জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Monday, June 1, 2020

মনালিছা শইকীয়াৰ আন্দোলিত আকাশ : তুলিকা নিৰ্মলীয়া

 6:18:00 PM     সংক্ষিপ্ত     No comments   


কিতাপৰ পোক নহয়। তথাপিও কিতাপ পঢ়োঁ, যেতিয়াই মন যায়। এই মন যোৱাৰো একো ঠিকনা নাই। মন গ’লে এদিনতে ২০০ পৃষ্ঠাৰ একোখন কিতাপ হজম কৰোঁ; আৰু আৰম্ভ কৰিও মন নগ’লে বছৰটোৰ শেষতো সেয়া সম্পূর্ণ হৈ নুঠে।
আৰম্ভ কৰিয়েই একেদিনাই পঢ়ি শেষ কৰিবলৈ মন যোৱা তেনে এখন কিতাপ হ’ল “মনালিছা শইকীয়া”ৰ উপন্যাস “আন্দোলিত আকাশ”। মোৰ প্রিয় লেখকসকলৰ ভিতৰত তেখেতো অন্যতম। নেপথ্যৰ কিছু কথাৰ পিছত কাহিনী আৰম্ভ হৈছে “আজি এক জানুৱাৰী” বোলা বাক্যটোৰে! আচৰিত ধৰণেৰে ময়ো কিতাপখন পঢ়িবলৈ বুলি হাতত তুলি লৈছিলোঁ কোনো এটা বছৰৰ জানুৱাৰী মাহৰ এক তাৰিখে। কাকতালীয় সংযোগেই আছিল চাগৈ সেয়া! পুনৰবাৰ কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিছিলো সময়ৰ তাগিদাত! প্রয়োজনত! অৱশ্যে এইয়া কোনো গ্রন্থ আলোচনা নহয়! কিতাপখন পঢ়ি হোৱা মোৰ এমুঠিমান অনুভৱ হে মাথোন। কাহিনীৰ নায়িকা ‘মামণি’।
এইযে আমাৰ সমাজখন! এনেকুৱা মানুহো লগ পোৱা যায় যি বেমাৰীৰ (!) খবৰ ল’বলৈ আহি সহানুভূতিৰ মাত এষাৰ দিয়াৰ পৰিৱর্তে ক’ব পাৰে- মৰিবই যেতিয়া শেষবাৰ চাই যাবলৈ আহিলোঁ! তেনে এখন সমাজৰেই বাসিন্দা মামণি। “প্রচণ্ড আত্মাভিমানে আজিকালি তাইক কৰি তুলিছে শিলৰ দৰে কঠিন। যেন ঋষিৰ শাপভ্রষ্টা প্রস্তৰ কন্যা। এদিন তাই শাপমুক্তা হ’ব। আৰু সেই প্রস্তৰ কন্যাৰ সমগ্র সত্তা উজাৰ খাই উঠি আহিব অনন্য এক আৱেগ।“
তাইৰ ঘৰখনক লৈ ঘৰে ঘৰে গল্প আৰম্ভ হ’ব বুলি ভাবিয়েই ‘মা’ বুলি চিঞৰিব খুজিও তাই ৰৈ গৈছে! ঘৰৰপৰা কেনিবা ওলাই যোৱা মাকক বিচাৰি বিচাৰি ক্ষোভত তাই ভাবে- “এইবাবেই তাইৰ জন্ম নেকি? কেৱল এই নৰকৰ ৰখীয়া হৈ থাকিবৰ বাবেই জন্ম তাইৰ? সকলোৰে ওপৰত খং উঠে। নতুন বছৰৰ প্রথম দিনটোও তাইৰ বাবে বেলেগ হৈ নুঠে…। সেই একেই চিঞৰ-বাখৰ। একঘেয়ামী জীৱন! সেয়ে হয়তো সকলো আঁতৰি গৈছে। অকলশৰীয়া হৈ পৰিছে তাই। এনেকৈ কোনোবা জীয়াই থাকেনে? অথচ তাই জীয়াই আছে। প্রতিমুহূর্ততে নিজক প্রস্তুত কৰিছে এই জীৱনৰ বাবে। সেয়েতো তাই মহাজীৱনৰ সপোন দেখে। সেই মহাজীৱনৰ… য’ত এই জীৱন হৈ উঠিব অর্থৱহ।“
আৰু মহাজীৱনৰ সপোন দেখা ‘মামণি’ৰ সৈতে কথা পাতিবলৈকে মই কিতাপখন হাতত তুলি লৈছিলোঁ কোনোবা এখন হস্পাতালৰ বিচনাত বহি, কোনোবা এটা বছৰৰ এক জানুৱাৰীৰ ৰাতি। দুচকুত টোপনি নাছিল। মাজনিশালৈকে ৰৈ আছিলোঁ, কিজানিবা ভাইব্রেচনত থোৱা ফোনটো কঁপি উঠে… কিজানিবা ইথাৰত ভাঁহি আহে শুভেচ্ছাৰে সিক্ত মাত এষাৰ!... অৱশ্যে তেনেকুৱা একো নহ’ল। ‘মামণি’য়ে কোৱাৰ দৰেই “সকলো ভীষণ ব্যস্ত”…! ক’ৰবাত কিছু কথা এনেকৈয়ে মিলি যায়। …আৰু ভাল লগাবোৰ তেনেকৈয়ে শিপাই বুকুৰপৰা বুকুলৈ! শব্দৰ ডালে-পাতে বগাই বগাই অনুভৱৰ শিপা ৰৈ যায় বুকু খামুচি।
মামণিৰ কাহিনী সঁচা। প্রতিজন মানুহৰেই মানসিক জগতখন সঁচাকৈ কি যে বিচিত্র! সেয়া আন কোনোবাই অনুভৱ কৰিব নোৱাৰে। সেয়া অন্য এখন পৃথিৱী! মামণিৰো আছে তেনে এখন জগত। বুজাই ক’ব নোৱাৰা তাইৰ সেই মানসিক জগতৰ অসহায়ত্ব, অদেখা হাহাকাৰ, ধুমুহাই তচনচ কৰা হৃদয়ৰ বিশৃংখলতাক অনুভৱ কৰি দুচকু সেমেকি উঠে। আত্মিক স্পর্শই মানুহক কন্দুৱাই, ময়ো কান্দিলোঁ! জীৱনৰ সঁচা গল্পবোৰ এনেকুৱাই চাগৈ!
আমাৰ সমাজখনত মামণিৰ দৰেই অনেক মামণি আছে। যি কাৰোবাৰ আগত ঘৰখনৰ বিষয়ে ক’বলৈ লৈও সম্বৰণ কৰিব লগা হয় নিজক, উজাৰ খাই আহিব খোজা কান্দোন সামৰি মজবুত হৈ থিয় দি থাকিব লগা হয় প্রতিদিন, দুখতে লেটি লৈ থাকিও দেখুৱাব লগা হয় দুখে যেন স্পর্শই কৰা নাই কাহানিও! যি সময়ত কাৰোবাৰ এচিকুট সহানুভূতিৰ প্রয়োজন সেই সময়ত প্রশ্নৰ শেলে শালি পেলাই বুকু, তেজ বিৰিঙি নুঠালৈকে কৰতেৰে ৰেপি ৰেপি যেন আসুৰিক তৃপ্তি লয় সমাজে! অকনমান সহানুভূতিৰ বিপৰীতে “সমাজৰ এচাম মানৱৰ অমানৱীয়তাৰ কথা” লেখকৰ কলমেৰে যেন নিগৰিছে তেজ হৈ! স্কিজ’ফ্রেনিয়া ৰোগত ভোগা মামণিৰ মা’ক সমাজৰ চকুত পাগলী! সকলোৱে অৱহেলা-অত্যাচাৰ কৰা মাকক দেখি দেখি, মাকৰ আপদাল কৰোঁতে কৰোঁতে, দুখবোৰ নিজতেই লালন কৰোঁতে কৰোঁতে হতাশাই আগুৰি ধৰা সেই স্পর্শকাতৰ, আৱেগিক, ইমপ্রেক্টিকেল, অন্তর্মুখী মামণি এদিন নিজেই হৈ পৰিছে মানসিক ৰোগী! তাই খামুচি থাকিব খোজা স্বপ্নীলৰ হাতখনে প্রতাৰণা কৰি এৰি গৈছে… আগুৱাই অহা নীহাৰৰ হাতখন খামুচিবলৈ অপাৰগ তাই! মামণি হাৰি গৈছে… মৰি গৈছে! শান্ত ছোৱালীজনী উগ্র হৈ উঠিছে! নাম পাইছে পাগলী! সেই পাগলীৰ উগ্রতাৰ দুয়োহাত ৰছীৰে বান্ধি থ’ব লগা হৈছে! কিন্তু কিয়?
মামণিৰ ভাষাৰে “প্রত্যেকৰেই দুখবোৰ তেওঁৰ স্বভাৱ অনুযায়ী নির্দিষ্ট হৈ থাকে।“ এৰা, সকলোৰেই থাকে এমুঠি দুখ… কথিত অথবা অকথিত। সেইখিনি জিনিও আমি জীয়াই থাকিব লাগিব… সপোন দেখিব লাগিব মহাজীৱনৰ… মামণিৰ দৰেই। শেষত মামণিয়ে মানুহৰ প্রতি হেৰাই যোৱা আস্থা ঘূৰাই পালে, ঘূৰাই পালে আত্মবিশ্বাস। কিন্তু কেনেকৈ?
মানুহেই মানুহক দ খাৱৈত পুতি পেলাই… মানুহেই মানুহক সেই খাৱৈৰপৰা তুলিও ধৰে। নিজৰ দৰেই খহি পৰা কাৰোবাক তুলি ধৰিবলৈকে মামণিয়ে নিজেই লেখিকাক উৎসাহিত কৰিছে তাইৰ কাহিনী লিখিবলৈ, যি কাহিনী আন বহুজনী মামণিৰ বাবে হ’ব সাহসৰ খুটি এটা! “মানুহেইতো মানুহৰ শেষ ভৰসা। এই এটা জীৱনতেই আচলতে বহুবাৰ মানুহ মৰি মৰি পুনৰ জী উঠে। নতুন জীৱনে দি যায় মহাজীৱনৰ সন্ধান…। এৰা, নৰক অথবা স্বর্গ ইয়াতেই। এই পৃথিৱীতেই আছে… নৰকৰ পূতিগন্ধময়তাৰপৰা স্বর্গৰ বাট দেখুৱাবলৈ… এই পৃথিৱীতেই আছে অনেক দেৱদূত।“ (পৃষ্ঠা ২০০)
উপসংহাৰত কাহিনীকাৰে লেখিছে- মামণিয়ে বিচাৰে তাইৰ জীৱন-কাহিনীয়ে আন দহজনকো উপকৃত কৰক। মামণিৰ অনুৰোধতে ইতিমধ্যে কাহিনীকাৰে কাহিনীৰ খচৰা প্রস্তুত কৰি পেলাইছে। নতুন উপলব্ধি, নতুন দর্শনেৰে জীৱনক উপলব্ধি কৰিবলৈ যত্ন কৰি দুয়ো নদীখনৰ ফালে আগুৱাই…  “জীৱন নদীৰ দৰেই প্রবাহমান।… আগুৱাই যোৱাৰ এই সময়। ছায়াছন্ন কুঁৱলীৰ ধূসৰতাৰ মাজেৰেই সিহঁত আগবাঢ়ে। দীঘলকৈ বাঢ়ি অহা গছৰ ছাঁবোৰ গচকি গচকি দুয়ো আগবাঢ়ে।“
মামণিৰ চৌপাশে আছে আৰু  অনেক চৰিত্র! শিক্ষিত সমাজৰ ভিন ভিন স্বৰূপ। আমি আচলতে প্রতিজনেই কোনো সময়ত একো একোজন ৰোগী, প্রত্যেকৰেই আছে একো একোটা ‘কেচ-হিষ্টৰি’। “আন্দোলিত আকাশ”ত এবাৰ বিলীন হৈ চাওক, কিজানি নিজকে ক’ৰবাত বিচাৰি পায়! মামণি কুশলে আছে, কুশলে থাকক।
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জ্ঞানৰ কথা : বিভিন্ন
    আমাৰ শৰীৰৰ পৰা টিউমাৰ বা পূঁজ বাহিৰ কৰি দিয়াতকৈ, মনৰ পৰা বদচিন্তা আঁতৰাই পঠিওৱাটো বেছি প্ৰয়োজনীয়। — এপিক্‌টেটাছ জীৱন হ'ল এটা বিদেশ...
  • ড° নগেন শইকীয়া ছাৰ আৰু মিতভাষ-এক চমূ অৱলোকন: অনিতা গগৈ
    অসমীয়া ভাষা সাহিত্যৰ পথাৰখনক চিৰসেউজ কৰি তোলা মহীৰূহসকলৰ অন্যতম, অসমী আইৰ সুযোগ্য সন্তান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog