সম্বলপুৰ
২০।৩।৩২
মৰমৰ হৰিভকত ভট্টাচাৰ্য্য ডাঙৰীয়া,
জ্ঞান বোপাৰ পোষ্ট কাৰ্ডৰ পোন্ধত আঁৰি দিয়া আপোনাৰ লেখা কেইষাৰি পাই আনন্দ পালোঁ।
আপোনাৰ মন আজিকালি বিষাদপূৰ্ণ হোৱাৰ কাৰণো জানিলোঁ। ধন, জ্ঞান আৰু কিবা এটা আপোনাৰ নাই। সেয়ে কাৰণ বুলি আপুনি কৈছে। ধন আগেয়ে আপোনাৰ আছিল, এতিয়া দুৰ্বল আৰু অকামিলা, তাৰ মানে নথকাৰ নিচিনা। আপোনাৰ ধন থাকোঁতে সি আপোনাৰ মনত “মাৰো পানী,মাৰো পানী”কে কেনেকৈ আপোনাক উতলাই লৈ ফুৰিছিল, সেই কথাটো আপোনাৰ “চিন্তাৰ ঢৌ”ত পেলাই দি তলি পাবলৈ এৰি দিলেই গম পাব, তেনেকুৱা দুৰ্দান্ত ধন যদি গ'ল, আপুনি ৰক্ষা পালে বুলি ভাবক। আৰু সেই ধনে সদায় আপোনাক সহায় কৰি লৈ ফুৰাব বুলি ভবাটোও ভুল। তাৰ দিনত সি তাৰ কাম দিলে। তাক চিৰকাল টানি-আঁজুৰি তাৰ পৰা কাম ল'বলৈ আশা কৰা বৃথা। এই দেখিয়েই “অৰ্থমনৰ্থং” বুলিছে। আপুনি অনৰ্থৰ হাত সাৰিল দেখি মোৰ congratulation ল'ব। জ্ঞান আপোনাৰ হাতৰ কাষতে। জ্ঞানে মোক তোল, মোক তোল বুলি ফুৰাটো যদি আপুনি সামৰি নলয় তেন্তে সেইটো কাৰ দোষ? দেশৰ “কৰ্ম” আপুনি আগেয়ে অনেক কৰিলে। এতিয়া কৰিব নোৱাৰা হ'ল যদি তাত দুখ নকৰিব।
“চিৰদিন সমানে নেযায়।” এতিয়া আপোনাৰ পক্ষে মানসিক কৰ্মই শ্ৰেয়ঃ। তাতো সুখ আছে।
আপোনাৰ প্ৰৱন্ধৰে আজিকালি আপুনি এটাইকেইখন অসমীয়া কাকত বুৰাই আছে; তথাপি আপোনাৰ খক নাই যোৱা। মানুহ যিমান বুঢ়া হৈ আহে, খকো তিমান বাঢ়ি আহেনেকি? আপুনি নিজৰ ছপাখানা নাই বুলি বেজাৰ কৰিছে। মই কওঁ, আগেয়ে আছিল- যেনে তেজপুৰত সেই ছপাখানা। তাত আপুনি প্ৰাণপণে চেপিছিল; আৰু কাৰ্যৰ ফলো হ'ল; কাৰণ আপোনাৰ গাত বল-শকতি আছিল। আজি কোনো ছপাখানাই আপোনাৰ চেপত একাণপতিয়াকৈ পৰিবলৈ ৰাজী নহয়। “বুঢ়াটো” বুলি আপোনাক অৱজ্ঞা কৰিব। এতেকে “তে হি নো দিৱসা গতাঃ” বুলি মনলৈ শান্তি আনক।
ভালে আছোঁ, মৰম পঠিয়ালোঁ।
শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা

0 comments:
Post a Comment