আজি ‘বাগৱান’ (Baghban) চালোঁ। এখন সুন্দৰ
হিন্দী পুৰ্ণাংগ চিনেমা বুলি ভাবিছোঁ। মই কোনো সমালোচনা কৰিব যোৱা নাই,
চিনেমাখন চাই অনুভৱ কৰা কথাখিনিৰ কিছু অংশহে প্রকাশ কৰিব বিচাৰিছোঁ।
সৰুৰেপৰা চিনেমা কমকৈ চাওঁ, সেয়ে চিনেমাৰ বিষয়ে বেছিকৈ নাজানো।
এই চিনেমাখনে আজি কন্দুৱালে মোক।
ৰাজ মালহোট্রা (অমিতাভ বচ্চন) আৰু পূজা মালহোট্রা (হেমা মালিনী), এইহাল আদৰ্শ পতি-পত্নী এখন অনাথ আশ্রমৰ পৰা ওলাই আহোঁতেই আশ্রমখনৰ সন্মুখতে এটা সৰু অনাথ শিশুক দেখে। সি ৰাজ মালহোট্রাক তাৰ ওচৰত জোতা চাফা কৰাবলৈ অনুৰোধ জনায়। তাৰ কোলাত এখন কিতাপ থাকে। ৰাজ মালহোট্রা তাৰ ওচৰলৈ যাওঁতে, সি কয়, ‘‘জোতা চাফা কৰি পোৱা টকাৰে সি খুব পঢ়িবলৈ ইচ্ছা কৰে।’’ সকলোৱে তাক ‘চটু’ বুলি মাতে। সি কিন্তু ভাল নাপায় নামটো। সি তাৰ নামটো ‘আলোক’ হোৱাটোহে কামনা কৰে। তেতিয়া ৰাজ মালহোট্রাই তাৰ (চটু) হাতৰ পৰা ব্রাছডাল পেলাই দিয়ে আৰু পঢ়া-শুনাৰ সকলো খৰছ বহন কৰাৰ প্রতিশ্রুতি দিয়ে তাক। (এইখিনি সময়ত মোৰ দুচকুৰে কেনেকৈ চকুপানী বৈ আহিল নিজেই নাজানিলোঁ)। পৰৱৰ্তী সময়ত আলোকে (চলমান খান) চৰিত্রৱান আৰু ফোৰ্ড কোম্পানিৰ এজন সফল চাকৰিয়াল ৰূপে আত্মপ্রকাশ কৰে। আলোকে ৰাজ মালহোট্রা আৰু পূজা মালহোট্রাক ভগৱান ভাবি পূজা কৰে গোটেই জীৱন। নিজৰ পুতেক-বোৱাৰীয়েকে যিখিনি নিদিলে, সেইখিনি আলোকে দিলে তেওঁলোকক।
গোটেই চিনেমাখনৰ বহুঠাইত মোৰ চকু চলচলীয়া হৈ পৰিল। কিন্তু ওপৰত বৰ্ণনা কৰা দৃশ্যটোহে বুকুত বৰকৈ লাগিল। আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, এবাৰ হ’লেও এই চিনেমাখন চাব। চিনেমাখনৰ প্রতিটো দৃশ্যই আপোনাক বহু কথা শিকাই যাব। সম্পৰ্ক কি, সেইকথাক চিনেমাখনে বাৰুকৈয়ে অনুভৱ কৰোঁৱাব পাৰে।
শেষত, চিনেমাখনৰ এটি সুন্দৰ গীতৰ কিছু অংশক অসমীয়ালৈ ভাবান্তৰ কৰিলো:
‘‘বাগিচা এখনক জন্ম দিয়া মালিনী,
পৰিয়াল এটাক জন্ম দিয়া এজন পিতৃ,
দুয়ো নিজৰ দেহৰ ঘাম মাটিত পেলাই
নিজৰ নিজৰ বীজবোৰ সিঁচে।
অকল গছজোপাকে নহয়,
তাৰ ছায়াকো ভালপাবলৈ শিকে।
কিয়নো তেওঁলোকে জানে,
কোনো এটা দিনত যেতিয়া জীৱনে তেওঁলোকৰ দেহা পুৰিব,
এই ছায়াৰ তলতহে আশ্রয় পাব।’’

0 comments:
Post a Comment