তেলেগু সাহিত্যৰ অন্যতম জনপ্ৰিয় সাহিত্যিকসকলৰ ভিতৰত অন্যতম ড০ ৰাৱুৰি ভৰদ্বাজ আৰু নাই! দূৰন্ত তৰুণ হৈ জীৱনৰ শেষ সময়ছোৱালৈকে সাহিত্যচৰ্চাত ব্ৰতী থকা ভৰদ্বাজে অৱশেষত শাৰীৰিক অসুস্থতাৰ ওচৰত হাৰ মানিলে। হায়দৰাবাদৰ এখন আগশাৰীৰ চিকিত্সালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁ যোৱা ২০১৩ চনৰ ১৮ অক্টোবৰৰ দিনা। ড০ ৰাৱুৰি ভৰদ্বাজ— তেলেগু সাহিত্যৰ প্ৰাতঃস্মৰণীয় নাম এয়া। নিজৰ কৃচ্ছ্ৰ সাধনাৰ বলত কলমৰ অমোঘ শক্তিৰে ‘বলীয়ান’ সাহিত্যিকগৰাকীয়ে সদ্যঘোষিত জ্ঞানপীঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় তেওঁৰ জনপ্ৰিয় উপন্যাস ‘পাকুড়ু ৰাল্লু’ৰ বাবে।
ড০ ৰাৱুৰি ভৰদ্বাজ আজি আমাৰ মাজত নাই। এয়া বাস্তৱ সত্য। ভৰদ্বাজৰ মৃত্যুৱে আমাকো ব্যক্তিগতভাৱে ব্যথিত কৰিছে। কিয়নো সৌ সিদিনা, তেওঁ জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ ঠিক কেইদিনমান পিছতেই তামিলনাডুৰ সাংবাদিক বন্ধু পি.ভি. ৰঘুকৃষ্ণণৰ সহযোগত আমি সাক্ষাত্ গ্ৰহণ কৰিছিলোঁ তেলেগু সাহিত্যিকগৰাকীৰ। ‘আমি’ মানে মই আৰু তৰুণ লেখক-বন্ধু অনুৰণন আদিত্যই। সেই স্মৃতিয়ে আজি বৰকৈ আমনি কৰিছে। উল্লেখ্য যে ড০ ৰাৱুৰি ভৰদ্বাজৰ জীৱনকালৰ শেষ সাক্ষ্যাত্কাৰটো লৈছিলোঁ আমি, যিটো নেকি বিশ্ববিখ্যাত সাহিত্যিকগৰাকীয়ে অসমীয়া সংবাদ মাধ্যমৰ বাবে দিয়া প্ৰথম তথা একমাত্ৰ সাক্ষাত্কাৰ আছিল।
যাৰ সাহিত্যত নিৰন্ন-নিৰ্বস্ত্ৰৰ স্থান শীৰ্ষত, যাৰ সাহিত্যই সমাজৰ ধনীক শ্ৰেণীৰ বিলাস-বৰ্ণনাৰ পৰিৱৰ্তে মাথোঁ দৰিদ্ৰ-নিম্নবিত্ত-মধ্যবিত্তৰ মুক্তিৰ সপোন দেখে, সাধাৰণ লোকে আঁকোৱালি ল’বৰ বাবেই যাৰ সাহিত্যই দেশৰ অলিয়ে-গলিয়ে বিচাৰি ফুৰে সাধাৰণ লোকৰ দুখ-দুৰ্দশা অথবা আৱেগ-অনুভূতি, সাধাৰণ লোকে ৰসগ্ৰহণ কৰিব পৰাকৈ যাৰ সাহিত্যত অনুপস্থিত ভাষাৰ নিৰৰ্থক বিলাসিতা আৰু জটিল শব্দ অথবা বাক্য, তেওঁ ড০ ৰাৱুৰি ভৰদ্বাজ। ৰাৱুৰি ভৰদ্বাজৰ সাহিত্য সম্পূৰ্ণৰূপে সমাজৰ সাধাৰণ শ্ৰেণীটোৰ বাবেই উত্সৰ্গিত। তেওঁ নিজেও এজন দাৰিদ্ৰ্যপীড়িত জনতাৰ প্ৰতিনিধি। নিজৰ জীৱনৰেই শৈশৱ-কৈশোৰৰ সীমাহীন দাৰিদ্ৰ্যৰ বাবে তেওঁ চিনি পায় ভোগ আৰু ভোকৰ পাৰ্থক্য, তেওঁ বুজি পায় ভোকাতুৰ জনতাৰ আৱেগ-অনুভূতি, দুখ-কষ্ট। সীমাহীন দাৰিদ্ৰ্যৰ বাবে ৰাৱুৰি ভৰদ্বাজে অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই প্ৰবল অনিচ্ছাৰে বিদায় দিবলগীয়া হৈছিল বিদ্যালয়খনকো। তেওঁ এই সমাজখনক হাড়ে-হিমজুৱে জানে। তেওঁৰ সকলো ৰচনাই সেইবোৰ কথাকেই প্ৰতিফলিত কৰে। তেওঁলোকৰ বাবেই ভৰদ্বাজে নিৰন্তৰে সাহিত্য ৰচনা কৰি যায়। আৰু সম্প্ৰতি তেওঁৰ সাহিত্যই ভাৰতৰ শ্ৰেষ্ঠতম সাহিত্যৰ মাজত অন্যতম বুলি বিবেচিত হৈছে। ২০১২ চনৰ জ্ঞানপীঠ বঁটাপ্ৰাপকৰূপে ঘোষণা কৰা হয় এইজনা সাহিত্যিকক। উপন্যাসিক, গল্পকাৰ, কবি তথা সমালোচকজনক জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে তেলেগু সাহিত্যলৈ আগবঢ়োৱা অনস্বীকাৰ্য অৱদানৰ বাবে।
তেলেগু সাহিত্যত এতিয়ালৈ তিনিজন সাহিত্যিকেহে ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা ‘জ্ঞানপীঠ’ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰেই তৃতীয়জন বঁটাপ্ৰাপক হ’ল ড০ ৰাৱুৰি ভৰদ্বাজ। কিন্তু অনাহাৰে-অৰ্ধাহাৰে জীৱন পাৰ কৰা হাজাৰ হাজাৰ লোকৰ জীৱনৰ বিষয়ে লিখি তেওঁ নিজৰ সাহিত্যক জনকণ্ঠলৈ ৰূপান্তৰিত কৰাৰ বাবেই এই খবৰটোৱে জনতাক অধিক আহ্লাদিত কৰিছিল। তেওঁৰ উপন্যাস ‘পাকুড়ু ৰাল্লু’ৱে চলচ্চিত্ৰ উদ্যোগৰ ভিতৰৰ কিছুমান কাহিনীৰ মৰ্মস্পৰ্শী বৰ্ণনাৰে এক নতুন ধাৰাৰ সৃষ্টি নকৰা নহয়। কিয়নো তেওঁৰ কাহিনীৰ বিষয়বস্তু সাধাৰণ জনতা। তেওঁৰ পাঠক সাধাৰণ জনতা। তেওঁৰ জ্ঞানপীঠ বিজয়তো স্বাভাৱিকভাৱেই আহ্লাদিত হৈছিল সাধাৰণ জনতা। মৃত্যুত ব্যথিত হৈছিল সৰ্বসাধাৰণ।
দাৰিদ্ৰ্যপীড়িত পৰিয়ালৰ সন্তান হিচাপে প্ৰতিটো মুহূৰ্ততে তেওঁ জীয়াই থকাৰ যুঁজ চলাই যাবলগীয়া হৈছিল। এটা সময়ত তেওঁ নিজৰ গাঁও ম’গুলুৰুৰপৰা ওলাই আহিছিল পাৰিতালা জাগিৰলৈ। ইয়াতেই এটা সময়ত কৰ্মৰ সন্ধান কৰিছিল তেওঁ। ফেক্টৰিৰ বনুৱা হিচাপে, অনাথালয়ৰ কৰ্মী হিচাপে অথবা ছপাশালৰ কৰ্মচাৰী হিচাপেও তেওঁ কাম কৰিছিল। এইবোৰ কামেই তেওঁক উপলব্ধি কৰোৱাইছিল, জীয়াই থকাৰ কি দূৰন্ত হেঁপাহ পুহি ৰাখে সাধাৰণ মানুহে। এইবোৰ কামত নিয়োজিত হৈ থকাৰ সময়তে ৰাৱুৰি ভৰদ্বাজ কেইবাজনো বিশিষ্ট সাহিত্যিকৰ সংস্পৰ্শলৈ আহে। তেওঁলোকৰ ভিতৰত ত্ৰিপুৰানেনি গোপীচান্দ, চালম, আলুৰি ভূজংগ ৰাও আদি বহুতো খ্যাতনামা সাহিত্যিকৰ কথা উল্লেখ কৰিব পাৰি।
কামৰ মাজতে সাহিত্য-সাধনাত ব্ৰতী আছিল এইগৰাকী সাহিত্যিক। প্ৰথিতযশা সাহিত্যিক চালমে ৰাৱুৰি ভৰদ্বাজক অনুপ্ৰাণিত কৰিছিল নতুন বিষয়ক, নতুন আংগিকেৰে উপস্থাপন কৰিবলৈ। এইখিনি সময়তে (১৯৪৬ চনত) তেওঁ খোজ পেলায় সংবাদিকতাৰ জগতখনত। ‘জামিন ৰায়তু’ৰ সম্পাদকমণ্ডলীত যোগদানেৰে সাংবাদিকতাৰ জগতত অভিষেক ঘটালে ভৰদ্বাজে। পৰৱৰ্তী সময়ত জ্যোতি, ৰেনানি, চিত্ৰছীমা সমীক্ষা, য়ুৱা আদি আলোচনীৰ সৈতেও জড়িত হৈ পৰে ৰাৱুৰি ভৰদ্বাজ। ১৯৫৯ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। ত্ৰিপুৰানেনি গোপীচান্দৰ তত্ত্বাৱধানত কাম আৰম্ভ কৰি পৰৱৰ্তী সময়ত কেইবাখনো ৰেডিঅ’ৰ নাটক ৰচনা আৰু পৰিচালনা কৰে। ১৯৮৭ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰা অৱসৰ গ্ৰহণ কৰে।
কেৱল অষ্টম শ্ৰেণীলৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা ৰাৱুৰি ভৰদ্বাজক তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অন্ধ্ৰ, নাগাৰ্জুন আৰু জৱাহৰলাল নেহৰু টেকন’লজিকেল ইউনিভাৰ্চিটিয়ে সন্মানজনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। তেওঁ ৰচনা কৰা গ্ৰন্থ, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত। ইয়াৰ উপৰি তেওঁৰ সাহিত্য সম্পৰ্কে গৱেষণা কৰি বহুতেই লাভ কৰিছে পি এইচ ডি ডিগ্ৰী। ১৯৬৮ আৰু ১৯৮৩ চনত তেওঁ দুবাৰকৈ লাভ কৰিছে ৰাজ্যিক সাহিত্য একাডেমী বঁটা। আনহাতে ১৯৮৩ চনত কেন্দ্ৰীয় সাহিত্য একাডেমী বঁটাও তেওঁ লাভ কৰিছে। ১৯৬৮ চনত আৰম্ভ কৰা গোপীচান্দ সাহিত্য বঁটাৰো প্ৰথম প্ৰাপক আছিল ড০ ৰাৱুৰি ভৰদ্বাজ। ১৯৮৭ চনত তেওঁ লাভ কৰে সন্মানীয় ৰজালক্ষ্মী বঁটা। ২০০৯ চনত তেওঁক নিৰ্বাচন কৰা হয় ফাউণ্ডেচনৰ সাহিত্য বঁটাৰ বাবে। আৰু অৱশেষত ২০১২ চনত তেওঁ লাভ কৰিলে জ্ঞানপীঠ বঁটা।
ড০ ৰাৱুৰি ভৰদ্বাজৰ গ্ৰন্থৰ তালিকাখনো যথেষ্ট দীঘলীয়া। ৮৬ বছৰ বয়সীয়া এইগৰাকী লেখকে লিখি উলিয়াইছে বহু গল্প, উপন্যাস, শিশু উপন্যাসিকা, নাটক আদি। তেওঁৰ প্ৰকাশিত গল্প সংকলনৰ সংখ্যা ৩৭খন। ১৭খন উপন্যাস, ৬ খন শিশু উপন্যাসিকা আৰু ৮খন নাটকো আছে তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ তালিকাত। আটাইবোৰ গ্ৰন্থৰে বৈশিষ্ট্য হ’ল— সৰল আৰু প্ৰাঞ্জল ভাষা, প্লট আৰু চৰিত্ৰ নিৰ্বাচন তথা মনস্তাত্ত্বিক বিশ্লেষণ।
‘‘যেতিয়া এটা ল’ৰাই এগৰাকী ছোৱালীৰ প্ৰেমত পৰে, তেতিয়া তেওঁ সপোন দেখে। কিন্তু বঁটাৰ প্ৰতি মোৰ কোনো প্ৰেম নাই, কোনো স্বপ্ন নাই।’’— আজিও আমাৰ মনত বাজে এই কথাষাৰ। জ্ঞানপীঠ বঁটা বিজয়ৰ পিছৰ অনুভূতি জানিব বিচৰাত ড০ ৰাৱুৰি ভৰদ্বাজে এনেদৰে কৈছিল আমাক। একেদৰে, আমাৰ বুকুত যেন আজিও এটা গান হৈ বাজি আছে তেওঁৰ সেই বক্তব্য, যিটো লেখা-মেলাৰ অনুপ্ৰেৰণাৰ উত্স কোন জানিব বিচৰাত তেলেগু সাহিত্যিক গৰাকীয়ে উত্তৰত জনাইছিল। তেওঁ কি কৈছিল জানেনে? ভৰদ্বাজে কৈছিল— ‘‘ভোক আৰু দাৰিদ্ৰ্য সম্পৰ্কে মোৰ অনুভূতি। মই সাধাৰণতে সাধাৰণ জনতাৰ অতি ওচৰত অৱস্থান গ্ৰহণ কৰোঁ আৰু তেওঁলোকৰ দুখ-দুৰ্দশাবোৰ অতি গভীৰভাৱে বুজিবলৈ চেষ্টা কৰোঁ। এইবোৰেই মোক লেখা-মেলাৰ প্ৰতি আগবঢ়াই নিয়ে।’’
এজন সাংবাদিক হিচাপে তেওঁ চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ সাক্ষাত্কাৰ গ্ৰহণ কৰিছিল। চলচ্চিত্ৰ উদ্যোগৰ চিনাকি নায়ক-নায়িকাসকলৰ লগতে উদ্যোগটোৰ সৈতে জড়িত অন্যান্য লোকসকলৰো সাক্ষাত্ গ্ৰহণ কৰিছিল ভৰদ্বাজে। সেই সময়ত তেওঁ তেওঁলোকৰ আচৰণ প্ৰত্যক্ষ কৰি চলচ্চিত্ৰ উদ্যোগৰ ৰঙীন পৰ্দাখনৰ আঁৰত লুকাই থকা অন্য এখন পৃথিৱীৰ বহু ৰোমাঞ্চকৰ কাহিনী নিজৰ নখদৰ্পণলৈ আনি ৰচনা কৰিছিল সেই বিশ্ববিখ্যাত উপন্যাস— ‘পাকুড়ু ৰাল্লু’। ক’ব পাৰি, ‘পাকুড়ু ৰাল্লু’ চেলুলয়ডৰ নেপথ্যৰ চৰিত্ৰৰ অমল সমাহাৰ। ভৰদ্বাজৰ প্ৰিয় লেখকসকলৰ ভিতৰত আছে পিংগলী সুৰানা, চালম, গোপীচান্দ, পাটাবী, প্ৰেমচান্দ, কোড়াৱতীগান্তী আদি।
পুনৰ দোহাৰিছো, মাথোঁ অষ্টম শ্ৰেণীলৈকে পঢ়িছিল ড০ ৰাৱুৰি ভৰদ্বাজে। জীৱনৰ খলা-বমা, গোলাপ বিচৰাৰ নামত কাঁইটৰ আঁচোৰ খোৱা আদিতো অভ্যস্ত তেলেগু সাহিত্যিক গৰাকী। কথা প্ৰসংগত তাৰেই উমান দি আমাক ড০ ৰাৱুৰি ভৰদ্বাজে জনাইছিল— ‘‘মই অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিলোঁ। তাৰ পিছত মই বিদ্যালয় এৰিবলগীয়া হৈছিল। এই লৈ শ্লেষ-বিদ্ৰূপৰো সীমা-সংখ্যা নাছিল। কিছুমানে মোক কৈছিল যে এটা সময়ত মই কামত নহা মানুহত পৰিণত হ’ম। তেওঁলোকৰ মতে আনকি ভিক্ষাৰীও হ’ব পাৰোঁ। কিন্তু হাস্যস্পদ কথা এইটোৱেই যে যিসকলে মোৰ বিৰুদ্ধে শ্লেষপূৰ্ণ মন্তব্য আগবঢ়াইছিল আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে, তেওঁলোকেই পৰৱৰ্তী সময়ত মোৰ ৰচনাক লৈ সময়ত পঢ়া-শুনা তথা গৱেষণা কৰিছে।’’
লেখক এজনৰ কি গুণ থকাৰ প্ৰয়োজন? কেনে লেখকে নিজৰ লেখাৰে পাঠকৰ মন জয় কৰিব পাৰে? কি লেখা ৰৈ যাব পাৰে পাঠকৰ হৃদয়ৰ কোঁহে কোঁহে? ভৰদ্বাজৰ মতে, এজন লেখকৰ সামাজিক সচেতনতা অৱশ্যেই থাকিব লাগিব। লগতে লেখক জনতাৰ সৈতে মিলিব পাৰিব লাগিব। লেখকে পাঠকৰ মন জয় কৰিবলৈ হ’লে নিজৰ লেখাৰে পাঠকক মাত্ৰ সঁচাটোহে ক’ব লাগিব। আমি ড০ ৰাৱুৰি ভৰদ্বাজক সুধিছিলোঁ— পঢ়ুৱৈয়ে কেনে লেখা পচন্দ কৰে? উত্তৰত তেওঁ স্পষ্টভাৱে জনাইছিল— ‘কঠিন লেখাৰ কিবা প্ৰভাৱ আছে জানো? সেইবোৰ কোনে বুজিব? যদি তেওঁলোকে বুজিয়েই নাপায়, তেন্তে ইয়াৰ সৈতে নিজকে জড়িত বুলি কিয় অনুভৱ কৰিব? ’৬০ আৰু ’৭০ ৰ দশকত মই যেতিয়া বহুত লেখা-মেলা কৰিছিলোঁ, তেতিয়া কোনো গ্ৰাহকেই নাছিল। মুষ্টিমেয় লোকেহে কিতাপ-আলোচনী পঢ়িছিল। যদি তেওঁলোকে বুজিয়েই নাপায়, তেন্তে লিখাৰ কোনো অৰ্থই নাই। বৰ্তমান প্ৰকাশন আৰু বিক্ৰী সহজ হৈ পৰিছে। মই এতিয়াও ভাবোঁ সৰল বৰ্ণনা অধিক প্ৰভাৱপূৰ্ণ। যদি আপুনি সাধাৰণ মানুহৰ ভাষাত এটা কাহিনী বৰ্ণনা কৰে, তেন্তে এই কাহিনী তেওঁলোকৰ ওচৰ পাব আৰু তেওঁলোককো অফুৰন্ত চিন্তাৰ খোৰাক যোগাব। বোধকৰোঁ মই উচ্চ শিক্ষিত নোহোৱা বাবেই কঠিন ভাষা পৰিহাৰ কৰি চলোঁ, উচ্চ সাহিত্য মোৰ আয়ত্তৰ বাহিৰত।’’
অসমীয়া সাহিত্যৰ বিষয়েও যথেষ্ট জ্ঞান আছিল তেওঁৰ। যদিওবা জ্ঞানপীঠ বঁটা বিজয়ী বিশ্ববিশ্ৰুত সাহিত্যিকগৰাকীয়ে তেওঁৰ জীৱনত মাথোঁ কেইখনমানহে অসমীয়া গ্ৰন্থ অধ্যয়ন কৰিছিল, তথাপি আমাৰ সৈতে হোৱা আছুতীয়া আলাপৰ পৰত তেওঁ সঘনাই উচ্চাৰণ কৰিছিল ভবেন্দ্ৰ নাথ শইকীয়া, ড০ লক্ষ্মীনন্দন বৰা, অনুৰাধা শৰ্মা পূজাৰী, সৌৰভ কুমাৰ চলিহা, মামণি ৰয়ছম গোস্বামী আদিৰ নাম।
ড০ ৰাৱুৰি ভৰদ্বাজ আজি আমাৰ মাজত নাই। কিন্তু অনন্য সৃষ্টিৰে তেওঁ যিদৰে অজস্ৰ পঢ়ুৱৈৰ মাজত অমৰ হৈ থাকিব, একেদৰে ব্যক্তিগতভাৱে আমাৰ মানসপটতো সদায়েই অবিস্মৰণীয় স্মৃতি হৈ ৰ’ব ‘পাকুড়ু ৰাল্লু’ৰ স্ৰষ্টাগৰাকী।
(অনুৰণন আদিত্যৰ সহযোগত। পি. ভি. ৰঘুকৃষ্ণণ আৰু সৌৰভ কুমাৰ দত্তলৈ কৃতজ্ঞতা— নীলিম আকাশ কাশ্যপ)

0 comments:
Post a Comment