'বাঁহী'ৰ দ্বিতীয় বছৰ একাদশ সংখ্যাত (আহিন, ১৮৩৩ শক) প্রকাশিত পুথি সমালোচনা
প্রতিমাঃ শ্রীযুত চন্দ্রকুমাৰ আগৰৱালাৰ দ্বাৰাই ৰচিত। বেচ আঠ অনা। প্রতিমাৰ কেইবাটাও কবিতা বাঁহীত ওলাইছিল; সেই দেখি তাৰ বিষয়ে আমি কোনো কথা কোৱাটো উচিত নহয়। কিন্তু উচিত-অনুচিত যি হওক, এইটো আমি নকৈ নোৱাৰোঁ যে ভালেমান দিনৰ মূৰত এখন প্রকৃত কবিতাৰ কিতাপ পাই আজিকালিৰ অসমীয়া পদ্য-সাহিত্যৰ ভৱিষ্যৎ যে সমূলি এন্ধাৰ নহয় এই কথা বুজিব পাৰিছোঁ। আজিকালি 'অসমীয়া কবি'ৰ ভাৰে ভাৰে পদ্য পঢ়ি আমি বানপ্রস্থী হ'বৰ কথা একপ্রকাৰ ভাবিছিলোঁৱেই; এনে সময়ত আগৰৱালা ডাঙৰীয়াই তেওঁৰ 'হৃদয়ৰ মন্দিৰত লুকুৱা প্রতিমা' বাহিৰলৈ উলিয়াই যে আমাৰ কি মহোপকাৰ কৰিলে তাক কি ক'ম।
'প্রতিমা'ৰ খনিকৰজন 'বাঁহী'ৰ সম্পাদকৰ পৰম বন্ধু। কিন্তু সেই বুলিয়েই যে সম্পাদকে সংকোচ কৰি কর্তব্যৰ অনুৰোধ নাৰাখি সঁচা কথাষাৰ নক'ব এনে নহয়। সেই আষাৰ হৈছে- 'প্রতিমা' ৰচোঁতা কবিৰ আসন আজিকালিৰ গোটেইবোৰ অসমীয়া কবিৰ আগত।
'প্রতিমা'খন সৰু কিন্তু সি নিভাঁজ সোণৰ।
0 comments:
Post a Comment