ডেভিদৰ ৰাজপ্রাসাদ 2:48:00 AM বোধিদ্রুম No comments ডেভিদৰ ৰাজপ্রাসাদ বাইবেলৰ সেই ডেভিদ আৰু গোলিয়াথৰ সাধুটো মনত আছেনে! পিছে বাস্তৱত সেই ডেভিদ অথবা গোলিয়াথ আছিল জানো? প্ৰত্নতাত্ত্বিকৰ শেহতীয়া আৱিষ্কাৰে অৱশেষত ডেভিদৰ অস্তিত্ব প্ৰতিপন্ন কৰিলে। জেৰুজালেমৰ সমীপত নতুনকৈ কৰা খননত প্ৰত্নতাত্ত্ববিদৰ এটা দলে ৰজা ডেভিদৰ দুৰ্গ মহানগৰীখন আৱিষ্কাৰ কৰাৰ লগতে তেওঁৰ ৰাজপ্ৰাসাদটোও উদঘাটন কৰিছে। ৰাজপ্ৰাসাদটোৰ লগতে শস্য ৰাখিব পৰা ভঁৰাল ঘৰ এটাও তেওঁলোকে প্ৰত্যক্ষ কৰিছে। উল্লেখযোগ্য যে খ্ৰীষ্টপূৰ্ব ৯৮০ চনত ফিলিষ্টাইনৰ সৈতে হোৱা যুদ্ধত দুই বীৰযোদ্ধা ডেভিদ আৰু গোলিয়াথ মুখামুখি হোৱা বুলি বাইবেলত বৰ্ণনা কৰা হৈছে। এতিয়া ইয়াত পোৱা জৈৱিক সামগ্ৰীৰ কাৰ্বন-ফৰ্টিন ডেটিঙেৰে ডেভিদৰ যুগৰ সঠিক তথ্য নিৰ্দ্ধাৰণ কৰিব পৰা যাব। মন কৰিবলগীয়া যে প্ৰাসাদৰ কাষৰ শস্যৰ ভঁৰালটোত জলফাইৰ জৈৱিক অস্তিত্ব পোৱা গৈছে। এই দুৰ্গ মহানগৰীত থকা দুখন গে’টে বাইবেলত উল্লেখ থকা ‘শ্বাৰয়িম’ অৰ্থাৎ দুখন গে’টৰ কথাকে প্ৰতীয়মান কৰে। Share This: Facebook Twitter Google+
0 comments:
Post a Comment