জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Monday, June 16, 2014

বিশ্বকাপ ফুটবল ২০১৪

 7:19:00 AM     লেছেৰি বুটলি     No comments   

• ১৯৭০ চনৰ বিশ্বকাপত প্ৰথমবাৰলৈ ব্যৱহাৰ হৈছিল অফিচিয়েল মেচ্চ বল। সেইবাৰ বলটোৰ নাম ৰখা হৈছিল ‘টেলষ্টাৰ’। সেইটো বলৰেই নাম সলনি কৰি ১৯৭৪ চনৰ বিশ্বকাপতো ব্যৱহাৰ কৰা হৈছিল। নাম ৰাখিছিল ‘টেলষ্টাৰ ডুৰলাষ্ট’। এইবাৰৰ বিশ্বকাপত ব্যৱহৃত বলটোৰ নাম হৈছে ‘ব্ৰাজুকা’ (Brajuca)।

• শুভংকৰ, প্ৰতীক আৰু থিম চঙৰ অবিহনে বিশ্বকাপ ফুটবলৰ দৰে মেগা ক্ৰীড়া সমাৰোহৰ কথা ভাবিবই নোৱাৰি। এই শুভংকৰ বা মাছকটৰ ইতিহাস কিন্তু বৰ পুৰণি নহয়। ১৯৬৬ চনৰ ইংলেণ্ড বিশ্বকাপ ফুটবলৰ পৰাহে মাছকটৰ ব্যৱহাৰ হৈ আহিছে। এই শুভংকৰবোৰৰ অৱয়ব আৰু পোছাক আয়োজক দেশখনৰ সংস্কৃতি, আৱেগ-ভাবনাৰ লগত সংগতি ৰাখিহে সৃষ্টি কৰা হয়। ইংলেণ্ড বিশ্বকাপৰ শুভংকৰ আছিল এটা সিংহ। নাম আছিল ‘উইলি’। আনহাতে এইবাৰৰ বিশ্বকাপৰ শুভংকৰটোৰ নাম ৰখা হৈছে ‘ফুলেকো’ (Fuleco)।

• ২০১৪ ফিফা বিশ্বকাপৰ উদ্দেশ্যে উদ্যোক্তা দেশ ব্ৰাজিলে প্ৰস্তুত কৰি উলিয়াইছে ল’গো। বিশ্বকাপৰ এইবাৰৰ ল’গোটোৰ নাম ৰখা হৈছে ‘ইন্সপাইৰেশ্যন’ (Inspiration)

• বিশ্বকাপ ফুটবলত সৰ্বাধিকবাৰ বিজয়ী হোৱাৰ অভিলেখৰ অধিকাৰী দেশখন ব্ৰাজিল। দেশখনে এতিয়ালৈকে পাঁচবাৰ হস্তগত কৰিছে বিশ্বকাপ। ১৯৫৮ চনত প্ৰথমবাৰ খিতাপ দখল কৰা ব্ৰাজিলে পৰৱৰ্তী সময়ত ক্ৰমে ১৯৬২, ১৯৭০, ১৯৯৪, ২০০২ চনত বিজয়ীৰ সন্মান অৰ্জন কৰিছিল।
২০১৪ ব্ৰাজিল বিশ্বকাপত ব্যৱহৃত বলটো ‘ব্ৰাজুকা’

• প্ৰতিবন্ধী চেম্পিয়নজনৰ কথা জানেনে! উৰুগুৱেৰ ষ্ট্ৰাইকাৰ ‘হেক্টৰ কষ্ট্ৰো’। এই ফুটবলাৰজনে ফেক্টৰীত কাম কৰি থাকোতে, এক দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাই পেলাইছিল। কিন্তু এই শাৰীৰিক বাধাকো অতিক্ৰম কৰি ১৯৩০ চনৰ প্ৰথম বিশ্বকাপত উৰুগুৱে চেম্পিয়ন হওঁতে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈ নায়কৰ মৰ্যাদা লাভ কৰিছিল।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, May 9, 2014

লেছেৰি বুটলি: পৃথিৱী

 11:35:00 PM     লেছেৰি বুটলি     No comments   

•শামুকে নিজৰ শৰীৰৰ ওজনতকৈ প্ৰায় ২৫-৩০ গুণ অধিক ওজনৰ বস্তু দাঙিব পাৰে। শামুকৰ এটা আচৰিত গুণ হ’ল ইহঁতে কেতিয়াও নিজৰ থকা ঠাই নেহেৰুৱায়। শামুকৰ গাৰ তলৰ চেপেটা মঙহখিনি দেখাত কোমল যেন লাগিলেও ই যথেষ্ট টান। কেইখনমান চোকা দাড়ি খুৰুৱা ব্লেড থিয়কৈ ৰাখি তাৰ ওপৰত শামুক এটা থ’লে সি অনায়াসে সেই ব্লেড কেইখনৰ ওপৰেৰে গতি কৰিব পাৰিব।

•পৃথিৱীৰ মহাসাগৰবোৰত ইমান খনিজ লৱণ আছে যে যদি মহাসাগৰবোৰ শুকাই যায়, তেতিয়া যিখিনি খনিজ লৱণ থাকিব তাৰে বিষুৱ ৰেখাৰ চাৰিওফালে প্ৰায় ডেৰ কিল’মিটাৰ ডাঠ আৰু প্ৰায় ৩০ কিল’মিটাৰ ওখ এখন বেৰ সাজিব পৰা যাব।

•পখিলাৰ বিভিন্ন প্ৰজাতি আছে। ইয়াৰে এবিধ পখিলা আছে যাৰ গাৰ পৰা সুগন্ধি নিগৰিত হয়। দক্ষিণ আমেৰিকাৰ ব্ৰাজিল দেশত পোৱা এই পখিলাবোৰ জুম পাতি থাকে আৰু ইয়াৰ গাৰ পৰা এনে এক সুগন্ধি বাহিৰ হয় যাৰ গোন্ধ চকলেটৰ নিচিনা। তদুপৰি এই পখিলাবোৰৰ ৰঙো চকলেটৰ নিচিনাই।

•চেনি যে কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা হয় সেইটো আমি সকলোৱে জানো। কিন্তু উত্তৰ আমেৰিকাত এনে এবিধ গছ পোৱা যায় যাৰ পৰা স্বাভাৱিকভাৱে চেনি পোৱা যায়। গছজোপাৰ নাম ‘ডগলাছ ফাৰ’। গাটো কাঁইটেৰে ভৰা আৰু কাঁইটবোৰত আছে সৰু সৰু ছিদ্ৰ পথ। এই ছিদ্ৰৰ দ্বাৰাই ৰস নিগৰি আহি পাতৰ ওপৰত জমা হয় আৰু ক্ৰমশঃ জমা হৈ চেনিত পৰিণত হয়।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

লেছেৰি বুটলি: অসম

 11:31:00 PM     লেছেৰি বুটলি     No comments   

•১৯০৮ চনত কাজিৰঙা অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয় আৰু ১৯৭৪ চনৰ ১ জানুৱাৰীত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়।

•অসমৰ সবাতোকৈ ডাঙৰ আৰু সৰু ৰাষ্ট্ৰীয় উদ্যান দুখন হ’ল ক্ৰমে কাজিৰঙা আৰু মানাহ।

•গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ।

•গদাধৰ সিংহই গুৱাহাটী মহানগৰীৰ মাজভাগত উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল।

•‘হস্তী বিদ্যাৰ্ণৱ’ পুথিখনি স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত ৰচিত হৈছিল।

•অসমৰ আটাইতকৈ সৰু (মাটিকালিৰ ক্ষেত্ৰত) জিলাখন হ’ল বঙাইগাঁও।

•১৬৭২ চনত মৃত্যু হোৱা লাচিত বৰফুকনৰ মৈদামটো আছে যোৰহাটৰ সমীপৰ নৰা হিলৈদাৰী গাঁৱত।

•বিখ্যাত শৰাইঘাটৰ ৰণ ১৬৭১ চনত হৈছিল।

•১৭৯৪ চনত অসমৰ ৰাজধানী শিৱসাগৰ (ৰংপুৰ)ৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, March 30, 2014

অসমীয়া কথাছবিৰ কিছু কথা

 1:09:00 AM     লেছেৰি বুটলি     No comments   

প্ৰথম অসমীয়া ছবি জয়মতী (১৯৩৫)-ৰ এটি দৃশ্য
• প্রথম অসমীয়া ছবি ‘জয়মতী’ পৰিচালনাৰ লগতে প্রযোজনাও কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই। ছবিৰ কাহিনী আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ। ছবিখনৰ তিনিটা মূল নাৰী চৰিত্র ক্রমে জয়মতীৰ ভাওত আইদেউ সন্দিকৈ, পাটমাদৈৰ চৰিত্রত মোহিনী ৰাজকুমাৰী আৰু ডালিমীৰ চৰিত্রত স্বৰ্গজ্যোতি দত্তই অভিনয় কৰিছিল।

• ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ পৰিচালিত ‘সন্ধ্যাৰাগ’ ছবিখনেই হৈছে ভাৰতীয় পেন’ৰামাৰ বাবে নিৰ্বাচিত হোৱা প্রথমখন অসমীয়া ছবি। আকৌ ভাৰতীয় পেন’ৰামাত উদ্বোধনী ছবি হিচাপে প্রদৰ্শিত প্রথমখন অসমীয়া ছবিৰ নাম হ’ল বিদ্যুত চক্রৱৰ্তীৰ পৰিচালিত ‘ৰাগ বিৰাগ’।

• অসমীয়া ছবিত পোনপ্রথমে দ্বৈত চৰিত্রত অভিনয় কৰা অভিনেতাগৰাকী হ’ল ব্রজেন বৰুৱা। নিজৰদ্বাৰা পৰিচালিত ছবি ‘ডঃ বেজবৰুৱা’ত তেওঁ দ্বৈত চৰিত্রত অভিনয় কৰিছিল। তেনেদৰে অসমীয়া ছবিত দ্বৈত চৰিত্রত অভিনয় কৰা প্রথম অভিনেত্রীগৰাকী হ’ল মৃদুলা বৰুৱা। তেওঁ ‘মেঘমুক্তি’ ছবিখনৰ যোগেদি এই খ্যাতিৰ অধিকাৰী হৈছিল।

• ট্রেড ইউনিয়নৰ দ্বাৰা প্রযোজিত প্রথম অসমীয়া ছবি হ’ল নটসূৰ্য ফণী শৰ্মাই পৰিচালনা কৰা ‘কেঁচা সোণ’ ছবিখন। ছবিখন চাহ মজদুৰ সংঘই প্রযোজনা কৰিছিল। ছবিখন মুক্তি পাইছিল ১৯৫৯ চনত।

• নিপ বৰুৱা পৰিচালিত ‘ৰঙা পুলিচ’ ছবিখন ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্রথম অসমীয়া ছবি। এই ছবিখনত বিখ্যাত অসমীয়া সাহিত্যিক ‘অজগৰ’ নামে খ্যাত চৈয়দ আব্দুল মালিকেও এটি চৰিত্রত অভিনয় কৰিছিল।

• ১৯৪১ চনত মুক্তি পোৱা অসমীয়া ছবি ‘মনোমতী’ ছবিখন প্রসিদ্ধ সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ একে নামৰ উপন্যাস এখনৰ আধাৰত নিৰ্মিত ছবি। ছবিখন পৰিচালনা কৰিছিল ৰোহিনী কুমাৰ বৰুৱাই।

• ১৯৭২ চনত মুক্তি পোৱা প্রথম অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ পৰিচালনা কৰিছিল কমলনাৰায়ণ চৌধুৰীয়ে। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।

• ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া ছবি হ’ল ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত ছবি ‘অগ্নিস্নান’। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল তৰুণ গোস্বামীয়ে। 
• ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত যশস্বী সংগীত পৰিচালক জিতু-তপনে সংগীত পৰিচালনা কৰা অসমীয়া ছবি ‘নয়নমণি’ হ’ল প্ৰথম মহিলা পৰিচালকে পৰিচালনা কৰা অসমীয়া ছবি। পৰিচালনা কৰিছিল সুপ্ৰভা দেৱীয়ে। 
• জাহ্নু বৰুৱাই পৰিচালনা কৰা ১৯৮২ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি ‘অপৰূপা’ হ’ল ১৬ মিলিমিটাৰত চিত্ৰগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি লগতে এন.এফ.ডি.চি.— ৰ ঋণপ্ৰাপ্ত প্ৰথম অসমীয়া ছবি। ছবিখন আঞ্চলিক ভিত্তিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আৰু ‘ইণ্ডিয়ান পেন’ৰামা’ত প্ৰদৰ্শিত হোৱা ছবি। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ড০ ভূপেন হাজৰিকাই

• স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ছবি, লোকাৰ্ণো (ছুইজাৰলেণ্ড) আৰ্ন্তজাতিক চলচ্চিত্ৰ মহোৎসৱত ইন্দ্ৰ বণিয়ালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, এই মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান (ছিলভাৰ লিওপাৰ্ড), ইণ্টাৰনেচনেল এফিউমেনিকেল এৱাৰ্ড— এই সকলোবাৰ খ্যাতি ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ পৰিচালিত ‘হালধীয়া চৰায়ে বাও ধান খায়’ অসমীয়া ছবিখনৰ সৈতে জড়িত হৈ আছে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, December 4, 2013

নলবাৰী অঞ্চলত প্রচলিত বৰশী বোৱা কার্যৰ সৈতে জড়িত কিছুমান গীত

 11:56:00 AM     লেছেৰি বুটলি     2 comments   

বৰশী বোৱা
পশ্চিম নলবাৰী অঞ্চলত প্রচলিত বৰশী বোৱা গীত-
১।
ধৰ মাছ ধৰ-মোৰ বৰশীত ধৰ
ধৰ মাছ ধৰ-বাকৰাত পৰ
কলা না বগা-চাই ফেলে এৰি দেও

২।
অন্যৰ বৰাহ তিতা
মোৰ বৰাহ মিঠা

৩।
এক খোট মাৰি কোক গেলি
ভায়ে বাইপেৰ মূৰা খালি
মূৰা লাগে মূৰা দেও
হাৰা লাগে হাৰা দেও
কাটি কাটি মঙহ দেও
মোৰ বৰাহত ধৰি আহ

৪।
টোপ দিলো গাথি
বৰশী দিলো পাতি
ডাঙৰ চাই মাছ এটি
গৰগৰকৈ টানি নি
চৰচৰকৈ মাৰি দিম
ঘপ কৰি মাছ এটি আহিব

জাকৈৰে মাছ ধৰা
জাল-জুলুকিৰে বা জাকৈৰে মাছ ধৰা গীত হ'ল-
১।
হাই দিবি হুই দিবি
মাছৰ মুখত জুই দিবি
যুনি নেদে খলি কাটি
সি খায় মাকক পুৰি

২।
মাছ আহিছে একাবেকা কৰি
জাল পাতিব ঘন ঘন কৰি
জাল দিলু শাৰী শাৰী
মাছ লগিল পাহি পাহি কৰি

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, October 18, 2013

লেছেৰি বুটলি: দুৰ্গা পূজা

 11:40:00 PM     লেছেৰি বুটলি     No comments   

•পাৰ্বতীয়ে ভগৱান শিৱক পতিৰূপে লাভ কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। কিন্তু পাৰ্বতীৰ মাতৃ মেনকাই নিজ কন্যাৰ এনে তপস্যাত বাধাৰ সৃষ্টি কৰিবৰ সময়ত পাৰ্বতীয়ে উচ্চাৰণ কৰা এটা শব্দৰ পৰা সৃষ্টি হৈছিল দুৰ্গা দেৱীৰ আন এটা নাম। নামটো হ’ল উ-মা।

•দুৰ্গা পূজাৰ মূল প্ৰতিমাৰ লগত থাকে গণেশ, কাৰ্তিক, লক্ষ্মী দেৱী আৰু সৰস্বতী দেৱীৰ প্ৰতিমা।

•কাৰ্তিকে এটা ময়ূৰ চৰাইক বাহনৰূপে ব্যৱহাৰ কৰে। সেই চৰাইটোৰ নাম হ’ল পাৰবনী।

•দুৰ্গা পূজাৰ সময়ত (পূজাৰ লগত সংগতি ৰাখি) ভাৰতত পালন কৰা হয় আন দুই উৎসৱৰ। সেই উৎসৱ দুটা হ’ল দশেৰা আৰু নৱৰাত্ৰী।

•দুৰ্গা পূজা প্ৰথমে পৃথিৱীত আয়োজন কৰিছিল এজন ৰজাই। তেতিয়া দুৰ্গা পূজা গ্ৰীষ্ম কালত হৈছিল। সেই ৰজাজন আছিল সুৰথ ৰজা।

•দুৰ্গা পূজাৰ সপ্তমীৰ নিশা বাহী হোৱা চাউলৰ ভোগ প্ৰস্তুত কৰা হয়। এই ভোগ প্ৰস্তুত হোৱাৰ পিছত এক বিশ্বাস আছে যে, সেইদিনা দেৱী দুৰ্গাই ধনীলোকৰ ঘৰ ত্যাগ কৰি দুখীয়া ব্ৰাহ্মণৰ নিঃকিন খাদ্য গ্ৰহণ কৰিবলৈ যায়।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog