জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Wednesday, August 23, 2017

জোনাকী মনৰ ছোৱালীজনী : কস্তুৰী বৰঠাকুৰ

 1:18:00 PM     ভাগৰি নাভাগৰা জীৱন     No comments   

যিকোনো ধুনীয়া বস্তুৰ প্ৰতি মানুহৰ চিৰন্তন হাবিয়াস। মানুহ স্বভাৱগতভাৱে সৌন্দৰ্যৰ উপাসক। ধুনীয়া ফুল এপাহ, ধুনীয়া এটি শিশু, ধুনীয়া চৰাই, ধুনীয়া মানুহ দেখিলে আমাৰ দুচকু জুৰ পৰে। সৌন্দৰ্যপিয়াসী মানুহৰ মন সৌন্দৰ্যসুধা পান কৰি তৃপ্ত হয়।

চাৰিওদিশে ৰূপৰ জয়গান ব্যাপ্ত হৈ থাকিলেও গুণৰ প্ৰভাৱহে যে সবাতোকৈ শক্তিশালী, সেই কথা সময়ে সময়ে প্ৰতীয়মান হৈ আহিছে। এখন ধুনীয়া মুখতকৈ এখন ধুনীয়া হৃদয়েহে মানুহৰ অন্তৰত সাঁচ বহুৱায়। এটা সুন্দৰ মনে প্ৰভাৱিত কৰিব পাৰে আন হেজাৰজনৰ মন। পৃথিৱীৰ আটাইতকৈ কুৎচিত নাৰী হিচাপে অভিহিত হোৱা লিজ্জী ভেলাস্কুৱাজ নামৰ যুৱতীগৰাকীয়ে মানুহৰ মনৰ আন্ধাৰ কোঠাত সিঁচি দিছে মুঠি মুঠি পোহৰ। জীৱন-যাত্ৰাত দুৰ্বল হৈ পৰা মানুহক তেওঁ দেখুৱাইছে সবল আৰু আত্মপ্ৰত্যয়ী হৈ আগবাঢ়ি যোৱাৰ বাট। দেখাত অসুন্দৰ যুৱতীগৰাকীৰ শক্তিশালী আৰু সুন্দৰ মনৰ প্ৰচ্ছায়াত মানুহে শিকিছে জীৱন উদযাপনৰ মন্ত্ৰ।

১৯৮৯ চনৰ ১৩ মাৰ্চত আমেৰিকাৰ অষ্টিনত জন্মগ্ৰহণ কৰা লিজ্জী ভেলাস্কুৱাজ জন্মগতভাৱেই ‘Neonatal progeroid syndrome’ নামৰ জিনৰ এক বিশেষ জটিল আৰু বিৰল ৰোগত আক্ৰান্ত। আন মানুহৰ দৰে নহয় ছোৱালীজনীৰ শৰীৰ, কাৰণ ৰোগটোৱে লিজ্জীৰ শৰীৰত কেতিয়াও চৰ্বি সঞ্চয় হ’বলৈ নিদিয়ে। যাৰ ফলত লিজ্জীৰ শৰীৰত চৰ্বিৰ পৰিমাণ শূন্য আৰু ইয়াৰ ফলত তেওঁৰ শৰীৰৰ ওজন কেতিয়াও বৃদ্ধি নহয়। লিজ্জী ভেলাস্কুৱাজৰ দেহৰ ওজন ২৯ কিল’গ্ৰামতকৈ কেতিয়াও বৃদ্ধি নাপায়। জীয়াই থাকিবৰ বাবে তেওঁ প্ৰতি ১৫ মিনিটৰ অন্তৰে অন্তৰে খাদ্য গ্ৰহণ কৰি থাকিবলগীয়া হয়। তেওঁৰ সোঁ চকুটোত দৃষ্টিশক্তিও একেবাৰে নাই। সময়তকৈ এমাহ আগতে জন্মলাভ কৰা লিজ্জীৰ জন্মৰ সময়তে চিকি
ৎসকে তেওঁৰ পিতৃ-মাতৃক কৈছিল, কণমানিজনীয়ে কেতিয়াও কথা ক’ব নোৱাৰিব। কেতিয়াও খোজ কাঢ়িব নোৱাৰিব। ভগৱানৰ আশিসস্বৰূপে যেনিবা লিজ্জীয়ে সেই অভিশাপ মূৰ পাতি ল’বলগীয়া নহ’ল। লাহে লাহে তাই স্কুললৈ যাব পৰা হ’ল। কিন্তু আন শিশুবোৰে তাইক দেখিলে দূৰতে পলায়। কোনেও তাইৰ কাষ চাপিবলৈ নিবিচাৰে। ঘৰলৈ আহি আইনাত নিজকে চাই কণমানি লিজ্জী উচুপি উঠে। মোক ইমান কুৰূপা কৰি কিয় স্ৰজিলা প্ৰভু? এই প্ৰশ্নটোকেই তাই যেন বাৰে বাৰে কৰে ভগৱানক। গোটেই শৰীৰৰ ছাল কোঁচ খোৱা লিজ্জীৰ। কিন্তু তাইৰ মনোবল অটুট ৰাখিবলৈ অনবৰতে শক্তিশালী মূৰ্তিৰূপে থিয় দিয়ে লিজ্জীৰ মাক-দেউতাক। তেওঁলোকে কয়, ‘‘আমাৰ সোণজনী, তুমি এজনী ধুনীয়া ছোৱালী। তুমি পৰী আমাৰ বাবে। তোমাৰ দেহত এটি বেমাৰ আছে। সেইবাবেহে তোমাক দেখাত আনতকৈ সৰু যেন লাগে। তোমাৰ ভিতৰত এটি ধুনীয়া মন শুই আছে। সেইটোক জগাই তোলা। দেখিবা তুমি সকলোৰে চকুত ধুনীয়া হৈ পৰিছা।’’ মাক-দেউতাকৰ এনে মৰমৰ বাণীত লিজ্জীয়ে শিকিছিল জীৱনটোক অভ্যন্তৰীণ সৌন্দৰ্যৰে চাবলৈ। লিজ্জীৰ ১৭ বছৰ বয়সত ইউটিউবত এটা ভিডিঅ’ প্ৰচাৰ হৈছিল। যিটোৱে লিজ্জী ভেলাস্কুৱাজৰ জীৱনৰ দিশেই সলনি কৰি দিলে। সেইদিনা গান শুনাৰ মনেৰে ইউটিউব জগতত প্ৰৱেশ কৰি লিজ্জীৰ দুচকু হঠাৎ এটা ভিডিঅ’ৰ শিৰোনামত নিবদ্ধ হ’ল। ‘The ugliest woman of the world’। কৌতূহলী মনেৰে ভিডিঅ’টো ক্লিক কৰি তাই বহাতে থৰ লাগিল। সেয়া যে আন কোনো নহয়। খুদ তাই।

লক্ষাধিক মানুহে দৰ্শন কৰা ভিডিঅ’টোত মানুহে কৰা মন্তব্যবোৰ আছিল এনেধৰণৰ—লিজ্জী তুমি এজনী ভূতুনী, তুমি মানুহ হ’বই নোৱাৰা। তুমি দানৱী, তোমাক জন্মতেই মা-দেউতাই মাৰি নেপেলালে কিয়? এই ৰূপেৰে জীয়াই থাকি তুমি কৰিবা কি? তুমি এই পৃথিৱীত জীয়াই থকাৰ যোগ্য নহয়, বন্দুক এটা লোৱা আৰু নিজৰ মূৰত গুলী ফুটাই মৰি যোৱা ইত্যাদি ধৰণৰ নানা নঞৰ্থক মন্তব্যৰে নিকৃষ্ট মনৰ পৰিচয় দি মানুহবোৰে ভিডিঅ’টো মন্তব্যৰে ভৰাই পেলাইছিল। প্ৰত্যেকটো মন্তব্য পঢ়ি লিজ্জীৰ বুকু কঁপি উঠিছিল। সাহস হোৱা নাছিল যদিও এটা এটাকৈ সকলো মন্তব্য পঢ়িছিল তাই। কিজানিবা কোনোবা এজনে তাইৰ পক্ষে মাতেই- ‘‘ছোৱালীজনীক নাহাঁহিবা’’!

নাই সেইদিনা কোনোৱেই তাইৰ হৈ মাত মতা নাছিল। ইতিকিং, তাচ্ছিল্য, ভৰ্ৎসনাৰে থকা-সৰকা কৰিছিল ছোৱালীজনীক সকলোৱে। লিজ্জীৰ দুখ লগাটো স্বাভাৱিক। কিন্তু ত
ৎমুহূৰ্ততে নিজকে কৈছিল তাই, আজি যিখিনি মানুহে মোক লৈ হাঁহিছে, সেইখিনি মানুহেই এদিন মোক লৈ গৌৰৱ কৰিব লাগিব। মানুহৰ বাহ্যিক সৌন্দৰ্যয়েই যে সকলোখিনি নহয় তাৰ প্ৰমাণ মই জীৱিত কালত দি যাবই লাগিব। অভ্যন্তৰীণ সৌন্দৰ্যৰে উজলি উঠিবলৈ বদ্ধপৰিকৰ হোৱা লিজ্জী ভেলাস্কুৱাজে নিজকে গঢ় দিলে এগৰাকী প্ৰেৰণাদায়ক বক্তা হিচাপে। তেওঁৰ প্ৰেৰণাদায়ক বক্তৃতাসমূহে লাহে লাহে মানুহৰ অন্তৰ জয় কৰিবলৈ ধৰিলে। এসময়ত চিকিৎসকে কথা ক’ব নোৱাৰিব বুলি কোৱা ছোৱালীজনীয়ে ঘণ্টা ঘণ্টা ধৰি কথা কৈ মানুহক মোহাচ্ছান্ন কৰি ৰাখিব পৰা হ’ল। খোজ কাঢ়িব নোৱাৰিব বুলি কোৱা ছোৱালীজনীয়ে নিজ গুণৰ বলত অৰ্থাৎ এগৰাকী প্ৰেৰণাদায়ক বক্তা হিচাপে দেশ-বিদেশ ঘূৰিব পৰা হ’ল। প্ৰতিদিনে বাঢ়িবলৈ ধৰিলে লিজ্জী ভেলাস্কুৱাজৰ অনুৰাগীৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ তেওঁ লিখি উলিয়ালে তিনিখনকৈ কিতাপ— Lizzie Beautiful:The Lizzie Velasquez Story, Be Beautiful Be You আৰু Choosing Happiness, এই তিনিওখন কিতাপেই যথেষ্ট জনসমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থকেইখনৰ ফলত লেখিকাৰ সন্মানেৰেও বিভূষিত হ’ল লিজ্জী ভেলাস্কুৱাজৰ জীৱন। বৰ্তমান লিজ্জী এগৰাকী সফল প্ৰেৰণাদায়ক বক্তা আৰু সফল লেখিকা। তেওঁৰ জীৱনভিত্তিক এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে ‘Brave Heart:The Lizzie Velasquez Story’ নামেৰে। এসময়ত মানুহে হঁহা সেইগৰাকী নাৰীয়েই আজি মানুহৰ বাবে আত্মবিশ্বাস, সাহস আৰু প্ৰেৰণাৰ অমল উৎস হৈ জিলিকি উঠিছে।


[আগন্তুক সময়ত ওপৰত উল্লেখিত তিনিওখন কিতাপৰ PDF এই ব্লগতেই উপলব্ধ কৰিবলৈ প্ৰয়াস কৰিম।]
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জ্ঞানৰ কথা : বিভিন্ন
    আমাৰ শৰীৰৰ পৰা টিউমাৰ বা পূঁজ বাহিৰ কৰি দিয়াতকৈ, মনৰ পৰা বদচিন্তা আঁতৰাই পঠিওৱাটো বেছি প্ৰয়োজনীয়। — এপিক্‌টেটাছ জীৱন হ'ল এটা বিদেশ...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog