জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Friday, September 18, 2015

বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা

 1:58:00 PM     অভিজ্ঞতা     No comments   


(এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি সেউজীয়া। বন্ধুত্ব হয়তো এনেকুৱাই— য’ত গঢ়ি উঠে এখন বুকুৰ পৰা আন এখন বুকুলৈ এক অদৃশ্য সাঁকো। যাৰ বাবেই হয়তো প্ৰতিটো মুহূৰ্ততে আমি ভগাই ল’ব পাৰো ইজনে-সিজনৰ মনৰ খবৰ। সেয়া লাগিলে সুখৰেই হওক অথবা দুখৰ।

(দুই) বন্ধুত্ব হৈছে পৃথিৱীৰ পৱিত্ৰতম সম্পৰ্ক। যাৰ উমাল পৰশত আপুনি, মই আৰু সকলোৱেই জী উঠো নতুনকৈ। বিচাৰি পাওঁ জীৱনৰ অপৰূপ সৌন্দৰ্য্য। বন্ধুত্বৰ নিঃস্বাৰ্থ ভালপোৱাত লুকাই থাকে অকৃত্ৰিম প্ৰেম আৰু এই প্ৰেমৰ ৰাগীত মতলীয়া হৈ উদযাপন কৰো জীৱন। যাৰ ইচ্ছাৰ আঙুলিত ধৰি হেঁপাহ পলুৱাই তিতিব পাৰো শাওণৰ এজাক বৰষুণত। প্ৰাণ ভৰাই গাব পাৰো জীৱনৰ এটা গান। হাতত হাত থৈ দৃঢ়তাৰে ক’ব পাৰো— আমি একেখন নাৱৰেই সহযাত্ৰী।

( তিনি) ‘‘True friends are like diamonds precious and rare. False friends are like leaves found everywhere.’’— জীৱনত আমি বহু বন্ধুৰ সঁহাৰি পাওঁ। তাৰে কিছুমান সময়ৰ সোঁতত হেৰাই যায় আৰু কিছুমান চিৰদিনলৈ ৰৈ যায় বুকুৰ নিভৃততম কোণত চিৰযুগমীয়া হৈ। এচাম বন্ধুৱে আপোনাক পদে পদে শিকাই যায় জীৱনৰ আদিপাঠ, দি যায় একোটা পোহৰৰ বাট। সেই বন্ধুৱেই আপোনাৰ, আমাৰ প্ৰকৃত তথা আদৰ্শ বন্ধু; যিজনক আমি কোনো পৰিস্থিতিতেই হেৰুৱাবলৈ নিবিচাৰো। কিন্তু আন এচাম বন্ধুৱে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বন্ধুত্বৰ দৰে সহজ-সৰল সম্পৰ্ক গঢ়ি তোলে আৰু নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ লগে লগেই সকলোৰে কাষৰ পৰা নিৰলে আঁতৰি যায়। এনেধৰণৰ বন্ধুৰ বাবেই বন্ধুত্বৰ দৰে পৱিত্ৰ সম্পৰ্কত ফাট মেলিব ধৰিছে। সেয়েহে বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। বৰ্তমান সময়ত গঢ় লৈ উঠা জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইটসমূহত বন্ধুত্বৰ নামত প্ৰায়েই ইজনে-সিজনক উদ্দেশ্য কৰি বিভিন্নধৰণৰ কটূ মন্তব্য সকলোৱে দেখাকৈ উপস্থাপন কৰে। এনেদৰেই প্ৰতিশোধমূলক মানসিকতাৰ সৃষ্টি হৈ সমাজত বিভিন্ন ধৰণৰ অনৈতিক ঘটনাও ঘটিব ধৰিছে।

(চাৰি) বন্ধুত্বৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই। ইয়াত কোনো বয়স, উচ্চ-নীচ, জাতি-ধৰ্ম আৰু ভেদা-ভেদৰ পাৰ্থক্য নাই। বন্ধুত্ব শব্দটো অন্তৰৰ পৰা গঢ় লৈ উঠা এক সম্পৰ্ক। এই সম্পৰ্কত থাকে স্বৰ্গীয় অনুভূতি। য’ত সকলোৱেই সমান, সকলোৱেই সুখী আৰু সকলোৰে মনবোৰ প্ৰফুল্লিত। বন্ধুত্বৰ অংশীদাৰ হ’ব পৰাসকলৰ বুকুৱে বুকুৱে বিয়পি থাকে খৰিকাজাইৰ সুগন্ধ।

Tags: Shiva Prasad Hazarika, Jibon Enedorei, Bondhutwa, Ek Siroxeuj Xomporko
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী
    ‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্...
  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog