বিৰুবালা ৰাভা এগৰাকী সাধাৰণ মহিলা! অসমত ডাইনী বুলি সন্দেহ কৰি নিৰপৰাধী
লোকক হত্যা কৰা, মহিলাৰ ওপৰত হোৱা নির্যাতনৰ প্রতিবাদ, অন্ধবিশ্বাস আদিৰ
প্রতিবাদ কৰি এইগৰাকী মহিলাই সূদীর্ঘদিন ধৰি প্রচেষ্টা চলাই আহিছে।
গোৱালপাৰা জিলাৰ সীমান্তবর্তী অঞ্চলৰ ঠাকুৰবিলা গাঁৱত এইগৰাকী মহিয়সীৰ
জন্ম। মাথোঁ প্রাথমিক শিক্ষাৰে শিক্ষিত বিৰুবালাই অতি সাহসেৰে সামাজিক
অন্যায়, কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজি সমাজত শান্তি স্থাপনৰ হেতু অবিৰাম
চেষ্টা কৰি আহিছে। আমি বহুতেই নাজানো ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে
এইগৰাকী মহিলাই মনোনয়ন লাভ কৰিছিল। অৱশ্যে শ্রেষ্ঠৰূপে বিবেচিত নহ’লেও
বিশ্বৰ এহেজাৰ গৰাকী ব্যক্তিৰ তালিকাত অশান্তিজর্জৰ অসমৰ বিৰুবালা ৰাভাৰ
নামটো অন্তর্ভুক্ত হোৱাটোও কম গুৰুত্বপূর্ণ কথা নহয়।

0 comments:
Post a Comment