![]() |
প্ৰথম অসমীয়া ছবি জয়মতী (১৯৩৫)-ৰ এটি দৃশ্য |
• ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ পৰিচালিত ‘সন্ধ্যাৰাগ’ ছবিখনেই হৈছে ভাৰতীয় পেন’ৰামাৰ বাবে নিৰ্বাচিত হোৱা প্রথমখন অসমীয়া ছবি। আকৌ ভাৰতীয় পেন’ৰামাত উদ্বোধনী ছবি হিচাপে প্রদৰ্শিত প্রথমখন অসমীয়া ছবিৰ নাম হ’ল বিদ্যুত চক্রৱৰ্তীৰ পৰিচালিত ‘ৰাগ বিৰাগ’।
• অসমীয়া ছবিত পোনপ্রথমে দ্বৈত চৰিত্রত অভিনয় কৰা অভিনেতাগৰাকী হ’ল ব্রজেন বৰুৱা। নিজৰদ্বাৰা পৰিচালিত ছবি ‘ডঃ বেজবৰুৱা’ত তেওঁ দ্বৈত চৰিত্রত অভিনয় কৰিছিল। তেনেদৰে অসমীয়া ছবিত দ্বৈত চৰিত্রত অভিনয় কৰা প্রথম অভিনেত্রীগৰাকী হ’ল মৃদুলা বৰুৱা। তেওঁ ‘মেঘমুক্তি’ ছবিখনৰ যোগেদি এই খ্যাতিৰ অধিকাৰী হৈছিল।
• ট্রেড ইউনিয়নৰ দ্বাৰা প্রযোজিত প্রথম অসমীয়া ছবি হ’ল নটসূৰ্য ফণী শৰ্মাই পৰিচালনা কৰা ‘কেঁচা সোণ’ ছবিখন। ছবিখন চাহ মজদুৰ সংঘই প্রযোজনা কৰিছিল। ছবিখন মুক্তি পাইছিল ১৯৫৯ চনত।
• নিপ বৰুৱা পৰিচালিত ‘ৰঙা পুলিচ’ ছবিখন ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্রথম অসমীয়া ছবি। এই ছবিখনত বিখ্যাত অসমীয়া সাহিত্যিক ‘অজগৰ’ নামে খ্যাত চৈয়দ আব্দুল মালিকেও এটি চৰিত্রত অভিনয় কৰিছিল।
• ১৯৪১ চনত মুক্তি পোৱা অসমীয়া ছবি ‘মনোমতী’ ছবিখন প্রসিদ্ধ সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ একে নামৰ উপন্যাস এখনৰ আধাৰত নিৰ্মিত ছবি। ছবিখন পৰিচালনা কৰিছিল ৰোহিনী কুমাৰ বৰুৱাই।
• ১৯৭২ চনত মুক্তি পোৱা প্রথম অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ পৰিচালনা কৰিছিল কমলনাৰায়ণ চৌধুৰীয়ে। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।
• ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া ছবি হ’ল ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত ছবি ‘অগ্নিস্নান’। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল তৰুণ গোস্বামীয়ে।
• ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত যশস্বী সংগীত পৰিচালক জিতু-তপনে সংগীত পৰিচালনা কৰা অসমীয়া ছবি ‘নয়নমণি’ হ’ল প্ৰথম মহিলা পৰিচালকে পৰিচালনা কৰা অসমীয়া ছবি। পৰিচালনা কৰিছিল সুপ্ৰভা দেৱীয়ে।
• জাহ্নু বৰুৱাই পৰিচালনা কৰা ১৯৮২ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি ‘অপৰূপা’ হ’ল ১৬ মিলিমিটাৰত চিত্ৰগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি লগতে এন.এফ.ডি.চি.— ৰ ঋণপ্ৰাপ্ত প্ৰথম অসমীয়া ছবি। ছবিখন আঞ্চলিক ভিত্তিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আৰু ‘ইণ্ডিয়ান পেন’ৰামা’ত প্ৰদৰ্শিত হোৱা ছবি। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ড০ ভূপেন হাজৰিকাই
• স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ছবি, লোকাৰ্ণো (ছুইজাৰলেণ্ড) আৰ্ন্তজাতিক চলচ্চিত্ৰ মহোৎসৱত ইন্দ্ৰ বণিয়ালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান, এই মহোৎসৱত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ সন্মান (ছিলভাৰ লিওপাৰ্ড), ইণ্টাৰনেচনেল এফিউমেনিকেল এৱাৰ্ড— এই সকলোবাৰ খ্যাতি ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ পৰিচালিত ‘হালধীয়া চৰায়ে বাও ধান খায়’ অসমীয়া ছবিখনৰ সৈতে জড়িত হৈ আছে।
0 comments:
Post a Comment