দ্বিতীয় শতিকাত চীন দেশৰ পণ্ডিত চাই লুনে আধুনিক কাগজ প্ৰস্তুত কৰি উলিয়াইছিল। অৱশ্যে ইয়াৰ পূৰ্বেও কাগজ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। সত্যযুগত ঋষি-মুনিসকলে ব্যৱহাৰ কৰা সাঁচিপাতকে প্ৰথম কাগজ বুলি ক’ব পৰা যায়। ইয়াৰ পিছত মিছৰীয়সকলে নীল নদীৰ পাৰত এবিধ উদ্ভিদৰ পৰা কাগজ প্ৰস্তুত কৰিছিল। তাৰপিছত দ্বিতীয় শতিকাত চীন দেশত আধুনিক কাগজ প্ৰস্তুত হৈছিল। উদ্ভিদৰ আঁহৰ পৰা চীনা পণ্ডিত চাই লুনে ১০৫ খ্ৰীষ্টাব্দত কাগজ প্ৰস্তুত কৰি উলিয়াইছিল। তাৰ পিছত ত্ৰয়োদশ শতিকাত ইউৰোপত সৰ্বপ্ৰথম পানী চালিত কাগজৰ উৎপাদন আৰম্ভ হয়। ঔদ্যোগীকৰণৰ বিকাশ তথা চিঠি-সংবাদ পত্ৰ আৰু আন আন মাধ্যমৰ পৰিৱৰ্তন আৰু উদ্ভাৱনে কাগজ তৈয়াৰ কৰা এটা নতুন শিল্পৰ ৰূপ দিয়ে। ১৮৪৪ চনত কানাডাৰ উদ্ভাৱক চাৰ্লছ ফিনাৰ্টী আৰু জাৰ্মান উদ্ভাৱক এফ জি কেলাৰে যুটীয়াভাৱে কাগজ তৈয়াৰ কৰাৰ মূল উপাদান হিচাপে এক ধৰণৰ মেচিন (প্ৰক্ৰিয়া) উদ্ভাৱন কৰে। ইয়াৰ ফলত কম খৰচত আৰু অধিক পৰিমাণৰ কাগজ উৎপাদন সম্ভৱ হৈ পৰে।
বাঁহৰ চাঁচ, গছৰ ছাল, ইকৰা, খাগৰি, কুঁহিয়াৰ, মৰাপাট, ফটা কাপোৰ, জাবৰ, পুৰণি কাগজ ইত্যাদিৰ পৰাই কাগজ প্ৰস্তুত কৰা হয়। কাগজ শব্দটি হৈছে পেপাৰ (Paper) শব্দটিৰ প্ৰতিশব্দ। প্ৰাচীন মিছৰৰ ‘প্যাপিৰাস’ নামৰ শব্দৰ পৰা পেপাৰ শব্দৰ উৎপত্তি হৈছে। প্যাপিৰাস নামৰ গছৰ বাকলিৰ পৰা প্যাপিৰাস তৈয়াৰ কৰা হৈছিল আৰু এই প্যাপিৰাস শব্দটো আহিছে প্ৰাচীন গ্ৰীচৰ এবিধ উদ্ভিদ সাইপ্ৰাছ প্যাপিৰাস (Cyperus Papyrus)ৰপৰা। বিভিন্ন সময়ত বিভিন্ন পদ্বতিৰে কাগজ প্ৰস্তুত হৈ আহিছে। চীনাসকলে ব্যৱহাৰ কৰা পদ্ধতিৰ পিছত ৰাসায়নিক পদ্ধতি, যান্ত্ৰিক পদ্ধতিত কাগজ উৎপাদন হৈ আহিছে।

0 comments:
Post a Comment