জাৰ্মান সুৰকাৰ বিথোভেনক আপুনি নিশ্চয় চিনি পায়!
তেওঁৰ ব্যক্তিগত জীৱনটো দুখ-যাতনাৰে ভৰপূৰ আছিল। অপৰিচ্ছন্ন বেশভূষাৰে
ঘূৰি ফুৰা অৱস্থাত তেওঁক এবাৰ পুলিচে গ্রেপ্তাৰো কৰিছিল। ঘৰ-দুৱাৰ থাকিও
এওঁ অপৰিচ্ছন্ন আছিল। লাহে লাহে শ্রৱনশক্তিও হেৰুৱাই পেলোৱা,
সুৰেৰে খেলি ভালপোৱা বিথোভেন অধৈৰ্য আৰু বদমেজাজী হৈ পৰিছিল। আত্মীয়,
বন্ধুসকলৰ সৈতেও প্রায় মতানৈক্য হ’বলৈ আৰম্ভ কৰিছিল। ভৃত্যও তেওঁৰ লগত
চলাটো সহজ নাছিল। হাতত থকা বস্তুৰে ভৃত্যক আক্রমণ কৰিছিল। প্রায়েই ভৃত্যৰ
বিৰুদ্ধে তেখেতে চুৰিৰ অভিযোগ আনিছিল। লিখোঁতে বানান আদিতো ভুল কৰিছিলেই,
সাধাৰণ গণিত এটাও কৰিব নোৱাৰিছিল। উচ্চ কণ্ঠত অস্বাভাৱিকভাবে হাঁহি উঠাটো
তেওঁৰ অভ্যাস যেন আছিল। তেখেতৰ ১৪০ খন ‘কনভাৰ্চেচন বুক’ আছিল, য’ত তেখেতে
পেন্সিলেৰে লিখি লিখি আনৰ সৈতে বাৰ্তালাপ কৰিছিল। তেখেতে নিজকে ‘শব্দৰ কবি’
বুলি মাতিবলৈ বৰ ভাল পাইছিল।
0 comments:
Post a Comment