আপুনি আপোনাৰ সন্তানটি ভৱিষ্যতে কেনে হোৱাটো বিচাৰে? বিদ্যালয়ৰ পাঠ্যপুথিৰ জ্ঞানত এশ শতাংশ পার্গতালি দেখুৱাই বার্ষিক পৰীক্ষাবিলাকত এশৰ ভিতৰত এশ, এশৰ ভিতৰত এশ পাঁচ (ভাল হাতৰ আখৰ আৰু চাফ-চিকুণতাৰ বাবে পাঁচ নম্বৰ) পোৱাটো নে এদিন ডাক্তৰ বা ইঞ্জিনীয়াৰ হৈ মাক-দেউতাকৰ বুকুখন এক ইঞ্চিমান ফুলাই দিয়াটো নে ওপৰৰ দুয়োটাই? বাঞ্ছা কৰাটো বেয়া নহয়; কিন্তু ইয়াৰ লগত সন্তানটোৰ নিজা শক্তি-সামর্থ্যৰ কথা জড়িত হৈ আছে, নিজা ৰুচি-অভিৰুচিৰ কথাও জড়িত হৈ আছে। বাকীবিলাক বাঞ্ছা কৰক বা নকৰক, দুটামান বস্তু বাঞ্ছা কৰাটো প্ৰয়োজনীয়। অন্যথা এইকেইটাৰ বিষয়ে আপুনি শিক্ষা নিদিয়াৰ বাবে এটা দিনত ই আপোনাকেই দহিব প্ৰথমে! এইটো কথা ধ্ৰুৱ সত্য যে অকল ডাক্তৰ, ইঞ্জিনীয়াৰ বা বিয়াগোম বিষয়াবোৰেই মানুহ নহয়; কিন্তু আজি সমাজৰ গৰিষ্ঠসংখ্যক অভিভাৱকেই নিজ সন্তানক এইকেইটাৰ পিছত দৌৰাব লাগিছে। নিজ হাতে জাৰৰপৰা পানী এগিলাচ লৈ খোৱাৰ শিক্ষা নিদিয়া তথা নোখোৱা সন্তানক ৰোগীৰ প্ৰাণ বচোৱাৰ দায়িত্ব ল’বলৈ আগবঢ়াই দিছে। পাৰে যদি সন্তানক কিছু আত্মনির্ভৰশীলতাৰ শিক্ষা দিব লাগে। অলপ দৰদী, অলপ সহানুভূতিশীল, দায়িত্বশীল, অলপ সমাজমুখী হ’বলৈ শিকাব লাগে। এশৰ ভিতৰত এশ পোৱাটোৱেই ডাঙৰ কথা নহয় যদিহে চৰিত্ৰত উজ্জ্বলতৰ দিশ এটা নাথাকে। নিজৰ কথা সকলোৱে ভাবে, অলপ আনৰ কথাও ভাবিবলৈ শিকালে ভাল। ব্যক্তিকেন্দ্ৰিক লোক এজনক সমাজে সময়ত পাহৰি যায়, কিন্তু নিঃস্ব হ’লেও সমাজকেন্দ্ৰিক লোক এজনক সবেই মনত ৰাখে। সমাজৰ বাবে কৰি যোৱা তেওঁৰ অৱদানবোৰক মৃত্যুৰ পিছতো সমাজে শ্ৰদ্ধাৰে সোঁৱৰে। অলপ মৰম, অলপ চেনেহ, অলপ সহানুভূতি প্ৰাণত নাথাকিলে মানুহ কেনেকৈ সমাজমুখী হ’ব পাৰে? সেয়ে ভৰাই দিয়ক শিশুটিৰ জোলোঙাটোত সহানুভূতিৰে জলমল এখন হিয়া, যি আনৰ দুখত দুখী, আনৰ সুখী। দুখবোধ, যন্ত্ৰনাবোধ, পৰিতাপ-অনুতাপৰ শিক্ষা দিবলৈয়ো নাপাহৰিব।
এই সমগ্ৰ গুণবিলাকক অতি কাষ চপাই আনে এটা মাত্ৰ কৌশল প্ৰয়োগে আৰু সেয়াই হ’ল—সাধু কথা কোৱা। সাধু শুনিলে ল’ৰা-ছোৱালীৰ মনবোৰ কোমল হয়। আপুনি যিটো ঠাঁচত সন্তানটিক গঢ় দিবলৈ বিচাৰিছে, সাধুৰ জৰিয়তে তাক সেইটো ঠাঁচত গঢ় দিবলৈ উজু হয়। সাধু দুই প্ৰকাৰৰ। এবিধৰ লক্ষ্য মুলতঃ নীতিশিক্ষা দিয়া। উদাহৰণস্বৰূপে পঞ্চতন্ত্ৰৰ সাধুবোৰ, হিতোপদেশ আৰু লা ফাণ্টেনৰ সাধুবোৰ। দ্বিতীয়বিধৰ উদ্দেশ্য মানুহৰ কল্পনাশক্তিক চেঁকুৰিবলৈ এৰি দি সকলো শ্ৰেণীৰ লোকৰ মনত আনন্দ তথা ৰসবোধ জন্মোৱা যদিও ঘাইকৈ শিশু, কিশোৰ-কিশোৰীৰ মনত। পাঁচ-ছয়বছৰ বয়সত শিশুৱে দুই-চাৰিটা মিছা কথা ক’বলৈ আৰম্ভ কৰে যদিওবা সকলো শিশুৱে নকয়। এই মিছা কথা কোৱাৰ গজালিটোক যদি কলিতেই উভালি নেপেলায়, পুলি হোৱালৈ বাট চাই থকা যায়, তেন্তে সময়ত কথা বিষম হ’ব। এটি শিশুৰ মিছা কথা কোৱাৰ বীজটো এই সাধুৰ জৰিয়তেই উভালি পেলাব পৰা যায়। আশ্ৰয় ল’ব পাৰে ‘এটা গৰখীয়া আৰু বাঘ’ৰ সাধুটোৰ। ককা, আইতা তথা সমাজৰ বয়োজ্যেষ্ঠ লোকৰ প্ৰতি আজিৰ অধিকাংশ ল’ৰা-ছোৱালীৰ বিৰাগভাৱ। ককা, আইতা তথা আন আন বয়োজ্যেষ্ঠ লোকৰ প্ৰতি সদয় হ’বলৈ, সহানুভূতিশীল হ’বলৈ ককা-আইতা থকা সাধুবোৰ শুনাব লাগে। ৰজা নাইকিয়া আমাৰ দেশখনত ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰীৰ বিষয়ে সম্যক জ্ঞান দিবলৈ ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰীৰ সাধুবোৰ শুনাব লাগে। মনোগ্ৰাহীকৈ শুনাব পাৰিলে সিহঁতে সাধুৰ মাজৰ ৰাজকুমাৰ বা ৰাজকুমাৰীজনীৰ মাজত নিজকে বিচাৰি পাব। অসৎ সংগতকৈ নিঃসংগতাই ভাল— এই শিক্ষা দিবলৈ তথা দুষ্ট বন্ধুৰপৰা হ’ব পৰা লটি-ঘটিৰ বিষয়েও সাধুৰ জৰিয়তে আভাস দিব পাৰি। বুদ্ধিত তীখৰ, উপস্থিত বুদ্ধিসম্পন্ন সাধুবোৰ শুনাব পাৰিলে সন্তানৰ ভাবধাৰা বিকাশত সহায়ক হয়। এনেদৰে শিশুক ভিন ভিন অভিপ্ৰায় আগত ৰাখি সাধুবোৰ শুনাব পাৰি। কোনোটো সাধুৱেই অনর্থক কথাৰ চেলবেলনি নহয়। কোনো সাধুৱে দি যায় জীৱনৰ বাবে নীতি শিক্ষা আৰু আন কোনোবাটোৱে দি যায় ৰসাল আনন্দ। মনৰ পাখি উৰি যায় কল্পনাৰ ৰাজ্যলৈ আৰু এনেকৈ এদিন যেতিয়া সন্তানটিয়ে শুবৰ পৰত সদায় সাধু শুনিবৰ বাবে আবদাৰ কৰিব, আপুনি গম পাই যাব আপোনাৰ সাধু কোৱাৰ শ্ৰম আৰু লক্ষ্য দুয়োটাই সার্থক হৈছে।
সৰু সৰু ল’ৰা-ছোৱালী থকা ঘৰ এখনত ‘বুঢ়ী আইৰ সাধু’ কিতাপখন থকাটো যুগুত। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ কিতাপখন ইয়াৰ শতবর্ষত সময়োপযোগী ৰূপত সমুদ্ৰ গুপ্ত কাশ্যপে বৰ সুন্দৰকৈ সম্পাদনা কৰি উলিয়াইছে। ইয়াৰ উপৰি সামর্থ্যৰ ভিতৰত পাৰিলে আন আন দুই-চাৰিখন সাধুৰ কিতাপ ৰখাটো ভাল। আজৰি পৰত শিশুটিক সাধু কোৱাটো এটা ভাল অভ্যাস। বজাৰত ওলোৱা ৰংচঙীয়া কিতাপবোৰে শিশুহঁতক বৰকৈ আকর্ষণ কৰে। আকর্ষণ প্ৰথম কথা, তাৰপিছত শিশুটিয়ে নিজেই সেইখন পঢ়াৰ প্ৰতি ইচ্ছুক হৈ পৰিব।

0 comments:
Post a Comment