দেহত পানীৰ সংৰক্ষণৰ কৌশল 8:47:00 PM বোধিদ্রুম No comments বাওবাব বৃক্ষ মৰুভূমি এলেকাত বৰষুণৰ পৰিমাণ অতি কম। কোনো কোনো মৰুভূমিত কেইবা বছৰ পর্যন্ত বৰষুণ নহয়। এনে প্রতিকূল পৰিস্থিতিৰ মুখামুখি হ'বলৈ মৰুভূমিৰ জীৱসমূহে পানী সংৰক্ষণৰ নানা কৌশল অৱলম্বন কৰে। আফ্রিকাৰ মৰুভূমিত বাওবাব (Baobab: Adansonia digitata) নামৰ এবিধ প্রকাণ্ড বৃক্ষ পোৱা যায়। বিশেষতঃ টাঞ্জনিয়াৰ সৰু এলেকাত পোৱা বাওবাব গছবিলাকে শুকান দিনত প্রচণ্ড উত্তাপৰপৰা পৰিত্রাণ পাবলৈ এক বিশেষ কৌশল ধাৰণ কৰে। শুকান দিনত গছবিলাকৰ পাত সৰি যায় আৰু প্রকাণ্ড গা গছত পানী জমা হৈ শকত হৈ পৰে। Share This: Facebook Twitter Google+
0 comments:
Post a Comment