জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Monday, March 24, 2014

এটা শিঙৰা মাছৰ কথা: ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

 12:03:00 AM     শিশু শিতান     No comments   

এদিন এটা দুখীয়া মানুহে জকাই বাবলৈ গৈ দিনৰ দিনটো জকাই বালে, কিন্তু এটা শিঙৰা মাছৰ বাহিৰে সি একো নাপালে। শেহত সি তাকে ঘৰলৈ নি খাবৰ মনেৰে বাছিবলৈ ধৰোঁতে শিঙৰাই মাত লগালে― “ককাই, মই শিঙৰাৰ ৰজা; তই মোক নাখাবি। মই তোৰ গৰুটো সদায় ৰখি দিম।” মানুহটোৱে শিঙৰাৰ কথা শুনি তাক নেখাই পিছদিনা দুপৰীয়া শিঙৰাক খুৱাই-বুৱাই তাৰ গৰুটো চ’ৰাবলৈ পঠিয়াই দিলে। শিঙৰাই গৰুটোৰ টিকাত উঠি নিজৰ মুখৰ কাঁইটেৰে খুঁচি খুঁচি তাক পথাৰলৈ লৈ গৈ চ’ৰাবলৈ ধৰিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই গৰুটো চৰাবৰ নিমিত্তে অৰণ্যৰ ফাললৈ লৈ গৈ অৰণ্যত এটা মুখ মেলি পৰি থকা ৰাক্ষস দেখিবলৈ পালে। ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক’লে― “হেৰ’ ৰাক্ষস ৰ, ৰ, তই মোক দেখা নাই নেকি? যদি তই মোক বলে পাৰ, তেহে মোৰ গৰু চুবি নহ’লে তোৰ ফালে আধ্যা।” ৰাক্ষসে সেই অকণমান শিঙৰাটোৰ এনে মটমটনি দেখি হাঁহি, তাক মোহাৰি মাৰিবৰ মন কৰি হাতেৰে ধৰোঁতেই শিঙৰাই তাৰ হাতত বিহ কাঁইটেৰে বিন্ধি দিলে। তেতিয়াই ৰাক্ষসৰ হাতখনত চেংচেঙনি, ভকভকনি উঠিল। ৰাক্ষসে সহিব নোৱাৰি― “তোক যিহকে লাগে তাকে মই দিম, তেওঁ মোক তই এৰি দে ঔ।” এইবুলি কোৱাত শিঙৰাই ক’লে― “যদি তোক এৰি দিব লাগে তেনেহ’লে মোক কি দিবি আগেয়েই দে।” ৰাক্ষসে পেটৰ পৰা এটা সোণৰ আঙঠি উলিয়াই দি ক’লে― “এই আঙঠিটো কলপাত এখনত থৈ ভালমতে সেৱা-শুশ্ৰূষা কৰিলেই আঙঠিটোৰ গুণত তোৰ ঘৰ-দুৱাৰ সকলোবোৰ সোণৰ হৈ পৰিব আৰু সোণ-ৰূপেৰে ঠাহ খাব।” শিঙৰাই ৰাক্ষসৰ এই কথা শুনি তাক বিন্ধিবলৈ এৰি দি আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি। ঘৰ পাই সি গিৰিহঁতৰ হাতত আঙঠিটো দি, সকলো কথা ভাঙি-পাতি ক’লত গিৰিহঁত ৰং মনেৰে, শিঙৰাই কোৱামতে আঙঠিটো কলপাত এখনত থৈ সেৱা কৰাত তাৰ ঘৰ-বাৰী সকলোবোৰ সোণৰ হৈ পৰিল আৰু সোণ-ৰূপেৰে ঘৰ উপচি পৰিল। গিৰিহঁতে তেতিয়াই শিঙৰাৰ লগত নিজৰ জীয়েকক কেঁচা পাণ, কেঁচা তামোল কাটি বিয়া দিলে। এইদৰে বহুদিন গ’ল। এদিন শিঙৰাই মনে মনে নৈৰ ঘাটত মোটটো থৈ মানুহ হৈ গা ধুবলৈ ধৰোঁতে শিঙৰাৰ ঘৈণীয়েকে দেখি লৰালৰিকৈ মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থূলন্তৰ পুৰুষ হৈ পৰিল। তেতিয়া সকলোৱে মহা আনন্দেৰে ৰজাৰ দৰে থাকিবলৈ ধৰিলে।
“চালত পৰিল ফেঁচা।
মোৰ সাধুকথা মিছা।
তামোলে মেলিলে ডাবি।
কোন ক’লৈ যাবি।”


[সাধু পঢ়াৰ বয়স নাই জানিও সিদিনা বেজবৰুৱাদেৱৰ এই সাধুটো পঢ়িলোঁ। সৰুতে পঢ়াৰ দৰেই দেখোন এতিয়াও সেই একেই আমেজ পালোঁ। এই সাধুবোৰে বহু কথা শিকাই যায়।]
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

0 comments:

Post a Comment

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী
    ‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • জীৱন হেনো জীৱনৰ দৰেইঃ তুলিকা নিৰ্মলীয়া
    কথা অলপ আছিল... ভাবিছিলোঁ ৰাতিপুৱাৰ ফিকা চাহ কাপৰ সৈতে তিয়াই খাম! নতুবা আবেলিৰ ইলাচী দিয়া চাহ কাপৰ সৈতে চোবাই চোবাই খাম! অথবা মাজনিশা আক...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog