এসময়ত এজন ধনী মানুহ আছিল। তেওঁৰ মদৰ ভাণ্ডাৰত
বহুতো পুৰণি দামী মদ আছিল। মদৰ ভাণ্ডাৰটোক লৈ তেওঁ খুব গর্ব কৰিছিল। সেই
ভাণ্ডাৰত এবটল অতি পুৰণি মদ আছিল। সেই মদৰ বটলটোৰ অস্তিত্ব তেওঁৰ বাহিৰে আন
কোনেও নাজানিছিল। এটা অতি ডাঙৰ বা বিশেষ উপলক্ষ্যতহে সেই বিশেষ বটলটো খুলিবলৈ তেওঁ মনে মনে ঠিক কৰি থৈছিল।
এদিন তেওঁৰ ঘৰলৈ ৰাজ্যপাল আহিল। মানুহজনে মনে মনে নিজকে ক’লে— “এজন সামান্য ৰাজ্যপালৰ কাৰণে ইমান দামী মদৰ বটলটো খোলা ঠিক নহ’ব।” আন এদিন তেওঁৰ ঘৰলৈ আহিল স্থানীয় বিছপজন। মানুহজনে নিজকে ক’লে— “বিছপজন ডাঙৰ মানুহ ঠিকেই, কিন্তু তেওঁৰ কাৰণেও মই বটলটো নোখোলো। তেওঁ এনে এবটল দুষ্প্রাপ্য মদৰ মূল্যই বুজি নাপাব। ইয়াৰ সুগন্ধও গৈ তেওঁৰ নাকত নালাগিব।”
এদিন তেওঁৰ ঘৰলৈ আহিল সেই দেশখনৰ যুৱৰাজ। মানুহজনে এইবাৰো মনে মনে ভাবিলে— “তেওঁ যুৱৰাজ হ’ব পাৰে, এই বটল মদ কেৱল সম্রাটৰহে যোগ্য।”
এদিন তেওঁৰ ভতিজাকৰ বিয়া হ’ল। মানুহজনে নিজকে ক’লে— “বিয়ালৈ নিমন্ত্রিত অতিথিবোৰো ইমান দামী মদ খোৱাৰ যোগ্য নহয়। ইয়াতকৈও ডাঙৰ এটা উপলক্ষ্যৰ কাৰণে মই মদৰ বটলটো সাঁচি থ’ম।”
এনেকৈ বছৰবোৰ পাৰ হৈ গ’ল। মানুহজন এসময়ত বুঢ়া হ’ল আৰু এসময়ত তেওঁৰ মৃত্যু হ’ল। আন সকলো মানুহক যেনেকৈ মাটিৰ তলত পুতি থোৱা হয়, তেওঁকো ঠিক তেনেকৈ পুতি থোৱা হ’ল।
তেওঁক সমাধিস্থ কৰাৰ পিছত গাঁৱৰ মানুহবোৰ তেওঁৰ ঘৰত জমা হ’ল। সকলোৱে একে ঠাইতে বহি মৃতকৰ কথা আলোচনা কৰিবলৈ ধৰিলে। মানুহজনৰ মদৰ ভাণ্ডাৰত যিমানবোৰ মদৰ বটল আছিল, সেই আটাইবোৰ উলিয়াই অনা হ’ল। গাঁৱৰ মানুহবোৰে মদবোৰ ভাগ কৰি খাই পেলালে। সেই বটলবোৰৰ মাজতে আছিল ধনী মানুহজনে এটা বিশেষ উপলক্ষ্যৰ কাৰণে সাঁচি থোৱা আটাইতকৈ পুৰণি মদৰ বটলটো। কিন্তু সেইটো যে এটা বিশেষ মদৰ বটল আছিল, সেই কথা কোনেও গমেই নাপালে।
0 comments:
Post a Comment