জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Saturday, May 23, 2015

বজাৰ: ৰিয়ান ৰাগিনী

 11:05:00 AM     গল্পৰ চলেৰে     No comments   

মাথোঁ অলপ সময়ৰ আগলৈকে সমগ্ৰ ঠাইটুকুৰা নিৰ্জন হৈ আছিল। কিন্তু এঘণ্টাৰ ভিতৰতে লোকে-লোকাৰণ্য হৈ পৰিল। কোনো নথকাৰ সুযোগত অলপ সময়ৰ আগলৈকে ঠাইটুকুৰাত ৰাজত্ব চলাই থকা ফপৰা কুকুৰকেইটাই মানুহৰ উপস্থিতিৰ উমান পাই পলাই পত্ৰং দিলে। দেওবৰীয়া হাটখন অঞ্চলটোৰ সেই ঠাইটুকুৰাতেই বহে।

মধুপুৰ!! ঠিক গাঁও বুলিও ক’ব নোৱাৰি বা নগৰ বুলিবও নোৱাৰি; মাজতে কিবা এটা। অৱশ্যে ঠাইখনে দ্ৰুতগতিৰে নগৰৰ ৰূপ পৰিগ্ৰহ কৰিবলৈ লৈছে। দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কোনোধৰণৰ সামগ্ৰীৰ অভাৱ ইয়াৰ জনসাধাৰণে ভোগ কৰিবলগীয়া হোৱা নাই। যাতায়াত, যোগাযোগ, শিক্ষা, বিদ্যুৎ সৰবৰাহকে ধৰি সকলোবোৰৰে সু-ব্যৱস্থা ইয়াত আছে। অৱশ্যে সিমান উন্নত বুলিও ক’ব নোৱাৰি। তথাপি অঞ্চলটোক লৈ প্ৰতিজন বাসিন্দাই গৌৰৱ কৰাৰ থল নোপোৱাৰ প্ৰশ্ন নুঠে।

প্ৰতি দেওবাৰে মধুপুৰৰ এই নিৰ্দিষ্ট ঠাইটুকুৰাত হাটখন বহে। হাটখনলৈ মধুপুৰৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ সমাগম হয়। মুঠতে অঞ্চলটোৰ পৰিৱেশলৈ লক্ষ্য কৰিলেই গম পোৱা যায় যে আজি দেওবাৰ।

ব’হাগক আদৰাৰ আয়োজন চলিছে সৰ্বত্ৰ। বছৰেকৰ মূৰত অহা বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ ক্ষেত্ৰত কোনেও কণমানো কৃপণালি কৰিব নিবিচাৰে। ঢোল, পেঁপা, গগনাৰ শব্দেৰে মুখৰিত হৈ পৰিছে মধুপুৰ। প্ৰতিবছৰৰ দৰে এইবেলিও মধুপুৰ অঞ্চলক একত্ৰ কৰি বিহু সন্মিলনখনি ধুমধামেৰে অনুষ্ঠিত হ’ব নিশ্চয়! অৱশ্যে মধুপুৰত প্ৰতিবছৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হোৱা বিহু সন্মিলনখনিৰ কথা সৰ্বজনবিদিত। এই সন্মিলনখনিৰ যেন এক স্বকীয় বৈশিষ্ট্য আছে।

আজি বিহুৰ বজাৰ। পূজা বা বিহুৰ আগৰটো দেওবাৰে বহা বজাৰখন পূজা বা বিহুৰ বজাৰ বুলিয়েই পৰিচিত। ময়ো বজাৰখনৰ এজন নিয়মীয়া ব্যৱসায়ী। আজিও নিৰ্দিষ্ট সময়ৰ অলপ আগতেই বজাৰখনত থকা মোৰ নিৰ্দিষ্ট ঠাইখনত মোৰ বেহাৰ সামগ্ৰীসমূহ মেলিবলৈ যো-জা কৰিলোঁ।

বজাৰখন ক্ৰমান্বয়ে মানুহ আৰু মানুহৰ কোৰ্হালেৰে ভৰি পৰিছে। ব্যস্ত হৈ পৰিছে বজাৰখন। অলপ সময়ৰ আগৰ একো একোজন মানুহ ক্ৰমাৎ একোজন ব্যৱসায়ীলৈ পৰিবৰ্তিত হৈছে। প্ৰত্যেকেই যেন প্ৰত্যেকৰ অচিনাকি হৈ পৰিছে ক্ৰমাৎ। কাৰণ বন্ধুত্ব মোৰ লগতহে, ব্যৱসায়ৰ লগত নহয়।

‘কি লেবিৰে মিনি?’, ‘দাদা, লৈ যাওক, সস্তা দামতে দিছোঁ...’, ‘বাইদেউ, ইয়াতকৈ ভাল বস্তু বজাৰত নাপাবই...’ আদি কথাৰে মুখৰিত বজাৰখনৰ আকাশ-বতাহ। প্ৰতিটো দিশ... সকলোৱেই নিজৰ নিজৰ পণ্য আটাইতকৈ ভাল বুলি প্ৰতিপন্ন কৰাত ব্যস্ত। এক শীতল বজাৰ-যুদ্ধ। অৰ্থনীতি বিজ্ঞানৰ ভাষাত ভীষণ প্ৰতিযোগিতামূলক বজাৰ। ‘মানৱতা’ শব্দটো যেন ইয়াত প্ৰত্যেকৰেই অচিনাকি।

‘বাবু, ভিক্ষা?’

এটা প্ৰয়োজনতকৈ ক্ষীণ চি-চিয়াঁ কণ্ঠস্বৰে মোক সেই কণ্ঠস্বৰৰ গৰাকীক চাবলৈ বাধ্য কৰালে। মোৰ কাষৰ ঠাইটুকুৰাত বহা এজন ব্যৱসায়ীলৈ কিবা এটা পোৱাৰ আশাত হাত দুখন আগবঢ়াই দিছে প্ৰয়োজনতকৈ অধিক যেন লগা হাড়েৰে পৰিপূৰ্ণ দেহাৰ এটা আকৃতিয়ে। তাৰ চেহেৰাত ফুটি উঠিছে কাৰুণ্যৰ ছাপ। দেহাত নামমাত্ৰ বস্ত্ৰ, যি তাৰ লজ্জা নিবাৰণ কৰিবলৈ কোনোমতেহে সমৰ্থ। তাৰ চকু দুটাত যেন দুকুৰা ৰঙা জুই! ঈশ্বৰে মানুহ সৃষ্টি কৰা চিৰসত্য বাক্যশাৰীক সেই চকুযুৰিয়ে যেন বাৰে বাৰে ভুল বুলি প্ৰতিপন্ন কৰিব!

এক, দুইকৈ প্ৰায় পাঁচ মিনিট সময় পাৰ হৈ গ’ল। ব্যৱসায়ীজনে তালৈ কাণসাৰেই দিয়া নাই। গ্ৰাহকৰ সৈতে দৰ-দাম মিলোৱাত ব্যস্ত। তাৰ উপস্থিতি যেন ব্যৱসায়ীজনৰ বাবে অসহ্যকৰ হৈ পৰিছে, তেনে এক ভাৱমূৰ্তিত তেওঁৰ কাষৰ পৰা গ্ৰাহকো পাতলিল।

‘বাবু, ভিক্ষা?’

ল’ৰাজন আঁতৰাই নাছিল। সি তাৰ ক্ষীণ কণ্ঠস্বৰৰ পুনৰাবৃত্তি কৰিলে। মাতটো ইমানেই দুৰ্বল আছিল, যেন শব্দ দুটা তাৰ কণ্ঠ ভেদি ওলায়েই নাহিব! ভীষণ দুৰ্বল দেখা গৈছিল তাক।

‘ওই মুন্না। এটা চা আনিবিৰেই। লগত চিংৰা এটা ভী দিবি।’

— ল’ৰাটোৰ ফালে কোনোধৰণৰ কেৰেপ নকৰি কাষৰ হোটেলখনলৈ ব্যৱসায়ীজনে ৰিঙিয়ালে।

‘বাবু, ভিক্ষা?’

— হয়তো অন্তিম প্ৰচেষ্টা হিচাপে আকৌ ল’ৰাটোৱে শব্দ দুটাৰ উচ্চাৰণ কৰিলে।

‘‘যাহ, ফুট! বহনিয়েই হোৱা নাই; ইয়াক আক’ ভিক্ষা লাগে। বিজনেছৰ সময়ত খালী দিগদাৰি। ইহঁতৰ পৰা ৰক্ষা নাই আৰু। তোৰ কাৰণে কমাইছো নেকিৰে। মোৰ ঘৰত কি ল’ৰা-বাচ্চা নাই। যা, ভাগ ইয়াৰ পৰা।’’

— অন্তৰত পুঞ্জীভূত সকলোখিনি ক্ষোভ ল’ৰাটোৰ ওপৰত উজাৰিহে যেন শান্তি পালে ব্যৱসায়ীজনে।

মোৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল। ইমান ডাঙৰ এটা গোকাট মিছা কথা। এইমাত্ৰ মই নিজ চকুৰেই দেখিলোঁ তিনিখনকৈ খমখমীয়া এশটকীয়া নোট এজন গ্ৰাহকে তেওঁক দি থৈ গৈছে। তাৰপৰাই জানো এক বা দুটকা এটা ল’ৰাটোক দিব নোৱাৰে তেওঁ!!

কথাবোৰ মনত আওৰাই থাকোঁতে হঠাৎ দেখিলোঁ ল’ৰাটোৰ অপৰিচিত হাতখন মোৰ কাষলৈ আগবাঢ়ি আহিছে। তাৰ চকুৰ জুইকুৰা যেন আৰু ৰঙা হৈ পৰিছে! হয়, সেয়া ক্ষুধাৰ জুইয়েই হ’ব। ময়ো ভাবিবলৈ বাধ্য হ’লো, ঈশ্বৰে মানুহ সৃষ্টি কৰা কথাষাৰ কিমান দূৰ সত্য!

‘বাবু, ভিক্ষা?’

— সি একে থিৰে মোলৈ চাই ৰ’ল।

Tags: Jibon Enedorei, Golpor Solere, Assamese, Bojar, Moral Stories, Inspirational
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, April 15, 2015

জীৰিলি জীৱনৰ জিলিঙনি: তুলিকা নিৰ্মলীয়া

 9:48:00 PM     গল্পৰ চলেৰে     No comments   


www.jibonenedorei.blogspot.in
উদাস দুপৰীয়াবোৰৰ দৰে ৰাতিবোৰো কেতিয়াবা বৰ কিবাকিবি যেন লাগে! ভাতকেইটা খাই উঠি হীৰকে বিচনাতে বাগৰ দি আছে। টোপনি অহা নাই। হে’ডফোনডাল কাণত লগাই ম’বাইলত থকা জয়ন্ত হাজৰিকাৰ গানৰ ফ’ল্ডাৰটো প্লে’ কৰি ল’লে—
‘‘সাৰ পাম মই পুঁৱতি নিশাতে/নিয়ৰ যেতিয়া সৰে/বাটৰ শুকান ধূলিৰ সেমেকা
যিটো প্ৰহৰে কৰে/আই মোক জগাবি/আই মোক জগাবি/মই চাব খোজোঁ
হেঙুলী বেলিয়ে এন্ধাৰ কেনেকে নাশে/ফুলাৰ মন্ত্ৰ কেনেকে সিচে কুসুমৰ কাষে কাষে,
উদং বতাহৰ বুকু কেনেকৈ মিঠা সুবাসেৰে ভৰে।”

ঘৰত সাধাৰণতে সি চিগাৰেট নাখায়। কিন্তু আজি মন গৈছে। কিয় মন গৈছে, সি নিজেও ধৰিব পৰা নাই! চিগাৰেট নাখাবলৈ মনটোক সৈমান কৰোৱাব পৰা নাই। ৰূমৰ দুৱাৰখনৰ হুকটো লগাই সি চিগাৰেট এটা জ্বলাই ল’লে।

: বাবা, আঁঠুৱাখন তৰি ল’লিনে? মাকে কাষৰ ৰূমৰপৰা চিঞৰিলে।

তাৰ ৰূমৰ দুৱাৰখন হেঁচুকি চাইছিল চাগে’! ভিতৰৰপৰা বন্ধ দেখি একো নক’লে কিজানি! নহ’লে মাকে আহি তাৰ বিচনাৰ আঁঠুৱাখন তৰি থৈ যায়হি।

: ওঁ, তৰিলোঁ! আপুনি শুই থাকক। মাকক মিছাকৈয়ে ক’লে সি। ৰূমত গোটেইখন চিগাৰেটৰ গোন্ধ। মাকে একো নক’লেও তাৰ নিজৰেই বেয়া লাগিব।

‘‘ভৰিৰ তলুৱাৰ তলৰ পৰা যদি ধৰাখন খহি খহি পৰা যেন লাগে তিল তিল কৈ যদি নিজৰেই ঘৰখন কাৰোবাৰ দোষতেই ভাঙে পুনৰ গঢ়িবা তুমিহে বান্ধৱ, পুনৰ গঢ়িবা তুমি।’’

এৰা! যিবোৰ গানে, যিবোৰ সুৰে আমাৰ নিজৰ কথা কয়; সেইবোৰ গান, সেইবোৰ সুৰেই ভাল লাগে আমাৰ! হীৰকে মনতে ভাবিলে। এটাৰ পিছত এটাকৈ জয়ন্ত হাজৰিকাৰ গানবোৰ বাজি থাকিল। গানবোৰে যেন তাৰ মনৰ কথাবোৰকে কৈছে এনে লাগিল তাৰ!

পাৰিব সি! দহবাৰ পৰিছে, দহবাৰ উঠিছে! হাৰি যোৱা নাই। ভাগৰা নাই। হাৰিবলৈ সি পৰি পৰি উঠা নাই! কেতিয়াবা আঁঠুৰ মাখিছাল চিগিছে, কেতিয়াবা তেজ বিৰিঙিছে। এইকণ দুখে টলাব নোৱাৰে তাক।

“তোমাৰ কথা যেতিয়া ভাবোঁ/দুচকু পানীৰে ভৰে/বিৰিণা বনৰ পাতৰ আগত এটুপি নিয়ৰ সৰে...”

বাজি থকা গানটোলৈ ভালকৈ মন দিয়াত তাৰ চিন্তাত যতি পৰিল। এৰা, তাৰো মনত পৰে কাৰোবালৈ! দুচকুত পানীবোৰে লুকাই লুকাই ভিৰ কৰেহি কেতিয়াবা। সিও সপোন দেখিছিল! জীৱনৰ ৰঙীন ছবিখন সিও আঁকিছিল। কাৰোবাৰ চুলিৰ সুবাসত সিও হেৰুৱাইছিল নিজকে! কাৰোবাৰ দুচকুত সিও দেখিছিল নিজক! সপোন আছিল সেইবোৰ। যিবোৰ সপোন কেতিয়াও সঁচা হোৱাৰ কথাই নাছিল। সপোন কিনিবলৈও টকা লাগে কিজানি! সপোন কিনিব পৰাকৈ টকা নাছিল তাৰ। ভালপোৱাৰে ভৰপূৰ এখন হৃদয়ৰ বাদে তাৰ একোৱেই নাছিল। জীৱনৰ বজাৰত তেনে হৃদয়ৰ দাম নাছিল! সেয়ে তাৰ হৃদয়ৰ বিনিময়ত একো নাপালে সি! অৱশ্যে সি বহুত কিবাকিবি শিকিলে জীৱনটোৰ পৰা। নাই, সি কামনা কৰা নাই কেতিয়াও; যি তাৰ নহ’ল তেওঁ অসুখী হওঁক। সি হৃদয়েৰে প্ৰাৰ্থনা কৰে তেওঁ য’তেই আছে, সদায় যেন কুশলে থাকে! নিজৰ কৰি নাপালে বুলিয়েই সি ঘিণ কৰিব নোৱাৰে তাৰ ভালপোৱাক। কিছুমান অনুভৱ সদায় একেই হৈ থাকে প্ৰিয়জনৰ বাবে। হৃদয়ৰ কোনোবা এটা চুকত শুই থাকে সন্তৰ্পৰ্ণে। বিশেষ সময় কিছুমানত সাৰপাই চিকুটি দিয়েহি তাক! দুখ পাই সি কেতিয়াবা অকলে অকলে হাঁহে, কেতিয়াবা চকুকেইটা সেমেকে। তেতিয়াই সি আপোনমনে কথা পাতে নিজৰ স’তে। আচলতে আজি পুৰণি দিনবোৰলৈ আকৌ মনত পৰিছিল তাৰ। বিশেষ কাৰোবালৈ মনত পৰিছিল!

“কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত দিবা বোলায়...”

আজি আকৌ দেৰিকৈ টোপনি আহিল তাৰ। গানটো শুনি থাকোঁতে কোনোবা এপাকত টোপনি গ’ল সি। গান বাজি বাজি বেটাৰী শেষ হৈ ম’বাইলটোও এসময়ত শুই পৰিল তাৰ কাষতে।

হীৰক। মধূপুৰ গাঁৱৰ ৩০ বছৰীয়া দেখনিয়াৰ ডেকা ল’ৰা। বি. কম. পাছ। ঘৰখনৰ চাৰিটা ল’ৰা-ছোৱালীৰ মাজত সি তিনি নম্বৰ। দুজনী বায়েক আৰু ভায়েক এটা। ডাঙৰ বায়েকক পাঁচ বছৰৰ আগতে বিয়া দিলে। তাৰ পিছৰ বছৰতে দেউতাকে তাহাঁতক এৰি চিৰদিনলৈ গুচি গ’ল। দেউতাক গুচি যোৱাৰ ছয় মাহৰ পাছতেই তাৰ প্ৰেয়সীয়েও তাক এৰি বেলেগৰ স’তে সংসাৰ তৰিলে।

সৰু বায়েকৰ সোঁ-ভৰিটো চুটি। দুপিয়াই দুপিয়াই খোজ কাঢ়ে। সৰুতেই চিকিৎসা কৰাহেঁতেন হয়তো ভাল হ’ল হয়। চিকিৎসাৰ ভাৰ বহণ কৰিব পৰাকৈ খেতিয়ক দেউতাকৰ কিজানি টকাৰ জোলোঙাটো সিমান গধুৰ নাছিল। ৰোৱা-তোলাৰপৰা আৰম্ভ কৰি সব কামেই কৰিব পাৰে বায়েকে। চেহেৰাই পাতিয়ে দেখনিয়াৰ হ’লেও মাত্ৰ ভৰিখনৰ বাবেই বায়েকৰ বিয়াখন আজিও নহ’ল।

ভায়েকে খেতি-পথাৰ চম্ভালে। ৰোপিত মাটি ভালেখিনি আছে তাহাঁতৰ। বছৰটো খালেও ভঁৰালৰ আধাখিনি খালী নহয়। ঘৰতে ধানৰ মিল আছে। মিলতে ধান খুন্দি নগৰৰ বজাৰলৈ নি দেউতাকে চাউল বিক্ৰী কৰিছিল। ধানতকৈ চাউলৰ দাম বেছি। নগৰৰ মানুহে ক’ত আৰু খেতি কৰি খাব। চাকৰিসূত্ৰে গাঁৱৰ পৰা গৈ নগৰত থাকিবলৈ লোৱা মানুহখিনিয়েও গাঁৱৰ চিনাকি মানুহখিনিৰ পৰাই চাউল কিনি খায়। কেৱল তাহাঁতৰ বুলিয়েই নহয়, ধান চাউলৰ এইটো ব্যৱসায়ে গাঁৱৰ ভালে কেইঘৰক সকাহ দিছে এতিয়াও। দেউতাকৰ পিছত ভায়েকে সেইখিনি চম্ভালে এতিয়া। মাক আৰু বায়েকে চাউল চালি দিয়ে। ভায়েকে দেওবৰীয়া আৰু মংগলবৰীয়া বজাৰত নি বিক্ৰী কৰে।

ভায়েকে ওচৰৰ গাঁৱৰে ছোৱালী এজনীৰ লগত বিয়া পাতিলে। বায়েকৰতো বিয়া হোৱা নোহোৱাৰ প্ৰশ্নই নুঠে এতিয়া। আৰু হীৰকৰ! তাৰ এইটো অৱস্থাত কোনো সুস্থ ছোৱালীয়ে কেতিয়াও গ্ৰহণ নকৰে তাক। ভায়েকে ভাবি-চিন্তিয়েই তাৰ কাম কৰিছে। ককায়েক-বায়েকৰ কথা ভাবি সি গোটেই জীৱন বৰলা-ভাত খাব নোৱাৰে নহয়। গতিকে আপত্তি কৰিবলৈ কাৰো একো নাছিল। মাত্ৰ মাকে মনে মনে অ’ত ত’ত কেতিয়াবা জুপুকা লাগি চাদৰৰ আঁচলেৰে চকুকেইটা মচি থকা দেখিলে তাৰ বুকুখনতো কিহবাই খোচা-বিন্ধা কৰে।

ন-কইনা চাবলৈ গাঁৱৰ মানুহবোৰ আহিছিল। বায়েকে হাঁহি মাতি চাহপানী দিছিল সকলোকে। হীৰকে মাথোঁ বায়েকৰ মুখলৈ ৰ’ লাগি চাই ৰৈছিল। বুজা নগৈছিল বায়েকৰ মনত কি ধুমুহা চলি আছে! পুতৌৰ বহুহাল চকুৰ চাৱনিক কেনেকৈ উপেক্ষা কৰিব পাৰিছিল বায়েকে?

একমাত্ৰ বায়েকৰ ধৈৰ্য আৰু সাহসৰ বাবেই হীৰক আজি এনেকৈ আছে। ভৰি দুখনৰ ওপৰত ঠিয় হ’ব নোৱাৰিলেও কাঠৰ পেং কেইডালক সাৰথি কৰি সি খোজ কাঢ়িব পাৰে!

দুবছৰৰ আগতে এদিন গধূলি লগৰ এটাই মটৰ চাইকেলত তুলি হীৰকক লৈ গৈছিল তাৰ বন্ধু এজনৰ ঘৰলৈ। সেইযে ওলাই গৈছিল তাহাঁত, ঘৰলৈ উভতি আহিল কেৱল হীৰক। বাটতে পোৱা দলং এখনৰ মাজত ট্ৰাক এখনে খুন্দিয়াই দিয়াত তাহাঁতৰ মটৰ চাইকেলখন গৈ নৈৰ পানীত পৰিছিল। তাৰপৰা কেনেকৈ গৈ হস্পিটেলৰ বিচনা পাইছিলগৈ হীৰকৰ মনত নাই। যেতিয়া সাৰপাই বিচনাত বহিব খুজিছিল তেতিয়াহে অনুমান কৰিছিল সি আকৌ হেৰুৱালে! ফেকুৰি ফেকুৰি কান্দিছিল সি। প্ৰথমে দেউতাকক, তাৰ পিছত প্ৰেয়সীক আৰু তাৰ পিছত নিজৰ ভৰিকেইটা! এই হেৰুৱাবোৰৰ যেন শেষ নহ’ব! কঁকালৰ তলত ভৰিকেইটা অদৰকাৰী মাংসৰ টোপোলা হৈ ওলমি থাকিল মাত্ৰ! তাৰ ওপৰত ভৰ দি সি খোজ কাঢ়িব নোৱৰা হ’ল।

চাৰিটা মাহ সি বিচনাত পৰি থাকিল। ডাক্তৰে ক’লে সি আৰু কোনোদিন নিজৰ ভৰিত ঠিয় দি খোজ কাঢ়িব নোৱাৰিব। মাক আৰু বায়েকে পৰিচৰ্যা কৰিলে তাৰ। হীৰকে জানে সি ভীষণ আত্মবিশ্বাসী আৰু জেদী। কিন্তু ইটোৰ পিছত সিটোক হেৰুৱাই সি যেন ভিতৰি ভিতৰি ভাঙি পৰিছিল। নিজক শেষ কৰি দিয়াৰ তাড়না এটাই তাক সদায় আমনি দি আছিল। সেইটো কৰিবলৈও অপাৰগ আছিল সি! লাহে লাহে কেৱলমাত্ৰ মনৰ জোৰত সি আনৰ সহায় নোলোৱাকৈ পেঙত ভৰ দি বাহিৰলৈ অহা-যোৱা কৰিব পাৰিছিল।

তথাপিও, নিজক শেষ কৰি দিব খোজা কীটটো তাৰ মনৰ পৰা বাজ হোৱা নাছিল। ঘৰত এদিন কোনো নথকাৰ সময়ত সি গৈ ঘৰৰ পিছফালৰ পানীৰে চপচপীয়া হৈ থকা পুখুৰীটোৰ পাৰ পাইছিল। দেউতাকৰ ওচৰলৈ গুচি যাব খুজিছিল সি! তাৰ চকুৰ পুখুৰীকেইটা পানীৰে ভৰি পৰাৰ সময়তে বায়েকে পিছফালৰপৰা মাত দিছিলহি—

: হীৰু! ক’লৈ যাৱ? বায়েকৰ মাতটো আছিল শান্ত অথচ গভীৰ। বায়েকে তাক কি কৰিছ’ বুলি সোধা নাছিল। সুধিছিল ‘ক’লৈ যাৱ?’ বায়েকেও বুজিছিল সি ক’লৈ যাব খুজিছে! সি উভতি চাইছিল বায়েকলৈ। দুচকুত পানীয়ে ভিৰ কৰি থকাৰ স্বত্ত্বেও বায়েকৰ চকুত সি ঠিকেই দেখিছিল তালৈ থকা মৰম আৰু আকুলতাখিনিক!

: আমাৰ বাৰীৰ আমজোপাৰ পৰা আম আনিছোঁ। চকলিয়াই খাওঁ আহ্ দুয়োটাই। মোৰ খুউব মন গৈছে খাবলৈ। পিছে অকলে খাবলৈ মন নাই। আহ্, দুপৰীয়াখন ৰ’দত এনেকৈ ৰৈ থাকিব নেলাগে!

বায়েকৰ পিছে পিছে সি উভতি আহিছিল আমটেঙাৰ সোৱাদ ল’বলৈ। আমৰ লগতে বায়েকে কোৱা জীৱনৰ সোৱাদ ল’বলৈ সেইদিনা সি নতুনকৈ শিকিছিল। বায়েকে তাক মুকলিকৈ কৈছিল সমাজত পোৱা ঠাট্টা-মস্কৰা, উপলুঙা আৰু পুতৌৰ কথা।

: জানো, আমি হেৰুৱাইছোঁ বহু কিবাকিবি। বহু কিবাকিবি আশাও কৰিব নোৱাৰোঁ আমি আনৰ দৰে। কিন্তু আমাৰ জানো জীৱন এটা নাই? নিজৰ জীৱনটো কাৰোবাৰ ঠাট্টা-মস্কৰাৰ বাবেই শেষ কৰি দিম নে? নিজৰ জীৱনটো কেনেদৰে জীও সেইটো আমাৰ নিজৰ কথা। শেষ কৰি দিওঁ বুলি ভাবিলে হয়তো কেইটামান চেকেণ্ড, কেইটামান মিনিটৰ কাম! ভীৰুৰ দৰে কিয় পলাই যাবি কচোন? জীৱনটো জীবলৈ শিক। তেতিয়া দেখিবি তোৰ কৰিবলগীয়া কাম বহুত আছে। সপোন দেখ্, কিন্তু নোপোৱাখিনিক লৈ আশা নকৰিবি। সহজ কামবোৰ সবেই কৰিব পাৰে। যুঁজিবলৈ কেইটাই পাৰে? বেলি ডুবাৰ সময়ত মই ৰাতিৰ আন্ধাৰৰ কথা নাভাবোঁ, ৰাতিপুৱাৰ পোহৰকণৰ কথাহে ভাবোঁ। জানো, তয়ো ইমান লেহুকা নহয় যে সহজে ভাঙি পৰিবি।

বায়েকৰ কথাবোৰে হীৰকক নতুন জীৱন দিছিল সেইদিনা। সি আগৰ জেদী আৰু আত্মবিশ্বাসী হীৰকটো হৈ উঠিছিল। জীৱনৰ হিচাপবোৰ নতুনকৈ কৰিছিল। অতীতে আহি মাজে মাজে মনটোক ভাৰাক্ৰান্ত কৰি তুলিলেও সেইবোৰক সি বেছি সুযোগ দিয়া নাছিল সেইদিনাৰ পৰা।

এতিয়া ভায়েকৰ লগত লগ লাগি টাউনত চাহ-মিঠাইৰ হোটেল এখন খুলিছে সি। নতুনকৈ লোৱা মটৰ চাইকেলখনেৰে ভায়েকে তাক তাত থৈ আহে। সি কেচ্ কাউণ্টাৰ চম্ভালে। ঘৰৰ বাকীবোৰ ঝামেলা ভায়েকে চায়। ঘৰতো সৰুকৈ গেলামালৰ দোকান এখন খুলিছে। গধূলি ভায়েকে গৈ হীৰকক লৈ আহে নতুবা গাঁৱৰ কোনোবা চিনাকি পালে লগতে গুচি আহে সি।

বায়েকে ঘৰৰ ওচৰৰে এল পি স্কুলখনত ল’ৰা-ছোৱালীবোৰক পঢ়ুৱায় এতিয়া। খেতিপথাৰৰ দিনত পথাৰত ব্যস্ত থাকে। তাঁতশালখন আছেই। গোলাপৰ বাগিছা এখনো বৰ যতনেৰে কৰিছে বায়েকে। কিবাকিবি কামত অনবৰতে নিজকে ব্যস্ত ৰাখে।

দুদিনমান আগতে হীৰক বৰদেউতাক হ’ল। ভায়েক-বোৱাৰীয়েক মৰমলগা ছোৱালী এজনীৰ মাক-দেউতাক হ’ল। হীৰকৰ বায়েক হ’ল জেঠাই আৰু মাক হ’ল আইতা। নাই, জীৱনক লৈ আক্ষেপ কৰিবলৈ হীৰকৰ এতিয়া আহৰি নাই। নিজক ভাল পাই এতিয়া সি। পেং কেইডাল এৰি লাখুটি এডালত ভৰ দি সি আজিকালি কিছুদূৰ যাব পাৰে। কেতিয়াবা তাৰ মন বেয়া লাগিলে; তাক ভালপোৱা মানুহখিনিৰ কথা, সি ভালপোৱা মানুহখিনিৰ কথা ভাবে। ৰাতি হ’লে আন্ধাৰৰ কথা নহয় ৰাতিপুৱাৰ কথা ভাবে। ঘৰখনৰ কেওটা জীৱন এনেকৈয়ে বৈ আছে ইটোৱে-সিটোক সাবটি... সুখেৰে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Saturday, July 5, 2014

তিনিটা প্ৰশ্ন (প্রথম খণ্ড): লক্ষ্য প্ৰহৰ

 2:21:00 PM     গল্পৰ চলেৰে     No comments   

(প্রথম খণ্ড)
এগৰাকী ৰজাৰ মনত ভাব হৈছিল যে তেওঁ যদি তিনিটা কথা জানে, তেন্তে তেওঁ কেতিয়াও কোনো কামতেই অকৃতকাৰ্য নহয়। সেই কথাকেইটা আছিল— কোনো এটা কাম আৰম্ভ কৰাৰ উচিত সময় কোনটো? কোনবোৰ মানুহক তেওঁ গুৰুত্ব দিব? আৰু তেওঁৰ বাবে কৰিবলগীয়া কোনটো কাম অধিক গুৰুত্বপূৰ্ণ?

সেয়ে ৰজাই তেওঁৰ ৰাজ্যৰ চাৰিওফালে দূত পঠিয়াইছিল আৰু যিজনে এই প্ৰশ্ন তিনিটাৰ সঠিক উত্তৰ দিব পাৰিব, ৰজাই তেওঁক পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

বহুত জ্ঞানী লোক ৰজাৰ ওচৰলৈ আহিছিল, কিন্তু সকলোৱে ৰজাৰ প্ৰশ্ন কেইটাৰ পৃথক পৃথক উত্তৰহে দিছিল।

প্ৰথম প্ৰশ্নৰ উত্তৰত কিছুসংখ্যকে কৈছিল—
ৰজাই এখন সময়সূচী প্ৰস্তুত কৰিব লাগে আৰু সেই সময়সূচীখন নিৰ্ভূলভাৱে পালন কৰিব লাগে। ইয়াৰ ফলত ৰজাই প্ৰতিটো কাম সঠিক সময়ত আৰু নিয়াৰিকৈ কৰিব পাৰিব। আন কোনোৱে আকৌ কৈছিল— কোনো এটা কাম কৰিবলৈ আগতীয়াকৈ সঠিক সময় নিৰ্ণয় কৰাটো অসম্ভৱ। ৰজাই সকলো কথাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। অৰ্থহীন আমোদ-প্ৰমোদ ত্যাগ দিব লাগিব আৰু সময়ত আৱশ্যকীয় কামবোৰ কৰি যাব লাগিব। আকৌ আন এজনে কৈছিল— ৰজাক জ্ঞানীলোকেৰে গঠিত এখন সমিতিৰ আৱশ্যক, যিয়ে ৰজাক সঠিক সময়ত সহায় কৰিব পাৰে। এইটো প্ৰয়োজনীয় আছিল কাৰণ কাৰো সহায় নোহোৱাকৈ কোনো এজন লোকৰ বাবে সঠিক সময়ত নিৰ্ভুলভাৱে কাম কৰাৰ সিদ্ধান্ত লোৱাটো এটা অসম্ভৱ কথা। কিন্তু তেতিয়া আন এজনে কৈছিল— কিছুমান কাম আছে যিবোৰ অতি জৰুৰী হ’ব পাৰে আৰু তেনে কাম কৰিবলৈ সমিতিৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিব নোৱাৰি। কিছুমান কাম সঠিক সময়ত কৰাৰ সিদ্ধান্ত ল’বলৈ হ’লে ভৱিষ্যতৰ ফালে চোৱাটো প্ৰয়োজনীয়। কেৱল যাদুকৰসকলেহে তেনে কাম কৰিব পাৰে। গতিকে ৰজাই যাদুকৰৰ কাষলৈ যাব লাগিব।

দ্বিতীয় প্ৰশ্নৰ উত্তৰত কিছুমানে কৈছিল—
ৰজাৰ বাবে অতি আৱশ্যকীয় লোক হৈছে তেওঁৰ পৰামৰ্শদাতাসকল। আন কিছুমানে কৈছিল— পণ্ডিত বা পুৰোহিতসকলকহে ৰজাই অধিক গুৰত্ব দিব লাগে। অতি কমসংখ্যকে চিকিৎসকসকলক প্ৰাধান্য দিছিল। আৰু আন কিছুমানে সৈনিকসকলকহে ৰজাই অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি কৈছিল।

তৃতীয় প্ৰশ্নৰ উত্তৰত কিছুমানে বিজ্ঞান বুলি কৈছিল আৰু আন কিছুমানে যুদ্ধহে পছন্দ কৰিছিল। অৱশ্যে আন কেইজনমানে ধৰ্মীয় কাম-কাজক অধিক গুৰুত্ব প্ৰদান কৰিছিল।

যিহেতু ৰজাৰ প্ৰশ্ন তিনিটাৰ উত্তৰ বিভিন্নজনে বিভিন্নধৰণে দিছিল আৰু সেয়া বৈষম্যমূলক আছিল, ৰজা সন্তুষ্ট হ’ব পৰা নাছিল। আৰু সেয়ে তেখেতসকলক ৰজাই কোনো পুৰস্কাৰো দিয়া নাছিল। তাৰ পৰিৱৰ্তে, তেওঁ এগৰাকী সন্ন্যাসীৰ পৰামৰ্শ ল’বলৈ সিদ্ধান্ত লৈছিল। সন্ন্যাসীজন বৰ জ্ঞানী আছিল আৰু জ্ঞানৰ জহতে তেখেত সকলোৰে পৰিচিত আছিল।

সন্ন্যাসীজনে এখন ঘন অৰণ্যত বসবাস কৰিছিল, য’ৰপৰা তেওঁ কেতিয়াও বাহিৰ হোৱা নাছিল। তেওঁ সাধাৰণ লোকৰ বাহিৰে আন মানুহক দেখা নাছিল আৰু সেয়ে ৰজাই ৰাজকীয় পোচাক সলাই সাধাৰণ পোচাক পৰিধান কৰি লৈছিল। ৰজাই সন্ন্যাসীৰ ওচৰ পোৱাৰ আগতে তেওঁৰ ঘোঁৰাটো দেহৰক্ষীৰ সৈতে এৰি থৈ অকলশৰে অগ্ৰসৰ হৈছিল। ৰজা যেতিয়া সন্ন্যাসীৰ পঁজাৰ ওচৰ পাইছিল, সন্ন্যাসীজনে তেওঁৰ পঁজাঘৰটোৰ সন্মুখত মাটি খান্দি আছিল। তেওঁ ৰজাক সম্ভাষণ জনাইছিল আৰু মাটি খান্দিয়েই আছিল। সন্ন্যাসীজন বৃদ্ধ আৰু বৰ দুৰ্বল আছিল যাৰ ফলত কাম কৰোঁতে তেখেতে জোৰে জোৰে উশাহ-নিশাহ ল’বলগীয়া হৈছিল।

ৰজাই সন্ন্যাসীজনৰ ওচৰলৈ গৈ কৈছিল যে, মই আপোনাৰ ওচৰলৈ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ— মই সঠিক সময়ত সঠিক কাম কৰিবলৈ কিদৰে শিকো? মোৰ বাবে সবাতোকৈ প্ৰয়োজনীয় লোক কোনজন? আৰু কোনবোৰ কাম মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ?

সন্ন্যাসীজনে ৰজা কথাবোৰ শুনিছিল কিন্তু তথাপি একো কোৱা নাছিল। তেওঁ মাটি খান্দিয়েই আছিল। ৰজাই কৈছিল, ‘‘আপোনাৰ ভাগৰ লাগিছে’’। ‘‘কোৰখন মোক দিয়ক, মই আপোনাৰ ঠাইত কাম কৰোঁ।’’

সন্ন্যাসীজনে তেতিয়া ধন্যবাদ জনাই কোৰখন ৰজাক দিছিল। তাৰপিছত তেখেতে মাটিত বহি কিছু জিৰণি লৈছিল।

ৰজাই দুটা গাঁত খন্দাৰ পিছত কিছুদেৰি ৰৈ সন্ন্যাসীজনক পুনৰাই তেওঁৰ প্ৰশ্নকেইটা সুধিছিল। কিন্তু সন্ন্যাসীজনে তেতিয়াও একো উত্তৰ দিয়া নাছিল, তাৰ পৰিৱৰ্তে তেওঁ থিয় হৈ ৰজাৰ পৰা কোৰখন বিচাৰি হাতখন আগবঢ়াই ৰজাক কৈছিল, ‘‘এতিয়া আপুনি কিছু জিৰণি লওক আৰু মোক কাম কৰিবলৈ দিয়ক।’’ কিন্তু ৰজাই তেখেতক কোৰখন দিয়া নাছিল আৰু একেৰাহে খান্দিয়েই আছিল।

এনেদৰে ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ গৈছিল। সূৰ্যটোও গছৰ আঁৰত বিলীন হৈ যোৱাত ৰজাই কোৰখন মাটিত পেলাই আকৌ সুধিছিল, ‘‘হে’ গুণীজন, মই আপোনাৰ ওচৰলৈ মোৰ প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি আহিছোঁ। যদি আপুনি মোক একো উত্তৰ দিব নোৱাৰে, মোক তাকেই কওক তেতিয়া মই ঘৰলৈ উভতিব পাৰোঁ।’’

তেনেতে,
‘‘কোনোবা এজন এইফালে দৌৰি আহি আছে,’’ সন্ন্যাসীজনে কৈছিল।

[পিছৰ খণ্ড পঢ়িবলৈ ইয়াত ক্লিক কৰক]

(মূল: লিঅ’ টলষ্টয়ৰ The Three Questions ৰ অনুবাদ)
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

তিনিটা প্রশ্ন (দ্বিতীয় খণ্ড): লক্ষ্য প্রহৰ

 2:20:00 PM     গল্পৰ চলেৰে     No comments   

(দ্বিতীয় খণ্ড)
তেতিয়া ৰজাই ঘূৰি চাইছিল আৰু এজন দাড়িৱালা মানুহক নিজৰ ফালে দৌৰি অহা দেখিছিল। মানুহজনে হাত দুখনেৰে নিজৰ পেটত জোৰেৰে হেচি ধৰি আছিল, য’ৰ পৰা বিৰিঙি বিৰিঙি তেজ ওলাইছিল। ৰজাৰ ওচৰ আহি পাওতেই তেওঁ মূৰ্ছা গৈছিল আৰু অকস্মাতেই মাটিত বাগৰি পৰিছিল।

ৰজা আৰু সন্ন্যাসীয়ে মিলি তেখেতৰ চোলাটো গুচাই দিওতেই পেটত এটুকুৰা ক্ষতস্থাত দেখা পালে। ৰজাই জখমখিনি ধুই তেওঁৰ ৰুমাল কাপোৰখনেৰে ঠাইটুকুৰা বান্ধি দিছিল যাতে আৰু তেজ বাহিৰ হ’ব নোৱাৰে।

অৱশেষত মানুহজন সুস্থ হৈছিল আৰু কিছু জুলীয়া বস্তু খাবলৈ বিচাৰিছিল। ৰজাই মানুহজনক বিশুদ্ধ পানী খাবলৈ দিছিল। তেনেতে সূৰ্য অস্ত যোৱাত এক শীতল পৰিৱেশে বিৰাজ কৰিছিল। সেইদেখি ৰজা আৰু সন্ন্যাসীয়ে মিলি আঘাতপ্ৰাপ্ত লোকজনক পজাঘৰৰ ভিতৰলৈ নি বিচনাত শুৱাই থৈছিল। মানুহজনো তৎক্ষণাত শান্ত হৈ টোপনি গৈছিল। ৰজাৰো ভাগৰ লগাত পজাঘৰৰ মজিয়াতেই টোপনি গৈছিল সেইনিশা। ৰাতিপুৱা যেতিয়া সাৰ পাইছিল, তেওঁ ক’ত আছে বা বিচনাত শুই থকা লোকজন কোন সেই কথা ৰজাই কিছু সময়লৈকে মনত পেলাব পৰা নাছিল।

: মোক ক্ষমা কৰক... —দাড়িৱালা লোকজনে এক দুৰ্বল কণ্ঠেৰে ৰজাক সাৰপোৱা দেখি কাকূতি কৰিছিল।

: মই তোমাক চিনি নাপাওঁ আৰু তোমাক ক্ষমা কৰিবলৈ, তুমি মোৰ ওচৰত কোনোধৰণৰ ভুল কৰা নাই। —ৰজাই ক’লে।

: আপুনি মোক চিনি নাপায়, কিন্তু মই আপোনাক চিনি পাওঁ। মই আপোনাৰ এজন শতৰু, যিয়ে আপোনাৰ ওপৰত প্ৰতিশোধ ল’বলৈ পণ কৰিছিল। কাৰণ আপুনি মোৰ ভাইটিক মৃত্যুদণ্ড বিহিছিল আৰু মোৰ সম্পত্তিবোৰ বাজেয়াপ্ত কৰিছিল। আপুনি সন্ন্যাসীক অকলে লগ কৰিবলৈ অহা বুলি মই গম পাইছিলোঁ। ঘূৰি যোৱাৰ পথত মই আপোনাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু দিনটো পাৰ হৈ গৈছিল তথাপি আপুনি উভতি নহা দেখি মই মোৰ গোপন স্থানৰ পৰা ওলাই আহিছিলোঁ। আপোনাৰ দেহৰক্ষীৰ সন্মুখেদি আহোঁতে সি মোক চিনি পাই তৰোৱালেৰে আঘাত কৰিছিল। তাৰপৰা কোনোমতেহে পলাই সাৰিলো। কিন্তু আপুনি মোৰ ক্ষতস্থানবোৰ শুশ্ৰুষা নকৰাহেঁতেন মই মৰি থাকিলোহেঁতেন। মই আপোনাক হত্যা কৰিব বিচাৰিছিলোঁ আৰু আপুনি মোৰ জীৱন বচালে। এতিয়া, যদি মই জীয়াই থাকো তেন্তে আপোনাৰ এগৰাকী অতি বিশ্বাসী দাস হিচাপে সেৱা কৰিম আৰু মোৰ সন্তানহঁতকো সেই একে কাম কৰিবলৈ আদেশ দিম। মোক ক্ষমা কৰিবনে!

শত্ৰুৰ সৈতে ইমান সহজে বুজাবুজি কৰি ৰজা বৰ উৎফুল্লিত হৈ পৰিছিল আৰু মানুহজনক বন্ধুৰ দৰে ভাবিবলৈ লৈছিল।

ৰজাই মানুহজনক কেৱল ক্ষমা কৰাই নহয়, তেওঁ মানুহজনক চোৱাচিতা কৰাৰ বাবে নিজৰ চিকিৎসক আৰু কৰ্মচাৰীকো পঠিয়াই দিয়াৰ কথা কৈছিল লগতে মানুহজনৰ সম্পত্তিখিনিও ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

আঘাতপ্ৰাপ্ত মানুহজনক এৰি থৈ ৰজাই পজাঘৰটোৰ পৰা বাহিৰলৈ ওলাই সন্ন্যাসীজনক বিচাৰি ফুৰিছিল। ৰাজপ্ৰাসাদলৈ উভতি যোৱাৰ আগতে, ৰজাই তেখেতৰ প্ৰশ্নকেইটাৰ উত্তৰ পাবলৈ শেষবাৰৰ বাবে এটা চেষ্টা কৰি চাব বিচাৰিছিল।

সন্ন্যাসীজনে আঠু কাঢ়ি লৈ আগদিনাখন খন্দা গাঁত কেইটাত বীজ ৰোপণ কৰি আছিল। ৰজা সন্ন্যাসীৰ ওচৰলৈ গৈ কৈছিল, ‘‘শেষবাৰৰ বাবে মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ মই আপোনাক অনুৰোধ কৰিছোঁ।’’
[পিছৰ খণ্ড পঢ়িবলৈ ইয়াত ক্লিক কৰক]

(মূল: লিঅ’ টলষ্টয়ৰ The Three Questions ৰ অনুবাদ)
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Thursday, May 8, 2014

এডাল আচৰিত কাঠপেঞ্চিল এই জীৱন: লক্ষ্য প্ৰহৰ বৰদলৈ

 6:00:00 PM     গল্পৰ চলেৰে     2 comments   

www.onurag.org
এটা সৰু ল’ৰাই কাষতে বহি তাৰ আইতাকে চিঠি লিখা চাই আছিল। অকস্মাতে সি আইতাকক সুধিলে— ‘‘আমি কি কি কাম কৰিলোঁ তুমি সেই বিষয়েই লিখি আছা নেকি? নে তুমি মোৰ বিষয়ে লিখি আছা?’’

আইতাকে লিখিবলৈ বন্ধ কৰি নাতিয়েকক উদ্দেশ্যি ক’লে— ‘‘ওঁ মই তোমাৰ কথাকে লিখি আছোঁ। কিন্তু মই লিখি থকা কথাখিনিতকৈ গুৰত্বপূৰ্ণ কথাটো হ’ল মই লিখিবলৈ ব্যৱহাৰ কৰি থকা এই পেঞ্চিলডালহে। মই আশাকৰোঁ তুমি ডাঙৰ হৈ এই পেঞ্চিলডালক ভাল পাবলৈ শিকিবা, পেঞ্চিলডালৰ দৰেই হ’বা।’’

সৰু ল’ৰাজনে আচৰিত হৈ, পেঞ্চিলডালক কিছুদেৰি নিৰীক্ষণ কৰি একো বিশেষত্ব দেখা নাপাই আইতাকক ক’লে—
‘‘পেঞ্চিলডালচোন মই দেখা আন সাধাৰণ পেঞ্চিলবোৰৰ দৰেই!’’

‘‘সেয়া নিৰ্ভৰ কৰে বস্তুবোৰক তুমি কিদৰে লক্ষ্য কৰা...
তুমি এতিয়াও বুজি উঠা নাই, এই পেঞ্চিলডালৰযে পাঁচটা গুণ আছে, সেইকাৰণেই তুমি এনেদৰে ক’লা। এদিন এই গুণবোৰক আয়ত্ত্ব কৰি ল’ব পাৰিলেই তুমি পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি হৈ পৰিবা আৰু জীৱনৰ প্ৰত্যেক ক্ষণেই তোমাৰ বাবে শান্তিময় হৈ পৰিব।’’
আইতাকে উচ্ছাসেৰে কৈ গ’ল—

পেঞ্চিলডালৰ প্ৰথম গুণঃ
যিকোনো মহৎ কাম কৰাৰ সামৰ্থ্য তোমাৰ আছে। কিন্তু জীৱনৰ প্ৰতিটো খোজতেই তুমি মনত ৰাখিব লাগিব যে তোমাৰ প্ৰত্যেকটো কাম-কাজ এখন অদৃশ্য হাতে নিয়ন্ত্ৰণ কৰি থাকে। যিদৰে আমি এই পেঞ্চিলডালক নিয়ন্ত্ৰণ কৰোঁ।

দ্বিতীয় গুণঃ
মাজে মাজে মই লিখিবলৈ বন্ধ কৰি পেঞ্চিলডালৰ আগটো জোঙা কৰিব লাগে। জোঙা কৰাৰ ফলত পেঞ্চিলডালে কিছু কষ্ট পায় সঁচা কিন্তু পৰৱৰ্ত্তী সময়ত পেঞ্চিলডাল আৰু বেছি তীক্ষ্ন হৈ পৰে। সেয়ে তুমিও পেঞ্চিলডালৰ দৰে দুখ-কষ্ট সহ্য কৰিবলৈ শিকিব লাগিব আৰু সিয়েই তোমাক এজন নিপুন আৰু ভাল মানুহৰূপে গঢ় দিব।

তৃতীয় গুণঃ
লিখি থাকোঁতে আমি কৰা কিছুমান ভুল ৰবৰেৰে মোহাৰি শুদ্ধ কৰি ল'বলৈ পেঞ্চিলডালে আমাক সুবিধা দিয়ে। ইয়াৰ অৰ্থ এইটোৱেই যে আমি জীৱনত কৰা ভুলৰ শুধৰণি কৰাটো একো বেয়া কথা নহয়। ই আমাক ভাল আৰু সৎ পথত চলাত সহায় কৰে।

চতুৰ্থ গুণঃ
পেঞ্চিলডালৰ বাহিৰৰ কাঠৰ খোলাটোত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই, তাৰ ভিতৰত থকা ক'লা গ্ৰেফাইটখিনিহে আচল। গতিকে নিজৰ আত্মাত কি ঘটি আছে তাতহে সদায় চকু দিব লাগে। এখন নিকা হৃদয় গঢ়াতহে মনোনিৱেশ কৰিব লাগে।

শেষত, পেঞ্চিলডালৰ পঞ্চম গুণটোঃ
এখন উকা কাগজত পেঞ্চিলডালে সদায় নিজৰ চিহ্ন ৰাখি থৈ যায়। একেদৰে তুমিও জনাটো উচিত যে জীৱনত তুমি কৰা প্ৰত্যেকটো কামেই সময়ৰ বুকুত একোটা চিহ্ন খোদিত কৰি থৈ যায়। গতিকে তুমি কৰা প্ৰতিটো কামতেই বিশেষভাৱে সচেতন হ’বলৈ যত্নপৰ হ’ব লাগে।

[এই গল্পটো ‘অনুৰাগ’ বৈদ্যুতিন আলোচনীত পূৰ্বে প্ৰকাশিত। গল্পটোৰ মূল লেখক পাউলো কোৱেলহো। উক্ত গল্পটো তেওঁৰ জীৱন ভাৱনাৰ কাব্যিক অথচ ব্যঞ্জনাঘন চুটি ৰচনাৰ সংকলন ‘Like the flowing river’ ৰ ‘A story of a pencil’ নামৰ চুটিগল্পটোৰ অনুবাদ]
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, May 4, 2014

এচলু পানী: নিভা গগৈ

 2:03:00 AM     গল্পৰ চলেৰে     No comments   

www.jibonenedorei.blogspot.in
এটা ব্যস্ত পথ, যান-বাহনৰ শব্দত কাৰো মাত কোনেও নুশুনে। সকলো ব্যস্ত নিজক লৈ, নিজৰ কামক লৈ। সকলোকে ধন লাগে, মনৰ সপোনবোৰ পূৰ্ণ কৰাৰ দৌৰত সকলো ব্যস্ত।

সেই পথেৰে অনেক মানুহৰ ভিৰত খোজকাঢ়ি আগবাঢ়িছে এগৰাকী আঠ বছৰীয়া ছোৱালীৰ সৈতে তাইৰ অসহায়, নিঃকিন মাতৃ। ছোৱালীজনীৰ জ্বৰ, চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছে। হাতত পইচা নথকা হেতুকে খোজেৰেই হাতত ধৰি আগবাঢ়িছে। মাজে মাজে মাকে ছোৱালীজনীৰ কপালখন স্পৰ্শ কৰে, বহুত জ্বৰ! মাকে চাদৰৰ আঁচলেৰে তাইক সাবটি ধৰি বেগাই খোজ দিছে। খাদ্যৰ অভাৱত ক্ষীণাকাৰ মানুহজনীৰ ছোৱালীজনীক কোলাত তুলি নিবলৈ দেহত শক্তিৰ অভাৱ। মাজ বাটতে ছোৱালীজনী ৰৈ দিলে, মাকৰ মুখলৈ কৰুণতাৰে চাই ক’লে— মা, মোৰ বৰ পিয়াহ লাগিছে আৰু যাব নোৱাৰো। চকুৰে ধোঁৱা ধোঁৱা দেখিছোঁ।
মাকে পথৰ কাষৰ দোকান এখনৰ বাৰান্দাতে তাইক বহিবলৈ দিলে। দোকানৰ ভিতৰৰ পৰা ধমকৰ সুৰেৰে এজনৰ মাত— ঐ যা যা, এতিয়া ভিক্ষা দিয়া নহ’ব।
মাকে কন্দনা মাতেৰে ক’লে— ভিক্ষা খুজিব নাই অহা, ছোৱালীটিৰ গা বেয়া। সেয়ে অলপ জিৰণিহে লৈছোঁ। পাৰিলে পানী এগিলাচ দিব নি? মানে...
দোকানীয়ে গহীনাই ক’লে— পানী নাই নহয়, বহ যদি বহি থাক বাৰু।

: মা, মোক ধৰি থাক, বৰ ঠাণ্ডা লাগিছে। মূৰটো ঘূৰাইছে, ডিঙিটোও শুকাই আহিছে, পানী খাব মন গৈছে অ’ মোৰ।

: ৰচোন আই, মই পানী বিচাৰি যাওঁ। তই ইয়াতে বহি থাক দেই, মই আহি আছোঁ।

মাকে কেইবাখনো দোকানত বিচাৰিলে, কিন্তু নাপালে। কিনি খাবলৈ পানীৰ বটলেই বটল। অৱশেষত এখন ভগ্নপ্ৰায় হোটেলত মাকে পানী এগিলাচ পালে। মাকে এখন্তেকো ৰৈ নাথাকি ছোৱালীজনীৰ কাষলৈ বেগাই আহিল। আহিয়ে তাই প্ৰত্যক্ষ কৰিলে, ৰাতিপুৱা বৰষুণ দিয়া পানী ঠায়ে-ঠায়ে অলপ-অলপকৈ জমা হৈ থাকি গৈছিল। তাৰে পানী এচলু ছোৱালীজনীয়ে পিবলৈ ধৰিছিল..!
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, March 24, 2014

পুৰণি মদৰ বটলটো: খলিল জিব্রান

 12:15:00 AM     গল্পৰ চলেৰে     No comments   

এসময়ত এজন ধনী মানুহ আছিল। তেওঁৰ মদৰ ভাণ্ডাৰত বহুতো পুৰণি দামী মদ আছিল। মদৰ ভাণ্ডাৰটোক লৈ তেওঁ খুব গর্ব কৰিছিল। সেই ভাণ্ডাৰত এবটল অতি পুৰণি মদ আছিল। সেই মদৰ বটলটোৰ অস্তিত্ব তেওঁৰ বাহিৰে আন কোনেও নাজানিছিল। এটা অতি ডাঙৰ বা বিশেষ উপলক্ষ্যতহে সেই বিশেষ বটলটো খুলিবলৈ তেওঁ মনে মনে ঠিক কৰি থৈছিল।

এদিন তেওঁৰ ঘৰলৈ ৰাজ্যপাল আহিল। মানুহজনে মনে মনে নিজকে ক’লে— “এজন সামান্য ৰাজ্যপালৰ কাৰণে ইমান দামী মদৰ বটলটো খোলা ঠিক নহ’ব।” আন এদিন তেওঁৰ ঘৰলৈ আহিল স্থানীয় বিছপজন। মানুহজনে নিজকে ক’লে— “বিছপজন ডাঙৰ মানুহ ঠিকেই, কিন্তু তেওঁৰ কাৰণেও মই বটলটো নোখোলো। তেওঁ এনে এবটল দুষ্প্রাপ্য মদৰ মূল্যই বুজি নাপাব। ইয়াৰ সুগন্ধও গৈ তেওঁৰ নাকত নালাগিব।”
এদিন তেওঁৰ ঘৰলৈ আহিল সেই দেশখনৰ যুৱৰাজ। মানুহজনে এইবাৰো মনে মনে ভাবিলে— “তেওঁ যুৱৰাজ হ’ব পাৰে, এই বটল মদ কেৱল সম্রাটৰহে যোগ্য।”
এদিন তেওঁৰ ভতিজাকৰ বিয়া হ’ল। মানুহজনে নিজকে ক’লে— “বিয়ালৈ নিমন্ত্রিত অতিথিবোৰো ইমান দামী মদ খোৱাৰ যোগ্য নহয়। ইয়াতকৈও ডাঙৰ এটা উপলক্ষ্যৰ কাৰণে মই মদৰ বটলটো সাঁচি থ’ম।”

এনেকৈ বছৰবোৰ পাৰ হৈ গ’ল। মানুহজন এসময়ত বুঢ়া হ’ল আৰু এসময়ত তেওঁৰ মৃত্যু হ’ল। আন সকলো মানুহক যেনেকৈ মাটিৰ তলত পুতি থোৱা হয়, তেওঁকো ঠিক তেনেকৈ পুতি থোৱা হ’ল।


তেওঁক সমাধিস্থ কৰাৰ পিছত গাঁৱৰ মানুহবোৰ তেওঁৰ ঘৰত জমা হ’ল। সকলোৱে একে ঠাইতে বহি মৃতকৰ কথা আলোচনা কৰিবলৈ ধৰিলে। মানুহজনৰ মদৰ ভাণ্ডাৰত যিমানবোৰ মদৰ বটল আছিল, সেই আটাইবোৰ উলিয়াই অনা হ’ল। গাঁৱৰ মানুহবোৰে মদবোৰ ভাগ কৰি খাই পেলালে। সেই বটলবোৰৰ মাজতে আছিল ধনী মানুহজনে এটা বিশেষ উপলক্ষ্যৰ কাৰণে সাঁচি থোৱা আটাইতকৈ পুৰণি মদৰ বটলটো। কিন্তু সেইটো যে এটা বিশেষ মদৰ বটল আছিল, সেই কথা কোনেও গমেই নাপালে।

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog