![]() |
বৰশী বোৱা |
পশ্চিম নলবাৰী অঞ্চলত প্রচলিত বৰশী বোৱা গীত-
১।ধৰ মাছ ধৰ-মোৰ বৰশীত ধৰ
ধৰ মাছ ধৰ-বাকৰাত পৰ
কলা না বগা-চাই ফেলে এৰি দেও
২।
অন্যৰ বৰাহ তিতা
মোৰ বৰাহ মিঠা
৩।
এক খোট মাৰি কোক গেলি
ভায়ে বাইপেৰ মূৰা খালি
মূৰা লাগে মূৰা দেও
হাৰা লাগে হাৰা দেও
কাটি কাটি মঙহ দেও
মোৰ বৰাহত ধৰি আহ
৪।
টোপ দিলো গাথি
বৰশী দিলো পাতি
ডাঙৰ চাই মাছ এটি
গৰগৰকৈ টানি নি
চৰচৰকৈ মাৰি দিম
ঘপ কৰি মাছ এটি আহিব
![]() |
জাকৈৰে মাছ ধৰা |
জাল-জুলুকিৰে বা জাকৈৰে মাছ ধৰা গীত হ'ল-
১।
হাই দিবি হুই দিবি
মাছৰ মুখত জুই দিবি
যুনি নেদে খলি কাটি
সি খায় মাকক পুৰি
২।
মাছ আহিছে একাবেকা কৰি
জাল পাতিব ঘন ঘন কৰি
জাল দিলু শাৰী শাৰী
মাছ লগিল পাহি পাহি কৰি
হাই দিবি হুই দিবি
মাছৰ মুখত জুই দিবি
যুনি নেদে খলি কাটি
সি খায় মাকক পুৰি
২।
মাছ আহিছে একাবেকা কৰি
জাল পাতিব ঘন ঘন কৰি
জাল দিলু শাৰী শাৰী
মাছ লগিল পাহি পাহি কৰি
ভাল লাগিল পঢ়ি |
ReplyDeleteসংগ্ৰহত থাকিলে দিবচোন... ধন্যবাদ৷
Delete