(এজন শিৱসাগৰীয়াৰ চিঠিৰ উত্তৰত লেখা লক্ষ্মীনাথ বেজবৰুৱাৰ
এই কথাখিনি 'বাঁহী'ৰ অষ্টাদশ বছৰ চতুর্থ সংখ্যাত (১৮৫১ শক, শাওণ)
প্রকাশিত।)
'চিঠিৰ লেখকৰ নাম নাপাই, বাঁহীলৈকে উত্তৰ লেখি দিলো। চিঠিত উল্লেখ কৰা গীতটিৰ (অ' মোৰ আপোনাৰ দেশ) মই একো সলনি কৰা নাই, আৰু কেতিয়াও নকৰোও। মোৰ এটা ধাৰণা আছে, যি শুধেই হওক বা অশুধেই হওক কিন্তু আছে। গছৰ পকা ফল সৰি পৰিলে, গছৰ সৈতে তাৰ আৰু সম্পর্ক নাথাকে। সি তলত পৰি গজে, নাইবা জীৱ-জন্তুৰ পেটলৈ যায়, নাইবা বতাহে তাক উৰাই নি দূৰ-দূৰান্তৰত পেলায়। গছ আলৈ-আথানি বা আদৰ-সাদৰৰ পৰা আঁতৰত। অৱশ্যে তাৰ আদৰ দেখিবলৈ পালে গছৰ যে সন্তোষ অথবা আলৈ-আথানি চকুত পৰিলে যে গছ অলপ নহয় অলপ ব্যথিত নহ'ব, এনে নহয়। তথাপি গছ তাৰ বিষয়ে নির্লিপ্ত। শ্রীমন্ত শংকৰদেৱৰ প্রথম পুথি হৰিচন্দ্র উপাখ্যান এদিন তেওঁ পাটবাউসীত থাকোতে, এটা মগনিয়াৰে হৰিচন্দ্র পুথিৰ পদ মাতি, মাগি ফুৰা দেখি তেওঁ দুখ কৰি কৈছিল, 'মোৰ প্রথম মানস-সন্তান ভিক্ষাৰী হ'ল।' মোৰ ৰচিত এই গীতটি ভিক্ষাৰী হোৱা দূৰত থাওক, National Anthem অর্থাৎ জাতীয় সংগীতৰূপে ৰাজ-ৰাজেশ্বৰ হোৱা দেখি অৱশ্যে মোৰ আনন্দ কুলায়-পাচিয়ে নধৰা হৈছে হ'ব।'

0 comments:
Post a Comment