নিজৰ সীমাবদ্ধতাক মানি লৈ আমি এই কথাও উপলব্ধি কৰোঁ যে ন ন ৰূপ দিব পৰাকৈ জীৱনটো নমনীয়, আৰু তাক পৰিবৰ্ত্তন কৰি গৈ থাকিব পাৰি। জীৱনৰ বিষয়ে যিটো কথা অতি গুৰুত্বপূৰ্ণ সেইটো হ’ল এয়ে যে মৃত্যুৱে আমাক গ্ৰাস কৰি নেপেলোৱালৈকে আমি ক্ৰমান্বয়ে বিকশিত হৈ থাকিব পাৰোঁ। আমি যদি নিজকে স্থানু আৰু মৃতপ্ৰায় কৰি নেপেলাওঁ, তেন্তে আমি নমৰা পৰ্যন্ত নতুন নতুন দক্ষতা আয়ত্ত কৰিব পাৰোঁ; নতুন নতুন কামত নিজকে নিয়োজিত কৰিব পাৰোঁ, নতুন নতুন মানুহৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰোঁ।
তেন্তে নিজকে কেনেকৈ গ্ৰহণ কৰিব লাগে, সেই কথা শিকিবলৈ আমি চেষ্টা কৰোঁ আহক। আমি প্ৰথমেই এই সত্যটো মানি লোৱাটো যুগুত হ’ব যে কোনো কোনো বিশেষ ক্ষেত্ৰত কাম কৰিবলৈ আমাৰ যোগ্যতা আছে, আৰু বহুতো ক্ষেত্ৰত আছে আমাৰ সীমাবদ্ধতা। প্ৰতিভা বিৰল; খুব কম মানুহেহে প্ৰকৃত প্ৰতিভা লৈ ওপজে। আমি বেছিভাগ মানুহেই মজলীয়া বুদ্ধি-বৃত্তিৰ। কিন্তু আমি প্ৰত্যেকেই আমাৰ নিজৰ নিজৰ দক্ষতাৰ ভঁৰালৰ পৰা সমূহীয়া জীৱনক সমৃদ্ধ কৰিবলৈ কিবা নহয় কিবা এটা বৰঙণি আগবঢ়াব পাৰোঁ। আমাৰ প্ৰত্যেকৰে বিভিন্ন প্ৰকাৰৰ মানসিক আৰু আৱেগিক দুৰ্বলতা আছে। প্ৰত্যেক মানুহৰ মনৰ গহন অন্ধকাৰত নানাধৰণৰ মানসিক বিকাৰ লুকাই থাকে। জীৱনৰ এইবোৰ সত্য আমি মানি ল’ব লাগিব। স্বাভাৱিক সুস্থ মানুহ সেইজনেই- যিজনে নিজৰ জীৱনৰ সীমাবদ্ধতাক গ্ৰহণ কৰি জীৱনে আগবঢ়োৱা প্ৰতিটো সুযোগকেই আনন্দচিত্তে আৰু সাহসেৰে গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকে।
0 comments:
Post a Comment