৰি থোৱাটোহে উচিত হ’ব।
এনেকৈ গুণা-গঁঠা কৰি সি এদিন ছেগ বুজি খাওঁ বুলি ঋষিৰ ওপৰতে জঁপিয়াই পৰিল। ঋষিয়ে তপস্যাৰ বলত তৎক্ষণাত সকলো কথা বুজিব পাৰি ‘পুনৰ্মুচিকো ভৱ’ বুলি কৈ বাঘটোক চকুৰ পচাৰতে পুনৰ এটি ক্ষুদ্ৰ নিগনিত পৰিণত কৰিলে। নীচ লোকৰো উন্নতি এনেকুৱাই। সেইদিন ধৰি ঋষিৰ সেই ‘পুনৰ্মুচিকো ভৱ’ বাক্যটো এটি প্ৰবচন হৈ ৰ’ল।
0 comments:
Post a Comment