অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰা বিশিষ্ট কথা শিল্পী পণ্ডিত, গৱেষক, প্ৰৱন্ধকাৰ, মানৱতাবাদী লেখক, সু সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটাৰে সন্মানিত ড০ নগেন শইকীয়া ছাৰৰ সাহিত্য কৃতিৰ বিষয়ে থোৰতে কৈ অন্ত পেলাব নোৱাৰি। তেখেত এনে এক বটবৃক্ষ, যাৰ ছায়াত অসমীয়া ভাষা সাহিত্যই ঠন ধৰি উঠি ডালে পাতে জাতিষ্কাৰ হৈছে আৰু যেতিয়ালৈ পৃথিৱীত অসম আৰু অসমীয়া ভাষা বৰ্তি থাকিব তেতিয়ালৈ চিৰযুগমীয়া হৈ ৰ’ব তেখেতৰ এই অনন্য অৱদান।
তেখেতৰ অন্যতম এক সাহিত্য কৃতি ‘মিতভাষ’ৰ বাবে ছাৰৰ নাম অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত স্বৰ্ণ অক্ষৰেৰে জ্যোতিস্মান হৈ ৰ’ব। ‘মিতভাষ’ ভাৰতীয় সাহিত্যলৈ ছাৰৰ এক উল্লেখনীয় অৰিহণা। ‘মিতভাষ’ (১৯৯৫) আৰু ‘স্বপ্ন স্মৃতি বিষাদ’ (১৯৯৭) চনত প্ৰকাশ হৈ ওলোৱাৰ পিছত মিতভাষৰ প্ৰকৃতি আৰু বৈশিষ্ট্য সম্পৰ্কে সুধীসমাজত যথেষ্ট আলোচনা হৈছে তথা ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈ এইসমূহৰ অনুবাদো হৈছে।
বৈষ্ণৱ সাহিত্যৰ অনুৰাগী গৱেষক পণ্ডিত ড০ শইকীয়াদেৱে এই প্ৰসংগত উল্লেখ কৰিছে এনেদৰে—‘‘ব্ৰহ্মাৰ নিৰ্বিকাৰ স্বৰূপৰ জ্ঞানে মানুহৰ মনত সন্ন্যাসী প্ৰৱণতাৰ জন্ম দিব পাৰে কিন্তু জন্ম-মৃত্যুৰ অন্ধকাৰ সীমাত বন্দী পাৰ্থিৱ জীৱনৰ মায়া, অক্ষমতা আৰু শূন্যতাৰ অন্ত পেলাব নোৱাৰে। স্বপ্নাতুৰ মানুহৰ স্বপ্নভংগৰ বেদনাৰ আৰ্তিৰে ভৰি আছে আকাশ। এই দুখ জীৱনৰ সকলো বাদ অপবাদৰ উৰ্ধত। এনে এক পটভূমিত বিভিন্ন সময়ত আহি আমনি কৰা অনুভৱসমূহ ধৰি ৰাখিবলৈ যত্ন কৰি দেখিলোঁ, এই অনুভূতিক প্ৰথাসিদ্ধ কোনোতো ধাৰাতে অন্তৰ্ভুক্ত কৰিব নোৱাৰি। সেয়ে এইসমূহৰ নাম মিতভাষ— ‘চমূ কথা’ৰে মোৰ অনুভৱৰ প্ৰকাশৰ বাট।’’
মিতভাষসমূহৰ নিজা কিছু বৈশিষ্ট্য আছে, যাৰ বাবে এইসমূহ কবিতাও নহয় বা কথা-কবিতাৰ আওতাতো সন্নিবিষ্ট কৰিব পৰা নাযায়। কবিতাৰ কাব্যিক সুষমা, নান্দনিক সৌন্দৰ্য তথা কথা-কবিতাৰ গদ্যসুলভ শৈলীও পৰিলক্ষিত হোৱা হেতু ‘মিতভাষ’ কবিতা আৰু কথাকবিতাৰ মধ্যৱৰ্তী এক শৈলী।
সমালোচক আনন্দ বৰমুদৈ ছাৰৰ কথাৰে—‘‘ড০ নগেন শইকীয়াৰ মিতভাষ কোনবিধৰ সাহিত্য, সিবিলাক কবিতা হয়নে? নে এইসমূহে স্বয়ংসম্পূৰ্ণ এক ধাৰা বা শ্ৰেণীৰ সৃষ্টি কৰিছে... এই গদ্য দেখাত গদ্যৰ সাজ পিন্ধিও গদ্য হ’ব নোৱৰা গদ্য। উৎকৃষ্ট গদ্যৰ দৰে মিতভাষে কোনো যুক্তিনিৰ্ভৰ চিন্তা প্ৰকাশ নকৰে। গদ্যৰ সজ্জাৰে সজ্জিত হৈয়ো এইসমূহে কবিতাৰ দৰে শব্দৰ সাংগীতিক লয়, ব্যঞ্জনা, অনুৰণন, চিত্ৰকল্পৰ প্ৰতীকী ইংগিত, ব্যঞ্জনা আদিৰ সমাহাৰেৰে প্ৰকাশৰ বাট বিচাৰে।’’ মিতভাষসমূহ আত্ম একোক্তি বা স্বগতোক্তি। এইসমূহত কাৰো বা যিজনক উদ্দেশ্যি লিখা হয় সেই প্ৰত্যাশিতজনৰো কোনো উক্তি বা প্ৰতিক্ৰিয়াৰ প্ৰকাশ নহয়।
কিছু ব্যক্তিগত: যোৱা ১১ ফ্ৰেব্ৰুৱাৰী তাৰিখে ড০ নগেন শইকীয়া ছাৰৰ ৭৮তম ওপজাদিনৰ শুভকামনাৰে এটা ‘মিতভাষ’ লিখাৰ প্ৰয়াস কৰিছিলোঁ। যিটো ফেচবুকৰ মোৰ ব্যক্তিগত দেৱালত আৰু দুটামান গোটৰ দেৱাললৈ প্ৰেৰণ কৰিছিলোঁ। পিছত ছাৰৰ সৈতে এইসম্পৰ্কে কিছু কথা পতাৰ প্ৰয়োজনবোধ কৰিছিলো এইবাবেই যে এগৰাকী কবিয়ে মোক তেখেতৰ ব্যক্তিগত অভিমত জনাই কৈছিল যে ‘মিতভাষ’ শইকীয়া ছাৰৰ সৃষ্টি গতিকে ‘মিতভাষ’ বুলি ক’লে আমি কেৱল শইকীয়া ছাৰৰ নামহে মনলৈ আনো। মোৰ নিজৰো কিছু দ্বিধা আছিল, সেয়ে এই প্ৰসংগত ছাৰৰ মন্তব্য জানিব বিচৰাত ছাৰে জনালে, ‘‘নিশ্চয়, মোৰ অনুমতি আছে। সানন্দে সন্মতি জনাইছোঁ।’’ প্ৰসংগক্ৰমে তেখেতে জনালে যে অলপতে যোৰহাটৰ এগৰাকী প্ৰবক্তাই মিতভাষৰ এখন কিতাপ প্ৰকাশ কৰিছে যিখন ছাৰৰ দ্বাৰা উন্মোচন কৰোৱা হৈছিল। কিতাপখনৰ শিৰোনাম ‘মিতভাষৰ অনুস্বাৰ বিসৰ্গ’—ছাৰে কয় যে, পোনপটীয়াকৈ মিতভাষেই ৰাখিব লাগে..অনুস্বাৰ বিসৰ্গ কিয়?
মোৰ সৌভাগ্য যে ছাৰক মই তেখেতৰ জন্মদিন উপলক্ষে লিখা মিতভাষটি পাঠ কৰি শুনোৱাত তেখেতে শলাগিছিল আৰু সোনকালেই দ্বিতীয়টি মিতভাষৰ আশা কৰিছোঁ বুলি মোক উৎসাহিত কৰিছিল। যথেষ্ট সুখী হৈছিলো এই বাৰ্তালাপৰ জৰিয়তে। আশা কৰোঁ মোৰ এই কথাখিনিৰে যিসকলে ‘মিতভাষ’ লিখাৰ ইচ্ছা কৰে তেখেতসকল উপকৃত হ’ব।

0 comments:
Post a Comment