'এন্ধাৰত গজা পদ্য' মোৰ টুকুৰা-টুকুৰি কিছু অনুভৱক একেলগ কৰি সাঁচি থোৱাৰ এক প্ৰয়াস। ইচ্ছা কৰিলে পঢ়ি চাব পাৰে। কিছুমান কথা হয়তো আপোনাৰ ভাল লাগিব পাৰে। এইখন ছপা কিতাপ নহয়, বৈদ্যুতিন কিতাপহে (Ebook)। এইখন আপুনি আপোনাৰ ম'বাইল, টেবলেট অথবা কম্পিউটাৰতহে পঢ়িব পাৰিব। ইয়াক পঢ়িবলৈ আপোনাৰ ম'বাইল, টেবলেট অথবা কম্পিউটাৰটোত পি.ডি.এফ. ৰিডাৰ থকাটো জৰুৰী।
ই-কিতাপখন ডাউনল'ড কৰিবলৈ তলৰ লিংকটোত ক্লিক্ কৰক -
ইয়াৰ পৰা ডাউনল'ড কৰিব পাৰে
অথবা
ইয়াৰ পৰা ডাউনল'ড কৰিব পাৰে
Tags : Assamese ebooks, endharot goja podyo, অসমীয়া বৈদ্যুতিন কিতাপ, অসমীয়া ই কিতাপ
সেই যে… আমলখি খাই উঠি পানী খোৱাৰ পিছত পোৱা সোৱাদ এটাৰ কথা কয় লক্ষ্য প্ৰহৰে! ই-কিতাপখন পঢ়ি অলপ তেনেকুৱাই অনুভৱ হৈছে!
ReplyDeleteঠিক যেন সঠিক বৰ্ণন কৰিব নোৱাৰা অনুভৱ এটা… খুব ধুনীয়া!
সৰু সৰু কথাবোৰ ইমান ধুনীয়া! ৰাতিৰ কথাবোৰ ৰাতিৰ দৰেই - শান্ত, গহীন, গভীৰ! ৰাতিৰ কথাবোৰ লেখকৰ দৰেও- আলসুৱা… আকলুৱা… আলফুলীয়া… !
লেখকলৈ ধন্যবাদ! আশা ৰাখিছোঁ আগলৈ লেখকৰ অন্য কিতাপ ছপা আকাৰত নিশ্চয় পঢ়িবলৈ পাম।
মন্তব্যটি পাই সুখী হ’লো৷ আন্তৰিক ধন্যবাদ থাকিল আপোনালৈ৷ আগলৈ এখন ছপা কিতাপ প্ৰকাশ কৰাৰ কথা ভাবি থকা হৈছে৷ কামো কৰি থকা হৈছে৷ নাজানো কেতিয়া প্ৰকাশ হয়৷ প্ৰকাশ হ’লে নিশ্চয় গম পাব৷ এই ব্লগতেই তাৰ বিষয়ে লিখা হ’ব৷ ভাল লাগিল।
ReplyDelete