কথাবোৰ! জীৱনৰ কথাবোৰ! খুবেই আমোদ লগা! জীৱনৰ আৰম্ভণি কেতিয়া হয়? সেই অন্ধকাৰ গহ্বৰত থিতাপি লোৱাৰ দিনা নে অন্ধকাৰ গহ্বৰৰপৰা নাড়ীৰ বান্ধ চিঙি পোহৰলৈ ওলাই অহাৰ দিনা?
জীৱন মানে নো আচলতে কি? নোপোৱাৰ হাহাকাৰ নে প্ৰাপ্তিৰ অহংকাৰ? কিমান যে কথা! কথাৰ কথা। স্মৃতিৰ কোলাত কথাবোৰে উমনিত বহে মাজে মাজে! হৰেক ৰকমৰ কথাৰ পোৱালিবোৰৰ জন্ম হয় নতুনকৈ! …… খোজ কাঢ়ে, পাখি গজে…। আৰু এদিন জীৱনক গতি দিয়ে! মনৰ ভিতৰত খলকনি তুলি থকা কথাবোৰ ভগাই ল'ব খুজিলেও শব্দবোৰ শুকাই কঁৰাল মাৰে। কষ্ট হয়, যেতিয়াই তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠা অনুভৱখিনিক শব্দেৰে, কথাৰে আকাৰ এটা দিব নোৱাৰো। 'কিয় নোৱাৰো' বুলি প্ৰশ্ন এটাই গঢ় ল'ব লওঁতেই বিষাদবোৰে বুকুৰ গৰা খহায়, আৱেগৰ নদী বয়! কুঁ কুঁৱাই মাকৰ বুকুত সোমাই আদৰ বিচৰা কুকুৰ পোৱালি এটাৰ দৰে কাৰোবাৰ বুকুত মুখ গুজি শুই পৰিবৰ হেঁপাহ জাগে। সেয়াই তো আছিল মোৰ চিৰন্তন হাবিয়াস- নামহীন আদৰৰ চাদৰে নিজকে মেৰিয়াই আপোন কোনো এক গোন্ধ নাকেৰে টানি টানি বুকুলৈ উজাই লৈ শুই পৰিম…!
এতিয়া দেখোন গভীৰভাৱে কোনো কথাকেই অনুভৱ কৰিবৰ মন নাযায়। ভাবিলেও সকলোবোৰতেই যেন মোৰ খোকোজা! কি বিচাৰো জীৱনৰ পৰা তাকো নাজানো। নিচিনো বাট- কেনি যাম, কেনি যোৱা উচিত! সকলোতে আলি দোমোজা। পুৱাৰ সূৰুযে ভুমুকি মাৰিলেই নিখোজ হ'ব খোজা কোনোবা বিন্দাছ মিচিলত চামিল হ'বলৈ মন যায়। মন যোৱাৰ পিছত আৰু মই নিজৰো অনুমতি নলওঁ! নিয়ন্ত্ৰণহীন সেই গতিময়তা!
এন্ধাৰলৈ বাট চাওঁ। পোহৰ মানেই তো অভিনয়। বগা, নীলা, হালধীয়া… আৰু কেতিয়াবা গুলপীয়া। তেজপিয়াৰ দৰে ৰং সলাই পোহৰে! এন্ধাৰ সত্য আৰু শান্ত। এন্ধাৰতহে পাৰি মিছাৰ পোচাক খুলি সত্যৰ আয়নাত নিজক চাবলৈ, অভিনয়ৰ আচ্ছাদন খহাই থৈ নিজৰ সন্মুখত আবুৰহীন হৈ ঠিয় দিবলৈ, চকুত চকু থবলৈ।
শিল হৈ গজাৰে পৰা কথাবোৰ সহজ হৈ পৰিছে। জটিল বুলি ভবা কথাবোৰো। আবেলিৰ ফাটি পৰা বেলিটোৰ সুমথিৰা ৰং গচকি দৌৰিছে কথাবোৰ। ওভতি আহিব কথাবোৰ! হয়তো অলপ নতুনক লৈ, নতুবা অলপ পুৰণি হৈ! কথাবোৰেই তো জীৱন! কথাবোৰেই গতি… এন্ধাৰৰপৰা পোহৰলৈ, পোহৰৰৰপৰা এন্ধাৰলৈ। উভতি আহিব কথাবোৰ কিছু প্ৰতিশ্ৰুতি, কিছু সম্ভাৱনা লৈ; অলপ প্ৰতাৰণা, অলপ অনিশ্চয়তা হৈ! সকলোবোৰ সামৰি গতি ল'ব জীৱনে! জীৱন জীৱনৰ দৰেই!
ভাল লাগিছে পঢ়ি ।
ReplyDeleteলেখিকাৰ হৈ মোৰ ফালৰ পৰা আপোনালৈ ধন্যবাদ থাকিল। আগলৈও পঢ়ি থাকিব।
Delete