এজন ল’ৰাই সদায় ৰাতিপুৱা ৰাতিপুৱা দৌৰিব গৈছিল। আঁহোতে-যাওঁতে সি প্ৰতিদিনেই এগৰাকী বুঢ়ী মানুহক দেখিবলৈ পাইছিল। সেই বুঢ়ী মানুহগৰাকীয়ে পুখুৰীৰ পাৰত থকা সৰু সৰু কাছৰ পিঠিবোৰ চাফা কৰি দিয়া সি দেখিবলৈ পাইছিল। তাকেই দেখি ল’ৰাজন কিছু আচৰিত হয়! সি ইয়াৰ আঁৰৰ ৰহস্য জানিবলৈ ব্যাকুল হৈ পৰে।
এদিনাখন সেই ল’ৰাজন মানুহগৰাকীৰ ওচৰলৈ গ’ল আৰু তেওঁক সম্ভাষণ জনাই ক’লে, ‘‘নমস্কাৰ খুৰী! মই সদায় এইফালে খোজকাঢ়িবলৈ আহিলে, আপোনাক কাছৰ পিঠিবোৰ চাফা কৰি থকা দেখিবলৈ পাওঁ। আপুনি কি কাৰণত এনেকুৱা কৰে বাৰু?"’’
তেতিয়া বুঢ়ী মানুহগৰাকীয়ে ল’ৰাজনৰ ফালে চালে আৰু উত্তৰ দিলে, ‘‘মই সদায় ইয়ালৈ আহোঁ আৰু এই সৰু সৰু কাছবোৰৰ পিঠিবোৰ চাফা কৰি দি সুখ অনুভৱ কৰোঁ। কাৰণ ইহঁতৰ পিঠিত যি চলং আছে তাত লেতেৰা মলি জমা হোৱাৰ কাৰণে ইহঁতৰ উষ্ণতা উত্পন্ন কৰিব পৰা ক্ষমতা ক্ৰমান্বয়ে কমি যাবলৈ ধৰে, সাঁতুৰিবলৈ ইহঁতৰ অসুবিধা হয়। বহুদিন ধৰি যদি ইহঁতৰ চলঙখন এনেকৈয়ে লেতেৰা হৈ থাকে তেন্তে ইহঁত লাহে লাহে দুৰ্বল হৈ পৰে। সেয়ে মই ইহঁতৰ চলঙখন চিকুণাই থাকোঁ।
কথাখিনি শুনি ল’ৰাজন কিছু আচৰিত হ’ল। সি পুনৰ সুধিলে, ‘‘নিঃসন্দেহে আপুনি এটা মহৎ কামেই কৰিছে, কিন্তু খুৰী, এটা কথা ভাবকচোন যে এই কাছকেইটাৰ বাহিৰে আৰু কিমান যে কাছ ইয়াতকৈয়ো সংকটজনক অৱস্থাত আছে! যিহেতু আপুনি সকলো কাছকেই চিকুণাই ৰখাটো সম্ভৱপৰ নহয় সেয়ে আপুনি অকলে ইয়াক সলনি কৰিব বিচাৰিলে একো ডাঙৰ পৰিৱৰ্তন নহয়!’’
তেতিয়া বুঢ়ী মানুহগৰাকীয়ে অতি চমু কিন্তু হৃদয়স্পৰ্শী উত্তৰ দিলে যে, ‘‘মোৰ এই কৰ্মৰ কাৰণে পৃথিৱীত একো ডাঙৰ পৰিৱৰ্তন নহয় সঁচা, কিন্তু ভাবাচোন মোৰ এই কৰ্মৰ ফলত এই এটা কাছৰ জীৱনলৈ পৰিৱৰ্তন নাহিবনে? তেন্তে এই সৰু পৰিৱৰ্তনৰ পৰাই আৰম্ভ কৰাত ভুল কি! এটা সাধাৰণ পৰিৱৰ্তনেই সলাব পাৰে সকলো, যদিহে আন্তৰিকতা থাকে।’’
0 comments:
Post a Comment