আমাৰ প্ৰাচীন সাহিত্যত কবিক প্ৰজাপতি ব্ৰহ্মাৰ সৈতে তুলনা কৰা হৈছিল। অৰ্থাৎ কবি সাধাৰণ মানুহ নহয়। আলৌকিক তেওঁলোকৰ সৃষ্টি। ৰোমান্তিক যুগতো কবিক কোৱা হৈছিল দ্ৰষ্টা-শিক্ষক। কবিতা আছিল কবিৰ বাণী।
সময় সলনি হোৱাৰ সৈতে কবি সম্পৰ্কে অভীধাও সলনি হৈছে। কবিও আন দহজনৰ দৰে দোষে-গুণে মানুহ। আৱেগ অনুভূতি একমাত্ৰ কবিৰেই আছে এইকথা ন-দি ক'ব পাৰি?
কবিৰ আটাইতকৈ ডাঙৰ গুণ হৈছে নিজৰ সৃজনশীল, মননশীল বিচিত্ৰ ভাৱনাৰ বাহন স্বৰূপে শব্দ ব্যৱহাৰ কৰাৰ ক্ষমতা। এই প্ৰখৰ শব্দবোধেই কবিক আন মানুহৰ পৰা পৃথক কৰিছে।

0 comments:
Post a Comment