জীৱনৰ গতানুগতিকতাই আমাক কেতিয়াবা আমনি দিয়ে। জীয়াই থকাৰ প্ৰতি স্পৃহা কেতিয়াবা হেৰুৱাবলগীয়া অৱস্থাৰ সৃষ্টি কৰে। জীৱনত কোনো নতুনত্ব নাথাকে। পুৱা সুন্দৰকৈ আৰম্ভ কৰা দিনটোত সমস্ত কাম-বন কৰি উঠাৰ পিছত সন্ধিয়াপৰত আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰে! মনৰ মাজত হতাশভাৱৰ সূত্ৰপাত হয়। জীৱনৰ সকলোবোৰ কামতেই আমি যিমান ধৰণে মনোযোগ দিব লাগে, সিমান যেন মনোযোগ দিব নোৱাৰোঁ।
সেয়ে বিশাল জনসমুদ্ৰত থাকিও আমি প্ৰত্যেকজনেই যেন একো একোটা বিচ্ছিন্ন দ্বীপ হৈ পৰোঁ। আমাৰ মাজত থকা অকলশৰীয়া অৱস্থাটোক আমি আমাৰ সত্তাত অনবৰতেই যেন লৈ ফুৰিবলগীয়া হওঁ। সেয়ে কোলাহল আৰু ভিন ভিন মানৱ সম্বন্ধবোৰৰ মাজত থাকিও আমি যেন অত্যন্ত অকলশৰীয়া অনুভৱ কৰোঁ।
এই অৱস্থাৰ কথা ফঁহিয়াই চালে দেখা যায় যে আমি নিজৰ কামৰ প্ৰতি যিমানখিনি মনোযোগ দিয়াৰ আৱশ্যক, আমি যেন সেইখিনি আয়ত্ত কৰিব নোৱাৰো। আমাৰ ব্যক্তিগত জীৱনৰ ঘাত-প্ৰতিঘাত আৰু মানসিক অশান্তিয়ে আমাক আমাৰ নিজ কৰ্মৰ প্ৰতি একান্তচিত্তে মনোযোগ দিয়াত সহায় নকৰে। সেয়ে জীৱনৰ প্ৰতি ভালপোৱা ভাৱৰ জন্ম নঘটে। জীৱনটো যেন বিৰক্তিকৰ হৈ পৰে।
এই কথা অনস্বীকাৰ্য যে সকলো বয়সৰে সকলো ব্যক্তিৰেই দৈনন্দিন জীৱনৰ কোনো কোনো মুহূৰ্ততে আমনি লাগে। আমি প্ৰায়েই শুনিবলৈ পাওঁ যে ছাত্ৰ-ছাত্ৰী, পুৰুষ-মহিলা, চাকৰিয়াল, গৃহিণী, অৱসৰপ্ৰাপ্তজন আদি সকলো ব্যক্তিৰেই মনত আমনি তথা বিৰক্তি জন্মে।
জীৱনত গতানুগতিক কৰ্মৰাজীয়ে মনত আনন্দ দিব নোৱাৰে। অৱশ্যে এই প্ৰসংগত উল্লেখ কৰিব পাৰি জেনিনা গমছ নামৰ লেখিকাগৰাকীৰ কথা। তেওঁ কৈছিল— ‘‘আমনিদায়ক পৰিস্থিতিয়ে মোৰ জীৱনটো কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেই ভাবৰ ঊৰ্দ্ধত সেয়ে মই চিন্তা কৰিবলৈ চেষ্টা কৰোঁ। মোৰ নিজৰ সত্তাৰ শক্তিখিনিৰ শ্ৰীবৃদ্ধিৰ বাবে অহৰহ চেষ্টা কৰোঁ। মোৰ যি যি দিশত জ্ঞানৰ নাটনি ঘটিছে, সেই দিশসমূহ উন্নত কৰিবলৈ চেষ্টা কৰোঁ। আৰু লগতে মোৰ সামাজিক জ্ঞান লাভৰ প্ৰচেষ্টাও অব্যাহত ৰাখোঁ। নিজ বৃত্তিৰ কৰ্মখিনি কৰি উঠি আজৰি সময়খিনিত সমাজৰ আন আন ব্যক্তিসকলৰ আৱেগ-অনুভূতিক বিচাৰ কৰি চাবলৈ প্ৰয়াস কৰোঁ। সেয়ে জীৱনৰ কোনো আমনিদায়ক অথবা বিৰক্তিময় পৰিস্থিতিয়ে মোক কেতিয়াও হেঁচা মাৰি ধৰিব নোৱাৰে।’’
সেয়ে সৰ্বসাধাৰণ সকলো ব্যক্তি জীৱনৰ আমনিদায়ক আৰু বিৰক্তিময় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ কেইবাটাও ভিন ভিন উপায়ৰ কথা উল্লেখ কৰিছে। জীৱনৰ প্ৰতি যেতিয়া সকলো ব্যক্তিয়েই অৰ্থপূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব পাৰে, তেতিয়াই কোনো ব্যক্তিয়েই কেতিয়াও হতাশ বা নিৰাশাত ভূগিবলগীয়া নহয়। আমাৰ সমাজত বহু ব্যক্তি আছে, যিসকলে তেওঁলোকৰ সৰু সৰু আৰু সাধাৰণ যেন লগা কামটোও ইমান উৎকণ্ঠা, মনোযোগ আৰু সন্তুষ্টিৰে কৰে যে তেওঁলোকৰ বাবে নিজ কামটোৱেই হৈ পৰে সুখ আৰু আনন্দৰ আকৰসদৃশ। জীৱনৰ সৰু-সুৰা ঘটনাৰ প্ৰতি ভালপোৱা বিকাশ কৰিলে জীয়াই থকাৰ প্ৰতি স্পৃহা বৃদ্ধি হয় আৰু সকলোৱেই যেন আনন্দ লাভ কৰিব পাৰিব। অৱশ্যে জীৱনৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ হ’লে নিজৰ অন্তৰ্নিহিত শক্তিক বিচাৰি চাবলৈ শিকিব লাগিব।
আমাৰ আমনিলগা সময়খিনিৰ বাবে বাহিৰৰ পৃথিৱীখনলৈ ঢাপলি মেলাতকৈ নিজৰ সত্তাৰ মাজৰ গভীৰতাক অনুভৱ কৰিবলৈ যত্ন কৰিলেই আমি উপলব্ধি কৰিব পাৰোঁ আমাৰ অন্তৰ্নিহিত শক্তি আৰু যি শক্তিৰ উপলব্ধিয়ে আমাক কেতিয়াও অকলশৰীয়া নকৰে আৰু তেতিয়া জীৱনৰ কোনো পৰিস্থিতিয়ে বিৰক্তিকৰ কৰি তুলিব নোৱাৰে। আমাৰ মনৰ মাজত লুকাই থকা শক্তি অশেষ। আমি সেই শক্তিক উপযোগী কৰি ব্যৱহাৰ কৰিলে জীৱনক লৈ কেতিয়াও নিৰাশাত ভুগিব নালাগে।
এই প্ৰসংগত উল্লেখ কৰিব পাৰি মীনা কুকৰেজা নামৰ চিকিৎসকগৰাকীৰ ‘লাইফ স্কিল’ নামৰ গ্ৰন্থখনৰ কথা। গ্ৰন্থখনত উল্লেখ কৰা মতে প্ৰতিজন মানুহৰে আত্মশক্তিৰ উৎসসমূহ হৈছে— নিজ চৰিত্ৰ, বিশ্বাস, আন্তৰিক প্ৰাৰ্থনা, ধৰ্ম আৰু নিজ বিশ্বাসৰ ভগৱান। আৰু তেওঁৰ মতে, এজন ব্যক্তিৰ বাবে শ্ৰেষ্ঠ বিশ্বাস হৈছে যেতিয়া তেওঁ সকলো বিশ্বাসকে সন্মান কৰে। আত্মশক্তিৰ প্ৰথম আৰু প্ৰধান উৎস হৈছে— আত্মনিয়ন্ত্ৰণ তথা নিজক শৃংখলভাৱে ৰখা। এই আত্মশৃংখলাই আমাৰ নিজস্ব পৰিসীমাৰ মাজত থকা শক্তি-সামৰ্থ্যখিনিক উত্তম প্ৰচেষ্টাৰে উপযোগী কৰি তুলিবলৈ আমাক সুবিধা দিয়ে আৰু তেতিয়া জীৱনক লৈ আমি কেতিয়াও নিশ্চয় হতাশাত ভুগিব নালাগে। সেই অৱস্থাত আমাৰ কামবোৰ সুনিৰ্দ্দিষ্ট গতিত আগবাঢ়িব পাৰে। আত্মনিয়ন্ত্ৰণৰ ফলত আমাৰ ব্যক্তিত্বৰ মাজত এনেবোৰ সজ অভ্যাস গঠন হয় যে তাৰ বাবে নেতিবাচক কোনো ভাবৰ সৈতে সংঘৰ্ষত লিপ্ত হ’বও নালাগে। অতি সহজ উপায়েৰে যেন আমি জীৱনত আগবাঢ়ি যাব পাৰোঁ। দৈনন্দিন জীৱনৰ কামবোৰ শৃংখলাবদ্ধভাৱে পালন কৰিবলৈ চেষ্টা কৰিলে আমি আমাৰ আত্মশক্তি উপলব্ধি কৰিব পাৰোঁ। সেয়ে আত্মশক্তিৰ উপলব্ধিয়ে এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সম্পূৰ্ণতা প্ৰদান কৰে। আৰু সেই অৱস্থাই কোনো ব্যক্তিৰ মনলৈ জীৱনৰ গতানুগতিক কামৰ প্ৰতি আমনি লগা পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে।
গ্ৰন্থখনত উল্লেখ কৰা মতে, আমাৰ আত্মশক্তিক বিচাৰ কৰাৰ আন এটা উপায় হৈছে— নিয়মিতভাৱে কৰা প্ৰাৰ্থনা। এই প্ৰাৰ্থনাই আমাক শক্তি আৰু সাহস দিয়ে। আমাৰ মনলৈ শান্তি আনে। জীৱনত সমস্যাসমূহ লাঘৱ কৰাৰ বাবে অদৃষ্ট শক্তিৰ আশিস লাভ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ অনন্ত প্ৰাৰ্থনাই অদৃশ্য শক্তিৰ লগত সংযোগ কৰাৰ লগতে আত্মশক্তিৰ উপলব্ধি কৰাত সহায় কৰে। আত্মশৃংখলাই এই ক্ষেত্ৰত আমাক অধিকভাৱে সহায় আগবঢ়ায়। আনহাতে, এই সংযোগৰ অবিহনে প্ৰত্যেকজন ব্যক্তিৰ জীৱনলৈ ভিন ভিন সমস্যা আহি পৰিব পাৰে। উদাহৰণস্বৰূপে জীৱনৰ কোনো কোনো ক্ষেত্ৰতেই কোনো ৰস উদঘাটন কৰিব নোৱাৰি। সেয়ে জীৱনক লৈ সকলোতেই যেন বিৰক্তিহে জন্মে।
বিৰক্তিৰে ভৰা জীৱনটো সুন্দৰকৈ গঢ়ি তোলাৰ দায়িত্ব সেয়ে এটা ব্যক্তিগত প্ৰচেষ্টা হোৱা উচিত। ভগৱানৰ শ্ৰেষ্ট আশিস এই মানৱ জীৱনটোক এজন ব্যক্তিৰ জীৱন প্ৰণালীয়েহে সুন্দৰ কৰে। সেইদৰে এটা সুন্দৰ জীৱন প্ৰণালীক নিয়ন্ত্ৰণ কৰে কেৱল এটা সুন্দৰ আৰু সবল মনে। আনহাতে, এই মনৰ শক্তিয়েই হৈছে সকলো সৃষ্টিমূলক কামৰ অন্যতম চালিকাশক্তি। সেয়ে ড০ এ পি জে আব্দুল কালামে তেওঁৰ ‘ইনডমিটেবল স্পিৰিট’ নামৰ গ্ৰন্থত কৈছে— ‘‘মনৰ সৃষ্টিকামী শক্তিয়ে জীৱনলৈ সুন্দৰতা কঢ়িয়াই আনে আৰু লগতে অসম্ভৱকো সম্ভৱ কৰিব পাৰে।’’ তেওঁ সেয়ে মহামানৱ মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ সফলতাৰ বিষয়ে উল্লেখ কৰি কৈছে যে— ‘‘এটা সুন্দৰ সৃষ্টিসুলভ মনৰ অধিকাৰী হোৱা বাবে গান্ধীজীয়ে নিজ আদৰ্শত সফলতা লাভ কৰিছিল।’’ সেয়ে আমি প্ৰত্যেকজন ব্যক্তিয়েই জীৱনত এনেদৰে কাম কৰিব লাগে যাতে আমাৰ কৰ্মই আন আন ব্যক্তিৰ অধিকাৰ পালনত হেঙাৰস্বৰূপ হ’ব নোৱাৰে। আনহাতে, আমি নিজৰ ব্যক্তিগত জীৱন-যাপনত সচেতন হৈ থাকিব লাগে।
এই কথা অনস্বীকাৰ্য যে এটি সুন্দৰ মনে আমাক জীৱনৰ সুন্দৰ দিশটোৰ প্ৰতি আগ্ৰহান্বিত কৰে। আমি জীৱনৰ ইতিবাচক দিশটোক অধিককৈ চোৱাৰ ফলত সৰু-সুৰা তথা সাধাৰণ কামসমূহৰ মাজতেই অসাধাৰণ আনন্দ লাভ কৰিব পাৰোঁ। সেয়ে হয়তো বহু গুণী-জ্ঞানী ব্যক্তিয়ে নিজ বৃত্তিগত কাম কৰাৰ উপৰি দৈনন্দিন জীৱনত নিজৰ ৰাপ অনুযায়ী সৰু-সুৰা, সাধাৰণ কাম কৰি জীৱনৰ আনন্দ উপভোগ কৰে। জীৱনৰ পৰা সুখ আৰু আনন্দ লাভ কৰে। তেওঁলোকে জীৱনৰ গভীৰ অৰ্থ বুজি পোৱাৰ আগতেই নিজ জীৱনটোক যেন ভালপাই পেলায়। তেতিয়া হয়তো নিজ জীৱনটো কেতিয়াও বিৰক্তিকৰ হৈ উঠিব নোৱাৰে।
0 comments:
Post a Comment