দ্বীপৰাজ্য হাৱাই 8:58:00 PM বোধিদ্রুম No comments আমেৰিকা যুক্তৰাষ্ট্রৰ ৫০ খন ৰাজ্য আছে। এই ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে হাৱাই দ্বীপপুঞ্জ। প্রসান্ত মহাসাগৰৰ মাজত আগ্নেয়গিৰি উদগীৰণৰ ফলত সৃষ্টি হোৱা আঠটা দ্বীপ ক্রমে নিহাও, কাৱাই, ওহাও, লানাই, ম'লকাই, মাৱাই আৰু হাৱাইক লৈ গঠিত হৈছে হাৱাই দ্বীপপুঞ্জ। হাৱাই দ্বীপত থকা মাউন্ট কিলাউই বিশ্বৰ ভিতৰতেই অন্যতম জাগ্রত আগ্নেয়গিৰি। সাগৰৰ বক্ষ ফালি ওলাই অহা লাভাবোৰে সাগৰপৃষ্ঠৰ ওপৰত উষ্ণ ভাপৰ ডাৱৰৰ সৃষ্টি কৰে। প্রকৃতিৰ এই বিস্ময় চাবৰ বাবে বহুলোকে হাৱাই দ্বীপপুঞ্জ পৰিভ্রমণ কৰে। Share This: Facebook Twitter Google+
0 comments:
Post a Comment