লক্ষ্মীনাথ বেজবৰুৱা
'বাঁহী'ৰ ত্রয়োদশ বছৰ তৃতীয় সংখ্যা (আহাৰ, ১৮৪৫ শক)ত প্রকাশিত
মানুহে যদি যুদ্ধ নেৰে তেন্তে মানুহ নামৰ প্রাণী পৃথিৱীত লোপ হ'ব। যুদ্ধৰ ফলত সভ্যতাৰ চিন-মোকাম পর্যন্ত নাথাকে, লোভেই যুদ্ধৰ ঘাই কাৰণ। নিজৰ ৰাজ্য আৰু প্রভাৱ অক্ষুণ্ণ ৰাখি লোকৰ ৰাজ্য আৰু প্রভাৱ খর্ব কৰিব বিচাৰিলেও যুদ্ধত পৰা যায়। পৰৰ ৰাজ্যৰ প্রতি লোভৰেই আজিকালি সভ্য নাম হৈছে 'ইম্পিৰিয়েলিজম'। ইয়াৰ ফলত গোটেই আফ্রিকা মহাদেশ, এছিয়াৰ দক্ষিণ-পূবডোখৰ আৰু আমেৰিকাৰ এডোখৰ ইউৰোপীয় জাতি গোটাচেৰেকৰ অধিকৃত। ইয়াৰ ফলত পৃথিৱীৰ লক্ষ লক্ষ নির্দোষ মানুহৰ তেজেৰে ৰাঙলী হৈছে, আত্মৰক্ষা আৰু পৰস্বাপহৰণ এই দুটা প্রয়োজনৰ নিমিত্তে সকলো ৰাজ্যত যুদ্ধৰ আহিলা-পাতি সংগ্রহ। আমেৰিকাৰ বিখ্যাত বিজ্ঞানী টমাচ এডিচনে কয় যে বিষাক্ত গেছেৰে লণ্ডন চহৰৰ সত্তৰ লাখ মানুহৰ প্রাণ বধ কৰিবলৈ মাথোন তিনি ঘণ্টা লাগিব।

0 comments:
Post a Comment