
কিতাপখনত বহু কথাই আছে, চিন্তা কৰিবলৈ বাধ্য কৰিব পৰাকৈ৷ সমাজ, শোষণ, দুৰ্নীতি, ৰাজনীতিৰ মেৰপেঁচ ইত্যাদি যাক অকল পঢ়িলেহে বুজিব পাৰি৷ মই ভাবি থকা কথাটো হ’ল- স্বাধীনভাৱে নিজৰ জীৱনটো জীবলৈ সকলোৱে বিচাৰে৷ মেঘনাই ৰাহুলৰ পৰা পোৱা স্বাধীনতাখিনিক উচিত সন্মান দিব পাৰিছেনে? সমাজৰ কথা কওতে আমি নিজে নিজৰ ওচৰত কিমান সৎ আৰু দায়বদ্ধ হৈ থাকো? অৰ্ণৱ ভাল মানুহ৷ মেঘনাও৷ তথাপিও দুয়োৰে মাজত ‘যদি’ৰ পিছত যেন ‘প্ৰশ্নবোধক’ এডাল ৰৈ যায় সদায়৷ মিজানুৰ বেয়া মানুহ যদিও, ‘প্ৰশ্নবোধক’ৰ সম্ভাৱনা থকা যেন নালাগে মোৰ৷ অৰ্ণৱ আৰু মেঘনা যদি সামাজিকভাৱে দায়বদ্ধ তেন্তে মিজানুৰো নিজৰ চাৰিত্ৰিক বৈশিষ্ট্যৰে নিজৰ ঠাইত ঠিকেই আছে দেখোন! মিজানুৰ যদি লম্পট, অৰ্ণৱ অথবা মেঘনা সম্পূৰ্ণৰূপে দোষমুক্ত হয়নে?
ৰাহুলে ভবাখিনি ময়ো ভাবোঁ - ‘‘মানুহে মানুহে মিলিয়েইতো এখন সমাজ গঠিত হয়, সেই সমাজেই এটা ব্যৱস্থা চলাই ৰাখে, তেন্তে সমাজ আৰু ব্যৱস্থা যদি দোষী, মানুহ কিয় দোষী নহয়? (পৃষ্ঠা-৬৪)’’ ভাবিব পৰা আৰু অনেক কথা আছে উপন্যাসখনত৷
মধুশালাখন পঢ়ি উঠি ময়ো ভাবিহে আছো, বুজিবলৈ বাকী আছে বহুতো! কিছুমান কাম বেয়া যেতিয়া বেয়াই! সেয়া কোনোবাই দেখুৱাই কৰক বা লুকুৱাই কৰক লাগে! কিন্তু কেতিয়াবা আমি স্বাৰ্থপৰ আৰু ভণ্ড হৈ পৰো নেকি যেতিয়া সেই কাম নিজে কৰোঁ বা আমাৰ কোনো প্ৰিয়জনে কৰে? সেই একেটা কামকে আনে কৰিলে বেয়া বুলি কওঁ? আচলতে ‘‘কিছুমান কথা আনে বুজাই দিয়াতকৈ নিজে নিজে বুজি উঠাটো জৰুৰী (পৃষ্ঠা-৬৪)৷’’
আঁক-বাক প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত, লেখক সৌমিত্ৰ যোগীৰ ‘মধুশালা’ৰ ‘মুখবন্ধ’ত লেখকে প্ৰকাশ কৰিছে যে- ‘‘প্ৰত্যেকজন মানুহেই আক্ৰান্ত হৈ থাকে অনেক সৰু-বৰ সমস্যাত৷ আপোনাৰ-মোৰ-আমাৰ কাৰোৰে জীৱন ব্যতিক্ৰম নহয়৷ আজি নাই, কাইলৈ অথবা দুদিন দেৰিকৈ৷ সেই একেই দুখ, একেই যন্ত্ৰণা, একেই সান্ত্বনা, হা-হুমুনিয়াহ, হতাশা-নিৰাশা, বিষাদ-বৈৰাগ্য৷ তাৰ পিছতো ঘূৰি অহা আশা, হাঁহি, হেঁপাহ, সান্নিধ্য৷ কিন্তু কিয় এনে হয়? সকলো সমস্যাৰে উৎস জানো অন্তহীন ৰহস্য? সকলো সমস্যাই জানো জীৱনৰ সীমাবদ্ধতা?’’ ২৮৮ পৃষ্ঠাৰ এই উপন্যাসখনৰ মূল্য ২২০ টকা মাত্ৰ৷ ISBN : 978-93-82726-80-7
0 comments:
Post a Comment