![]() |
Google Logo |
গুগল (Google) হৈছে এটা আমেৰিকান মাল্টিনেচনেল টেকন’লজী কোম্পানী। এই কোম্পানীয়ে ইণ্টাৰনেট সম্পৰ্কীয় সেৱা আৰু প্ৰয়োগৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি আহিছে। ইয়াত অন্তৰ্ভুক্ত হৈছে অনলাইন বিজ্ঞাপন সেৱা, যিকোনো বস্তুৰ তথ্য অতি সহজে আৰু ক্ষীপ্ৰতাৰে বিচাৰি উলিয়াব পৰা ক্ষমতা, বিভিন্ন ধৰণৰ ছফ্টৱেৰ ইত্যাদি।
লেৰী পে’জ আৰু চাৰ্জি ব্ৰীনক গুগলৰ স্ৰষ্টা বুলি ক’ব পৰা যায়। সেই সময়ত দুয়ো ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পি.এইচ.ডি.ৰ শিক্ষাৰ্থী আছিল। ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত গুগল এক ব্যক্তিগত কোম্পানীত পৰিণত হয় আৰু ২০০৪ চনৰ ১৯ আগষ্টৰ পৰা ইয়াক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়া হয়। গুগলৰ শ্ল’গান হ’ল— ‘ডণ্ট্ বি এভিল্’ (Don't be evil)। গুগলৰ মুখ্য কাৰ্যালয় ‘গুগলপ্লেক্স’ (Googleplex) কেলিফৰ্ণিয়াৰ মাউণ্টেইন ভিউত অৱস্থিত।
গুগলে ইয়াৰ কিছুমান সহযোগী প্ৰকল্পৰ সৈতে এই সময়ত ব্যাপক প্ৰসাৰ লাভ কৰিছে। গুগলে কেতবোৰ অন্লাইন ছফট্ৱেৰ, ই-মেইলৰ বাবে ‘জিমেইল’ (Gmail), ক্লাউড ষ্ট’ৰেজ সেৱা ‘গুগল ড্ৰাইভ’ (Google Drive), অফিচ চ্যুট ‘গুগল ডক্ছ’ (Google Docs) আৰু ছ’চিয়েল নেটৱৰ্কিং সেৱা ‘গুগল প্লাছ’ (Google+) আদিৰ যোগান ধৰিছে। তদুপৰি ৱেব ব্ৰাউজিং, ফটো এডিটিঙৰ বাবে গুগলে কিছুমান ডেস্কটপ প্ৰডাক্টো আমাক যোগান ধৰিছে। গুগল কোম্পানীয়ে ম’বাইলৰ এণ্ড্ৰইড অপাৰেটিং চিষ্টেমৰো (Android OS System) উন্নতি সাধন কৰিছে। তদুপৰি ই ক্ৰমবুক (Chrome Book) নামৰ নেটবুকৰ বাবেও Chrome OS নামেৰে ব্ৰাউজাৰৰ উন্নতি সাধন কৰিছে। তদুপৰি গুগলে লাহে লাহে হাৰ্ডৱেৰৰ জগততো ভুমুকি মাৰিছেহি। ২০১২ বৰ্ষৰ পৰা গুগলে নেক্সাছ ডিভাইচ (Nexus Device), মট’ৰোলা ম’বাইল (Motorola Mobile)ৰ লগতে ব্ৰ’ডবেণ্ড সেৱাৰ উৎপাদনৰ ব্যৱস্থা আৰম্ভ কৰা দেখা গৈছে।
অৱশ্যে গুগলৰ এইসমূহ নতুন সেৱাই সিমান প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ২০০৭ বৰ্ষৰ সমীক্ষা অনুযায়ী বিশ্বৰ ডেটা চেণ্টাৰসমূহত ১ মিলিয়নতকৈও অধি ছাৰ্ভাৰত গুগল ব্যৱহৃত হয়। ২০০৯ বৰ্ষৰ সমীক্ষা অনুযায়ী গুগলে প্ৰায় এক বিলিয়ন সন্ধানকাৰীৰ অনুৰোধ (Search Request) এদিনতে লাভ কৰে। ২০১৩ বৰ্ষৰ ডিচেম্বৰত এলেক্সা (Alexa)ই গুগলক বিশ্বৰ সবাতোকৈ দৰ্শিত ৱেবছাইট (Most visited website) ৰূপে ঘোষণা কৰে। গুগলে ক্ৰয় কৰা ইউটিউব (Youtube) আৰু ব্লগাৰ (Blogger) এই দুয়োটা ৱেবছাইটেও জনসাধাৰণৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
0 comments:
Post a Comment