জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Friday, October 9, 2015

পংগু নাৰীগৰাকীৰ কথাৰে: লক্ষ্য প্ৰহৰ বৰদলৈ

 5:09:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   

আমি জীৱনটোত এনে কিছুমান ব্যক্তিৰ জীৱনী পঢ়িবলৈ পাওঁ যিয়ে জীৱনটোক নতুনকৈ এবাৰ জুমি চাবলৈ আমাক বাধ্য কৰে। জীৱনৰ প্ৰত্যেকটো ক্ষণতে প্ৰবুদ্ধ এইসকল ব্যক্তিৰ জীৱনীয়ে আমাৰ দৰে দুৰ্বল মানসিক অথবা শাৰীৰিক অৱস্থাৰ মানুহৰ মনতো প্ৰত্যয় জন্মায় যে আমিও আমাৰ আকাংক্ষিত কামখিনি কৰিব পাৰিম! শেষ ফলাফল পাবলৈ অৱশ্যে অধ্যৱসায়ৰ নিতান্তই প্ৰয়োজন।

মই প্ৰায়েই আচৰিত হওঁ, কেনেকৈ কিছুসংখ্যক লোকে শাৰীৰিক বাধাগ্ৰস্ততাক নেওচা দি নিজৰ আকাংক্ষিত ফল লাভ কৰিব পাৰে! কেনেকৈ তেওঁলোকে হাজাৰ যন্ত্ৰনাক একাষৰীয়া কৰি থৈ পৃথিৱীক অসাধাৰণ কিবা এটা কৰি দেখুওৱাৰ সাধনাত ব্ৰতি হ’ব পাৰে!

এই লেখাৰ জৰিয়তে তেনে এগৰাকী নাৰীৰ কথাকে ক’ব বিচাৰিছোঁ—
উইল্মা ৰুডল্ফ। এইগৰাকী নাৰীৰ জন্ম হৈছিল টেনেচিৰ এটা বৰ দুখীয়া পৰিয়ালত। অপত্য অৱস্থাতেই জন্মগ্ৰহণ কৰা উইল্মাৰ জন্মৰ সময়ত ওজন আছিল ২ কি.গ্ৰা.। চাৰিবছৰ বয়সত পলিঅ’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ তেওঁ পেঙৰ সহায়ত ইফাল-সিফাল কৰিবলৈ ল’লে। চিকিৎসকে কোৱামতে তাই কোনোদিনেই মাটিত ভৰি থৈ থিয় হ’ব নোৱাৰিব। এইখিনিতে ক’বই লাগিব যে তাইৰ মাক উইল্মাৰ বাবে প্ৰেৰণাৰ এগচি বন্তি আছিল। মাকে উইল্মাক প্ৰতিটো ক্ষেত্ৰতেই উৎসাহ যোগাই থাকিল। তেওঁ উইল্মাক কৈছিল যে, ‘‘ঈশ্বৰে তোমাক শাৰীৰিকভাৱে অক্ষম কৰি এই পৃথিৱীলৈ প্ৰেৰণ কৰিছে ঠিকেই কিন্তু অধ্যৱসায় আৰু আত্মবিশ্বাস গভীৰ হ’লে তুমি যি ইচ্ছা তাকেই কৰিব পাৰিবা।’’ উইল্মাই তেতিয়া কয়, ‘‘মই পৃথিৱীৰ শ্ৰেষ্ঠতম দৌৰ বীৰাঙ্গনা হ’ব বিচাৰোঁ।’’ তাই ন বছৰ বয়সত, মাকৰ অনুপ্ৰেৰণাতেই চিকিৎসকৰ সকলো বাধা নেওচি, পেঙকেইডাল আঁতৰত পেলাই চিকিৎসকৰ মতে কেতিয়াও সম্ভৱ নোহোৱা কামটো কৰি দেখুৱালে। কাৰো সহায় নোলোৱাকৈ তাই জীৱনৰ প্ৰথম খোজটো দিলে। তাকে দেখি তাইৰ চিকিৎসকজনে আশ্চৰ্য্য প্ৰকাশ কৰি সেইদিনা তাইক বৰ উচ্ছাসেৰে ক’লে, ‘‘তুমি পাৰিবা...ঈশ্বৰ তোমাৰ সাৰথি হ'’ব...’’। তাৰপিছত চিকিৎসকে তাইক বাস্কেটবল খেলিবলৈ পৰামৰ্শ দিলে। তেৰ বছৰ বয়সত তাই জীৱনৰ প্ৰথমটো দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আৰু প্ৰতিযোগীসকলৰ মাজত একেবাৰে শেষৰ ফালৰ পৰা প্ৰথম হ’ল। এনেদৰে তাই ইটোৰ পিছত সিটোকৈ দৌৰ প্ৰতিযোগিতাত অৱত্তীৰ্ণ হৈ থাকিল।
শৈশৱত উইল্মা

১৫ বছৰ বয়সত তাই টেনেচি ষ্টেট বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। এদিনাখন তাতেই তাই লগ পায় এড টেম্পল নামৰ এগৰাকী প্ৰশিক্ষকক। প্ৰশিক্ষকগৰাকীক তাইৰ জীৱনৰ আকাংক্ষাৰ বিষয়ে বিৱৰি কোৱাত টেম্পলে তাইক প্ৰশিক্ষণ দিবলৈ আগ্ৰহ প্ৰকাশ কৰি কয় যে, ‘‘তোমাৰ যি উদ্যম, তাক কোনেও বাধা দিব নোৱাৰে...মই তোমাক সহায় কৰিম..’’। এনেদৰেই উইল্মাই সকলো বাধাক নেওচি এদিন অলিম্পিকত যোগদান কৰিলে য’ত তাই বিশ্বৰ সৰ্ব্বশ্ৰেষ্ঠ দৌৰ বীৰাঙ্গনাসকলৰ বিৰুদ্ধে দৌৰিবলগীয়া হ’ল।

তাইৰ অলিম্পিকৰ প্ৰথম দৌৰটো আছিল ১০০ মিটাৰৰ। উইল্মাই যুটা হেইন নামৰ সহঃ প্ৰতিযোগীগৰাকীক পৰাজিত কৰি জীৱনৰ প্ৰথমটো স্বৰ্ণপদক অৰ্জন কৰিলে সেইদিনা। তাৰপাছত ২০০ মিটাৰৰ দৌৰ। তাতো পুনৰাবৃত্তি ঘটিল। উইল্মাই দ্বিতীয়টো স্বৰ্ণপদক অৰ্জন কৰিলে। অৱশেষত ৪০০ মিটাৰৰ ৰীলে’ দৌৰতো উইল্মাই তৃতীয়টো স্বৰ্ণ পদক লাভ কৰি বিশ্ব ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হ’ল। এইগৰাকী নাৰীয়ে নিজৰ পঙ্গুত্বক বুঢ়া আঙুলি দেখুৱাই ১৯৬০ চনৰ অলিম্পিকত বিশ্বৰ শ্ৰেষ্ঠ দৌৰ বীৰাঙ্গনা হ’বলৈ সক্ষম হয়।

পৃথিৱীত এনে বহু লোকৰ জন্ম হৈছে যি শাৰীৰিকভাৱে অক্ষম। কিন্তু তেওঁলোকে নিজৰ ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু অধ্যৱসায়ৰ বলত সেই অক্ষমতাক এক বৃহৎ সক্ষমতালৈ ৰূপান্তৰ ঘটাবলৈ সমর্থৱান হৈছে। নিজৰ জীৱনত ঘটা দুৰ্যোগক এটা এটা সুযোগলৈ ৰূপান্তৰ ঘটোৱা এগৰাকী নাৰীৰ সঁচা কাহিনী এয়া। কোনে জানে, আপুনিও এদিন কাৰোবাৰ বাবে হ’ব পাৰে এনে কাহিনীৰ এটা প্ৰধান স্ৰোত!

Tags: ভাগৰি নাভাগৰা জীৱন
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...
  • জীৱনত সুখ আৰু সফলতা লাভৰ সংকেত: যতীন্দ্ৰ কুমাৰ পাৰৈ
    এটা সুখী আৰু সফল জীৱনৰ কামনা পৃথিৱীত সকলো মানুহেই কৰে। তাৰে কিছুমান সুখী আৰু সফল হয়, আন কিছুমানে আকৌ সুখ আৰু সফলতা বিচাৰি হাহাকাৰ কৰিবলগ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog