জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Wednesday, May 13, 2020

এটা কাঠৰ পাত্ৰ : ডিম্পী কলিতা

 5:35:00 PM     শিশু শিতান     No comments   



ৰতনপুৰ নামে এখন সৰু গাঁৱত এজন বৃদ্ধলোকে তেওঁৰ পত্নী, পুত্ৰ, বোৱাৰী আৰু নাতিসহ বাস কৰিছিল৷ এই বৃদ্ধজনক গাঁৱৰ প্ৰায়ভাগ মানুহে মূৰুলী ককা বুলিয়েই মাতিছিল আৰু নামাতিবনো কিয়! ককা আছিলেই ইমান মৰমিয়াল৷ কিন্তু পত্নীৰ বিয়োগৰ পিছতেই ককাৰ মন আৰু শৰীৰ একেবাৰেই ভালে নথকা হ’ল৷ হাজাৰ হ’লেও নিজৰ লগৰীজনীক হেৰুওৱাৰ দুখ সদায় লগতেই থাকে৷ ককাৰ আগৰ সেই ধেমেলীয়া স্বভাৱ, গাঁৱৰ চেমনীয়াসকলক দিয়া সেই উপদেশবোৰ আৰু ককাৰ লগত কটোৱা সেই দিনবোৰ গাঁৱৰ প্ৰায়ভাগ ল’ৰা-ছোৱালীৰ বৰকৈ মনত পৰে৷ আজিকালি আৰু ককা বাহিৰলৈ নোলায়৷ ঘৰৰ চোতালতেই চকী এখনত বহি থকাই দেখা যায়৷

এদিনাখনৰ কথা, ঘৰৰ সকলোৱে ৰাতিৰ ভাতসাঁজৰ বাবে একেলগে টেবুলত বহিছিল৷ আটায়ে একেলগে খাদ্য গ্ৰহণ কৰিবলৈ ধৰিছিল৷ সকলোৱে বৰ তৃপ্তিৰে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছিল৷ কিন্তু ককাইহে খাদ্য গ্ৰহণ কৰিব পৰা নাছিল৷ বয়স বাঢ়ি যোৱাৰ লগে লগে ককাৰ দৃষ্টিশক্তিও একেবাৰে দুৰ্বল হৈ আহিছিল৷ ভাত খাবলৈ লওঁতেই তেখেতৰ হাতখন কঁপিবলৈ আৰম্ভ কৰিছিল৷ যেতিয়া তেখেতে গাখীৰৰ গিলাচটো হাতেৰে তুলি লৈছিল, অকস্মাতে গিলাচটো তেওঁৰ হাতৰ পৰা সৰি পৰিছিল আৰু গোটেই টেবুলখন গাখীৰখিনি পৰি লেতেৰা হৈ গ’ল৷

তাকে দেখি পুতেক আৰু বোৱাৰীৰ অলপ খং উঠিল৷ পুতেকে ক’লে যে আমি দেউতাৰ বাবে খোৱাৰ ব্যৱস্থাটো অলপ বেলেগ কৰিব লাগিব৷ কাৰণ দেউতাৰ খোৱাৰ ধৰণটো একেবাৰেই বেয়া৷ সেয়ে আমি তেওঁৰ বাবে পাকঘৰৰ এটা চুকত এখন সৰু টেবুল বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ পুতেকে ভবামতেই কাম কৰিলে৷ এতিয়া আৰু ককাই অকলেই সেই টেবুলখনত আমন-জিমনকৈ আহাৰখিনি খাই, যেতিয়া তেওঁৰ পুতেক, বোৱাৰীয়েক আৰু চাৰি বছৰীয়া নাতিয়েকক একেলগে আহাৰ খোৱা দেখে তেওঁৰ বৰ দুখ লাগে৷ ককাৰ হাত কঁপনিৰ বাবে দুই এটা বাচনো ভাঙিছে, সেইবাবে বোৱাৰীয়েকে তেওঁক দুই-এটা কথাও শুনাইছে আৰু বাচন-বৰ্তন যাতে নাভাঙে তাৰ বাবে ককাক আজিকালি কাঠৰ বাচনতহে আহাৰ দিয়ে৷ এই সকলোবোৰ ঘটনা সেই আঠ বছৰীয়া ল’ৰাটোৱে লক্ষ্য কৰি আছিল৷

এদিনাখন, সৰু ল’ৰাটোৱে কিছুমান কাঠৰ টুকুৰা গোটাই আছিল৷ তেতিয়া দেউতাকে অতি মৰমেৰে সুধিলে, ‘‘বাবা, তুমি এয়া কি কৰিছা?’’ তেতিয়া ল’ৰাটোৱে ক’লে যে, ‘‘দেউতা, মই এই কাঠৰ টুকুৰাবোৰ জমা কৰিছোঁ৷ মই যেতিয়া ডাঙৰ হ’ম; তেতিয়া তোমাক আৰু মাক ইয়াতেই খাদ্য দিব লাগিব নহয়!’’ এনেদৰে কৈয়েই সৰু ল’ৰাজন তাৰপৰা আঁতৰি গ’ল৷ কিন্তু এই সাধাৰণ কথাটোৱেই দেউতাকৰ মনত বৰ গভীৰ সাঁচ বহুৱালে৷

সেইদিনাখন দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ককা সৰু টেবুলখনতেই বহি আছিল৷ তেতিয়া ককাৰ পুতেক আৰু বোৱাৰীয়েকে অতি আদৰেৰে তেওঁক আকৌ আগৰ দৰেই তেওঁলোকৰ লগতে আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰিলে৷ সেই দেখি ককাৰ মনত সেইদিনা কিমান যে আনন্দ, তেওঁৰ চকুৰ পৰা ওলোৱা পানীয়েই তাৰ প্ৰমাণ৷ এতিয়া ককাক পুতেক আৰু বোৱাৰীয়েকে অতি আদৰেৰে আহাৰ খুৱাই দিয়ে আৰু বৰ ভালকৈ চোৱা-চিতা কৰিবলৈ ল’লে৷

নীতিশিক্ষা: যেনে কৰ্ম তেনে ফল৷ অৰ্থাৎ নিজৰ মাক-দেউতাকৰ লগত যেনে ব্যৱহাৰ কৰিবা, এদিন সেই ব্যৱহাৰ তুমিও ভোগ কৰিব লাগিব৷ যেতিয়া তেওঁলোক এই পৃথিৱীৰ পৰা গুচি যায়, তেতিয়াহে তেওঁলোকৰ মহত্ত্ব বুজা যায়৷ সেয়ে তেওঁলোক জীয়াই থাকোঁতেই, তেওঁলোকক যথোচিত সন্মান আৰু শুশ্ৰুষা কৰাটো প্ৰতিজন সন্তানৰেই মূল কৰ্তব্য৷
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী
    ‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog