বাতৰিৰ প্ৰভাৱৰ ব্যাপকতাৰ বাবেই একাংশই তেওঁলোকৰ সপক্ষে অথবা তেওঁলোকৰ মন্তব্যক বাতৰি হিচাপে প্ৰচাৰ বা প্ৰকাশ কৰি স্বাৰ্থসিদ্ধি কৰিব বিচাৰে। ইয়াৰ বাবে একাংশ সংবাদ গোষ্ঠী আৰু এই ন্যস্তস্বাৰ্থজড়িত মহলৰ মাজত ধনৰ লেনদেন চলে। এই ন্যস্ত স্বাৰ্থজড়িত মহলৰ ভিতৰত ৰাজনৈতিক দল বা নেতা, দুৰ্নীতিগ্ৰস্ত আমোলা, পুঁজিপতি অথবা কৰ্পৰেট গোষ্ঠী আদি অন্তৰ্ভুক্ত। ধনৰ বুজাবুজিৰ বাবেই এওঁলোকৰ সপক্ষে সংবাদ মাধ্যমসমূহে যি বা-বাতৰি প্ৰচাৰ কৰে সেয়াই ‘পেইড নিউজ’। বিজ্ঞাপন সদৃশ এই বাতৰিসমূহত সংশ্লিষ্ট পক্ষৰ নেতিবাচক দিশবোৰক অন্ধকাৰত ৰাখি ইতিবাচক দিশবোৰক অতিৰঞ্জিতভাৱে প্ৰচাৰ কৰি পাঠক বা দৰ্শক-শ্ৰোতাক প্ৰভাৱিত কৰাৰ চেষ্টা কৰা হয়। প্ৰকৃত সংবাদত থাকিবলগীয়া সত্যতা, বস্তুধৰ্মিতা, সামাজিক দায়বদ্ধতা আদি গুণসমূহ পেইড নিউজত অনুপস্থিত। ইয়াৰ জৰিয়তে মাথোঁ ধন দিওঁতাসকলৰ স্বাৰ্থ ৰক্ষাকহে গুৰুত্ব দিয়া হয়।
ভাৰতীয় সংবাদ মাধ্যমত পেইড নিউজৰ অনুপ্ৰৱেশক শেহতীয়া ঘটনাৰূপে আখ্যা দিব নোৱাৰিলেও পূৰ্বতে ই আজিৰ দৰে ব্যাপক নাছিল। এইটো শতিকাৰ প্ৰথমটো দশকতহে পেইড নিউজ সম্পৰ্কীয় বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ উপ-সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটৰ বহু বাতৰিকাকতে পেইড নিউজ প্ৰকাশ কৰিছিল। একেদৰে ২০১২ চনৰ গুজৰাট বিধানসভাৰ নিৰ্বাচনতো নিৰ্বাচন আয়োগে পেইড নিউজৰ বহু অভিযোগ লাভ কৰিছিল। আয়োগে লাভ কৰা এনে ৪৪৪ টা অভিযোগৰ ভিতৰত ২২৪ টাতেই জাননী জাৰি কৰিবলগীয়া হয়। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ নামো পেইড নিউজৰ সৈতে গুৰুতৰভাৱে সাঙোৰ খাই পৰিছিল। একেদৰে কমনৱেলথ গেমছৰ কেলেংকাৰীৰ নায়ক সুৰেশ কালমাডীয়েও দেশৰ আগশাৰীৰ সংবাদ মাধ্যমক ধন দিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। পেইড নিউজৰ ক্ষেত্ৰত অসমো পিচপৰি থকা বিধৰ নহয়। অসমৰ একাংশ সংবাদ মাধ্যমৰ পক্ষপাতদুষ্ট ভূমিকা সম্পৰ্কেও প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিৰ্বাচন আয়োগে অভিযোগ লাভ কৰিছে। ২০১১ চনৰ নিৰ্বাচনৰ সময়ত লাভ কৰা এনে অভিযোগৰ মুঠ সংখ্যা ৪৬ টা। নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে এই বাতৰিসমূহ প্ৰচাৰ কৰা হয়। নিৰ্দিষ্ট দল বা প্ৰাৰ্থীৰ অত্যধিক গুণানুকীৰ্তন, সৰ্বস্তৰৰ লোকৰ মাজত জনপ্ৰিয়তা অৰ্জন বা বিজয় নিশ্চিত আদি ধৰণৰ বাতৰি প্ৰচাৰ বা প্ৰকাশৰ জৰিয়তে ভোটাৰৰ মানসিকতাক প্ৰভাৱিত কৰাৰ চেষ্টা চলোৱা হয়। বাতৰিসমূহত সঠিকভাৱে বাই-লাইনো দিয়া নহয়। একেদৰে কিছুমান নিৰ্বাচনপূৰ্বক সমীক্ষাইয়ো একাংশ সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলৰ গোপন বুজাবুজিৰেই ইংগিত বহন কৰে। পূৰ্বতে এই অপচেষ্টা একাংশ মালিক অথবা দুই এজন অসাধু সাংবাদিক আৰু ৰাজনৈতিক নেতাৰ মাজত ব্যক্তিগত পৰ্যায়তে সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু বিভিন্ন সংবাদ গোষ্ঠীৰ মাজত বৃহৎ অংকৰ ধনৰ বুজাবুজি চলে বুলি চৰ্চাৰ সৃষ্টি হৈছে। যাৰ ফলত একাংশ সংবাদ গোষ্ঠীয়ে নিৰ্দিষ্ট দলৰ মুখপাত্ৰৰ ভূমিকাতো অৱতীৰ্ণ হয়। তদুপৰি ৰাজনৈতিক দলবোৰৰ দৰে সংবাদ মাধ্যমৰ মাজতেই এক অশুভ প্ৰতিযোগিতাৰো সৃষ্টি হৈছে।
সাংবাদিকতাক কলুষিত কৰা পেইড নিউজ প্ৰচাৰৰ চুক্তি কেৱল ৰাজনৈতিক দলসমূহৰ সৈতেই নচলে। বৰঞ্চ কৰ্প’ৰেট গোষ্ঠীসমূহো এইখক্ষেত্ৰত সমানে আগবঢ়া। বণিক গোষ্ঠীসমূহে মুনাফা লুটাৰ উদ্দেশ্যে একাংশ সংবাদ মাধ্যমত তেওঁলোকৰ সম্পৰ্কে বা উত্পাদিত সামগ্ৰী সম্পৰ্কে ইতিবাচক বাতৰি প্ৰচাৰ কৰা হয় একমাত্ৰ ধনৰ বুজাবুজিৰ বাবে। কিছুসংখ্যক সংবাদ গোষ্ঠীয়ে আকৌ ধনৰ লেনদেনৰ ভিত্তিত শ্ৰেষ্ঠ ব্ৰেণ্ড, দৰ্শকৰ পছন্দৰ কোম্পানী আদি বঁটাও প্ৰদান কৰে। একমাত্ৰ ধনৰ বিনিময়ত বণিক গোষ্ঠীসমূহক এনে স্বীকৃতি প্ৰদান কৰি মুনাফা ঘটাৰ পথ মুকলি কৰি দিয়া হয়। সংবাদ মাধ্যম আৰু পুঁজিপতিৰ মাজত চলা এনে বুজাবুজিৰ শেহতীয়া উদাহৰণ হ’ল সাৰদা কেলেংকাৰী। কেলেংকাৰীৰ মূল নায়ক সুদীপ্ত সেনে বহুসংখ্যক কাকত আৰু টিভি চেনেলক ধন দিয়াৰ তথ্য ইতিমধ্যে তদন্তত ফাদিল হৈছে। সাংবাদিকতাৰ পৱিত্ৰ বৃত্তিত কলংকৰ দাগ লগাই এই সংবাদ গোষ্ঠীসমূহ সেনৰ লুণ্ঠনৰাজৰ সহযোগী হৈ পৰিছিল। এনেধৰণৰ অবৈধ লেনদেনৰ বাবে চৰকাৰে বহু পৰিমাণৰ কৰ হেৰুৱাবলগীয়া হয়। তদুপৰি, সংবাদ মাধ্যম আৰু কৰ্প’ৰেট হাউছসমূহৰ মাজত হোৱা বহু আনুষ্ঠানিক চুক্তিয়েও সাংবাদিকতাৰ স্বচ্ছ নীতিক অৱমাননাহে কৰে।
গণতান্ত্ৰিক প্ৰক্ৰিয়াত সংবাদ মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ। কিন্তু পেইড নিউজে শতাব্দী প্ৰাচীন ভাৰতীয় সংবাদ মাধ্যমৰ ঐতিহ্যত কালিমা সানিছে। সেয়ে পেইড নিউজৰ বিৰুদ্ধে বিভিন্ন পক্ষ সচেতন হৈ পৰিছে। Editors Guild of India-কে ধৰি সাংবাদিকসকলৰ বহু সংগঠনে পেইড নিউজ ৰোধৰ পন্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰি আহিছে। বহু সম্পাদক-সাংবাদিকে মন্তব্য কৰে যে মালিক পক্ষইহে তেওঁলোকক পেইড নিউজ প্ৰচাৰৰ বাবে হেঁচা প্ৰয়োগ কৰে। সেয়ে সাংবাদিকৰ বৃত্তিগত স্বাধীনতাৰো দাবী উত্থাপন হৈছে।
প্ৰচলিত বহু আইন আৰু আচৰণবিধিৰ দ্বাৰা পেইড নিউজ ৰোধ কৰিব পাৰি। প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিৰ্বাচন আয়োগে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু দুয়োটা অনুষ্ঠানে দাঁত নাইকিয়া বাঘৰ ভূমিকা লোৱা বুলিহে সমালোচিত হৈছে। বিশেষকৈ টিভি চেনেলসমূহক নিয়ন্ত্ৰণৰ সুস্পষ্ট নীতিৰ অভাৱে সমস্যাটো অধিক জটিল কৰিছে। ২০১১ চনৰ জুন মাহত স্থাপিত Broadcasting Authority of India–য়েও ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকাতহে অৱতীৰ্ণ হৈছে।
প্ৰায় ৭০ হাজাৰ বাতৰিকাকত আৰু ৪৫০ টা টিভি চেনেলেৰে ভাৰতবৰ্ষই বিশ্বৰ সাংবাদিকতাৰ ক্ষেত্ৰখনতে এক বিশেষ স্থান লাভ কৰিছে। কিন্তু পেইড নিউজৰ প্ৰচলন এই হাৰত অব্যাহত থাকিলে ভাৰতীয় সংবাদ মাধ্যমৰ মান-মৰ্যাদা পদদলিত হোৱাই নহয় ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতিও ই সংকটৰ সৃষ্টি কৰিব।
0 comments:
Post a Comment