টেলিগ্রাম। শব্দটোৰ সৈতে জড়িত আছে অব্যক্ত
শিহৰণ, আনন্দ কিম্বা বেদনা। এসময়ত দূৰৱৰ্তী স্থানত বাস কৰা আত্মীয়-স্বজনক
ঘৰৰ কুশল বাৰ্তাদি দিবলৈ টেলিগ্রামেই আছিল একমাত্র ক্ষিপ্র আৰু কম খৰচী
মাধ্যম।
দীৰ্ঘতম টেলিগ্রামঃ
পৃথিৱীৰ ভিতৰতে দীঘল টেলিগ্রামখন পঠিয়াওতে খৰচ হৈছিল ৪০০০ মাৰ্কিন ডলাৰ। এই টেলিগ্রামখনত প্রায় ১৬০০০ টা শব্দ আছিল। এই টেলিগ্রামখন কি আছিল জানেনে?
সেইখন আছিল এখন প্রদেশৰ সংবিধান!
আমেৰিকাৰ নেভাডা ষ্টেট লেজিছলেচাৰে ১৮৬৪ চনত ৬৪ পৃষ্ঠাৰ এই সংবিধানখন অনুমোদনৰ বাবে তদানীন্তন মাৰ্কিন ৰাষ্ট্রপতি আব্রাহাম লিংকনৰ ওচৰলৈ টেলিগ্রামৰ মাধ্যমেৰে প্রেৰণ কৰিছিল।
হ্রস্বতম টেলিগ্রামঃ
পৃথিৱীৰ ভিতৰতে চুটি টেলিগ্রাম পঠিয়াইছিল দুজন লোকে। লোক দুজনো পিছে এলাপেছা বুলি নাভাবিব। তেওঁলোক হ’ল প্রসিদ্ধ লেখক অস্কাৰ ৱাইল্ড আৰু ভিক্টৰ হুগো। দুয়ো নিজৰ নিজৰ প্রকাশিত গ্রন্থৰ বিক্রী সম্পৰ্কীয় কথা জানিবৰ বাবে প্রকাশকলৈ মাথোঁ প্রশ্নবোধক চিন থকা টেলিগ্রাম পঠিয়াইছিল। ভাবি চাওকচোন- হুগো বা অস্কাৰ ৱাইল্ডৰ প্রশ্নবোধক চিন এটাই কিমান কথা বুজাই দিছিল প্রকাশকক!
কেইখনমান বিখ্যাত টেলিগ্রামঃ
•‘‘ইশ্বৰে কি গঢ়ি পিটি উলিয়ালে’’
(লেখক ইলেক্ট্রিক টেলিগ্রাফৰ পিতৃ ছেমুৱেল এফ বি মৰ্ছ, ১৮৪৪)
•‘‘এয়া এটা পুত্র সন্তান’’
(প্রথমটো হাইড্র’জেন বোমা সম্পৰ্কে এই বোমাৰ উদ্ভাৱক এডৱাৰ্ড টেলাৰ)
•টাইটানিক প্রায় পুৱা ১.৪০ বজা। ‘‘এছ অ’ এছ এছ অ’ এছ চি কিউ ডি চি কিউ ডি-এম জি ৱাই। আমি ক্রমে ডুব গৈ আছোঁ। যাত্রীসকলক নাৱত তোলা হৈছে।’’
(১৯১২ চনৰ ১৫ এপ্রিলত টাইটানিক এ পঠিওৱা অন্তিমটো বাৰ্তা)

0 comments:
Post a Comment