জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Sunday, December 8, 2013

চীনৰ বৃহৎ প্ৰাচীৰ

 3:16:00 PM     বোধিদ্রুম     1 comment   

চীনৰ বৃহৎ প্ৰাচীৰৰ কথা ওলালেই মানৱৰ কল্পনাশীলতা আৰু কৰ্ম ক্ষমতাৰ এক বিৰল নমুনা চকুত ভাঁহি উঠে। এই প্ৰাচীৰ নিৰ্মাণ কৰিছিল আজিৰ পৰা দুহেজাৰ বছৰৰ আগতে চীনা সম্ৰাট কিন শ্বি হুৱাংজীয়ে। এই প্ৰাচীৰ নিৰ্মাণ কৰা হৈছিল প্ৰধানতঃ সুৰক্ষাৰ বাবে; কিন্তু বৰ্তমান ই আটাইতকৈ জনপ্ৰিয় পৰ্যটনক্ষেত্ৰৰূপে পৰিগণিত হৈ পৰিছে। চীনৰ বৃহৎ প্ৰাচীৰৰ দৈৰ্ঘ্য হ'ল প্ৰায় ১৫০০ মাইল (২৪০০ কি.মি.)।

প্ৰকৃততে এই প্ৰাচীৰ একেলগে নিৰ্মাণ কৰা হোৱা নাছিল, ই কেইবাটাও ভাগত বিভক্ত। ইয়াৰ সৰু সৰু নিৰ্মাণ আৰু মেৰামতিৰ কাম সময়ে সময়ে কৰি অহা হৈছে, কিন্তু বৰ্তমান আধুনিক ৰূপটোৰ অধিকাংশ সজা হৈছিল মিং সাম্ৰাজ্যত (১৩৮৮-১৬৫৪)। এই সময়ছোৱাত প্ৰায় ৬৪০০ কিলোমিটাৰ প্ৰাচীৰ সজা হৈছিল। এই প্ৰাচীৰ উত্তৰ চীনৰ পৰ্বত শৃংখলাৰ পৰা উত্তৰ আৰু উত্তৰ পশ্চিম বেইজিঙলৈকে বিস্তৃত হৈ আছে। এই প্ৰাচীৰৰ বেধো আচৰিত ধৰণৰ। ই বহলে ৪.৫ মিটাৰৰপৰা ৯ মিটাৰলৈকে। উচ্চতা প্ৰায় ৭.৫ মিটাৰ (২৫ ফুট)।

প্ৰাচীৰ নিৰ্মানঃ
এই বৃহৎ প্ৰাচীৰ নিৰ্মাণৰ আঁৰৰ কাহিনীও আচৰিত ধৰণৰ। ইয়াৰ নিৰ্মাণৰ বাবে স্থানীয় নিকায়সমূহৰ পৰা বৃহৎ মাত্ৰাৰ ধন আৰু নিৰ্মাণ সামগ্ৰী সংগ্ৰহ কৰা হৈছিল। সেনা, স্থানীয় লোক আনকি কয়দীয়েও প্ৰাচীৰৰ নিৰ্মাণ কাৰ্যত হাত উজান দিছিল। এনেধৰণৰ নিৰ্মাণে চীনৰ একতা আৰু সৌহাৰ্দৰ এক উত্তম উদাহৰণ দাঙি ধৰিছে। প্ৰতিখন ৰাজ্যই নিজৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা প্ৰাচীৰৰ প্ৰতিটো অংশ পিছত জোৰা লগোৱা হয়। প্ৰাচীৰৰ নিৰ্মাণ শৈলীও উচ্চমানৰ। ইয়াত অস্ত্ৰ ভাণ্ডাৰ, দূৰদৰ্শী যন্ত্ৰ, তীৰ, তৰোৱা আদি সজোৱা হৈছিল, পিছলৈ আধুনিক প্ৰযুক্তি কৌশলৰ উত্তৰণৰ পিছত ইয়াত নিৰীক্ষণ স্তম্ভ, ছিগনেল টাৱাৰ আৰু বহদাকাৰৰ দূৰবীণ স্থাপন কৰা হয়। প্ৰাচীৰ শ্বাংহাই, গুৱা পাছৰ পৰা লিঅ'নিং, হম্বেই, বেইজিং, নিয়ানজিং, মংগোলীয়া, শ্বানাক্সী আৰু গন্মুলৈকে বিস্তাৰিত হৈ আছে।

সুৰক্ষাঃ
চাইনা গ্ৰেট ৱাল একাডেমীয়ে চীনৰ বৃহৎ প্ৰাচীৰৰ সুৰক্ষা আৰু চোৱাচিতাৰ কাম কৰে। একাডেমীয়ে ১৫ দিন ধৰি চলোৱা এক সমীক্ষাৰ পৰা জানিব পৰা মতে মানৱীয় আৰু প্ৰাকৃতিক কাৰণত প্ৰাচীৰৰ ক্ষতিসাধন হৈছে। পিছত একাডেমীয়ে ইয়াক ৰোধ কৰাৰ উপায়ো দিয়ে।

মহাকাশৰ পৰা প্ৰাচীৰঃ
মহাকাশৰ পৰা চীনৰ বৃহৎ প্ৰাচীৰ দেখা যায় নে নাযায় সিয়ো এসময়ত প্ৰশ্নৰ বিষয় আছিল। ১৯৩৮ চনত প্ৰকাশিত 'ছেকেণ্ড বুক অৱ মাৰভলছ'ত চন্দ্ৰৰ পৰাও বৃহৎ প্ৰাচীৰ দেখা পোৱা যাব বুলি কোৱা হৈছিল। পিছত নীল আৰ্মষ্ট্ৰং আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰীয়ে এই তথ্য সত্য নহয় বুলি প্ৰকাশ কৰে। পৃথিৱীৰ কক্ষৰপৰা অৱশ্যে চীনৰ বৃহৎ প্ৰাচীৰ দেখা পোৱা যায়। পৃথিৱীৰ নিম্নতম কক্ষপথৰ পৰা ঘাইপথ, ৰেলপথ আদিও দেখা পোৱা যায়। কিন্তু পৃথিৱীৰ পৰা কেইহাজাৰমান উচ্চতাত মানৱ নিৰ্মিত আন কোনো বস্তুৱেই দেখা পোৱা নাযায়।
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

1 comment:

  1. Anonymous4/3/14 6:13 AM

    কথাবোৰ জানি ভাল লাগিল৷
    http://www.onurag.org

    ReplyDelete
    Replies
      Reply
Add comment
Load more...

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী
    ‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জীৱন হেনো জীৱনৰ দৰেইঃ তুলিকা নিৰ্মলীয়া
    কথা অলপ আছিল... ভাবিছিলোঁ ৰাতিপুৱাৰ ফিকা চাহ কাপৰ সৈতে তিয়াই খাম! নতুবা আবেলিৰ ইলাচী দিয়া চাহ কাপৰ সৈতে চোবাই চোবাই খাম! অথবা মাজনিশা আক...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog