ফলে-ফুলে সুশোভিত উদ্যান, জলপ্ৰপাত, চিৰসেউজ ভূভাগ, সুন্দৰ পশু-পক্ষীৰ কলৰৱ এই সকলোবোৰ থুপ খাই আছে বেবিলনৰ ওলমা বাগিচাত। ইংৰাজীত ইয়াক কোৱা হয় হেংগিং গাৰ্ডেন অৱ বেবিলন। বেবিলনৰ ওলমা বাগিচা বিশ্বৰ ভিতৰত এক আশ্চৰ্য। গ্ৰীক সাহিত্যিক আৰু কবিসকলে নিজৰ ৰচনাত ইয়াক উল্লেখ কৰিছে। কিন্তু এই ওলমা বাগানৰ অৱস্থিতি সম্পৰ্কে কোনো চাক্ষুষ প্ৰমাণ হাতত নাই।
আনকি যিসকল লোকে ইয়াৰ বিষয়ে লিখি গৈছে তেওঁলোকেও এই ওলমা বাগিছা দেখা পোৱা নাছিল। এই বাগিচাখন ইউফ্ৰেটিছ নৈৰ পূব পাৰত বাগদাদৰ ৫০ কিলোমিটাৰ দক্ষিণত আছিল বুলি কোৱা হয়।
প্ৰাচীন কালত প্ৰচলিত কাহিনীমতে সম্ৰাট নেবুছেদনেজাৰে ৰুগিয়া পত্নীক সুখী কৰি ৰাখিবলৈকে এই বাগিচাখন নিৰ্মাণ কৰাইছিল। এই উদ্যানখনত বিভিন্ন ধৰণৰ ফল-ফুল, পশু-পক্ষী, জুৰি আদি আছিল। বেবিলন শুষ্ক আৰু সমতল আছিল। তাত সেউজীয়া গছ-গছনিৰ কল্পনাও কৰিব নোৱাৰি। ইয়াত গছ-গছনি পৃথিৱীৰ পৰিবৰ্তে প্ৰথম মহলাত আছিল।
এই প্ৰথম মহলাটো সজা হৈছিল প্ৰকাণ্ড শিলাখণ্ডৰ ব্লকেৰে। তাত ৰোৱা গছ তথা ফল-ফুলবোৰ দুৰ্লভ প্ৰজাতিৰ আছিল। এই উদ্যানখনত অসংখ্য প্ৰজাতিৰ গছ-গছনি আছিল বুলিও কোৱা হয়। উদ্যানখনৰ আটাইতকৈ আচৰিত দিশটো আছিল জলসিঞ্চন প্ৰণালী। ইউফ্ৰেটিছ নদীৰ পানী বৰষুণৰ দৰে ওপৰৰ পৰা সিঁচা হৈছিল যাতে প্ৰতিজোপা গছেই পানী পাব পাৰে। ইয়াত সেই সময়তে জলসিঞ্চনৰ বাবে বিশেষধৰণৰ পাম্পৰ ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায়। কিন্তু প্ৰকৃত সত্যটো হ'ল এনেধৰণৰ বাগিচাৰ অস্তিত্বই জ্ঞাত নহয়। অলপতে চলোৱা এক গৱেষণাৰ পৰা জানিব পৰা মতে এই উদ্যানখন হয়তো ছাঁদৰ ওপৰতহে সজা হৈছিল আৰু ইয়েই ওলমি থকাৰ ভ্ৰমৰ সৃষ্টি কৰিছিল। পুৰাতত্ত্ব বিভাগৰ প্ৰতিবেদন মতে বেবিলনত ২৫ মিটাৰ ডাঠ প্ৰাচীৰ আৰু জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰা কুঁৱা থকা বুলি অনুমান কৰা হৈছে। পুৰাতত্ত্ব বিভাগে সেই একে ধৰণৰ মহল আৰু উদ্যান পুনৰ নিৰ্মাণ কৰে, যিবিলাকৰ বিষয়ে প্ৰাচীন ৰচনাসমূহত পোৱা যায়। কিন্তু নেবুছেদনেজাৰে সজোৱা উদ্যানখন এতিয়াও এক ৰহস্য হৈয়ে থাকিল।

0 comments:
Post a Comment